নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘন কুঁৱলী, ৰাজপথত মৃত্যুৰ কিৰিলি

পথ দুৰ্ঘটনা

নিয়মীয়া বাৰ্তা, ২৫ ডিচেম্বৰঃ মহানগৰীৰ সমীপৱৰ্তী ছয়গাঁৱত সংঘটিত এক দুৰ্ঘটনাত থিতাতে নিহত এজন যুৱক। দ্ৰুতবেগী ট্ৰাক আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষত নিহত যুৱকজনৰ নাম নিৰঞ্জন দাস। নিহত নিৰঞ্জন দাসৰ ঘৰ বকোৰ নিছিলামাৰীত। ঘন কুঁৱলীৰ বাবে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ।

                          আনহাতে হোজাইৰ নীলবাগানৰ ৫৪নং ৰাষ্ট্ৰীয় ঘাইপথতো পথ দুৰ্ঘটনা। এখন কয়লা ভৰ্তি ট্ৰাকৰ খুন্দাত নিহত মাচুম ইচলাম নামৰ এজন লোক। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ AS01-GC-2847। আনহাতে হোজাই আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয়।

You might also like