নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খটখটীত নিশা সংঘৰ্ষঃ আৰক্ষীৰ গুলীত নিহত দুৰ্বৃত্ত

নিয়মীয়া বাৰ্তা, ৫ এপ্ৰিলঃ অসম-নাগালেণ্ড সীমান্তৰ খটখটী থানাৰ অন্তৰ্গত কাৰাগাঁৱৰ সমীপত শনিবাৰে সন্ধিয়া আৰক্ষী আৰু দুৰ্বৃত্তৰ দল এটাৰ মাজত হোৱা সংঘৰ্ষত এটা দুৰ্বৃত্ত ঘটনাস্থলীতে নিহত হয় । আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে, সন্ধিয়াৰ ভাগত ৫ জনীয়া অস্ত্ৰধাৰী দল এটা কাৰাগাঁৱৰ অঞ্চলৰে গৈ থকাৰ সম্ভেদ পাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় । আৰক্ষীক দেখা মাত্ৰেই দুৰ্বৃত্তৰ দলটোৱে আৰক্ষীলৈ গুলীচালনা কৰাত আৰক্ষীয়েও প্ৰত্যুত্তৰ দিয়ে । প্ৰায় ৪০ মিনিট ধৰি চলা গুলীয়াগুলীত এটা দুৰ্বৃত্ত ঘটনাস্থলীত নিহত হয় । অৱশ্যে আন্ধাৰৰ সুযোগ লৈ বাকীকেইজন দুৰ্বৃত্তই পলাই যাবলৈ সক্ষম হয় । ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে ৭.৬৫ এম এম পিষ্টল এটা উদ্ধাৰ কৰিছে । পলায়ন কৰা দুৰ্বৃত্তৰ সন্ধানত আৰক্ষীয়ে অভিযান নিশা পৰ্যন্ত অব্যাহত ৰাখিছিল ।

You might also like