নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড–১৯ আৰু অপ–তথ্যৰ সমান্তৰাল মহামাৰী

  • ড০ জয়ন্ত বিশ্ব শর্মা

চীনৰ য়ুহান প্রভিঞ্চত ২০১৯ৰ ডিচেম্বৰত আৰম্ভ হোৱা নৱ–উদ্ভূত এবিধ বিশেষ ক’ৰোনা ভাইৰাছে কৰা মূলতঃ কাহ–পানীলগা বা চর্দি–জ্বৰৰ ক’ভিড–১৯ নামকৰণ কৰা বেমাৰটো বর্তমান বিশ্বৰ এশখনৰো অধিক দেশলৈ সংক্রমিত হৈছে আৰু এক লাখৰো অধিক লোক আক্রান্ত হৈছে৷ এইবিধ বেমাৰ কিমান মাৰাত্মক, তাকে লৈ মানুহৰ মাজত সন্ত্রাস হৈছে৷ সময়ৰ লগে লগে প্রথমে আশংকা কৰাৰ দৰে বেমাৰটো যে মাৰাত্মক নহয়, সেয়া পোহৰলৈ আহিছে৷ গোলকীকৰণ আৰু সঘন আন্তর্জাতিক পৰিভ্রমণৰ এই যুগত সহজে এজনৰ পৰা আন এজনলৈ সংক্রমণ হ’ব পৰা এবিধ বীজাণু কম সময়তে বিশ্বব্যাপী বিয়পি পৰাটো স্বাভাৱিক৷ ইয়াৰ লগে লগে একধৰণৰ তথ্য–মহামাৰীৰো পয়োভৰ হৈছে৷ বেমাৰবিধক লৈ নানান ধৰণৰ  উপদেশ–নির্দেশ, জল্পনা–কল্পনা, চৰকাৰী জৰুৰীকালীন ঘোষণাত মানুহৰ স্বাভাৱিক জনজীৱনত বিৰাট ব্যাঘাত ঘটিছে– অর্থনৈতিক বিপর্যয় আহি পৰিছে৷ ইয়াৰ সুদূৰপ্রসাৰী প্রভাৱ কি হ’ব, সময়তহে জনা যাব৷ চীনৰ য়ুহান প্রভিঞ্চৰ পাছত ‘ক’ভিড–১৯’ দক্ষিণ কোৰিয়া, জাপান, ইৰান, উত্তৰ ইটালীকে ধৰি কেইবাখনো দেশক বহুলভাৱে আক্রান্ত কৰিছে৷ ব্রিটেইন আৰু শেহতীয়াকৈ আমেৰিকা আৰু কানাডাত ‘ক’ভিড–১৯’ বৃহৎসংখ্যক ধৰা পৰিবলৈ ধৰিছে ৷

