নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰোগীৰ শৰীৰত ৫ সপ্তাহলৈকে থাকে ক’ৰোনা ভাইৰাছ

চীনৰ গৱেষকৰ অধ্যয়ন

চীনৰ য়ুহান চহৰত আৱিষ্কাৰ হোৱা ন’ভেল ক’ৰোনা ভাইৰাছক কেন্দ্র কৰি বিশ্বৰ চিকিৎসক–বিজ্ঞানী–গ্ এতিয়া ব্যস্ত হৈ পৰিছে৷ সমগ্র পৃথিৱীতে বর্তমান ক’ৰোনা ভাইৰাছ বিয়পি পৰাৰ লগতে প্রাণ হেৰুৱাইছে প্রায় ৬,০০০ লোকে৷ কিন্তু এতিয়ালৈকে এই ক’ভিড–১৯ ভাইৰাছৰ কোনো প্রতিষেধক বা চিকিৎসা আৱিষ্কাৰ হোৱা নাই৷ অৱশ্যে বিজ্ঞানীসকলে এই ভাইৰাছ সন্দর্ভত বহু তথ্য উদ্ঘাটন কৰিছে৷ চীনৰ গৱেষকসকলে চলোৱা এক অধ্যয়নৰ জৰিয়তে জানিব পৰা মতে ক’ৰোনা ভাইৰাছ ৰোগীৰ শৰীৰত প্রায় ৩০ দিনলৈকে থাকিব পাৰে৷ লানচেণ্ট মেডিকেল জার্নেলত প্রকাশ পোৱা প্রতিবেদন মতে, চীনত ১৯১গৰাকী ক’ভিড–১৯ত আক্রান্ত ৰোগীৰ তথ্য সংগ্রহ কৰা হৈছিল৷ য়ুহানৰ দুখনকৈ চিকিৎসালয়ত চিকিৎসাধীন এইসকল ব্যক্তিৰ ৫৪জনৰেই মৃত্যু হৈছিল৷ অধ্যয়ন মতে ৰোগীৰ শৰীৰত ভাইৰাছৰ আৰ এন এ গড়ে ২০ দিনলৈ থাকে আৰু সর্বাধিক ৩৭ দিন৷ চিকিৎসকসকলে এতিয়া উপদেশ দি কৈছে যে যাৰ শৰীৰত ক’ভিড–১৯ ভাইৰাছ দেখা দিছে, তেওঁ কমেও ১৪ দিন নিজকে পৃথক কৰি ৰাখিব লাগে, তেতিয়াহে ই আনৰ শৰীৰলৈ বিয়পি যোৱাৰ সম্ভাৱনা কমকৈ থাকে৷

You might also like