বিধানসভা নিৰ্বাচন ২১ঃ চৰম উৎকণ্ঠা নলবাৰীত কাৰ কাৰ ভাগ্যত প্রার্থিত্ব
দিল্লী–গুৱাহাটীৰ পৰা অহা ভিন্ন বাতৰিয়ে তিনি সমষ্টিত সঘনে সলাইছে প্রেক্ষাপট
নিয়মীয়া বাৰ্তা ৫ মাৰ্চঃ প্রার্থী বাছনিক লৈ নলবাৰী জিলাৰ তিনিটা সমষ্টিত শাসক–বিৰোধী উভয় শিবিৰত চৰম উৎকণ্ঠা সৃষ্টি হৈছে৷ কোনে পাব প্রার্থিত্ব তাক লৈ বিশেষকৈ জিলাখনৰ বিজেপি–কংগ্রেছৰ তৃণমূল কর্মীসকলৰ মাজত সৃষ্টি হোৱা চৰম উৎকণ্ঠাৰ বাবে প্রাক্নির্বাচনী ক্ষেত্রখন একপ্রকাৰ গৰম হৈ পৰিছে৷ টিকটক লৈ দিল্লী–গুৱাহাটীৰ পৰা অহা খবৰত সঘনাই নলবাৰীৰ ৰাজনৈতিক ক্ষেত্রখনো সলনি হৈ পৰিছে৷ ইফালে, জিলা প্রশাসনো নির্বাচনক লৈ তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে৷ জিলাখনৰ মুঠ ৫,৩৮,৯৪৩গৰাকী ভোটাৰে প্রার্থীৰ ভাগ্য উদয় কৰিব৷ ইয়াৰে নলবাৰী সমষ্টিৰ মুঠ ভোটাৰ ২,০৩,৬৭৭গৰাকী৷ বৰক্ষেত্রী সমষ্টিৰ মুঠ ভোটাৰ ১,৯৪,৭৭৯গৰাকী আৰু ধর্মপুৰ সমষ্টিৰ মুঠ ভোটাৰ ১,৪০,৪৮৭গৰাকী৷
ইপিনে, জিলাখনৰ নলবাৰী সদৰ সমষ্টিৰ নির্বাচনৰ ভোটগ্রহণ দ্বিতীয় পর্যায়ত আৰু বৰক্ষেত্রী সমষ্টি আৰু ধর্মপুৰ সমষ্টিত তৃতীয় পর্যায়ত ভোট গ্রহণ অনুষ্ঠিত হ’ব৷ জিলাখনত তিনিওটা সমষ্টিত শাসক–বিৰোধীৰ ডেৰকুৰিৰো অধিক প্রার্থীয়ে নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ মন মেলিছে৷ সেই অনুসৰি নলবাৰী সদৰ সমষ্টিটোত বিজেপিৰ দুই শক্তিশালী প্রার্থিত্বপ্রত্যাশীৰ টিকটক লৈ চলা টনা–আঁজোৰাত প্রাক্নির্বাচনী ক্ষেত্রখন বেছ আকর্ষণীয় হৈ পৰিছে৷ শাসকীয় দলটোৰ প্রার্থী হিচাপে বিধায়ক অশোক শর্মা, প্রাক্তন বিধায়ক তথা অসম পর্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা তীব্র দাবীদাৰ৷ আজিৰ তাৰিখত এই দুগৰাকী ৰাজনৈতিক নেতাৰ কোনে লাভ কৰিব দলীয় টিকট সেই বিষয়ে কোৱাটো টান হৈ পৰিছে৷ নেতা দুগৰাকীৰ নিজ নিজ সমর্থকসকলে ইতিমধ্যে ভাগে ভাগে প্রাক্নির্বাচনী প্রচাৰ চলাইছে৷ তাৎপর্যপূর্ণভাৱে ইয়াৰে যিকোনো এজনে দলীয় টিকটৰ পৰা বঞ্চিত হ’লে সমষ্টিটোত সম্ভাব্য চিপৰাং ৰাজনীতিয়ে মূৰকত কাক লাভৱান কৰে সেয়াও বিচার্যৰ বিষয় হৈ পৰিছে৷
উল্লেখ্য যে বিগত ২০১৬ৰ বিধানসভা নির্বাচনত প্রায় এক লাখ ভোট লাভ কৰি বিজেপি প্রার্থী অশোক শর্মাই বৃহৎ ভোটৰ ব্যৱধানত নির্বাচিত হৈছিল৷ অৱশ্যে এইবাৰ সমষ্টিটোত অসম জাতীয় পৰিষদ ফেক্টৰ হিচাপে থিয় দিয়াত বিজেপিৰ ভোটত খহনীয়া হোৱাৰ সম্ভাৱনা আছে৷ ইপিনে, কংগ্রেছৰ ফালৰ পৰা অসম প্রদেশ কংগ্রেছৰ সাধাৰণ সম্পাদক তথা যোৱা নির্বাচনৰ পৰাজিত প্রার্থী প্রদ্যুৎ ভূঞা, জিলা মহিলা কংগ্রেছৰ সভানেত্রী পাপৰি মালাকৰ, প্রদেশ মহিলা কংগ্রেছৰ সম্পাদিকা কল্পনা বর্মনে টিকট বিচাৰি আবেদন কৰিছে যদিও নির্বাচনী প্রচাৰত সক্রিয়তা দেখুৱাইছে প্রদ্যুৎ ভূঞাইহে৷ সমষ্টিটোত ইতিপূর্বে অগপৰ শীর্ষ পর্যায়ৰ পৰা সেউজ সংকেত লাভ কৰি অসম যুৱ পৰিষদৰ উপ–সভাপতি তথা নলবাৰী সমষ্টি কমিটীৰ মুখ্য উপদেষ্টা তথা বিশিষ্ট অভিনেতা, সমাজকর্মী দিলীপ কুমাৰ দাসে বহুদিন ধৰি সমষ্টিটোৰ চুকে–কোণে ঘূৰি দলটোৰ হেৰুওৱা স্থিতি উদ্ধাৰ কৰিবলৈ উঠিপৰি লাগে যদিও সমষ্টিক বিজেপি মিত্রজোঁটে এইবাৰো অগপক এৰি দিয়াৰ সম্ভাৱনা নাই৷ আনহাতে, এইবাৰ নলবাৰী সমষ্টি কোনোপধ্যে বিজেপিক এৰি নিদিয়াৰ হুংকাৰ দি থোৱা নলবাৰী অগপৰ ভূমিকা আগন্তুক নির্বাচনত কি হ’ব সেয়াও লক্ষণীয় হিচাপে বিবেচিত হৈছে৷
সমান্তৰালভাৱে প্রাক্তন অগপ নেতা নগেন ডেকাই অসম জাতীয় পৰিষদত যোগদান কৰি সমাগত নির্বাচনৰ প্রার্থিত্বৰ দাবীদাৰ হৈ নৱগঠিত আঞ্চলিক দলটোক সমষ্টিটোত প্রতিষ্ঠা কৰাত অন্যতম শক্তিশালী ভূমিকা গ্রহণ কৰিছে৷ আনহাতে, সংখ্যালঘু ভোটাৰে নির্ণায়ক ভূমিকা পালন কৰা বৰক্ষেত্রী সমষ্টিৰ বাবে বিজেপিত নতুন মুখৰ প্রার্থীৰ চলিছে সন্ধান৷ বিগত প্রায় প্রতিটো নির্বাচনতেই সংখ্যালঘু ভোটাৰে নির্ণায়ক ভূমিকা পালন কৰি অহা বৰক্ষেত্রী বিধানসভা সমষ্টিত আগন্তুক নির্বাচনত শাসক–বিৰোধীৰ মাজত নির্বাচনী তৎপৰতা চলা পৰিলক্ষিত হৈছে৷ ১৯৭৮ চনত গঠন হোৱাৰ পাছৰে পৰা অধিকসংখ্যক সময় কংগ্রেছৰ দখলত থকা বৰক্ষেত্রীৰ চৰাঞ্চলত এসময়ত ইউ ডি এফৰ যথেষ্ট প্রভাৱ আছিল৷
বিগত ২০১৬ৰ নির্বাচনত সর্বাধিক সংখ্যাগুৰুৰ লগতে যথেষ্ট পৰিমাণে সংখ্যালঘুৰ ভোট লাভ কৰি ৰাজ্যৰ প্রবীণ কংগ্রেছী ডাঃ ভূমিধৰ বর্মনৰ কুৰি বছৰীয়া শাসন ওফৰাই প্রথমবাৰ বিধানসভালৈ নির্বাচিত হয় বিজেপিৰ নাৰায়ণ ডেকা৷ পৰৱর্তী সময়ত নাৰায়ণ ডেকাৰ বিৰুদ্ধে বয় প্রতিষ্ঠানবিৰোধী ঢ়ৌ৷ সমষ্টিটোৰ বিজেপি বিধায়ক নাৰায়ণ ডেকাক প্রত্যাহ্বান জনাই দলটোৰে নতুন মুখৰ উজ্জ্বল সম্ভাৱনাপূর্ণ কেইবাগৰাকী যুৱ নেতা টিকটৰ দাবীদাৰ হৈ পৰিছে৷ য’ত চর্চা লৈ আহিছে মাণিক তালুকদাৰ, নয়ন