নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৱালপাৰাৰ টুক্রেশ্বৰী দেৱালয়ত প্রস্তুতি; নৱমীৰ বলিৰ বাবে বিশেষ পদক্ষেপ

নিয়মীয়া বাৰ্তা, ১৮অক্টোবৰঃ শাৰদীয় দুর্গোৎসৱলৈ মাজত মাত্র আৰু ৪ দিন বাকী৷ ৰাজ্যৰ ভিন্ন প্রান্তৰ লগতে গোৱালপাৰাৰ ঐতিহাসিক শ্রীশ্রী টুক্রেশ্বৰী দেৱালয়তো চলিছে পূজাৰ প্রস্তুতি৷ ক’ভিডসৃষ্ট পৰিৱেশৰ মাজতে এইবেলি চৰকাৰী ক’ভিড প্রট’কল মানি সম্পূর্ণ পৰম্পৰা অনুসৰি দেৱী দুর্গাক আৰাধনা কৰিব পূজা পৰিচালনা সমিতেয়ে৷ আজি মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক ভৱতাৰণ বর্মনে জনোৱা মতে মহামাৰী ক’ৰোনাৰ বাবে এইবেলি টুক্রেশ্বৰী দেৱালয়ত অনুষুটপীয়াকৈ পালিত হ’ব দুর্গাপূজা৷ টুক্রেশ্বৰী পাহাৰলৈ যোৱা মূল পথ পূজাৰ সময়ত বন্ধ ৰখাৰ লগতে এইবেলি নাম–কীর্তন নহয় পূজাত৷ ক’ৰোনাৰ বহু নীতি–নিয়মৰ মাজেৰে ভক্তসকলে কৰিব লাগিব পূজা–র্চনা৷ বৈদিক ৰীতি–নীতিৰে কৰিব পূজা৷ মাস্ক নিপিন্ধা লোকৰ মন্দিৰ চৌহদত প্রৱেশত নিষেধাজ্ঞা থাকিব৷ অনুষুটপীয়াকৈ পালিত হ’ব দুর্গোৎসৱ৷

ইফালে, এইবেলি পৰম্পৰা অনুসৰি ৪টা ম’হ বলি দিয়া হ’ব নৱমীৰ দিনা৷ দিনৰ ১১ বজাৰ ভিতৰত ম’হ বলি সম্পন্ন কৰা হ’ব ৷ ম’হ বলিৰ দিনা ভক্তৰ সমাগমৰ ক্ষেত্রত কেতবোৰ পদক্ষেপ গ্রহণ কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে৷ মন্দিৰত ভক্তই প্রৱেশ কৰিয়ে পূজা সমাপন কৰি আঁতৰি যাব লাগিব৷ কোনো ভক্তকে বেছি সময় ধৰি মন্দিৰ চৌহদত থাকিবলৈ নিদিব৷ চৰকাৰী ক’ভিড প্রট’কল সম্পূর্ণৰূপে মানি এইবেলি শ্রীশ্রী টুক্রেশ্বৰী দেৱালত দেৱী দুর্গাক আৰাধনা কৰা হ’ব৷ উল্লেখ্য যে শ্রীশ্রী টুক্রেশ্বৰী দেৱালয় বান্দৰৰ ৰাজ্য হিচাপে খ্যাত৷ বান্দৰৰ ৰজাৰ নির্দেশত পৰিচালিত হয় টুক্রেশ্বৰীৰ বান্দৰ সমাজ৷ তাহানিৰ বিজনীৰ ৰজা কুমুদ নাৰায়ণৰ দিনৰ পৰাই এই দেৱালয়ত দেৱী দুর্গাক পূজা–র্চনা কৰি অহা হৈছে৷ মহানৱমীৰ দিনা হোৱা ম’হবলিৰ ৰক্তপান কৰে শ্রীশ্রী টুক্রেশ্বৰীৰ কপিকুলে৷ ইতিমধ্যে ৰক্তপানৰ বাবে সাজু কপিকুল৷

You might also like