নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্রু নদী–মাগুৰি বিললৈ ভয়ংকৰ বিপদ

নিয়মীয়া বাৰ্তা,৩০ মেঃ তিনিচুকীয়া জিলাৰ বাঘজানত অইল ইণ্ডিয়াৰ তেলখাদত সংঘটিত বিস্ফোৰণে ভয়ংকৰ বিপদ কঢ়িয়াই আনিছে ডিব্রু নৈ আৰু মাগুৰি বিললৈ৷ ঘটনাস্থলীৰ কাষতে থকা ডিব্রু নৈ আৰু মাগুৰী বিলত আজি শ শ মাছ, কাছ আদি ওপঙি থকা প্রত্যক্ষ কৰে স্থানীয় গাঁওবাসীয়ে৷ আটাইতকৈ গুৰুত্বপূর্ণ ডিব্রু নদী–মাগুৰীবিললৈ ভয়ংকৰ বিপদ কথাটো হ’ল– মাগুৰি বিলৰ পানীত এটা দুষ্প্রাপ্য শিহুও ওপঙি আছিল৷

তেল আৰু গেছ নির্গমনৰ ফলতে এনেদৰে মাছ, কাছ, শিহু আদিৰ মৃত্যু হোৱা বুলি ৰাইজে অভিযোগ কৰিছে৷ উল্লেখ্য যে আজি তৃতীয় দিনাও অপৰিৱর্তিত অৱস্থতে আছে বাঘজান তেলখাদ কাণ্ড৷ তেলখাদটোত যোৱা ২৭ মে’ৰ পুৱা এক যান্ত্রিক বিজুতি ঘটি প্রচণ্ড শব্দৰে গেছ নির্গত হোৱাৰ পাছত কালি গেছৰ লগতে তেলৰ কণিকাও নির্গত হৈ ঘটনাস্থলীৰ পৰা প্রায় এক কিলোমিটাৰ পর্যন্ত কিনকিনীয়া বৰষুণৰ দৰে পৰি স্থানীয় ৰাইজক আতংকিত কৰি তুলিছিল৷ প্রচণ্ড শব্দৰ লগতে গেছ আৰু তেলৰ বিকট গোন্ধত বাঘজান গাঁওবাসীয়ে উশাহ–নিশাহ লোৱাত কষ্ট অনুভৱ কৰাৰ উপৰি একাংশ অসুস্থ হৈ পৰিছিল আৰু হঁাহ–কুকুৰা, গৰু–ছাগলীৰ মৃত্যু হৈছিল৷

ইয়াৰ মাজতে অৱশ্যে বদোদৰাৰ পৰা এটা বিশেষজ্ঞৰ দল কালি নিশা দুলীয়াজানত উপস্থিত হৈ আজি পুৱাই ঘটনাস্থলী পর্যবেক্ষণ কৰি অইল ইণ্ডিয়া কর্তৃপক্ষৰ লগত আলোচনাত মিলিত হোৱাৰ বাবে পুনৰ বিশেষজ্ঞৰ দলটো দুলীয়াজানলৈ ৰাওনা হয়৷ বাতৰি লিখাৰ পৰলৈকে বিশেষজ্ঞৰ দলটো বাঘজানলৈ উভতি অহা নাই৷ আনহাতে, এই ঘটনা সন্দর্ভত আজি ডুমডুমাত সদৌ অসম ছাত্র সন্থাৰ কেন্দ্রীয় কার্যনির্বাহক সদস্য বিনয় ডুবে, জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক সমৰজ্যোতি গোহঁাই, সহকাৰী সম্পাদক ৰাণা সোণাৰ, সদৌ মৰাণ ছাত্র সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণ, উপ–সভাপতি অনিৰুদ্ধ মৰাণ, সহকাৰী সম্পাদক মুনীন দুৱৰা, তিনিচুকীয়া জিলা অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ সভাপতি সুৰজিৎ মৰাণ, যুটীয়া সম্পাদক তমাল গুপ্ত, সদৌ অসম মটক যুৱ–ছাত্র সন্মিলনৰ উপ–সভাপতি স্বৰূপ গোহঁাই, সাধাৰণ সম্পাদক ধৰণী গোহঁাই, সদস্য পূর্ণানন্দ বুঢ়াগোহঁাইসহ কেইবাগৰাকীও বিষয়ববীয়াৰ উপস্থিতিত এক দীঘলীয়া আলোচনা অনুষ্ঠিত হয়৷

এই আলোচনাৰ অন্তত সংগঠনকেইটাই খাদৰ পৰা নির্গত হৈ থকা গেছ আৰু তেল শীঘ্রে বন্ধ কৰা, গেছ নির্গমনৰ ফলত ক্ষতিগ্রস্ত হোৱা পৰিয়ালসমূহক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ লগতে জৈৱ–বৈচিত্র্যৰ নিৰাপত্তা সুনিশ্চিত কৰা, ডিব্রু–ছৈখোৱা, মতাপুং মাগুৰি বিলকে ধৰি বাঘজান, দীঘল টৰং, নতুন ৰঙাগডা আৰু বাৰেকুৰিলৈকে সমগ্র অঞ্চলটোৰ প্রাকৃতিক পৰিৱেশ পূর্বৰ অৱস্থালৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰাৰ লগতে উক্ত অঞ্চলসমূহত চলি থকা আৰু প্রস্তাৱিত অইলৰ সকলো কাম–কাজ বন্ধ কৰাকে ধৰি পাঁচদফীয়া এক দাবী চনদ অইল ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালকলৈ প্রেৰণ কৰাৰ লগতে প্রধানমন্ত্রী, কেন্দ্রীয় পেড্র’লিয়াম মন্ত্রী আৰু অসমৰ মুখ্যমন্ত্রীলৈ ইয়াৰ প্রতিলিপি প্রেৰণ কৰাৰ সিদ্ধান্ত লয়৷

You might also like