ভূৰাগাঁৱত নিৰ্মীয়মাণ মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকাৰ
নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰী : মৰিগাঁও জিলাৰ ভূৰাগাঁৱৰ পৰা মায়ঙলৈ নিৰ্মাণ হৈ থকা মথাউৰিৰ আজি অগ্ৰগতিৰ বুজ লয় জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকাই । আজি মন্ত্ৰী হাজৰিকাই ভূৰাগাঁৱৰ সোণডোৱা আৰু গৰলুত উপস্থিত হৈ নিৰ্মীয়মাণ মথাউৰি পৰিদৰ্শন কৰে। ভূৰাগাঁৱৰ পৰা মায়ঙলৈকে নাবাৰ্ডৰ সাহায্য পুঁজিৰে প্ৰায় ৫৮ কোটি টকা ব্যয়েৰে ১৪ কি:মি: মথাউৰি নিৰ্মাণ কাম পূৰ্ণগতিত চলি আছে । উল্লেখ্য যে মথাউৰি নিৰ্মাণৰ স্থান আৰু ক্ষতিপূৰণক কেন্দ্ৰ কৰি যোৱা কিছুদিন ধৰি ৰাইজৰ প্ৰতিবাদ অব্যাহত আছে । যাৰ ফলত মথাউৰি নিৰ্মাণৰ কাম লেহেমীয়া হোৱা পৰিলক্ষিত হৈছে । স্থানীয় ৰাইজ আৰু জলসম্পদ বিভাগৰ মাজত বাদানুবাদ চলি থকাৰ সময়তেই জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ এই পৰিদৰ্শনে বিশেষ তাৎপৰ্য বহন কৰিছে । মন্ত্ৰীগৰাকীয়ে মথাউৰি নিৰ্মাণৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে স্থানীয় ৰাইজৰ পূৰ্ণ সহযোগিতা আশা কৰে ।মথাউৰি নিৰ্মাণত ক্ষতিগ্ৰস্ত কৃষকে ক্ষতিপূৰণ পাব বুলি আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে ।বাৰিষাৰ পূৰ্বে মথাউৰি নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ জলসম্পদ বিভাগক নিৰ্দেশ দিয়ে । মথাউৰি নিৰ্মাণৰ পিছত জিলাখন বানমুক্ত হোৱাৰ পিছত অহা বছৰৰ পৰা খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে । এই পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীক সংগ দিয়ে স্থানীয় বিধায়ক আছিফ মহম্মদ নাজাৰ, জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়া আৰু জলসম্পদ বিভাগৰ বিষয়াসকলে ।
প্ৰেৰক আবুল কালাম