ব্রিটেইনৰ উদাহৰণেৰে বেমাৰবিধৰ প্রসাৰ আৰু ইয়াৰ মাৰাত্মকতা কিমান এটা আভাস দিব বিচাৰিছোঁ৷ জানুৱাৰী মাহৰ শেষৰ পিনে ব্রিটেইনত প্রথমজন আক্রান্ত ধৰা পৰিছিল৷ ১৩ মার্চলৈ ৩২,৭৭১জনক পৰীক্ষা কৰা হৈছে আৰু ইয়াৰে ৭৯৮জনৰ গাত বেমাৰ ধৰা পৰিছে৷ কিন্তু চৰকাৰী বিজ্ঞান উপদেষ্টাজনৰ মতে সংক্রমিত হোৱা লোকৰ প্রকৃত সংখ্যা ৫,০০০–১০,০০০ৰ ভিতৰত হ’ব৷ ধৰা পৰা সংখ্যাটো তুষাৰস্তূপৰ অগ্রভাগৰ দৰে– অর্থাৎ তুষাৰস্তূপৰ পানীৰ তলত নেদেখাকৈ থকা বৃহৎ অংশৰ দৰে সৰহসংখ্যক ধৰা নপৰাকৈ আছে৷ আশী হাজাৰৰো অধিক চীনত আক্রান্ত হোৱা লোককে ধৰি সমগ্র বিশ্বত মুঠ ১,৩২,৫০০ আক্রান্ত হৈছে আৰু ইয়াৰে ৫,০০০জন মৃত্যুমুখত পৰিছে৷ কিন্তু আমি যদি ব্রিটেইনৰ উদাহৰণটো চাওঁ, তেন্তে নিঃসন্দেহে ধৰা নপৰাকৈ থকা সংক্রমিত লোকৰ সংখ্যা অতি কমেও দহগুণৰো অধিক হ’ব৷ ইয়াৰ বিপৰীতে মৃত্যুমুখত পৰা লোকৰ সংখ্যাতো তাৰতম্য হোৱাৰ সম্ভাৱনা কম, কাৰণ গুৰুতৰভাৱে আক্রান্ত হোৱাসকল চিকিৎসালয়ত ভর্তি হয় আৰু চিকিৎসালয়ত মৃত্যুমুখত পৰা লোকৰ সংখ্যা সঠিকভাৱে নিৰূপণ হয়৷ এইখিনি তথ্যৰ পৰা ইমানখিনি প্রতিপন্ন হয় যে যিমানসংখ্যাক লোক মৃত্যুমুখত পৰিছে, তাতোকৈ কেইবাগুণো লোক আক্রান্ত হৈছে৷ সৰহসংখ্যকৰ ক্ষেত্রত বেমাৰবিধ কাহ–পানীলগা, চর্দি–জ্বৰৰ দৰে সাধাৰণভাৱে হৈছে অথবা লক্ষণ স্পষ্টকৈ ফুটিয়েই উঠা নাই৷ বেমাৰ–আজাৰ নথকা কম বয়সীয়া লোকৰ ক্ষেত্রত বেমাৰবিধৰ লক্ষণ ইমান সাধাৰণ যে আক্রান্তজনে মনেই নকৰে৷ তেওঁলোক সকলো আৰোগ্য হৈছে৷ দুর্ভাগ্যক্রমে যিসকল লোক মৃত্যুমুখত পৰিছে, দেখা গৈছে যে সেইসকলৰ অধিকাংশই বয়স্ক আৰু পূর্বৰে পৰা আন ক্রনিক ৰোগত ভুগি থকা লোক৷ ভুল অথবা শুদ্ধ সমান্তৰাল এক তথ্য–মহামাৰীও চলিছে৷ মানুহ তথা সমাজৰ মনস্তত্ত্ব এনেধৰণে প্রভাৱিত কৰিছে যে যাৰ পূর্ব অভিজ্ঞতা নাই৷ তথ্য–মহামাৰীৰ পাকচক্রত আতংকৰ এই পৰিৱেশত ৰাজনীতিবিদ আৰু নীতি নির্ধাৰণকাৰী বিশেষজ্ঞ, পৰামর্শদাতা, বিজ্ঞানীসকলে যে উচিত প্রতিক্রিয়া প্রকাশ কৰিছে আৰু কার্যপন্থা লৈছে, সেয়া সময়তহে পৰিষ্কাৰ হ’ব৷ বিশ্বত এইটোৱেই প্রথম মহামাৰী নহয়, কিন্তু তথ্য–মহামাৰীৰ যুগৰ এইটোৱেই প্রথম বিশ্ব–মহামাৰী৷ এতিয়ালৈ হোৱা আটাইতকৈ সংহাৰী বিশ্ব–মহামাৰী হৈছে ১৩৪৭ চনৰ পৰা ১৩৫১ চনলৈ হোৱা ‘ব্লেক ডেথ’ আখ্যা পোৱা ‘বুৱনিক’ প্লেগ মহামাৰী, যিটোত ৭৫ৰ পৰা ২০০ নিযুত মানুহৰ মৃত্যু হৈছিল৷ সম্প্রতি আফ্রিকা মহাদেশৰ কেইখনমান দেশত স্থানীয়ভাৱে মাৰাত্মক ইবোলা ভাইৰাছৰ সংক্রমণ চলি আছে৷ ইবোলা আৰু ‘ক’ভিড–১৯’ৰ ভাইৰাছ প্রায় সমানে সংক্রমণকাৰী৷ এটাৰো ঔষধ নাই৷ কিন্তু ইবোলা বিশ্বব্যাপী নোহোৱাৰ কাৰণ এইটো যে ই গুৰুতৰ লক্ষণযুক্ত প্রায় ৫০ শতাংশ মাৰাত্মক বেমাৰ৷ প্রতিজন আক্রান্ত লোকে গুৰুতৰ লক্ষণ প্রকাশ কৰে আৰু ধৰা নপৰাকৈ থকাৰ অকণো অৱকাশ নাথাকে৷ তদুপৰি ইবোলাত আক্রান্ত দেশকেইখনৰ পৰা উৰাজাহাজেৰে আন্তর্জাতিক পৰিভ্রমণকাৰীৰ সংখ্যা সীমিত৷ বিশ্ব জনসাধাৰণৰ মাজত ইবোলা সম্পর্কে সচেতনতা বা আতংক নাই৷ অথচ সাধাৰণ কাহ–পানীলগা বেমাৰ এটাই আজি বিশ্বব্যাপী আতংক সৃষ্টি কৰিছে৷ সর্বব্যাপী হৈ পৰিলেও ‘ক’ভিড–১৯’তকৈ প্রকৃত ক্ষতি অসমানুপাতিক প্রতিক্রিয়াইহে কৰিব, এইটো নজৰ–আন্দাজ কৰিব পৰা নাযায় ৷

