নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্ৰেছ বিজেপিৰ বি-টিমঃ বদৰুদ্দিন আজমল

নিয়মীয়া বাৰ্তা, ২১ ছেপ্টেম্বৰ: ‘‘কংগ্ৰেছে কয় তেওঁলোকৰ এক নম্বৰ শত্ৰু হ’ল এআইইউডিএফ; তাৰমানে  তেওঁলোকৰ সৈতে  বিজেপিৰ বুজাবুজি আছে। আমি সদায় কৈ আহিছোঁ আমাৰ এক নম্বৰ শত্ৰু হ’ল বিজেপি, দুই নম্বৰ কংগ্ৰেছ। এয়া আমাৰ স্পষ্ট। কিন্তু দৰাচলতে কংগ্ৰেছ হ’ল বিজেপিৰ বি–টিম; সেয়ে তেওঁলোক কৈ আছে আমি এআইইউডিএফক বিদায় কৰি দিম।’’ এই ভাষ্য ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ।

 

আজি  ধুবুৰীস্থ জিলা উপায়ুক্তৰ কাৰ্যালয় প্ৰেক্ষাগৃহত আয়োজিত  জিলা উন্নয়ণ সমন্বয় আৰু নিৰীক্ষণ সমিতি (দিশা)ৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশ লোৱাৰ পিছত সাংবাদিকৰে হোৱা কথাবতৰাত এআইইউডিএফ দলৰ চুপ্ৰিমো আজমলে এই মন্তব্য কৰে। আনহাতে আজিৰ দুপৰীয়াৰ পৰা সন্ধিয়ালৈ চলা ‘দিশা’ৰ সেই দীঘলীয়া বৈঠকখনৰ পিছত জিলাখনৰ বিভিন্ন চৰকাৰী আঁচনিসমূহৰ কাম–কাজ পূৰ্বৰ তুলনাত অধিক গতিশীলতা লভা  বুলিও মন্তব্য আগবঢ়ায় তেওঁ। আনহাতে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ বিৰূদ্ধে ধনদাৱী সন্দৰ্ভীয় শীৰ্ষক সাম্প্ৰতিক সেই বিতৰ্ক সন্দৰ্ভে শুধা সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত বদৰুদ্দিন আজমলৰ কৌশলপূৰ্ণ মন্তৱ্য, ‘‘ইমান ডাঙৰ ডাঙৰ মানুহ, আমি মাত মাতি লাভ নাই। ক’ৰ পৰা কি ল’গাই দিব।’’ উল্লেখ্য যে, ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ তথা ধুবুৰী জিলা ‘দিশা’ৰ অধ্যক্ষ মৌলানা বদৰুদ্দিন আজমলৰ সভাপতিত্বত  অনুষ্ঠিত আজিৰ সেই বৈঠকখনত বিভিন্ন বিভাগৰ কাম-কাজ পৰ্যালোচনা কৰা হয়৷ বৈঠকখনত স্বাস্থ্য, লোকনিৰ্মাণ, জলসম্পদ, জিলা পৰিষদ,  জিলা গ্ৰামোন্নয়ণ অভিকৰণ, জনস্বাস্থ্য কাৰিকৰী, কৃষি, ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান, বেংক, সৰ্বশিক্ষা, মধ্যাহ্ন ভোজন, চৰ অঞ্চল উন্নয়ণ, জলসিঞ্চন, মীন, টেলিকম, বেংক আদি বিভিন্ন বিভাগৰ কাম-কাজ আৰু কাৰ্যসূচীৰ পুংখানুপুংখ পৰ্যালোচনা কৰাৰ লগতে জনপ্ৰতিনিধিসকলে  বিভাগবোৰৰ বিষয়াসকলক বিভিন্ন বিষয় সন্দৰ্ভত পোনপতীয়াকৈ প্ৰশ্ন কৰে আৰু আঁচনি ৰূপায়ন সন্দৰ্ভত গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায়৷

 

ইয়াৰোপৰি বিগত ‘দিশা’ বৈঠকৰ কাৰ্যবিবৰণী আৰু ইয়াৰ ভিত্তিত গ্ৰহণ কৰা কাৰ্য ব্যৱস্থাৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়৷ আজি সেই বৈঠকখনতেই ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে  ধুবুৰী পৌৰসভাৰ ‘পডেন’ সদস্য হিচাপে শপতগ্ৰহণ কৰে৷ বৈঠকখনত গৌৰীপুৰ সমষ্টিৰ বিধায়ক নিজানুৰ ৰহমান, বিলাসীপাৰা পূৱ সমষ্টিৰ বিধায়ক ছামচুল হুদা, কেবাজনো বিধায়কৰ প্ৰতিনিধি, ধুবুৰী পৌৰসভাৰ পৌৰপতি ডাঃ দেৱময় সান্যালকে ধৰি বিভিন্ন পৌৰসভাৰ পৌৰপতি, পাৰিষদ,  ধুবুৰী জিলা পৰিষদৰ সদস্য প্ৰমুখ্যে কেবাজনো পঞ্চায়ত প্ৰতিনিধি, ধুবুৰী জিলা উপায়ুক্ত অন্বামুথন এম পি, জিলা উন্নয়ণ আয়ুক্ত কান্তা দাসৰ লগতে জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়া সকল উপস্থিত আছিল। উল্লেখ্য যে, আজি দিনৰ ভাগত তেখেতৰ এমপিএলএডি পুঁজিৰ ধনেৰে ধুবুৰীৰ যক্ষা চিকিৎসালয় চৌদহত নিৰ্মিত হোৱা নতুন দুমহলীয়া মহল এটাৰো আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে স্থানীয় সাংসদগৰাকীয়ে।
You might also like