পথ পকীকৰণৰ দাবীৰে প্ৰতিবাদঃ মাজুলীৰ উপ-নিৰ্বাচনত ভোটবৰ্জনৰ হুংকাৰ ফুটচাংবাসীৰ
নিয়মীয়া বাৰ্তা, ১৩ ফেব্ৰুৱাৰী : বান-খহনীয়াগ্ৰস্ত উজনি মাজুলীৰ ফুটচাংবাসী যাতায়াত, স্বাস্থ্য, শিক্ষা আদিকে ধৰি বিভিন্ন এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত ৷ এজাক বৰষুণ দিলেই উজনি মাজুলীৰ গ্ৰাম্য পথসমূহৰ লগতে ৰাজপথসমূহো বোকা-পানীৰে ভৰি পৰা পৰিলক্ষিত হৈছে । উল্লেখ্য যে জিলাখনৰ উজনি মাজুলী উন্নয়ন খণ্ডৰ অন্তৰ্গত চিৰাম, ৰতনপুৰ লাহন, চেৰেপাই, লুইতপৰীয়া, ৰতনপুৰ মিৰি গাঁও পঞ্চায়তৰ কুৰিৰো অধিক গ্ৰাম্যপথৰ কদৰ্য অৱস্থা আৰু পথসমূহত থকা পুখুৰীসদৃশ গাঁতবোৰে পথচাৰীক বাৰুকৈয়ে জলাকলা খুৱাইছে৷
বিশেষকৈ লুইতপৰীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত সদাব্যস্ত ফুটচাং-কান্ধুলীমাৰী সংযোগী পথ আৰু মোৱামাৰী গাঁৱৰ পথটোত বোকা-পানীৰে ভৰি পৰাৰ লগতে পথটোত থকা পুখুৰীসদৃশ গাঁতবোৰৰ বাবে পথচাৰীয়ে অতি কষ্টেৰে অহা-যোৱা কৰিব লগা হৈছে৷ বিশেষকৈ পথসমূহত অত্যধিক ট্ৰেক্টৰ চলাচলৰ বাবেই পথসমূহৰ অৱস্থা অধিক বেয়াৰ দিশলৈ গতি কৰিছে বুলিও জনসাধাৰণে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ।
বছৰটোৰ বেছিভাগ সময়েই পথৰ দুৰৱস্থাই সমস্যাৰ সৃষ্টি কৰা উক্ত পথসমূহ পকীকৰণৰ বাবে অঞ্চলবাসী জনসাধাৰণে দীৰ্ঘদিনে বিভাগীয় কৰ্তৃপক্ষ আৰু মাজুলী জিলা প্ৰশাসনক দাবী জনাই আহিছে যদিও বিভাগীয় কৰ্তৃপক্ষই অঞ্চলবাসীৰ সমস্যাৰ প্ৰতি পিঠি দিয়াহে পৰিলক্ষিত হৈছে৷ ইয়াৰ উপৰি অঞ্চলটোৰ পানীখাতী গাঁৱৰ নামনি অংশ, বৰুৱাচুক, কান্ধুলীমাৰী আদি পথসমূহৰ বোকাময় অৱস্থাই অঞ্চলবাসীক যমৰ যাতনা ভোগাইছে৷ এই সন্দৰ্ভত বিগত সময়ত সংবাদ মাধ্যমত একাধিকবাৰ সবিস্তাৰে বাতৰি প্ৰকাশ পাইছে যদিও গা লৰা নাই প্ৰশাসন কিম্বা লোকনিৰ্মাণ বিভাগৰ৷
বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে বিগত পাঁচ বছৰত ৰাজ্যৰ ৰাস্তা-ঘাটসমূহ উন্নয়নৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিলে যদিও অৱহেলিত উজনি মাজুলীৰ বৃহত্তৰ অঞ্চলটোৰ দীৰ্ঘদিনীয়া সমস্যাৰ ওৰ পেলাবলৈ কিন্তু সক্ষম হোৱা নাই৷ তাকে লৈ বিভিন্ন মহলত সৰৱ চৰ্চা হোৱাৰ লগতে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে উজনি মাজুলীবাসীয়ে৷
এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি অঞ্চলবাসীয়ে যাতায়াত-যোগাযোগত দীৰ্ঘদিনে ভুগি অহা সমস্যাসমূহ সমাধান কৰিবলৈ দাবী জনোৱাৰ লগতে আগন্তুক ৭ মাৰ্চৰ উপ-নিৰ্বাচনত ফুটচাঙৰ ২ আৰু ৪ নম্বৰ ভোট কেন্দ্ৰৰ ভোটাৰসকলে ভোটাধিকাৰ সাৱস্ত নকৰাৰ সিদ্ধান্তৰে আজি এখন পথ সভা অনুষ্ঠিত কৰে ৷ অসম চৰকাৰক সমালোচনা কৰি প্ৰতিশ্ৰুতি আমাক নালাগে , আমাক পকী পথ লাগে , আমি ভোট বৰ্জন কৰিম আদি ধ্বনিৰে উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ দীৰ্ঘদিন ধৰি মাজুলীৰ ফুটচাংবাসীয়ে জৰাজীৰ্ণ পথৰ বাবে যমৰ যাতনা ভোগ কৰি আহিছে যদিও কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ কৰিছে প্ৰতিবাদকাৰী সকলে ৷
ভোট বিচাৰি ফুটচাঙলৈ আহিব নোৱাৰিব কোনো ৰাজনৈতিক দলৰ নেতা পালিনেতা এইদৰেই তীব্ৰ হুংকাৰ প্ৰদান কৰে সকলোৱে । আন্দোলনকাৰীসকলে এই অঞ্চলত পকী পথ প্ৰদানৰ দাবীৰ লগতে প্ৰধান সমস্যাসমুহ সামাধানৰ নিশ্চয়তা নিদিলে আগন্তুক উপ-নিৰ্বাচনত ভোট বৰ্জন কৰিব বুলি শতাধিক লোকৰ স্বাক্ষৰিত স্মাৰক-পত্ৰ মাজুলী জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে গাঁওবাসীয়ে ৷
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড