নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিমেন চাপৰিত বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ প্ৰথম বৰ্ষপূৰ্তি পালন

নিয়মীয়া বাৰ্তা, ২৪ ফেব্ৰুৱাৰীঃ বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ প্ৰথম বৰ্ষপূৰ্তি আজি ধেমাজি জিলাৰ সানজাৰি নৌগৌৰৰ চিমেন চাপৰিস্থিত গৌজৌনপুৰত উদযাপন কৰা হয়। বৰ্ষপূৰ্তি অনুষ্ঠানৰ পুৱা ১০-৩০ বজাত বন্তি প্ৰজ্বলন কৰে বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য মিহিনিশ্বৰ বসুমতাৰীয়ে।

ইয়াৰ পাছতে ধেমাজি জিলা ইউবিপিঅৰ উপ সভাপতি জোনাৰাম ব্ৰহ্মই পৰিচালনা কৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য মিহিনিশ্বৰ বসুমতাৰীয়ে কয় তৃতীয় বড়ো চুক্তিৰ আধাৰত বিটিএডিৰ বাহিৰৰ বড়ো জনগণৰ সৰ্বাঙ্গীণ বিকাশ আৰু উন্নয়নৰ বাবে চৰকাৰে বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদ গঠন কৰিছে। বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদখন হৈছে এটা প্ৰশাসনিক ব্যৱস্থা। চৰকাৰে অন্তৱৰ্তীকালীন পৰ্যায়ত গঠন কৰি দিয়া বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদখনে ২০২১ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে শপত গ্ৰহণ কৰিছিল বুলি উল্লেখ কৰি বড়ো কছাৰী স্বায়ত্তশাসিত পৰিষদৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে চৰকাৰে আৱন্টন দিয়া পুঁজি এবছৰ ধৰি মোকলাই নিদিয়াৰ ফলত অসুবিধাৰ সন্মুখীন হব লগা হৈছে বুলি বক্তব্য ৰাখি নৱগঠিত স্বায়ত্তশাসিত পৰিষদখনে বিটিএডিৰ বাহিৰৰ বড়ো অধ্যূষিত অঞ্চলৰ শিক্ষা, ভাষা, সংস্কৃতিৰ বিকাশ, চৰ্চ্চা, প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে নিৰন্তৰভাৱে প্ৰচেষ্টা হাতত ল’ব বুলি বক্তব্য দাঙি ধৰি স্বকীয় কৃষ্টি, সংস্কৃতি, ভাষাক আকোৱালি লৈ ইয়াৰ বিকাশ ঘটাব পাৰিলেহে জাতীয় পৰিছয় আৰু অস্তিত্ব শক্তিশালী ৰূপত প্ৰতিষ্ঠা হ’ব বুলি গুৰুত্বপূৰ্ণ ভাষন আগবঢ়ায়।

অনুষ্ঠানত ইউবিপিঅৰ উপদেষ্টা বীৰেন্দ্ৰ কুমাৰ ব্ৰহ্মই আমন্ত্ৰিত অতিথিৰ ভাষনত কয় ইউবিপিঅৰ নেতৃত্বত আৰু বড়ো ৰাইজৰ কষ্ট, ত্যাগ আৰু পৰিশ্ৰমৰ বিনিময়ত লাভ কৰা বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদখনক শক্তিশালী, কৰ্মদ্যোমী কৰি তুলিবলৈ ৰাইজে সহযোগ আগবঢ়াব লাগিব, তেতিয়াহে উন্নয়নৰ যাত্ৰাৰে জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰিবলৈ সক্ষম হব বুলি বক্তব্য ৰাখে।

বৰ্ষপূৰ্তি অনুষ্ঠানত বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ সৃজৌন বসুমতাৰী, ইউবিপিঅৰ উপদেষ্টা ললিত চন্দ্ৰ বড়ো,সাংগঠনিক সম্পাদিকা প্ৰাণজিতা বড়ো, কোষাধ্যক্ষ বিষ্টিৰাম নাৰ্জাৰী,মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য মলেন্দ্ৰ নাৰ্জাৰী,ধেমাজি জিলা পৰিষদৰ সদস্যা সোভাৰাণী বসুমতাৰী, অবিভক্ত লখিমপুৰ জিলা প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ সভাপতি চাঞ্চুমা বসুমতাৰী, ইউবিপিঅৰ ধেমাজি জিলা সমিতিৰ সভাপতি ৰাতিৰাম বসুমতাৰী,উপ সভাপতি ৰবীন বড়ো, সাধাৰণ সম্পাদক দিপাঙ্কৰ নাৰ্জাৰী, ধেমাজি জিলা আবৌফৰ সাধাৰণ সম্পাদিকা ভাৰতী ব্ৰহ্ম,এছবি বড়ো হাইস্কুলৰ সহকাৰী শিক্ষক ভৱেন দৈমাৰী উপস্থিত থাকে।
প্ৰেৰক কৰবী দলে

You might also like