জোনাইত ৰাইজৰ দলৰ কাৰ্যালয় উদ্বোধন জেৰিফা ৱাহিদৰ
নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ জোনাইত ৰাইজৰ দলৰ মুৰ্কংচেলেক ব্লক সমিতিৰ কাৰ্যালয়ৰ উদ্বোধন কৰা হয়৷ জোনাইৰ গান্ধীৰোডস্থিত মুৰ্কংচেলেক ব্লক সমিতিৰ কাৰ্যালয় উদ্বোধন কৰে “ৰাইজৰ দল” ৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদিক জেৰিফা ৱাহিদে৷
উদ্বোধনী ভাষণত জেৰিফা ৱাহিদে কয় যে আজি বহু বছৰৰ পৰা যিসকল চৰকাৰে অসমত ৰাজত্ব কৰি আহিছে, এই চৰকাৰসমূহে দুখীয়া ৰাইজৰ আশাবোৰ শেষ কৰি পেলাইছে। মনৰ আশাবোৰ পূৰণ কৰিব পৰা নাই৷ অসমৰ আজিলৈ কোনো ধৰণৰ উন্নতি হোৱা নাই৷ আমি দুখীয়াবোৰ দিনক দিনে দুখীয়া হৈ গৈ আছো আৰু ধনীবোৰ ধনী হৈ গৈ আছে৷
আজি কাৰ্যালয় উদ্বোধন কাৰ্যসূচীত “ৰাইজৰ দল” ৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদিক জেৰিফা ৱাহিদ আৰু সম্পাদক চমবিত শৰ্মাক মিচিং জনগোষ্ঠীয় নৃত্যৰে আদৰি আনে জোনাইৰ ৰাংকপ তিনিআলিৰ পৰা ৷
অনুষ্ঠানত “ৰাইজৰ দল”ৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক চমবিত শৰ্মা, উপ সভাপতি ফণীৰাম টায়েং, মুৰ্কংচেলেক ব্লক কংগ্ৰেছৰ সভাপতি নেলচন পাৱ, সম্পাদক ৰাহুল দলে, জোনাই সমষ্টিৰ ৰাইজৰ দলৰ সভাপতি ৰূপনাথ পেগু, সম্পাদক ৰঞ্জুমণি গগৈ, ধেমাজি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ছইফ পাৱ, সম্পাদিকা জোৎন্সা টাৱ, জোনাই জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপ-সভাপতি সতীশ টাৱ, লগতে জোনাই সমষ্টিৰ ‘ৰাইজৰ দল’ৰ
বিষয়ববীয়াসকল উপস্থিত থাকে ।