নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিছপুৰৰ ডায়েৰী

  • সঞ্জয়

নদীৰ মাছ নাখাব

ক’ৰোনাক লৈ সমগ্র দেশৰ লগতে অসমতো তীব্র আতংকৰ সৃষ্টি হৈছে৷ বহুতে এই ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ বিভিন্ন প্রতিৰোধমূলক পদক্ষেপ গ্রহণ কৰিছে৷ মাছ, মাংসৰ পৰাও এই ভাইৰাছ বিয়পিব পাৰে নেকি, তাক লৈয়ো মানুহৰ মাজত নানান প্রশ্ণ উত্থাপন হৈছে৷ এনে অৱস্থাৰ মাজতে সেইদিনা বিজেপি–কংগ্রেছৰ কেইজনমান বিধায়ক, মীনমন্ত্রী পৰিমল শুক্লবৈদ্যৰ ওচৰলৈ আহিল৷ তেওঁলোকে মন্ত্রী শুক্লবৈদ্যৰ পৰা জানিব বিচাৰিলে মাছ, মাংসৰ পৰাও ক’ৰোনা সংক্রমণ হ’ব পাৰে নেকি? মন্ত্রী শুক্লবৈদ্যই গহিনাই উত্তৰ দিলে– ‘সেই বিষয়টো গৱেষণাৰ বিষয়৷ গৱেষণা কৰিহে ক’ব পৰা যাব৷ কিন্তু বিভিন্নজন ফিছ স্পেচিয়েলিষ্টে জনোৱা মতে পৰাপক্ষত অসমৰ মানুহে বিশেষকৈ ব্রহ্মপুত্র উপত্যকাৰ মানুহে নদীৰ মাছ নোখোৱাই ভাল৷ ব্রহ্মপুত্রৰ উৎপত্তি স্থল হৈছে চীন৷ ক’ৰোনাৰ উৎপত্তি স্থল চীনৰ পৰাই নদীখন বৈ আহিছে৷ ব্রহ্মপুত্রত থকা পানী, মাছ সকলো চীন দেশ পাৰ হৈ আহিছে যিহেতু সেই পানী, মাছ যে সংক্রমিত নহয় সেই কথা ক’ব নোৱাৰি৷ সেইদৰে ব্রহ্মপুত্রৰ উত্তৰ পাৰে আৰু দক্ষিণ পাৰে যিমান নদী, উপনদী আছে সকলোবোৰ ব্রহ্মপুত্রৰ লগত লিংক আছে৷ সেয়ে এই সময়ত সতর্কতামূলক ব্যৱস্থা হিচাপে নদীৰ মাছ নোখোৱাই ভাল৷’ মীনমন্ত্রীৰ এই উত্তৰ শুনাৰ পিছত বিধায়ককেইজনে সংকল্প ল’লে মন গ’লে চালানি খাব, কিন্তু অসমৰ নদীৰ মাছ নাখাব৷

ভগৱানেও বিচাৰে ‘কা’

