প্রাক্তন সেনাৰ ভূমিত সন্দেহযুক্ত নাগৰিকৰ গাঁও
বটদ্রৱাৰ লালুংগাঁৱত আবণ্টিত ২৬৫ বিঘাত বেদখলকাৰীৰ দপ্দপনি
নিয়মীয়া বাৰ্তা ২৫ জুনঃ জগতগুৰু শ্রীমন্ত শংকৰদেৱৰ জন্মস্থান ঐতিহ্যমণ্ডিত বটদ্রৱা থানৰ দক্ষিণ দিশত থকা ভোমোৰাগুৰি লালুংগাঁৱৰ প্রাক্তন সৈনিকৰ নামত আবণ্টিত গ্রেজিং ৰিজার্ভ বর্তমান সন্দেহযুক্ত বেদখলকাৰীৰ কবলত৷ প্রশাসনৰ নির্লিপ্ততা আৰু চৰকাৰী বিষয়াৰ প্রত্যক্ষ পৃষ্ঠপোষকতাত এটাৰ পিছত এটাকৈ ঘৰ সাজি নতুনকৈ গাঁও পাতিছে৷ সন্দেহযুক্ত নাগৰিকেৰে ভৰি পৰা এই গাঁৱত বিগত বছৰসমূহত দিনে–নিশাই ভূমি বেদখলৰ লগতে ভূমি খনন কার্য চলি আছে৷ এই চাঞ্চল্যকৰ অভিযোগ কৰি চৰকাৰ তথা মুখ্যমন্ত্রীলৈ কৰযোৰে অনুৰোধ কৰিছে বঞ্চিত প্রাক্তন সৈনিকসকলে৷
উল্লেখ্য যে ১৯৮৮ চনতে ভাৰত চৰকাৰৰ গৃহ বিভাগৰ তৰফৰ পৰা আজীৱন দেশ সেৱাত ব্রতী হৈ অৱসৰ গ্রহণ কৰা বটদ্রৱা সমষ্টিৰ ৪৪গৰাকী অসমীয়া বীৰ জোৱানৰ নামত আবণ্টিত হৈছিল ২৬৫ বিঘা ভূমি৷ ধিং ৰাজহ চক্রৰ অন্তর্গত বটদ্রৱা মৌজাৰ লালুংগাঁও কিচামতৰ ৩৫৪ নং গ্রেজিং দাগৰ অংশ হিচাপে ২৬৫ বিঘা মাটি এই ৪৪জন প্রাক্তন সৈনিকৰ বাবে কেন্দ্রীয় চৰকাৰে আবণ্টন দিছিল৷ প্রাক্তন সৈনিকসকলে তেতিয়াই শান্তি সৈনিক মিলন সমবায় নামৰ এখন সমবায় গঠন কৰি উক্ত ভূমিৰ সীমাত পকী খুঁটা আৰু ঘৰ সাজিছিল, কিন্তু নিশাই পকী খুঁটা উঠাই ঘৰ ভাঙি প্রাক্তন সৈনিক গমন বৰদলৈক নির্মম অত্যাচাৰৰ কৰি হত্যা কৰিছিল৷ তাৰ পিছত অগপ, কংগ্রেছ আৰু বর্তমান বিজেপি চৰকাৰ, এই সুদীর্ঘ ৩৩ বছৰত দুবাৰকৈ নগাঁও জিলা উপায়ুক্তৰ হুকুম পোৱাৰ পিছতো ৰহস্যজনকভাৱে কেন্দ্রীয় চৰকাৰৰ নির্দেশক অৱমাননা কৰি আজিকোপতি ৰাজহ বিভাগে এইসকলবীৰ জোৱানক উক্ত ভূমি চমজাই দিবলৈ সক্ষম নহ’ল৷
বৰঞ্চ জীৱনৰ বিয়লি বেলাত প্রাক্তন সৈনিকসকলে পালে চৰকাৰী বিষয়াৰ প্রলোভন৷ যাৰ বাবে বর্তমান চৰম হতাশাত ভুগিছে ৪৪ প্রাক্তন সৈনিক আৰু তেওঁলোকৰ পৰিয়ালবর্গ৷ প্রাক্তন সৈনিক আৰু তেওঁলোকৰ পৰিয়ালবর্গই ‘নিয়মীয়াবার্তা’ৰ সাংবাদিকক দিয়া অভিযোগ মতে ২০১৪ চনৰ পৰা উক্ত ভূখণ্ডত এচাম সন্দেহযুক্ত অচিনাকি লোকে ঘৰ–বাৰী সাজি নতুন গাঁও পাতিছে৷ এইসকল লোকে ১০, ২০, ৩০ বিঘা পর্যন্ত মাটি খান্দি প্রকাণ্ড প্রকাণ্ড পুখুৰী সাজি ৰাজহুৱা সম্পত্তি বিনষ্ট কৰাৰ উপৰি এই