চিয়াজুলীৰ প্ৰবীণ মুক্তি যুঁজাৰু তুলাৰাম দত্তৰ মৃত্যু, ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন
নিয়মীয়া বাৰ্তা, ২২ অক্টোবৰঃ মহামাৰী ক’ ভিদত আক্ৰান্ত হৈ লখিমপুৰ জিলাৰ চিয়াজুলী হিন্দু মাজ গাঁৱৰ প্ৰবীণ মুক্তি যুঁজাৰু তুলাৰাম দত্ত(কোঁচ) ৰ বৃহস্পতিবাৰে নিশা মৃত্যু হয়। বাৰ্ধক্যজনিত কাৰণত অসুস্থ হৈ পৰা প্ৰবীণ মুক্তিযোদ্ধা গৰাকীক পৰিয়ালৰ লোকে বুধবাৰে লখিমপুৰ জিলা চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱাইছিল, যদিও বৃহস্পতিবাৰে নিশা চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে।
মৃত্যুৰ সময়ত তেখেত কভিদ পজিটিভ আছিল বুলি লখিমপুৰ জিলা স্বাস্থ্য বিভাগে তথ্য প্ৰকাশ কৰিছে, যদিও আজি পুৱাতেই লখিমপুৰ জিলাৰ উপায়ুক্ত, জিলা আৰক্ষী অধীক্ষক, বগীনদী আৰক্ষী থানাৰ আৰক্ষী বিষয়া, লখিমপুৰ জিলাৰ চিকিৎসা কৰ্মী দলৰ উপস্থিতিত ক’ভিদ প্ৰটকলৰ মাজেদি প্ৰয়াত মুক্তিযোদ্ধা তুলাৰাম দত্তৰ নশ্বৰদেহ ৰাজ্যিক মৰ্যদাৰে অলেখ গুণমুগ্ধৰ উপস্থিতিত তেওঁৰ বাসগৃহৰ সমীপত শেষকৃত্য সম্পন্ন কৰে।
৪২ ৰ আন্দোলনত বৃটিছৰ বিৰুদ্ধে স্বাধীনতাৰ আন্দোলনত যোগ দি দেশপ্ৰেমৰ পৰিচয় দি মুক্তিযোদ্ধাৰ সন্মান লাভ কৰি ৮৫ বছৰ বয়সত মৃত্যুবৰণ কৰা মুক্তিযোদ্ধা গৰাকীৰ মৃত্যুত সমগ্ৰ লখিমপুৰ জিলাখনতে শোকৰ ছাঁ পৰিছে। তেখেতৰ মৃত্যুত অলেখ গুণমুগ্ধৰ লগতে অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলনৰ ৰাজ্যিক সদস্য মাধৱ হাজৰিকা, লখিমপুৰ জিলা সন্মিলনৰ সভাপতি ভোলানাথ নগৰীয়া, সাধাৰণ সম্পাদক গণেশ দত্ত, সহ সম্পাদক দিলীপ ৰয়ে সম্পূৰ্ণ কভিদ প্ৰটকলৰ মাজত থাকি মুক্তিযুঁজাৰু গৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত প্ৰবীণ মুক্তিযোদ্ধা গৰাকীয়ে তিনি কন্যা আৰু এক পুত্ৰসন্তান সহ অনেক আত্মীয় স্বজন, অনুৰাগীক ইহ সংসাৰত এৰি থৈ যায়।