গু ৰু দ ক্ষি ণা
‘শিক্ষক দিৱস’৷ সেইসকলৰ সোঁৱৰণত উৎসর্গিত এক শুভ দিন, যিসকল শিক্ষাগুৰুৱে স্বদেশ আৰু স্বজাতিৰ হকে অহোপুৰুষার্থ কৰি মানৱ সম্পদ গঢাত নিজৰ জীৱন উছর্গা কৰিছে৷ জ্ঞানৰ আলোকেৰে সমাজ তথা দেশৰ ভৱিষ্যৎ প্রজন্মক উজলাই তোলাৰ গুৰুদায়িত্ব নিবিডভাৱে পালন কৰি আহিছে৷ এই গুৰু এলাপেচা গুৰু নহয়, শত–সহস্র সাধনা আৰু ত্যাগৰ বলতহে তেখেতসকলে এনে মহানতাৰ শাৰীত থিয় হোৱাৰ যোগ্যতা অর্জন কৰে৷ সেয়ে এই অলংকাৰ, অতি উচ্চ সন্মানীয় আৰু অতুলনীয়, যাৰ বােবই ইয়াক বিভূষিত কৰা হৈছে শিক্ষাগুৰু৷ শিক্ষা অর্থাৎ বিদ্যাভ্যাস আৰু গুৰু অর্থাৎ বিদ্যাভ্যাসত পার্গত অর্থাৎ যি জ্ঞান বিদ্যাৰ পার্গতালিৰে সমাজত পোহৰ বিলাব পাৰিছে৷ ই অতিকেআদৰণীয় আৰু সন্মানীয়৷ কিয়নো, এজন মহান শিক্ষাগুৰুৱে এই দিনটোৰে নিজৰ ত্যাগ, কর্মস্পৃহা আৰু আত্মসন্তুষ্টিৰে ভৱিষ্যৎ কর্মৰ প্রেৰণা লাভ কৰিব পাৰে৷ মহান গুৰুসকললৈ আগবঢোৱা এই দিনটোৰ সমান স্মৰণীয় দিন জানো শিক্ষক সমাজৰ বােব আন কিবা হ’ব পাৰে? আজিৰ এই ৫ ছেপ্ঢেম্বৰৰ দিনটোৰ মাহাত্ম্য এয়ে যে এই দিনটোতে মহান শিক্ষাগুৰু ড০ সর্বপল্লী ৰাধাকৃষ্ণনে জন্ম গ্রহণ কৰিছিল তামিলনাডুৰ থিৰুথানাই নামৰ ঠাইখনত১৮৮৮ চনত৷ যিজনে দেশপ্রাণৰ মহান আদর্শেৰে উদ্ভাসিত হৈও শিক্ষাগুৰুৰ মহান গুণ–গৰিমাযুগে যুগে অটুট ৰখাৰ প্রেৰণা আৰু আর্হি দেখুৱাই গৈছে৷ এইগৰাকী মহানশিক্ষাবিদে শিক্ষক বৃত্তিৰে সামাজিক আৰু শৈক্ষিক ক্ষেত্রলৈ যি বিৰল অৱদান আগবঢাই গৈছিল সেয়া অবিস্মৰণীয়৷ সেয়েহে তেখেতৰ সন্মানার্থে তেখেতৰ জন্মদিনটো আমাৰ দেশৰ শ্রদ্ধাৰ শিক্ষাগুৰুসকলৰ বােব উৎসর্গিত কৰি শিক্ষাগুৰুৰ বিশেষ দিন তথা শিক্ষক দিৱস হিচাপে প্রতিবছৰে পালন কৰি আহিছে৷ ড০ সর্বপল্লী ৰাধাকৃষ্ণনদেৱ আছিল এগৰাকী মহান শিক্ষক, দার্শনিকপণ্ডিত আৰু ৰাজনীতিবিদ৷ তেখেতে প্রবাসৰ মানচেষ্টাৰ বিশ্ববিদ্যালয়তো অধ্যাপনা কৰিছিল৷ ভাৰতৰ ৰাষ্ট্রপতিৰ পদ অলংকৃত কৰা তেখেত আছিল দ্বিতীয়জন ৰাষ্ট্রপ্রধান৷ স্বাধীন ভাৰতৰ ছোভিয়েট ৰাছিয়াৰ তেখেত ৰাষ্ট্রদূতো আছিল৷ দেশৰ সর্বোচ্চ পদবী অলংকৃত কৰিও তেখেতে কিন্তু শিক্ষক হিচাপে নিজক চিনাকি দিহে বেছি ভাল পাইছিল৷ তেখেতৰ সেই অসাধাৰণ ব্যক্তিত্বৰ বােব ভাৰত চৰকাৰে তেখেতক ভাৰত ৰত্ন উপাধিৰে বিভূষিত কৰিছিল৷
থুনুক–থানাক মাত মাতিব পৰা হোৱাৰে পৰা যি শিক্ষা লাভ কৰিলোঁ সেই দিনাৰে পৰাই চিন্তা অক্ষয়ে মগজুত খুন্দিয়াবলৈ আৰম্ভ কৰিলে৷ জীৱনৰ গতি এবাৰ যি আৰম্ভ হ’ল সি দুর্বাৰ গতিতপতিত হৈ পৰিল৷ এনে কঠিনৰ পৰা অতি কঠিন জখলাত বগুৱা বায়ো প্রগতিশীল হোৱাৰ হেঁপাহ জাগিল৷ সেই জখলা বগাওঁতে কিমান বাৰ যে খহি পৰিব লগা হৈছিল তাৰ কোনো লেখ–জোখ নাই৷ কঠিন মুহূর্তবোৰ পাৰ কৰি পৈণত হোৱাৰ দিশেৰে গতি কৰিবলৈ আৰম্ভ কৰিছিলোঁ, কিন্তু জীৱন যাত্রাৰ শেষ ক’ত৷ মহাকালৰ এই বিশাল পৰিক্রমাৰ স’তে বিচৰণ কৰি ফুৰোঁতে কিমানে যে কিমান ভিন্ন হূদয়ৰ ব্যক্তিৰ সান্নিধ্যলৈ আহিছোঁ৷ সান্নিধ্যলৈ অহা তেনে কিমানজনে যে শৈশৱ–কৈশোৰৰ কোমল হূদয়ত সাঁচ বহুৱাই শ্রদ্ধাশীল গুৰুৰ ৰূপৰেখা অংকনেৰে অন্তৰ জয় কৰিব পাৰিছে ছাত্রৰ মনোবলয়ত সাঁচ হুৱাই অন্তৰ জয় কৰিব পৰাজনেহে প্রকৃতার্থত এজন শিক্ষাগুৰু৷ তেনে গুৰু অতি নগণ্য৷ উভতি গৈছোঁ বহুবছৰ আগৰ ছাত্র অৱস্থাৰ এনে এটা দিনলৈ৷ তেতিয়া মই ‘ছিক বেডৰ’ বিছনাত৷ পৰীক্ষাক জয় কৰাৰ যুদ্ধ চলিছিল বিছনাৰ পৰাই৷ মনত এক বিৰাট অনিশ্চয়তা আৰু নিৰাশাৰে চিন্তাআৰু যন্ত্রণাত ছটফটাই ফুৰিছিলোঁ৷ জনা কথাবোৰো ভালদৰে লিখিব পৰা নাছিলোঁ, কিন্তু কিয়? কেৱল ৰোগটোৰ বাবেইতো নহয়? অজস্র চিন্তাই মনটোক খুলি খুলি খাইছিল৷ জীৱন–জীৱিকা আৰু ভৱিষ্যতৰ অনিশ্চয়তাই মনটোক ঘোটালি পেলাইছিল৷ দর্জাখনৰ কাষতে ৰৈ আছিল শিক্ষাগুৰুজন৷ মোৰ তদাৰক কৰিছিল৷ গ্লুকজৰ পানী খুৱাই খুৱাই সাত্ব্ন্না দিছিল৷ আদিৰ পৰা অন্তলৈকে পৰীক্ষাত মোৰ নিচেই কাষতে বহি খবৰ কৰি আছিল৷ আহ্ কি এক মহানুভৱতাৰ প্রতীক আছিল৷ কি আতুৰতা আছিল তেখেতৰ অভিভাৱকত্বত৷ ভক্তিত আজিও মূৰ দোঁ খাই যায়, শিক্ষাগুৰুৰ কি এক মহানতাৰ নিদর্শন, কি এক মৰম আৰু সুশাসনৰ প্রতিভূ৷ সেই কথােবাৰ মনত পৰিলে শ্রদ্ধাত গদ গদ হৈ পৰোঁ৷ স্পষ্টকৈ মনলৈ আহিছে মোৰ সেই সংকটাপূর্ণ মুহূর্তত প্রেৰণাৰ আলোকধাৰা হৈ ধৰা দিয়াছাৰৰ সেই মুখখন৷ সেই ‘ছিক বেডৰ’কথা মনত পৰিলে এতিয়াও বুকুখন কঁপি উঠে৷ যদি তেখেতে সেই গুৰুদায়িত্ব নল’লেহেঁতেন, হয়তে া মোৰ জীৱনৰ সপোনেবাৰ কলিতে মৰহি গ’লহেঁতেন৷নির্বাপিত হৈ গ’লহেঁতেন পিতৃ–মাতৃৰ সকলো আশা আৰু জীৱন জিনাৰ সমল৷ সেই মহান শিক্ষাগুৰুজনাৰ সেই কথাষাৰে আজিও ৰোমাঞ্চিত কৰি তোলে৷ তেখেতে কৈছিল, ‘তুমি দেখোন সকলো পাৰিছাই’ ভাল হ’ব তোমাৰ কোনো অপকাৰ নহ’বৰ বােব আমি কাজীৰ হতুৱাই গোটেই হোষ্টেলটো বন্ধোৱাই থৈছোঁ নহয়৷ হঠাতে মনত পৰি গ’ল সেই চিকচিকীয়া পৰিষ্কাৰ বগা লং–পেণ্ট আৰু ইষৎ সেউজীয়া ড্রেছত গগল্ছযোৰৰ সৈতে ছাৰৰ সেই সুদর্শন চেহেৰাটোলৈ৷ মই থাকি অহা সেই হোষ্টেলৰ পৰাই যে কতজনে ভৱিষ্যৎ জীৱনৰ পোহৰ দেখিছে৷ কিহে বাৰু এজন ছাত্রক শিক্ষকৰ একেবাৰে ওচৰলৈ টানি নিয়ে৷ আচলতে এজন ছাত্রই বা শিক্ষকে বিচাৰি ফুৰা অমৃত সেইখিনিয়েই৷ সেয়ে নিশ্চয় ইটো সিটোৰ পৰিপূৰক৷আপাত দৃষ্টিত এজন গুৰু বা শিক্ষক তেতিয়াই প্রেৰণা আৰু আদর্শ হৈ পৰিব পাৰে, যেতিয়া তেখেতৰ জ্ঞান–গৰিমাৰে ছাত্রৰ মনৰ আশংকা, কৌতূহল, আদি দূৰ কৰি স্নেহ–বন্ধনেৰে অন্তৰাত্মাত বিশ্বাস জগাই তুলিব পাৰে৷ শিক্ষা জীৱনত কিমান শিক্ষক–শিক্ষাগুৰুক লগ পোৱাযায়, পিছে সকলোৰে কথা জানো মনত থাকে বা হূদয়ত জানো ৰেখাপাত কৰে? কিন্তু তাৰ মাজৰে দুই এক মহান শিক্ষকৰ স্মৃতিক ওৰেটো জীৱন হূদয়ত স্থাপন কৰি লৈ ফুৰা যায়৷ মোৰ সেই শিক্ষাগুৰুজনো তেনে আদর্শৰে এজন৷ সেইবােবই আজিৰ সেই বিশেষ দিনটোত ছাৰলৈ সহস্র শ্রদ্ধা জনাই এনেদৰে শব্দ গাঁঠিবলৈ মন গৈছে–
যাৰ নাম উচ্চাৰণে/ শিহৰাইতোলে হূদয়ৰ অনন্য সৌৰভ/ অনুশাসনেৰে সুসজ্জিত হৈ থাকে আলোকৰ যাত্রা/ যাৰ হাঁহিত আহ্লাদিত হয় জ্ঞানৰ মিছিল/ পৰিচয়ে যাৰ আকুঞ্চিত অনুপ্রেৰণা/ যিয়ে আপ্যায়িতকৰে সপোনক৷
