নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত কেইজনমান ব্যক্তিৰ ব্যতিক্ৰমী প্ৰয়াসঃ অসম বজাৰৰ জৰিয়তে অসমবাসীক বিশুদ্ধ সামগ্ৰী যোগানৰ পদক্ষেপ

নিয়মীয়া বাৰ্তা ২৮ ডিচেম্বৰঃ  যিটো সময়ত সমগ্ৰ দেশৰ লগতে অসমতো ভেজাল সামগ্ৰীয়ে বজাৰ ভৰি পৰিছে,তেনে সময়তে কেইজন মান ব্যক্তিয়ে অসমবাসীক বিশুদ্ধ সামগ্ৰী যোগান ধৰাৰ বাৱে অসম বজাৰ নামেৰে গঢ়ি তুলিছে এক উদ্যোগ ৷ অসম বজাৰৰ এই অভিনৱ প্ৰয়াসে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷
অসম বজাৰে ৰাজ্যৰ কৃষক সকলৰ দ্বাৰা সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে খেতি কৰায় আৰু ইয়াৰ উৎপাদিত সামগী সংগ্ৰহ কৰি গ্ৰাহকৰ বাবে মুকলি কৰি দিয়ে। যাৰ ফলত কৃষকেও প্ৰকৃত মূল্য লাভ কৰে আৰু গ্ৰাহক সকলে উচিত মূল্যত নিৰ্ভেজাল সামগ্ৰী ক্ৰয় কৰিবলৈ সক্ষম হয়। নগাঁও চহৰৰ তেলিয়াপট্টীস্থ অসম বজাৰ শাখাই ইতিমধ্যে গ্ৰাহকৰ চাহিদা পূৰণ কৰিবলৈ সক্ষম হৈছে বুলি উদ্যোগতা সকলে জানিবলৈ দিয়ে। উক্ত অসম বজাৰত তুলসী জহা চাউল , ডাইল, মাহ জাতীয় অন্যান্য সামগ্ৰী, ঘানীত পেৰা সৰিয়হৰ তেল, নিজে প্ৰস্তত কৰা গা ধোৱা চাবুন, ঘৰত প্ৰস্তুত কৰা আটা, শুৱালকুছিত শিপিনীৰ দ্বাৰা প্ৰস্তত কৰা পাটৰ কাপোৰৰ লগতে মুৰ্গী, হাহ আদিও উপলব্ধ।
শেহতীয়াকৈ কভিড মহামাৰীয়ে সমগ্ৰ দেশতে অৰ্থনীতিৰ তছ নছ কৰি পেলোৱাৰ সময়ত অসমৰ বজাৰে সমগ্ৰ ৰাজ্যখনত এক অৰ্থনৈতিক বিপ্লৱ আৰম্ভ কৰিছে বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে। অসম বজাৰে ইতিমধ্যে কভিডৰ ফলত কৰ্মহীন হৈ পৰা পৰোক্ষ আৰু প্ৰত্যক্ষ ভাবে দুই হাজাৰৰো অধিক লোকক কৰ্মত নিয়োজিত কৰিছে। এই অসম বজাৰে ইতিমধ্যে গুৱাহাটী, নলবাৰী, শুৱালকুছি, হোজাই, লংকাত শাখা মুকলি কৰি গ্ৰাহক সকলক সেৱা আগবঢ়াই আহিছে।

You might also like