ভগৱানেও ‘কা’খন বিচাৰে৷ এইকেইদিন ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয় হেঙেৰাবাৰীৰ বাজপেয়ী ভৱনত সঘনে এই বিষয়টোৱে চর্চা লাভ কৰিছে৷ দলটোৰ প্রায়সকল নেতাই ক’বলৈ আৰম্ভ কৰিছে– বিৰোধীয়ে ‘কা’ৰ বিৰোধিতা কৰিব পাৰে৷ কিন্তু ভগৱানে ‘কা’খন বিচাৰে৷ ‘কা’বিৰোধী আন্দোলন ছেদেলি–ভেদেলি কৰাৰ বাবে ভগৱানে উপযুক্ত সময়ত উপযুক্ত পদক্ষেপ লৈছে৷ সমগ্র ঘটনাটো এনেধৰণৰ– যোৱা কেইদিনমানৰ পৰা ক’ৰোনাক লৈ অসমকে ধৰি সমগ্র দেশত যথেষ্ট ত্রাসৰ সৃষ্টি হৈছে৷ সকলোৱে জনসমাগমৰ পৰা পৰাপক্ষত আঁতৰি থকা হৈছে৷ ৰাজনৈতিক সমাৱেশ, সমদল আদিও বন্ধ হৈছে৷ ইয়াৰ লগে লগে বন্ধ হৈ পৰিছে ‘কা’বিৰোধী আন্দোলন, প্রতিবাদ৷ ক’ৰোনাৰ আতংকৰ বাবেই ‘কা’বিৰোধী আন্দোলন, প্রতিবাদ নোহোৱা হৈ গ’ল৷ সেয়ে বিজেপিৰ বহু নেতাই এতিয়া ক’বলৈ আৰম্ভ কৰিছে– ভগৱানে ‘কা’খন বিচাৰে বাবেই ভাৰততো ক’ৰোনাৰ ত্রাস পঠিয়াই দিছে৷ চৰকাৰে ‘কা’ আন্দোলন ৰোধৰ বাবে ১৪৪ ধাৰা দিলে, সান্ধ্য আইন দিলে ৰাইজে উলংঘা কৰে৷ সেইবোৰ দেখি–শুনিয়েই ভগৱানে ‘কা’বিৰোধী আন্দোলন নিয়ন্ত্রণৰ দায়িত্ব নিজেই ল’লে আৰু ক’ৰোনা পঠিয়াই দিলে৷ লগে লগে আন্দোলনো স্তিমিত হৈ গ’ল৷ সম্পূর্ণ ৰূপে যিদিনাই ‘কা’বিৰোধী আন্দোলন বন্ধ হ’ব সিদিনাই ভগৱানে ক’ৰোনাকো ভাৰতৰ পৰা আঁতৰাই নিব৷

হাগ্রামাৰ জিকাৰ অংক

বিপিএফৰ মুৰব্বী বিটিচিপ্রধান হাগ্রামা মহিলাৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে এইবাৰৰ বিটিচি নির্বাচনতো তেওঁলোকে পৰিষদখন গঠন কৰিব৷ এইবাৰৰ নির্বাচনত হাগ্রামাৰ বিৰুদ্ধে ইউপিপিএল, বিজেপি, গণ সুৰক্ষা পার্টীয়ে অতি বলিষ্ঠভাৱে যুঁজ দিছে৷ তাৰ মাজতো হাগ্রামাই পুনৰ বিটিচি তেওঁলোকৰ দখলত আহিব বুলি কৈছে৷ সিদিনা গুৱাহাটীত এক আড্ডাত সাংবাদিকে হাগ্রামাৰ পৰা তেওঁলোক জিকাৰ অংকটোনো কি জানিব বিচাৰিলে৷ লগে লগে হাগ্রামাৰ উত্তৰ– তেওঁলোক যেতিয়া প্রথম পলিটিক্সলৈ আহে একদম জুনিয়ৰ আছিল৷ ২০০৫ চনৰ বিটিচি নির্বাচনৰ সময়ত তেওঁলোক এবছুৰ সৈতে একেলগে আছিল যদিও নির্বাচনৰ টিকট দিয়াৰ ক্ষেত্রত বিএলটিক লেং মাৰি এবছুৱে অধিক আসনত জিকাৰ পৰিকল্পনা কৰিছিল৷ পিছে বিএলটিয়ে তেতিয়াই এবছুৰ সেই পৰিকল্পনা ব্যর্থ কৰে৷ এতিয়াতো এবছুৰ দৰে বিপিএফৰ সবল সংগঠন আছে৷ হাথিয়াৰ পার্টী এনডিএফবিৰ বেছিভাগেই বিপিএফত যোগ দিছে৷ যোৱা ১৫ বছৰৰ ভিতৰত পলিটিক্সত বিপিএফ যথেষ্ট অভিজ্ঞ হৈ গ’ল৷ বিপিএফ এতিয়া পলিটিক্সত ভাল খিলাৰী৷ এইটোৱেই বিপিএফৰ জিকাৰ অংক৷

You might also like