নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীৰ ৰিভাৰ ৰাইন হাস্পতাল ৰাজ্যিক চিকিৎসালয়লৈ উন্নীতকৰণৰ দাবী

মধ্য মাজুলীৰ ৩০ খন গাঁৱৰ ৰাইজৰ দাবী

নিয়মীয়া বার্তা, ২৬ ডিচেম্বৰঃ মধ্য মাজুলীৰ ৩০–৩৫খন গাঁৱৰ জনসাধাৰণৰ স্বাস্থ্যক্ষেত্রৰ একমাত্র সাৰথি গেলেকী ৰিভাৰাইন চিকিৎসালয়খনৰ মৃত্যুমুখী যাত্রাই অঞ্চলবাসীক বাৰুকৈয়ে চিন্তিত কৰি তুলিছে ৷ প্রতিদিনে শতাধিক ৰোগী আহি ভিৰ কৰা চিকিৎসালয়খনত চিকিৎসকে বহু অভাৱৰ মাজত সেৱা প্রদান কৰি আহিছে৷ চিকিৎসালয়খনত পর্যপ্ত পৰিমাণৰ সুবিধা নথকা বাবে স্বাস্থ্যকেন্দ্রটোত থকা লেবৰেটৰীটোৰ বর্তমান মৃতপ্রায় অৱস্থা৷ আচবাব মামৰে ধৰাৰ উপক্রম হোৱাৰ লগতে ৰোগী সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে৷ এন আৰ এইচ এমৰ অধীনত থকা এই চিকিৎসালয়খন পূর্ণ পর্যায়ৰ ৰাজ্যিক চিকিৎসালয় হিচাপে গঢ়ি তুলিবলৈ দীর্ঘদিনৰ পৰা মধ্য মাজুলীবাসীয়ে দাবী তুলি আহিছে৷ মুখ্যমন্ত্রীৰ সমষ্টি হিচাপে মাজুলীয়ে এতিয়াও স্বাস্থ্যখণ্ডত বহুখিনি পিছপৰি আছে৷ ডাঙৰ ৰোগটো বাদেই, সাধাৰণ জ্বৰ, পানীলগা, বিষ আদিকে ধৰি সৰু সৰু বেমাৰতো মাজুলীবাসীয়ে ৰোগীক যোৰহাটলৈ নিব লগা হৈ আহিছে৷ সদৰ চিকিৎসালয়তো নাই পর্যাপ্ত পৰিমাণৰ চিকিৎসক অথৱা সা–সুবিধা৷ যাৰ বাবে ৰোগীক উন্নত চিকিৎসাৰ বাবে যোৰহাটলৈ নিয়াৰ বাদে আৰু নাই কোনো উপায় নাই মাজুলীবাসীৰ৷ স্বাস্থ্যৰ ক্ষেত্রত মধ্য মাজুলীবাসীৰ এই একমাত্র ভৰসা ৰিভাৰাইন চিকিৎসালয়খনৰ মৃত্যুমুখী যাত্রাৰ অৱসান ঘটাই অত্যাধুনিক সা–সুবিধাৰে পুষ্ট এখন পূর্ণাগ ৰাজ্যিক চিকিৎসালয়লৈ উন্নীত কৰিবলৈ মুখ্যমন্ত্রী তথা স্বাস্থ্যমন্ত্রীক দাবী জনাইছে মধ্য মাজুলীৰ সচেতন মহলে ৷

You might also like