নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টার্জান বুলি মাতিলেই বনকর্মীৰ কাষলৈ আহে জাক জাক বন্যহস্তী; পিচে ক’ত ?

নিয়মীয়া বাৰ্তা, ১৭ মার্চঃ মানাহ ৰাষ্ট্রীয় উদ্যানত বন্য জীৱ–জন্তু আৰু মানুহৰ মাজত দেখা গৈছে বন্ধুত্বসুলভ পৰিৱেশ৷ অভয়াৰণ্যখনৰ চিৰাং জিলাত অন্তর্ভুক্ত পাণবাৰী ৰেঞ্জত বনৰীয়া হাতীয়ে বিচাৰি আহে বনকর্মীৰ মৰম৷ ৰাষ্ট্রীয় উদ্যানখনৰ মাজত থকা পর্যটকৰ বাংলোৰ তলত বনকর্মীৰ সৈতে বন্যহস্তীৰ বন্ধুত্বসুলভ আচৰণৰ দৃশ্য স্থানীয় লোকসকলে প্রত্যক্ষ কৰে৷

আনহাতে, পর্যটকৰ বাংলোৰ কাষত থকা নৈত বন্যহস্তীৰ জাকে গা ধুই থকা পৰিলক্ষিত হয়৷ স্থানীয় লোক, বনকর্মীসকলে বন্যহস্তীৰ জাকক ‘টার্জান’ বুলি মাতিলে বৃহৎ বৃহৎ জাক আহি বনাঞ্চলখনৰ সুৰক্ষাৰ বাবে থকা বনকর্মীসকলৰ কাষ চাপে৷ বন্যহস্তী আৰু বনকর্মীসকলৰ মাজত বন্ধুত্বৰ পৰিৱেশ গঢ় লৈ উঠাৰ বাবে নিচেই ওচৰত আহি উপস্থিত হোৱা পৰিলক্ষিত হয়৷ বনকর্মীৰ পৰা আহাৰ খোৱাৰ পিছতহে বন্যহস্তীৰ জাক উভতি যায়৷ কেৱল বন্যহস্তীয়ে নহয়, বনাঞ্চলখনৰ হৰিণাকে আদি কৰি বিভিন্ন জীৱ–জন্তুৰ সৈতে স্থানীয় প্রকৃতিপ্রেমী লোকৰ আছে মধুৰ সম্পর্ক৷ এইসকল লোকৰ কাষত আহি বন্য জীৱ–জন্তুৱে একেলগে বিচৰণ কৰি ফুৰা পৰিলক্ষিত হয়৷ মানাহ ৰাষ্ট্রীয় উদ্যানৰ পাণবাৰী ৰেঞ্জৰ ঔডুবি, খেৰণি, লাফাচাৰী বিটত বন্য জীৱ–জন্তু আৰু মানুহৰ মাজত গঢ় লৈ উঠা বন্ধুত্বপূর্ণ পৰিৱেশে পর্যটকসকলক সম্প্রতি আকর্ষিত কৰি আহিছে৷ ৰাজ্যত বন্য জীৱ–জন্তু আৰু মানুহৰ মাজত সংঘাত বৃদ্ধি হৈ অহাৰ সময়তে চিৰাঙত বন্য জীৱ–জন্তু আৰু মানুহৰ মাজত গঢ় লৈ উঠা বন্ধুত্বপূর্ণ সম্পর্কই এক বিৰল নিদর্শন আগবঢ়াইছে৷ এই বিৰল দৃশ্য প্রত্যক্ষ কৰাৰ বাবে মানাহ ৰাষ্ট্রীয় উদ্যানৰ পাণবাৰী ৰেঞ্জলৈ অহাৰ বাবে স্থানীয় লোকসকলে আহ্বান জনাইছে৷

You might also like