ৰঙিয়াত দুৰ্বৃত্তই কাঢ়ি নিলে মহিলাৰ বেগ
নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰী:-ৰঙিয়া নগৰৰ মাজমজিয়াত আজি চিলনী চোৰে মহিলাৰ বেগ কাঢ়ি নিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । তীব্ৰ বেগেৰে বাইকত অহা দুজন দুৰ্বৃত্তৰ এজনে পথচাৰী মহিলাৰ পৰা বেগ কাঢ়ি নিয়ে । বেগ থপিয়াই নিয়া ঘটনা চিচি টিভিত বন্দী হয় । ৰঙিয়াৰ ২নং গোপালপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী চিত্ৰলেখা চৌধুৰীয়ে বেচৰকাৰী বাছ আস্থানেৰে গৈ থকা অৱস্থাত থপিয়াই নিয়ে বেগটো ।
পালচাৰ বাইকত অহা দুৰ্বৃত্ত দুজনে ঘটনাটো সংঘটিত কৰিয়ে তিনিআলিৰ ফালে পলায়ন কৰে । শিক্ষয়ত্ৰী গৰাকীয়ে ইতিমধ্যে ৰঙিয়া আৰক্ষীক ঘটনা সম্পৰ্কত অৱগত কৰিছে । শিক্ষয়ত্ৰীগৰাকীৰ বেগত আছিল কিছু নগদ ধনৰ লগতে মোবাইল আৰু গুৰুত্বপূৰ্ণ নথিপত্ৰ । নগৰখনত দিন দুপৰতে মহিলাৰ পৰা দুৰ্বৃত্তই বেগ কাঢ়ি নিয়া সচেতন মহলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । শীঘ্ৰে অপৰাধীক কৰায়ত্ত কৰি উচিত শাস্তি দিয়াৰ লগতে নগৰখনৰ নিৰাপত্তা কটকটীয়া কৰি তুলিবলৈ দাবী জনায় ।
প্ৰেৰক ফাৰুক হুছেইন