ছাত্র জীৱনক গঢি–পিটি মসৃণ কৰা কিমান যে কঠিন৷ শিক্ষক–ছাত্রৰ সেই যুগলবন্দী কিন্তু খুব সহজ কথা নহয়৷ এক অস্পষ্ট, অপৈণত সপোনেৰে বিদ্যাসাগৰত নাও মেলি দিয়ে৷ লক্ষ্য কি, কিমান দূৰ তাৰ কোনো ধাৰণাই নাথাকে৷ জীৱন যুদ্ধৰ বক্রৰেখাই জীৱনটোক যিদৰে যে টানি নিব খোজে– অস্পষ্ট হৈ ভাহি আহিছে স্মৃতিপটত দোঁ খাই থকা অতীতৰ সেই কথােবাৰ৷ নিস্তব্ধতা ভাঙি ভাহি অহা সন্ধিয়াৰ বিট্ল শ্বুৰ সেই কটক্ কটক্ শব্দ৷ গহীন চাৱনিত লুকাই থকা সেই অনুশাসনৰ বাঘজৰী৷ কৌশলী অথচ কোমল গুৰুগম্ভীৰ সাৱধান বাণী– ‘জীৱনত ভুল হয়েই, সেই ভুল–ত্রুটিেবাৰক শুধৰাই জীৱনটোক আগুৱাই লৈ যাব পৰাটোহে আচল সংগ্রাম৷ ছাৰে এদিন বুজাইছিল৷ আদৰসুলভ অনুশাসনৰ সেই নিদর্শনে মনত দকৈ সাঁচ বহুৱাই থৈ গৈছিল৷ সইত খাইছিলোঁ ছাৰসকলে হূদয়ত দুখ পোৱা কোনো কামেই নকৰোঁ৷ পিছৰ জীৱনত যিকোনো বিপদ বা সমস্যাত পৰিলেই ছাৰৰ সেই কথালৈ মনত পেলাই বিেবকক সকীয়াই দিছিলোঁ৷ এজন প্রকৃত শিক্ষাগুৰুৱে কিমান সহূদয়তাৰে, নিঃস্বার্থভাৱে তেওঁৰ শিষ্যক ভাল পাব পাৰে? বোধহয় একোজন অভিভাৱকতকৈও বেছি৷ এজন ছাত্রই উন্নতিৰ শিখৰত বগাব পাৰিলে বা নাম উজলাব পাৰিলে এজন গুৰুৱে মনত কিমান তৃপ্তি পায় সেই আনন্দ প্রত্যক্ষ কৰিছিলোঁ৷ আজিহে সেই কথা বাৰুকৈ উপলব্ধি কৰিছোঁ৷ সঁচাই বৃত্তি য’ত মন ত’ত৷ শিক্ষকৰ নজৰ কেৱল ছাত্র জীৱনৰ উৎকর্ষ সাধন, ছাত্রৰ সংস্কাৰতহে৷ ছাত্রৰ উন্নতিতহে শিক্ষকৰ আনন্দ৷ এনেয়ে কয়নে– এজন শিক্ষক এক জ্বলন্ত মমৰ দৰে৷ যি আনক পোহৰাই নিজক আত্মসন্তুষ্টিৰে সন্তোষিত কৰে৷যি গুৰুৱে নিজৰ সকলো গর্ব–হংকাৰ একাষৰীয়া কৰি নিঃস্বার্থভাৱে অজ্ঞক ধুৱাই–পখলাই জ্ঞানৰ মালিতাৰে বিজ্ঞৰ শাৰীলৈ তুলি অনাৰ মহানুভৱতা দেখুৱায়, সেই মহান গুৰুজনাৰ প্রতি গুৰুদক্ষিণা কি হ’ব পাৰে? চৰণ চুই সেৱা জনালেই হ’বনে? এই শুভ দিনটোতসেই কথাকে ভাবিছোঁ৷ ভাবি ভাল লাগিছে, দুখো লাগিছে৷ এনেহে লাগিছে যেন একে উশাহতে গৈ ছাৰক লগ কