মাজুলীত খচৰা ভোটাৰ তালিকা প্ৰকাশ
নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰ: ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি মাজুলী নিৰ্বাচন জিলাতো ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনীৰ বাবে আজি আনুষ্ঠানিক ভাবে খচৰা ভোটৰ তালিকা প্ৰকাশ কৰা হয়। উপায়ুক্তৰ কাৰ্যালয়ৰ সভা কক্ষত অনুষ্ঠিত আজিৰ সভাত উপায়ুক্ত পুলক মহন্তই এই তালিকা প্ৰকাশ কৰে।
সেই মৰ্মে ৯৯ নং মাজুলী বিধানসভা (অনুসূচীত জনজাতি) সমষ্টিৰ মুঠ ভোট গ্ৰহণ কেন্দ্ৰ হৈছে ১৬৪ টা । মুঠ ভোটাৰৰ সংখ্যা ১,৩৩,০৯৯ গৰাকী । ইয়াৰে ৬৭,৬২২ জন পুৰুষ আৰু ৬৫, ৪৭৭ গৰাকী মহিলা । ৮০ বছৰ বয়সৰ উৰ্দ্ধৰ ভোটাৰ ১৫৭০ গৰাকী আৰু ১৮ ৰ পৰা ১৯ বছৰ বয়সৰ ভোটাৰ অৰ্থাৎ নতুনকৈ অন্তৰ্ভুক্ত হোৱা ভোটাৰৰ সংখ্যা ১৫৬১ গৰাকী । ইং- ০১/১১/২০২১ তাৰিখৰ পৰা ৩০/১১/২০২১ তাৰিখৰ ভিতৰত ভোটাৰ পঞ্জীয়ণ সম্পৰ্কে যিকোনো গোচৰ বা আপত্তি দাখিল কৰিব পাৰিব। এই গোচৰ আপত্তি সমূহ ইং ২০/১২/২০২১ তাৰিখৰ ভিতৰত নিষ্পত্তি কৰা হ’ব।
পূৰ্ণাঙ্গ ভোটাৰ তালিকা ইং – ০৫/০১/২০২২ তাৰিখে প্ৰকাশ কৰা হ’ব। মাজুলীবাসী ৰাইজে ৬ নং প্ৰ-পত্ৰৰ যোগে ভোটাৰ তালিকাত নতুন নাম সংযোজন, ৭ নং প্ৰ-পত্ৰৰ যোগে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন, ৮ নং প্ৰ-পত্ৰৰ যোগে নাম শুধৰণি, ৮-এ প্ৰ-পত্ৰৰ যোগে সমষ্টিৰ অন্তৰ্গত কেন্দ্ৰৰ নাম সলনি বাবে আবেদন কৰিব পাৰিব। তদুপৰি ভোটাৰসকলে নাম অন্তৰ্ভুক্তি তথা দাবী, আপত্তি ইত্যাদি অনলাইন যোগে “www.nvsp.in” লিংকৰ মাধ্যমেৰে কৰিব পাৰিব। সভাত অতিৰিক্ত উপায়ুক্ত বিপুল কুমাৰ দাস আৰু কাৰ্তিক কলিতা, সদৰ মহকুমাধিপতি ধৃতিমান দাস, নিৰ্বাচন বিষয়া কেশৱানন্দ টাইদ, নিৰ্বাচন কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰী সকল আৰু বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধি সকল উপস্থিত থাকে।
Input: ৰূপজ্যোতি বৰা, নতুন বজাৰ