তালুকদাৰ, শান্তনু কলিতা, আৰ এছ এছৰ সদস্য শশীভূষণ ডেকা আদিৰ নাম৷ কিন্তু শেষত নাৰায়ণ ডেকাইহে টিকট পোৱাৰ সম্ভাৱনা প্রবল৷ অনুৰূপ ধৰণে কংগ্রেছৰ দাবীদাৰৰ তালিকাত আছে প্রাক্তন মন্ত্রী ডাঃ ভূমিধৰ বর্মনৰ পুত্র তথা যোৱাবাৰৰ পৰাজিত প্রার্থী দিগন্ত বর্মন, মুকালমুৱা জিলা পৰিষদৰ সদস্য খাইৰুল হক চৌধুৰী, অসম প্রদেশ কংগ্রেছৰ সাধাৰণ সম্পাদক আনোৱাৰ হুছেইন৷ সেইদৰে অসম জাতীয় পৰিষদৰ হৈ নির্বাচন খেলাৰ বাবে আগবাঢ়িছে অসম বিধানসভাৰ প্রাক্তন অধ্যক্ষ পুলকেশ বৰুৱাই৷ সমষ্টিটোত বিগত বিধানসভা নির্বাচনৰ লেখীয়াকৈ এইবাৰো বিজেপি আৰু কংগ্রেছৰ মাজতেই নির্বাচনী যুঁজখন সীমাবদ্ধ থাকিব পাৰে৷
ইপিনে, জিলাখনৰ আন এটা গুৰুত্বপূর্ণ সমষ্টি হৈছে ধর্মপুৰ৷ ৰাজ্যৰ পৰিবহণ, উদ্যোগ আৰু বাণিজ্য মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ গৃহ সমষ্টি ধর্মপুৰত খোদ শাসকীয় দলটোত আগন্তুক ’২১ৰ নির্বাচনকেন্দ্রিক প্রার্থিত্বই দলটোৰ মজিয়াত খলকনি তুলিছে৷ ১৯৮৫ চনৰ পৰা সাতবাৰকৈ বিধানসভা নির্বাচনত আৰু এবাৰ লোকসভা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰি পাঁচবাৰকৈ অসম বিধানসভালৈ নির্বাচিত হৈ তিনিবাৰকৈ কেবিনেট মন্ত্রী হোৱা চন্দ্রমোহন পাটোৱাৰী এইবাৰ নিজৰ সমষ্টিতেই ৰাজনৈতিক সংকটৰ সন্মুখীন হোৱাৰ সম্ভাৱনাই দেখা দিছে৷ দলটোৰে নতুন মুখৰ উজ্জ্বল সম্ভাৱনাপূর্ণ ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘ (আৰ এছ এছ)ৰ পুৰণি কর্মী জ্যোতির্ময় শর্মা,বীৰেন বর্মন, বিজেপিৰ যুৱ কর্মী ত্রিনয়ন বর্মন প্রার্থিত্বৰ দাবীদাৰ৷ আনহাতে, এসময়ৰ আঞ্চলিকতাবাদী ৰাজনীতিৰ দুর্গস্বৰূপ ধর্মপুৰত আগন্তুক নির্বাচনত ৰাজ্যত নতুনকৈ গঠিত অসম জাতীয় পৰিষদৰ সম্ভাব্য প্রার্থী তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ শিখৰ কুমাৰ শর্মাই ইতিমধ্যে সংগঠন শক্তিশালী কৰাত উঠিপৰি লাগিছে৷ ইপিনে, কংগ্রেছৰ প্রাক্তন মন্ত্রী নীলমণি সেন ডেকাই পুনৰবাৰ নির্বাচনত অৱতীর্ণ হৈ নির্বাচনী প্রতিদ্বন্দ্বিতা আগবঢ়াবলৈ সাজু হৈ পৰিছে৷ আনহাতে, সমষ্টিটোত নতুন মুখৰ প্রার্থী অসম প্রদেশ যুৱ কংগ্রেছৰ উপ–সভাপতি ৰাতুল পাটোৱাৰী, অসম প্রদেশ কংগ্রেছৰ সম্পাদক, সামাজিক মাধ্যম আৰু তথ্য–প্রযুক্তি বিভাগৰ উপাধ্যক্ষ দিগন্ত ভূষণ বর্মনেও দলীয় টিকটৰ আশাত বন্দী হৈ পৰিছে৷