তিতাবৰত কংগ্ৰেছৰ ভাস্কৰজ্যোতি বৰুৱাৰ জয় লাভ; বিপুল ভোটত পৰিজিত বিজেপিৰ হেমন্ত কলিতা
নিয়মীয়া বাৰ্তা, ২ মে’ : আজি সম্পন্ন হোৱা নিৰ্বাচনী ভোট গণনাত ১০০ নং তিতাবৰ বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী ভাস্কৰ জ্যোতি বৰুৱাই ১৩,৩৭৯ টা অধিক ভোট লাভ কৰি বিজেপিৰ প্ৰাৰ্থী হেমন্ত কলিতাক পৰাজিত কৰিবলৈ সক্ষম হয়। সমষ্টিটোৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী ভাস্কৰ জ্যোতি বৰুৱাই মুঠ ৬৪,৩০৩ টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপিৰ প্ৰাৰ্থী হেমন্ত কলিতাই ৫০,৯২৪ টা ভোট লাভ কৰে। মুঠ ভোট গণনা হৈছিল ১২,১৯১৮ টা।
উল্লেখ্য যে তিতাবৰ সমষ্টিটোত মুঠ ১৭ টা ৰাউণ্ডত সম্পূৰ্ণ হয় ভোটগণনা। প্ৰথম ৰাউণ্ডৰ পৰা অন্তিম ৰাউণ্ডলৈকে কংগ্ৰেছৰ ভাস্কৰজ্যোতি বৰুৱাই অগ্ৰগতি লাভ কৰিছিল। ফলাফল গণনা অন্ত পৰাৰ লগে লগে বিজয়ী প্ৰাৰ্থী গৰাকীক অগণন শুভাকাংশীয়ে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে।