নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভেৰগাঁৱত প্রিজাইডিং বিষয়াক প্রহাৰ, বেলট বাকচ কঢ়াৰ চেষ্টা

নির্বাচনী হিংসাঃ বাসুগাঁৱত ব্যৱসায়ীক হত্যাৰ চেষ্টা

নিয়মীয়া বাৰ্তা ৯ ডিচেম্বৰঃ  সোমবাৰে বিটিচি পৰিষদীয় নির্বাচনৰ প্রথম পর্যায়ৰ ভোটদান শান্তিপূর্ণভাৱে সামৰণি পৰাৰ পিছত নিশা বেলট বাকচসমূহ নির্বাচনী বিষয়াৰ কার্যালয়ত জমা দিবলৈ আহোঁতে প্রিজাইডিং বিষয়া ফজলুল কৰিমক কোনো ৰাজনৈতিক দলৰ সমর্থকে প্রহাৰ কৰা ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ঘটনাৰ বিৱৰণী মতে, ৩৫নং মুদৈবাৰী সমষ্টিৰ ভোটকেন্দ্র নং ৪৪ মাকেলিকন্দা প্রাথমিক বিদ্যালয় (সোঁফাল)ৰ প্রিজাইডিং বিষয়া ফজলুল কৰিমে ভোটগ্রহণ সমাপ্ত কৰি সহযোগীসহ ভেৰগাঁৱৰ মহকুমা নির্বাচনী বিষয়াৰ কার্যালয়ত নিশা উপস্থিত হয়৷ কার্যালয়ৰ সন্মুখত বাহনখন ৰখাই বয়–বস্তু নমাই যাৱতীয় কাম সম্পন্ন কৰাৰ সময়তে একাংশ লোকে তেওঁৰ পৰা বেলট বক্স কাঢ়ি নিয়াৰ চেষ্টা চলায়৷ কৰিমে চিঞৰ–বাখৰ কৰাত দুর্বৃত্তই তেওঁক প্রহাৰ কৰে৷ ইয়াৰ পিছতে কাষৰ লোকে আহি কৰিমক বচোৱাৰ চেষ্টা কৰে৷ আৰক্ষীয়ে সুৰক্ষিত অৱস্থাত বেলট বাকচ উদ্ধাৰ কৰাৰ লগতে কৰিমকো সুৰক্ষা প্রদান কৰে৷
বিটিচি নির্বাচনৰ প্রথম পর্যায়ৰ পিছতেই বিটিচিত হিংসাঃ বাসুগাঁৱৰ যুৱ ব্যৱসায়ীক হত্যাৰ চেষ্টা
নিয়মীয়া বার্তা, বাসুগাঁওঃ  বিটিচি নির্বাচনৰ প্রথম পর্যায়ৰ ভোটগ্রহণৰ পিছতে বৃদ্ধি পাইছে হিংসা৷ সোমবাৰে বাসুগাঁৱৰ যুৱ ব্যৱসায়ী নিখিল মণ্ডলক গাড়ীৰে মহটিয়াই হত্যাৰ চেষ্টা চলায় দুর্বৃত্তই৷ কথমপি প্রাণৰক্ষা পৰে ব্যৱসায়ীজনৰ৷ নিজৰ কর্মস্থানৰ পৰা সন্ধিয়া ওভতাৰ পথত বাসুগাঁও–কোকৰাঝাৰ সংযোগী পথৰ দলগাঁৱত আক্রমণৰ বলি হয় যুৱ ব্যৱসায়ীজন৷ এখন ছাফাৰি গাড়ীয়ে যুৱ ব্যৱসায়ীজনক খুন্দিয়াই থৈ যোৱাৰ চেষ্টা কৰে যদিও বিফল হোৱাত দ্বিতীয়বাৰ আকৌ খুন্দিওৱাৰ চেষ্টা কৰে৷ তৎক্ষণাৎ ব্যৱসায়ীজন নিজ গাড়ীত জঁপিয়াই সোমাই পৰে আৰু কথমপি তেওঁৰ প্রাণৰক্ষা পৰে৷ পিছত বেলেগ এখন গাড়ীৰে পিছ লৈ ধৰিবলৈ সক্ষম হয় ছাফাৰিৰ চালকজনক৷ এ এছ–১৯ এ–৯০২৩ নম্বৰৰ গাড়ীখনেৰে হত্যাৰ চেষ্টা চলোৱা হৈছিল৷ আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয় আৰু চালকসহ বাহনখন জব্দ কৰে৷
বাক্সাৰ মুছলপুৰত তীব্র উত্তেজনাঃ এপাট চাবিৰেই ২১টাকৈ তলা খোল খোৱাৰ অভিযোগ বিপিএফ প্রার্থীৰ
