ৰাজ্যৰ প্রান্তে প্রান্তে যুৱ–ছাত্র পৰিষদৰ বাইক ৰেলী
নিয়মীয়া বাৰ্তা ৫ মাৰ্চঃ অসমত আন্তঃৰাজ্যিক পাৰপত্র প্রৱর্তন আৰু নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ নলবাৰী জিলা সমিতিয়ে বৃহৎ বাইক ৰেলী উলিয়ায়৷ অবিভক্ত নলবাৰী জিলাৰ বিভিন্ন প্রান্ত পৰিভ্রমণ কৰা বাইক ৰেলীত ‘কা’ আমি নামানো, অসমত আন্তঃৰাজ্যিক পাৰপত্র ব্যৱস্থা প্রৱর্তন কৰক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ সংগঠনটোৰ নলবাৰী জিলা সমিতিৰ সভাপতি পার্থপ্রতিম শর্মা আৰু সাধাৰণ সম্পাদক কৌশিক বর্মনৰ নেতৃত্বত দুই শতাধিক কর্মীয়ে দিনৰ ১২ বজাত নলবাৰী এন টি ৰোডৰ পৰা বাইক ৰেলীৰ আৰম্ভণি কৰি নলবাৰী চহৰ হৈ বানেকুছি, বৰমা, টিহু নগৰ, হাৰিভাঙা, কৈঠালকুছি হৈ প্রায় ৭০ কিঃমিঃ পৰিভ্রমণৰ অন্তত নলবাৰী হৰিমন্দিৰৰ সমীপত উপস্থিত হয়৷ উল্লেখ্য যে বাক্সা জিলা প্রশাসনে বৰমাত বাইক ৰেলী আগভেটি ধৰি বাধা আৰোপ কৰাত তীব্র উত্তেজনাপূর্ণ পৰিস্থিতিৰ সৃষ্টি হয়৷ পিছত বাক্সা জিলা আৰক্ষী অধীক্ষকৰ লগত যুৱ–ছাত্র পৰিষদৰ নলবাৰী জিলা নেতৃত্বৰ এক আলোচনাৰ পিছত পুনৰ বাইক ৰেলী আৰম্ভ হয়৷ আজিৰ এই বাইক ৰেলীত সংগঠনটোৰ কেন্দ্রীয় সমিতিৰ শিক্ষা সম্পাদক মৃণাল কুমাৰ বর্মন, কেন্দ্রীয় কার্যনির্বাহক সদস্য নগেন শালৈ, জিলা সমিতিৰ উপদেষ্টা গৌতম কুমাৰ শর্মা, প্রণৱজ্যোতি কলিতাসহ জিলা সমিতি আৰু আঞ্চলিক সমিতিসমূহৰ বিষয়ববীয়াসকল উপস্থিত থাকে৷ নিয়মীয়া বার্তা, পাঠশালা ঃ অসমত আন্তঃৰাজ্যিক পাৰপত্র ব্যৱস্থা প্রৱর্তন আৰু নাগৰিকত্ব সংশোধনী আইন (‘কা’) বাতিলৰ দাবীত আজি পাঠশালাত অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ বজালী জিলা সমিতিয়ে মটৰচাইকেল সমদল উলিয়ায়৷ বাইক সমদল পাঠশালাৰ চাৰিওটা মূল পথ পৰিভ্রমণৰ লগতে তিতকা, ডুবি, মালিপাৰা, ৰায়পুৰ, হৰিপুৰ, কুমাৰপাৰা, চৌখুঁটি, কেন্দুগুৰি হৈ পাঠশালাত উপস্থিত হয়৷ এই প্রতিবাদী বাইক ৰেলীত ‘কা’ আমি নামানো, ‘কা’ বাতিল কৰক, ‘কা’ জাপি দিয়া বিজেপি চৰকাৰ মুর্দাবাদ, অসম চৰকাৰ হায় হায় আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্রতিবাদকাৰীসকলে৷ পৰিষদৰ কেন্দ্রীয় সমিতিৰ কেন্দ্রীয় সহকাৰী সম্পাদক বিজন বায়ন, যুটীয়া সম্পাদক মৃদুল তালুকদাৰ, সাংগঠনিক সম্পাদক মণ্টু