ক’ভিড–১৯ৰ সৈতে প্রায় একে, কিন্তু আমাৰ পৰিচিত ইনফ্লুয়েঞ্জাৰ বিষয়ে কিছু জুকিয়াই চাওঁ৷ নিয়মীয়া ঋতুগত ইনফ্লুয়েঞ্জাৰ উপৰি যোৱা তিনিশটা বছৰত নটা ইনফ্লুয়েঞ্জাৰ বিশ্ব–মহামাৰী হৈছিল– প্রতি এশ বছৰত তিনিটাকৈ৷ ইয়াৰে ১৯১৮ চনৰ ‘স্পেনিছ ফ্লু’ বিশ্ব–মহামাৰীটো আছিল আটাইতকৈ ভয়াৱহ, ৫০–১০০ নিযুত মানুহ মৰিছিল৷ এই শতিকাৰ প্রথমটো ইনফ্লুয়েঞ্জাৰ বিশ্ব–মহামাৰী ২০০৯ চনৰ ‘ছোৱাইন ফ্লু’ত বিশ্বজুৰি ৭০০ নিযুতৰ পৰা ১.৪ অর্বুদ মানুহ আক্রান্ত হৈছিল আৰু ১.৫ লাখৰ পৰা ৫.৭৫ লাখজন মৃত্যুমুখত পৰিছিল৷ ঋতুগত ইনফ্লুয়েঞ্জাই কৰা ধৰণে ‘ছোৱাইন ফ্লু’ৱে বয়সীয়াসকলক বিশেষ ধৰণে আক্রান্ত কৰা নাছিল৷ বিজ্ঞানীসকলে হিচাপ কৰি উলিওৱা এই ধৰণৰ সংখ্যা লেবৰেটৰীত পৰীক্ষা কৰি নির্ধাৰিত কৰা সংখ্যাতকৈ ১৫ গুণ অধিক হয়, কাৰণ লেবৰেটৰীত পৰীক্ষা কৰা বেমাৰীৰ সংখ্যা সদায় কম হয়৷ যিটো আমি ‘ক’ভিড–১৯’ৰ ক্ষেত্রত ব্রিটেইনৰ উদাহৰণটোৰ পৰা স্পষ্টকৈ দেখিবলৈ পাইছোঁ ৷

প্রতিবছৰে উত্তৰ আৰু দক্ষিণ গোলার্ধৰ দেশবোৰত ঋতুগত ইনফ্লুয়েঞ্জা হয়৷ আমেৰিকা যুক্তৰাষ্ট্রৰ দৰে উত্তৰ গোলার্ধৰ দেশবিশেষত অক্টোবৰৰ পৰা মে’ (ফেব্রুৱাৰীত তুংগত উঠে) আৰু দক্ষিণ গোলার্ধৰ অষ্ট্রেলিয়াৰ দৰে দেশত মে’ৰ পৰা অক্টোবৰলৈ (আগষ্টত তুংগত উঠে) এইছোৱা সময় হৈছে ঋতুগত ইনফ্লুয়েঞ্জাৰ সময়৷ গ্রীষ্মমণ্ডলীয় আৰু উপ–গ্রীষ্মমণ্ডলীয় দেশসমূহতো শীত আৰু বসন্ত কালত ইনফ্লুয়েঞ্জা হয়, কিন্তু সময়সীমা কিছু অস্পষ্ট৷ এই বছৰৰ ঋতুগত ইনফ্লুয়েঞ্জাত কেৱল আমেৰিকা যুক্তৰাষ্ট্রত ৩৬ৰ পৰা ৫১ নিযুত আক্রান্ত হৈছে, ইয়াৰে ৩৭–৬৭ লাখ লোক চিকিৎসালয়ত ভর্তি হ’ব লগাকৈ গুৰুতৰভাৱে ৰুগীয়া হৈছে আৰু ২২ৰ পৰা ৫৫ হাজাৰ মৃত্যুমুখত পৰিছে৷ বিশ্বব্যাপী এই সংখ্যা কেইবাগুণে অধিক হ’ব ৷

‘ক’ভিড–১৯’ আৰু ইনফ্লুয়েঞ্জা ভাইৰাছ দুয়োবিধ হৈছে কাহ–পানীলগা, চর্দি–জ্বৰৰ কাৰক৷ বয়সীয়া আৰু পূর্বৰে পৰা আন ৰোগত আক্রান্তসকলক দুয়োবিধে নিউমনিয়াৰ দৰে অধিক গুৰুতৰ ৰোগ কৰিব পাৰে আৰু মাৰাত্মক হৈ পৰিব পাৰে৷ দুয়োবিধ বতাহ কিন্তু মূলতঃ কাহোঁতে ওলোৱা তৰলৰ ফোঁটাবোৰে দূষিত কৰা পৰিৱেশৰ পৰা মানুহৰ হাতৰ জৰিয়তে নিজলৈ বিয়পি পৰে৷ সেয়েহে হাত পৰিষ্কাৰ কৰি ৰখাৰ ওপৰত সর্বাধিক গুৰুত্ব দিয়া হৈছে ৷

১৯৭৬ চনত প্রথমজন ইবোলা ভাইৰাছে কৰা ৰোগী কংগোত চিনাক্ত হৈছিল৷ ইয়াৰ পাছত ১৯৯৫, ২০০০, ২০০২, ২০০৭, ২০০১৪–১৬ আৰু ২০১৮–১৯ চনত স্থানীয় পর্যায়ত ইবোলা মহামাৰী হৈছে৷ ইয়াৰে ২০১৪–১৬ৰ মহামাৰীটো আছিল আটাইতকৈ গুৰুতৰ৷ গিনি, লাইবেৰিয়া আৰু ছিয়াৰা লিয়নত ২৮ হাজাৰৰো অধিক আক্রান্ত হৈছিল আৰু ১১ হাজাৰৰো অধিক মৃত্যুমুখত পৰিছিল৷ ইবোলা ‘ক’ভিড–১৯’ আৰু ইনফ্লুয়েঞ্জাৰ তুলনাত কেইবাগুণে মাৰাত্মক আৰু অধিকভাৱে সংক্রমিত হ’ব পৰা ৰোগ৷ ৰোগৰ লক্ষণ স্পষ্টভাৱে ফুটি উঠে বাবে সংক্রমণ ৰোধ কৰিবলৈ সাৱধানতা লোৱা, অৱকাশ বেছি লগতে আফ্রিকা মহাদেশৰ সৈতে আন্তর্জাতিক ভ্রমণ তুলনামূলকভাৱে কম বাবে এই ৰোগ ‘ক’ভিড–১৯’ৰ দৰে বিশ্ব–মহামাৰী হোৱা নাছিল৷ ইবোলা মূলতঃ তেজ বা শৰীৰৰ পৰা নির্গত আন তৰলৰ দ্বাৰা বিয়পে ৷