মুছলপুৰত স্থাপন কৰা ষ্ট্রংৰুমত ব্যাপক বিসংগতি থকা বুলি অভিযোগ কৰিছে বিপিএফে৷ মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা ষ্ট্রংৰুমলৈ বেলট বাকচসমূহ অনাৰ পিছতে বিসংগতি ধৰা পেলায় বিপিএফৰ প্রার্থী ফলীন্দ্র বসুমতাৰীয়ে৷ ইয়াক লৈ ষ্ট্রংৰুমত উত্তেজনাৰ সৃষ্টি হয়৷ উল্লেখ্য যে ষ্ট্রংৰুমত থকা তলাবোৰ এপাট চাবিৰেই খুলিব পাৰি বুলি অভিযোগ কৰে বিপিএফৰ প্রার্থীগৰাকীয়ে৷ ইয়াৰ পিছতে ষ্ট্রংৰুমৰ দায়িত্বত থকা বিভিন্ন দলৰ এজেণ্টে নিশাই প্রশাসনৰ বিৰুদ্ধে কৰে তীব্র প্রতিবাদ৷ মাত্র এপাট চাবিৰে ২১টাকৈ তলা খোল খোৱাৰ অভিযোগ কৰি বিপিএফৰ বাগানপাৰা সমষ্টিৰ বিপিএফৰ প্রার্থী ফলীন্দ্র বসুমতাৰীয়ে এয়া বিজেপিৰ দ্বাৰা সংঘটিত এক ভয়ংকৰ ষডযন্ত্র বুলি অভিযোগ কৰে৷ তেওঁ কয় যে বিজেপিয়ে বিটিচিৰ আটাইকেইটা সমষ্টিতেই জয়লাভ কৰিব বুলি দাবী কৰাৰ অন্তৰালত ষ্ট্রংৰুমত সংঘটিত এই বিসংগতি এক ষডযন্ত্র বুলি অভিযোগ কৰে৷
আঠিয়াবাৰীত বিপিএফ কর্মীক আক্রমণ ইউপিপিএল দলৰ সমর্থকৰ
কালি অনুষ্ঠিত হৈ যোৱা বিটিচি নির্বাচনৰ প্রথম পর্যায়ৰ ভোটৰ পিছতো তীব্র উত্তেজনাই বিৰাজ কৰিছে বাক্সা জিলাত৷ নির্বাচন সমাপ্ত হোৱাৰ পিছতে বাক্সাত সংঘটিত হয় দুটা দলৰ তীব্র সংঘাত৷ জিলাখনৰ ২৪নং মুছলপুৰ পৰিষদীয় সমষ্টিৰ অন্তর্গত কাৰেমূৰাত থকা বিপিএফৰ এটা কার্যালয়ত আক্রমণ কৰে দুর্বৃত্তই৷ আজি বিটিচিৰ প্রাক্তন কার্যবাহী সদস্য তথা বিপিএফৰ প্রার্থী অংশুমৈ খুংগুৰ বডোৱে এই ঘটনাৰ সৈতে ইউপিপিএলৰ সমর্থক জডিত থকাৰ অভিযোগ কৰে৷ জানিব পৰা মতে কালি সন্ধিয়া ৪.৩০ বজাত অন্ত পৰা ভোটগ্রহণৰ কেইঘণ্টামানৰ পিছত অর্থাৎ প্রায় আঠ বজাত বিপিএফৰ কার্যালয়লৈ আহি আক্রমণ কৰে৷ এই আক্রমণত শীতল বসুমতাৰী নামৰ এজন বিপিএফ কর্মী তথা সমর্থক গুৰুতৰভাৱে আহত হয়৷ আহত লোকজনক প্রথমে মুছলপুৰ অসামৰিক চিকিৎসালয়ত ভর্তি কৰোৱা হয় যদিও অৱস্থা সংকটজনক হোৱাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰা হয়৷ নির্বাচনৰ পিছত হোৱা এই ঘটনাৰ পিছতে আৰক্ষীৰ এটা দলে উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে৷ অৱশ্যে চেপা উত্তেজনাই এতিয়াও বিৰাজ কৰি আছে৷ ইতিমধ্যে মুছলপুৰ জিলা বিপিএফে ঘটনা সন্দর্ভত আক্রমণকাৰীৰ বিৰুদ্ধে মুছলপুৰ থানাত এজাহাৰ দাখিল কৰে

You might also like