শর্মা, কেন্দ্রীয় সদস্য নিপল ডেকা, বজালী জিলা সমিতিৰ সভাপতি আৰু সম্পাদক ক্রমে বাবুল আলী আহমেদ, লক্ষেশ্বৰ ৰয়, পাঠশালা আঞ্চলিক সমিতি, দক্ষিণ বজালী আঞ্চলিক সমিতি, নিত্যানন্দ আঞ্চলিক সমিতি, পূব হস্তিনাপুৰ আঞ্চলিক সমিতি, সৰুপেটা আঞ্চলিক সমিতি আৰু ভৱানীপুৰ আঞ্চলিক সমিতি সমন্বিতে সংগঠনটোৰ শতাধিক সদস্যই এই প্রতিবাদী বাইক ৰেলীত অংশগ্রহণ কৰে৷
আজি দিনৰ ১১ বজাত অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ মৰিগাঁও জিলা সমিতিয়ে ‘কা’ বাতিল আৰু অসমত আন্তঃৰাজ্যিক পাৰপত্র প্রৱর্তনৰ দাবীত এক বাইক সমদল উলিয়ায়৷ পৰিষদৰ জিলা সমিতিৰ সভাপতি দীপজ্যোতি বৈশ্য আৰু সাধাৰণ সম্পাদক মির্জা আৰিফ আলমৰ নেতৃত্বত ৰূপায়ণ কৰা এই কার্যসূচীত শতাধিক প্রতিবাদকাৰীয়ে অংশগ্রহণ কৰে৷ জিলা সমিতিৰ মুখ্য কার্যালয়ৰ পৰা আৰম্ভ কৰা বাইক ৰেলীত অংশ লোৱাসকলক জিলা আৰক্ষী প্রশাসনে আটক কৰে যদিও কিছু মুহূর্তৰ পিছত মুকলি কৰি দিয়ে৷ সংগঠনটোৰ নেতৃত্বই আৰক্ষীৰ এই বাধা প্রদান কার্যত আশ্চর্যবোধ কৰে৷ কার্যসূচীত পৰিষদৰ কেন্দ্রীয় সমিতিৰ সাংগঠনিক সম্পাদক ললিত চন্দ্র পাচনি আৰু কেন্দ্রীয় সমিতিৰ কার্যনির্বাহক সদস্য মমিন চন্দ্র দাস উপস্থিত থাকে৷
নির্বাচনৰ প্রাক্ মুহূর্তত ৰাজনৈতিক দলসমূহৰ ৰাজনৈতিক কুচকাৱাজৰ মাজতে শিৱসাগৰত অব্যাহত আছে বিভিন্ন দল–সংগঠনৰ প্রতিবাদ৷ অসমত অতিশীঘ্রে আন্তঃৰাষ্ট্রীয় পাৰপত্র প্রৱর্তন কৰা আৰু নাগৰিকত্ব সংশোধনী আইন–২০১৯ক বাতিল কৰাৰ দাবীত আজি শিৱসাগৰ নগৰৰ মাজেদি অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে উলিয়ায় এক মটৰচাইকেল ৰেলী৷ শিৱসাগৰ জিলা সমিতিৰ ডদ্যোগত উলিওৱা এই প্রতিবাদী কার্যসূচীত বিজেপি চৰকাৰ হায় হায়, নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক, অসমত অতিশীঘ্রে আন্তঃৰাজ্যিক পাৰপত্রৰ ব্যৱস্থা কৰক আদি শ্লোগানেৰে শিৱসাগৰৰ আকাশ–বতাহ কঁপাই তোলে প্রতিবাদকাৰীসকলে৷ সংবাদ মাধ্যমলৈ শিৱসাগৰ জিলা সমিতিৰ হৈ সভাপতি ডৎপল কোঁৱৰ আৰু ভাৰপ্রাপ্ত সাধাৰণ সম্পাদক পলাশ ৰাজকোঁৱৰে প্রেৰণ কৰা এক প্রেছ বিজ্ঞপ্তিত ডল্লেখ কৰিছে যে অসমৰ জাতি, মাটি, ভেটিৰ সুৰক্ষাৰ শ্লোগান দি দিছপুৰ দখল কৰাৰ পিছতে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্যৰ বিজেপি চৰকাৰখনে অসম জাতীয় স্বার্থ সুৰক্ষা কৰাৰ ক্ষেত্রত সম্পূর্ণৰূপে ব্যর্থ হৈছে৷ দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়েও অসমক সুৰক্ষিত কৰাৰ পৰিৱর্তে অসমৰ সম্পদসমূহ এপদ–দুপদকৈ ব্যক্তিগত কোম্পানীৰ হাতত তুলি দিছে বুলি বিজ্ঞপ্তিটোত ডল্লেখ কৰিছে৷ উল্লেখ্য যে এই ৰেলী শিৱসাগৰ নগৰৰ পৰা শিমলুগুৰিলৈকে উলিওৱা হয়৷
নাগৰিকত্ব সংশোধনী আইনবাতিল আৰু অসমত ইনাৰ লাইন পার্মিট ব্যৱস্থা প্রৱর্তনৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ তিনিচুকীয়া জিলা সমিতিয়ে আঞ্চলিক সমিতিসমূহৰ সহযোগত এক বাইক ৰেলী উলিয়াই প্রতিবাদ সাব্যস্ত কৰে৷ কাকপথাৰ আঞ্চলিক সমিতিয়ে কাকপথাৰৰ পৰা ফিল’বাৰী হৈ ফিল’বাৰী আঞ্চলিক সমিতিৰ লগত একেলগে ডুমডুমা নগৰত খেলপথাৰত একগোট হোৱাৰ পাছতে মাকুম আঞ্চলিক সমিতিৰ সদস্যসকলো মাকুমৰ পৰা ডুমডুমালৈ আহি ডুমডমা আঞ্চলিক সমিতিসহ চাৰিওখন আঞ্চলিকৰ সদস্যসকলে ডুমডুমা চহৰখন পৰিভ্রমণ কৰি প্রতিবাদ সাব্যস্ত কৰি ‘নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক’, ‘ইনাৰ লাইন পার্মিট প্রৱর্তন কৰক’, ‘বিজেপি চৰকাৰ হুচিয়াৰ’ আদি বিভিন্ন শ্লোগান দিয়ে৷ আজিৰ এই কার্যসূচীত তিনিচুকীয়া জিলা সমিতিৰ উপ–সভাপতি সোনমনি চলিহা, সাংগঠনিক সম্পাদক প্রবীণ তামুলী, মনোজ বডা, সমাজসেৱা সম্পাদক প্রণৱ কলিতা, সদস্য জিতেন মৰাণ, নিকুঞ্জ চুতীয়া আৰু চাৰিওখন আঞ্চলিক সমিতিৰ সভাপতি, সাধাৰণ সম্পাদকসহ অন্যান্য সদস্যসকল উপস্থিত থাকে৷ আনহাতে এই বাইক ৰেলীৰ অন্তত পৰিষদৰ বিষয়ববীয়াসকলে কোনো কাৰণত নাগৰিকত্ব সংশোধনী আইন আমি নামানো বুলি উল্লেখ কৰাৰ লগতে এই আইনখনৰ জৰিয়তে অসমীয়া জাতিৰ ভাষা–সংস্কৃতি নিঃশেষ কৰিব বিচাৰিছে আৰু অসমীয়া জাতিটোক সংখ্যালঘুত পৰিণত কৰিব বিচৰা কার্যক যুৱ–ছাত্র পৰিষদৰ লগতে অসমৰ ৰাইজে কেতিয়াও নামানে বুলি স্পষ্ট কৰি দিয়ে৷ আনহাতে অসমত শীঘ্রে ইনাৰ লাইন পার্মিট ব্যৱস্থা হ’বই লাগিব বুলি দাবী জনাইবহিঃৰাজ্যৰ পৰা বিদেশী প্রব্রজনৰ লগতে বহিঃৰাজ্য অনুপ্রৱেশকাৰী সমস্যাই অসমৰ জনগাঁথনি সললি কৰি পেলাইছে আৰু এই সমস্যাৰ পৰা নিৰাময় পাবলৈ ইনাৰ লাইন পার্মিট ব্যৱস্থা প্রৱর্তন কৰিব লাগিব৷ সেয়ে শীঘ্রে অসমত ইনাৰ লাইন পার্মিট ব্যৱস্থা প্রৱর্তন কৰিবলৈ দাবী জনায় সংগঠনটোৱে৷