নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপেটাৰোডত কৰুণ ঘটনা: মেচিনত সোমাই থিতাতে নিহত যুৱক

নিয়মীয়া বাৰ্তা, ২৫ মেঃ বৰপেটাৰোড সমীপৰ তথা বাক্সা জিলাৰ গোৱৰ্দ্ধনা আৰক্ষী থানাৰ অন্তৰ্গত জাখলি বিল পথাৰৰ কৃষ্ণনগৰ স্থিত “মা দুৰ্গা স্মল ইণ্ডাষ্ট্ৰিজ” নামৰ পাপৰ বনোৱা ফেক্টৰীত কৰ্মৰত অৱস্থাত আজি এগৰাকী শ্ৰমিক মেচিনৰ ভিতৰত সোমাই কৰুণভাৱে মৃত্যুক সাৱটি লয়। বাক্সা জিলাৰ অন্তৰ্গত লুৱাশুৰ গাঁওৰ ভৰত বৰ্মণৰ পুত্ৰ মাণিক বৰ্মনে (২২) উক্ত উদ্যোগটোত কাম কৰি থকাৰ সময়তে হঠাৎ মিক্সাৰ মেচিনৰ ভিতৰত সোমাই যায় আৰু থিতাতে মৃত্যু হয়। পিছত ঘটনাস্থলীত গোৱৰ্দ্ধনা আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰে। উল্লেখ্য যে যুৱক গৰাকীৰ কৰুণ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰাৰ লগতে চাঞ্চল্যৰো সৃষ্টি হয় ৷ আনহাতে, স্থানীয় ৰাইজে ইয়াৰ তদন্তৰো আহ্বান জনাইছে।
You might also like