নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৭ ফেব্রুৱাৰীৰ বিটিএডি বন্ধ সাময়িকভাৱে প্রত্যাহাৰ

নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰীঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অসম ভ্রমণৰ সময়ছোৱাত ২৪ ঘণ্টীয়া বি টি এ ডি বন্ধ ঘোষণা কৰিছিল অবড়ো সুৰক্ষা সমিতি অসমে৷ উল্লেখ্য যে বি টি এ ডি ৰ কোকৰাঝাৰত ৭ ফেব্রুৱাৰীত বি টি আৰ চুক্তিৰ আনন্দ উৎসৱত অংশগ্রহণ কৰিব প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷

এই চুক্তিৰ জৰিয়তে বি টি এ ডিৰ অবডো লোকৰ অধিকাৰ খর্ব কৰাৰ কৌশল ৰচনা কৰাৰ প্রতিবাদত সংগঠনটোৱে বন্ধৰ আহ্বান জনাইছিল৷ বিত্ত, শিক্ষা আৰু স্বাস্থ্য বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰে অবডো সুৰক্ষা সমিতি, কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ কালিৰ আলোচনামর্মে ৭ ফেব্রুৱাৰীৰ বি টি এ ডি বন্ধ প্রত্যাহাৰ কৰাৰ কথা সদৰী কৰে অবড়ো সুৰক্ষা সমিতিৰ সভাপতি ললিত হেমৰমে৷

সংবাদ মেলত সাংসদ শৰণীয়াই বি টি আৰ চুক্তি কার্যকৰী সমিতিত অবড়ো লোকক নিয়োগ, বি টি এ ডিৰ পৰা অবড়ো অধ্যুষিত গাঁও কর্তন, বি টি এ ডিত অবড়ো লোকৰ ভূমিৰ অধিকাৰ প্রদান কৰাৰ স্বার্থত ৭ ফেব্রুৱাৰীত লোকপিয়ল গোপীনাথ বৰদলৈ বিমানবন্দৰত প্রধানমন্ত্রী মোদীক স্মাৰক–পত্র প্রদান কৰাৰ কথা ঘোষণা কৰে৷ কিন্তু যেতিয়ালৈ বি টি এ ডিৰ অবডো লোকে নিজৰ অধিকাৰ সম্পূর্ণভাৱে নাপাব, তেতিয়ালৈ সংগ্রাম অব্যাহত থাকিব বুলি মন্তব্য কৰে সাংসদ শৰণীয়াই৷ তেওঁ লগতে বডো সশস্ত্র বিপ্লৱী সংগঠনে অস্ত্র সম্বৰণ কৰি মূলসুঁতিলৈ ঘূৰি অহাটোক স্বাগতম জনায় যদিও চুক্তি স্বাক্ষৰকাৰী বডো বিদ্রোহী নেতাসকলৰ মাজত এতিয়াও অবৈধ অস্ত্র আছে বুলি অভিযোগ কৰে সাংসদ শৰণীয়াই৷ অহা ১২ ফেব্রুৱাৰীত অসম চৰকাৰৰে অবড়ো সুৰক্ষা সমিতিৰ নেতৃত্বৰে বিভিন্ন সমস্যাক লৈ আলোচনা কৰাৰ ইংগিত দিয়াৰ কথা জানিবলৈ দিয়ে সাংসদ শৰণীয়াই৷ বি টি এ ডিৰ অবডো ৰাইজৰ সমস্যা সমাধান নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ দিয়ে সাংসদগৰাকীয়ে৷ সংবাদ মেলত বি টি আৰ চুক্তি স্বাক্ষৰ হোৱাৰ পিছত একাংশ বডো যুৱকে বাগ্সা জিলাৰ শালবাৰী মহকুমাৰ ৰাবাংগুৰি বডো বজাৰৰ নাথ চুবুৰিৰ অবডো কেইটামান পৰিয়ালক ৰাস্তাত থিয় কৰাই গুলীয়াই মৰাৰো ভাবুকি দিয়াৰ কথা প্রকাশ কৰে সেই অঞ্চলৰে এজন সচেতন লোকে৷ যাৰ কাৰণে সেই অঞ্চলৰ একাংশ লোকে প্রাণৰ সংশয়ত দিন অতিবাহিত কৰিব লগা হোৱাৰ কথা প্রকাশ কৰে৷ সংবাদ মেলত অবডো সুৰক্ষা সমিতিৰ সম্পাদক মাধৱ ৰাজবংশী, কেন্দ্রীয় কার্যকাৰী সভাপতি বিহাৰী প্রসাদ দাস, উপদেষ্টা সর্বেশ্বৰ ডেকাকে ধৰি কেইবাজনো নেতা উপস্থিত থাকে৷

You might also like