নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুখুৰীত নাও ডুবি দুই বন্ধুৰ সলিল সমাধি

নিয়মীয়া বাৰ্তা ২৩ জুনঃ নলবাৰী জিলাৰ বৰক্ষেত্রীৰ দৌলাশাল আৰক্ষী চকীৰ অন্তর্গত সোণাপুৰত আজি ভৰ দুপৰীয়া সংঘটিত হয় এক শোকাৱহ ঘটনা৷ পুখুৰীত পৰি মৃত্যুক সাবটি লয় দুই বন্ধুৱে৷ সোণাপুৰ গাঁৱৰ মইনুল হক নামৰ লোক এজনৰ পথাৰৰ মাজত থকা পুখুৰী এটাত পাঁচ বন্ধুৱে নাৱত উঠি খেলি থাকোঁতেই সংঘটিত হয় এই কৰুণ ঘটনাটো৷ জানিব পৰা মতে, পাঁচ বন্ধুৱে পুখুৰীটোত নাৱত উঠি খেলি থাকোঁতেই হঠাতে নাওখন ডুবি যায়৷

তিনিজনে কোনোমতে পুখুৰীৰ পাৰলৈ উঠি আহি প্রাণৰক্ষা কৰে যদিও দুজন পুখুৰীৰ গভীৰ পানীত পৰি যায়৷ কিংকর্তব্যবিমূঢ় হৈ তিনি বন্ধুৱে ওচৰৰ লোকক খবৰ দিয়াত ঘটনাস্থলীলৈ একাংশ লোক দৌৰি আহে আৰু দুই যুৱকক উদ্ধাৰৰ বাবে আপ্রাণ চেষ্টা চলায়৷ কিছু সময় পিছতে স্থানীয় লোকে দুই যুৱকক পুখুৰীৰ পৰা মাছ মৰা জালৰ সহায়ত উদ্ধাৰ কৰি মুকালমুৱা চিকিৎসালয়লৈ লৈ যায় যদিও যুৱকদ্বয়ক চিকিৎসকে মৃত ঘোষণা কৰে৷ মৃত যুৱকদ্বয় ক্রমে সোণাপুৰৰ ৰেকিবুদ্দিন আহমেদ (১৮) আৰু মুকালমুৱাৰ মুজাক্কিৰ আহমেদ (১৮) বুলি জানিব পৰা গৈছে৷

মুজাক্কিৰ আহমেদ মুকালমুৱা ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক মুছাদ্দিক আহমেদৰ পুত্র আৰু ৰেকিবুদ্দিন আহমেদ বৰক্ষেত্রী ৰাজহ বিভাগৰ অৱসৰপ্রাপ্ত কর্মচাৰী সোণাপুৰ গাঁৱৰ কলিমুদ্দিন আহমেদৰ পুত্র৷ যুৱক দুজনৰ শোকাৱহ মৃত্যুৰ পিছতে তেওঁলোকৰ জন্মগাঁও মুকালমুৱা আৰু সোণাপুৰত শোকৰ ছাঁ বিয়পি পৰিছে৷

ইপিনে, সোণাপুৰ গাঁৱৰ স্থানীয় একাংশ লোকে যুৱক দুজনক উদ্ধাৰ কৰি মুকালমুৱা চিকিৎসালয়লৈ আনে যদিও চিকিৎসালয়খনত কর্তব্যৰত চিকিৎসক উপস্থিত নথকাত হুলস্থূলীয়া পৰিৱেশ সৃষ্টি হয়৷ উক্ত সময়খিনিত চিকিৎসালয়খনত চিকিৎসাৰ দায়িত্বত থকা চিকিৎসক ডাঃ ৰূপকান্ত বর্মনে নিজৰ কর্তব্যৰ সময়ত চিকিৎসালয়ত থকাৰ পৰিৱর্তে চৰকাৰী আৱাসত সোমাই থকাত ক্ষুণ্ণ হৈ পৰে যুৱকদ্বয়ৰ আত্মীয়৷ মুহূর্ততে এক উত্তপ্ত পৰিৱেশ সৃষ্টি হয় চিকিৎসালয়খনত৷ অৱশ্যে চিকিৎসালয়খনত মুকালমুৱা আৰক্ষী আহি উপস্থিত হোৱাত পৰিস্থিতি নিয়ন্ত্রণলৈ আহে৷ উল্লেখ্য যে এইগৰাকী চিকিৎসক ৰূপকান্ত বর্মনে চৰকাৰী কর্তব্যত গাফিলতি কৰি চৰকাৰী আৱাসত ৰোগী চোৱা বুলি পূর্বৰে পৰা অভিযোগ উত্থাপন হৈ আহিছে৷

You might also like