জোনাইত ১৭৫গৰাকীৰ বেলটযােগে ভােটদান
নিয়মীয়া বাৰ্তা, ২৩ মার্চঃ ১১৪ নং জোনাই বিধানসভা সমষ্টিত পোলিং বিষয়াৰ ১০টা দলে বিভিন্ন স্থানত আশা আৰু অংগনৱাডী কর্মীসকলৰ সহযােগত বিশেষভাৱে সক্ষম আৰু বয়ােজ্যেষ্ঠ নাগৰিকসকলৰ ঘৰে ঘৰে গৈ কৰা ভােটগ্রহণত ১৭৫ গৰাকী ভােটাৰে বেলট পেপাৰত ভােটদান কৰে।
জোনাই মহকুমা নিৰ্বাচনী বিষয়া গায়ত্ৰী পাতিৰে জনােৱা মতে, সমষ্টিটোত থকা ৪৭২ জন বিশেষভাবে সক্ষম ভােটাৰৰ ভিতৰত ৪৮গৰাকী ভােটাৰে পোষ্টেল বেলটৰ আবেদন কৰি আটাইকেইজনে পাষ্টেল বেলটৰ জৰিয়তে ভােটদান কৰে।
আনহাতে, সমষ্টিটোৰ ৪,১৪০ গৰাকী ব্যয়ােজ্যেষ্ঠ (৮০ উর্ধ্বৰ) ভােটাৰৰ ভিতৰত ১২৮ গৰাকীয়ে আবেদন কৰিছিল ইয়াৰে ১২৭ গৰাকী ভােটাৰে পোষ্টেল বেলটৰ জৰিয়তে ভােটদান কৰিব। ইয়াৰে এজনৰ জ্বৰ হৈ থকাৰ বাবে পোষ্টেল বেলটত ভোটদান কৰিব নোৱাৰিলে বুলি জানিবলৈ দিয়ে মহকুমা নিৰ্বাচনী বিষয়াগৰাকীয়ে।