কাহ–পানীলগা, চর্দি, জ্বৰ, ‘ক’ভিড–১৯’ সম্পর্কত আমি আজি যি অদম্য প্রতিক্রিয়া দেখিবলৈ পাইছোঁ, সেয়া অপৰিচিতৰ প্রতি জীৱন সহজাত প্রতিক্রিয়াৰ নামান্তৰ৷ ইনফ্লুয়েঞ্জাও একে ৰোগ, কিন্তু আমাক অলপো সচকিত নকৰে৷ ইবোলাৰ ভয়াৱহতাই আমাক অলপো আমনি নকৰে৷ আমাৰ নিয়মীয়া জনজীৱন ব্যাহত নহয়৷ কাৰণ ইনফ্লুয়েঞ্জা পৰিচিত, ইবোলা বহু দূৰত৷ কিন্তু মানুহ জীৱশ্রেষ্ঠ৷ বাস্তৱ পৰিস্থিতিৰ সম্যক ধাৰণা, হিতাহিত জ্ঞানৰ আলমত সমানুপাতিক প্রতিক্রিয়া আৰু সাৱধানতা অৱলম্বন মানুহৰ বৈশিষ্ট্য৷ এইবাৰৰ এই সামূহিক ব্যতিক্রম ভাবিবলগীয়া৷ পূর্বৰ বিশ্ব–মহামাৰী আৰু ‘ক’ভিড–১৯’ প্রেক্ষাপট অৱশ্যে পৃথক৷ পূর্বে তথ্য–মহামাৰী নাছিল৷ আজি ছ’চিয়েল মিডিয়াই নহয়, মূলসুঁতিৰ মিডিয়া আৰু তথাকথিত বিশেষজ্ঞসকলৰ মাধ্যমেৰে সমান্তৰালভাৱে অপ–তথ্যৰ এই মহামাৰী চলিছে৷’We’re not just fighting an epidemic; we’re fighting an infodemic’, বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালকপ্রধানTedros Adhanom Ghebreyeusৰ ১৫ ফেব্রুৱাৰীত মিউনিকৰ নিৰাপত্তা সন্মিলনত কৰা এই মন্তব্যত প্রকাশ পোৱা একপ্রকাৰৰ অসহায়তা ভাবিবলগীয়া৷ বিশ্ব বজাৰত হুৱাদুৱা লাগিছে– ভ্রমণ আৰু এয়াৰলাইন্স ব্যৱসায়ত মন্দাৱস্থা আহিছে৷ আনকি খেল–ধেমালি আৰু মনোৰঞ্জনৰ আতিশয্য মানুহে স্বইচ্ছাই ত্যাগ কৰিছে৷ নিঃসন্দেহে ‘ক’ভিড–১৯’ অচিৰে শাম কাটিব৷ বা–মাৰলি যেনেকৈ শাম কাটে, মহামাৰীও শাম কাটে৷ যিসমূহ দেশে কটকটীয়া ব্যৱস্থা লৈছে বা ল’ব পৰা নাই, প্রতিটো মহামাৰী নিজস্ব নির্দিষ্ট পথৰেখা অনুসৰি সোনকালে বা কিছু পলমকৈ শাম কাটে৷ হয়তো ‘ক’ভিড–১৯’ এটা নিয়মীয়া কাহ–পানীলগাৰ বেমাৰ হৈ পৰিব৷ কিন্তু ইয়াৰ শিকনি কি বহু দিনলৈ এই বিষয়ে গৱেষণা–চর্চা চলিব৷ তথ্য আৰু অপ–তথ্যই মানুহ তথা সমাজৰ সামগ্রিক মনস্তত্ত্ব কেনেকৈ সলনি কৰে, আৰু পৰিস্থিতি মোকাবিলা কৰিবলৈ শাসক আৰু নীতি নির্ধাৰণকাৰীসকলে কেনে ভূমিকা পালন কৰা উচিত, সেয়া গভীৰ গৱেষণাৰ বিষয় হোৱা উচিত৷ অন্যথা অপ–তথ্যৰ ছুনামিয়ে সমাজক পংগু কৰি পেলাব৷ ‘ক’ভিড–১৯’এ যদি মানুহক ভোগ আৰু মনোৰঞ্জনৰ আতিশয্যৰ পৰা আঁতৰাই পৰিমিত জীৱন ধাৰণত অভ্যস্ত কৰাব পাৰে, সেয়া অৱশ্যেই এক সুফল পৰিগণিত হ’ব৷ বর্তমানৰ অর্থনীতি যদি মানুহৰ অধিকৰ পৰা অধিকতৰ ভোগৰ ওপৰত থকা নির্ভৰশীলতা ত্যাগ কৰি অন্য এক ব্যতিক্রমী গতি লয়, তেতিয়াও গ্রহটোৰ ভৱিষ্যৎ উজ্জ্বল হ’ব ৷

বিশিষ্ট লেখক ড০ শর্মা ইংলেণ্ডৰ জাতীয় স্বাস্থ্য সেৱাত কর্মৰত এগৰাকী মাইক্রবায়’লজিষ্ট আৰু সংক্রমণ নিয়ন্ত্রণ বিশেষজ্ঞ

You might also like