৪ নৱেম্বৰত জাগীৰোডত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ, ১০ নৱেম্বৰত মধ্য অসম বন্ধ ঘোষণা তিৱা জাতীয় সংগঠন
নিয়মীয়া বাৰ্তা, ২ অক্টোবৰঃ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে অসম ৰাজ্যিক ৰাজধানী ক্ষেত্ৰ প্ৰাধিকৰণ আইন ২০১৭ বলৱৎ কৰিবলৈ ওলোৱাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সদৌ তিৱা ছাত্ৰ সন্থাকে প্ৰমুখ্যে কৰি পাঁচ তিৱা জাতীয় সংগঠনে। আজি মৰিগাঁও চহৰস্থিত বিহুতলী প্ৰাংগণত সদৌ তিৱা ছাত্র সন্থাৰ নেতৃত্বত কেইবাটাও তিৱা জাতীয় সংগঠনে চৰকাৰৰ সিদ্ধান্তক জনজাতিবিৰোধী আখ্যা দি এক গণ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ।
উল্লেখ্য উক্ত প্ৰতিবাদী কাৰ্যসূচীত সদৌ তিৱা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক চেনিৰাম মালাং, সদৌ তিৱা মহিলা সন্থাৰ সম্পাদিকা টুটুমণি ডেকাৰজা, তিৱা যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক ৰত্নেশ্বৰ দেউৰী, সদৌ তিৱা তিৱা সুৰক্ষা সমিতিৰ সম্পাদক চিজয় দেউৰী, তিৱা সাংস্কৃতিক সমাজৰ সভাপতি ফুকন কাৰ্খ আদিয়ে চৰকাৰৰ জনজাতি বিৰোধী নীতিৰ বিৰুদ্ধে উত্তপ্ত ভাষণ প্ৰদান কৰি চৰকাৰক সকীয়াই দিয়ে।
ৰাজ্যৰ সোণোৱাল চৰকাৰে অসম ৰাজ্যিক ৰাজধানী ক্ষেত্ৰ প্ৰাধিকৰণ আইনৰ আওতাৰ পৰা তিৱা স্বায়ত্ত পৰিষদৰ অন্তৰ্গত কামৰূপ মেট্ৰ’ জিলাৰ ডিমৰীয়া অঞ্চল, মৰিগাঁও জিলাৰ মায়ং ৰাজহ চক্ৰৰ অন্তৰ্গত জাগীৰোড উন্নয়ন প্ৰাধিকৰণ এলেকাধীন অঞ্চলসমূহ কৰ্তন নকৰি খিলঞ্জীয়া বিৰোধী স্থিতি লোৱা বুলি অভিযোগ উত্থাপন কৰি ইতিমধ্যে এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে সদৌ তিৱা ছাত্র সন্থা,তিৱা যুৱ ছাত্ৰ পৰিষদ, সদৌ তিৱা মহিলা সন্থা, সদৌ তিৱা সুৰক্ষা সমিতি আৰু তিৱা সাংস্কৃতিক সমাজৰ কেন্দ্ৰীয় নেতৃত্বই।
তদুপৰি অধিসূচনাৰ জৰিয়তে তিৱা স্বায়ত্ত পৰিষদত অবাঞ্ছিতভাৱে বহু তিৱা জনগোষ্ঠী বসতিপ্ৰধান গাঁও বাদ পৰি যোৱাত সেইসমূহ গাঁও পৰিষদত অন্তৰ্ভুক্তিকৰণ আৰু অন্তৰ্ভুক্ত হৈ থকা অজনজাতীয় বসতিপ্ৰধান গাঁওসমূহ কৰ্তন কৰি সংশোধিত ভোটাৰ তালিকা প্ৰস্তুতৰ বাবে তিৱা জনগোষ্ঠীয় সংগঠনসমূহে দীৰ্ঘদিনৰ পৰা দাবী জনাই আহিছে যদিও মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্যৰ বিজেপি চৰকাৰখনে আওকণীয়া মনোভাব প্ৰদৰ্শন কৰি অহাৰ বিৰুদ্ধে সদৌ তিৱা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক চেনিৰাম মালাং, সদৌ তিৱা মহিলা সন্থাৰ সম্পাদিকা টুটুমণি ডেকাৰজা, তিৱা যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক ৰত্নেশ্বৰ দেউৰী, সদৌ তিৱা তিৱা সুৰক্ষা সমিতিৰ সম্পাদক চিজয় দেউৰী, তিৱা সাংস্কৃতিক সমাজৰ সভাপতি ফুকন কাৰ্খ আদিয়ে ক্ষোভ প্ৰকাশ কৰি কয় যে ঘোষিত আন্দোলনলানিৰ পিছতো যদি অসম চৰকাৰে উক্ত দাবীসমূহ কাৰ্যকৰী নকৰে তেনেহলে বৃহৎ প্ৰতিবাদ গঢ়ি তোলা হ’ব।
তিৱা জাতীয় সংগঠনসমূহৰ নেতৃত্বই প্ৰকাশ কৰে যে চৰকাৰৰ জনজাতিবিৰোধী, খিলঞ্জীয়া বিৰোধী ভূমিকাৰ প্ৰতিবাদত ৪ নৱেম্বৰত জাগীৰোডত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ আৰু অহা ১০ নৱেম্বৰ তাৰিখে ২৪ ঘন্টীয়া মধ্য অসম বন্ধ ঘোষণা কৰিছে।