বেদখলীকৃত ভূমিতে বিগত ২০১৮ চনৰ ২৩ মাার্চত সমগ্র দেশ কঁপোৱা নাবালিকা ধর্ষণ আৰু জীৱন্তে জ্বলাই দিয়াৰ দৰে দুষ্কার্যৰ ঘটনা সংঘটিত হৈছিল৷ ১৯৮৮ চনৰ পৰা ২০১৭ চনলৈকে এই সুদীর্ঘ কাল চৰকাৰী কার্যালয়ৰ দুৱাৰে দুৱাৰে বাট কুৰি বাই থকাৰ মাজতে ১৫/৬/১৯৯০ তাৰিখে আৰু ৫/১২/২০১৬ তাৰিখে নগাঁও জিলা উপায়ুক্তৰ কার্যালয়ৰ পৰা দুবাৰকৈ অহা লিখিত নির্দেশক সেই সময়ৰ ধিং ৰাজহ চক্রৰ চক্র বিষয়া লাচিত দাসে পালন নকৰি উলোটাই প্রাক্তন সৈনিকক মাটি চমজাই দিলে মোৰ ডিঙি কটা যাব বুলি দায় সৰা মন্তব্য কৰাত ক্ষুব্ধ হৈ প্রাক্তন সৈনিক ২০১৭ চনত তেখেতৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ অধিবক্তা উপমন্যু হাজৰিকাৰ উপস্থিতিত এখন এজাহাৰ দাখিল কৰিছিল৷
বটদ্রৱা আৰক্ষীয়ে ৩০/১৬, ০/৮, ১৮৮ আই পি চি ৪/৫ এ এল জি ৭ পিচি এচিটি নম্বৰত গোচৰ ৰুজু কৰিছিল যদিও আজিও কোনো সুফল লাভ কৰিবলৈ সক্ষম হোৱা নাই এই দুর্ভগীয়া সৈনিকসকল৷ দুর্ভাগ্যজনকভাৱে ১৯৮৮ চনৰ পৰা উক্ত ভূমিৰ বাবদ বর্তমানলৈকে খাজনা দি থকা এই ৪৪জন প্রাক্তন সৈনিকৰ বহুতৰে ইতিমধ্যে মৃত্যু হ’ল, তেওঁলোকৰ বিধৱা পত্নী, বৃদ্ধ সৈনিকসকলে এতিয়াও হেৰুৱাই পেলোৱা নাই আশা৷ কিজানিবা জাতি মাটি ভেটি আৰু সভ্যতাৰ কথা কৈ শাসনৰ গাদীত বহা বিজেপি চৰকাৰে এইসকল অসমীয়া খিলঞ্জীয়া প্রাক্তন সৈনিকক ৮৮ চনতে কেন্দ্রীয় চৰকাৰে প্রদান কৰা ভূমি চমজাই দিয়ে৷ বেদখলীকৃত ভূমিত সমৱেত হৈ প্রাক্তন সৈনিকসকলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক কাকূতি–মিনতি কৰিছে ‘আমাৰ নামত কেন্দ্রীয় চৰকাৰে আবণ্টন দিয়া ভূমি আমাক চমজাই দিয়ক৷ নহ’লে আমি শেষ হৈ গ’লোঁ৷’
ইফালে মদ, জুৱা, ধর্ষণ, চুৰি, ডকাইতি আদি বিভিন্ন অপৰাধীৰ ৰম্যভূমিলৈ পর্যবসিত হোৱা উক্ত ভোমোৰাগুৰি গ্রেজিং ৰিজার্ভৰ বেদখলীকৃত ভূমি উদ্ধাৰ কৰি প্রাক্তন সৈনিকসকলক তেওঁলোকৰ ভূমি চমজাই দিবলৈ দাবী জনাইছে বটদ্রৱা থান পৰিচালনা সমিতি, অখিল ভাৰতীয় বিদ্যার্থী পৰিষদৰ নগাঁও জিলা সমিতি, নগাঁও জিলা জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ, নগাঁও জিলা হিন্দু যুৱ–ছাত্র পৰিষদ, বটদ্রৱা আঞ্চলিক ছাত্র সন্থা, বটদ্রৱা প্রেছ ক্লাব, জাজৰি প্রেছ ক্লাবকে প্রমুখ্য কৰি অনুষ্ঠান, কেইাটাও দল–সংগঠনে৷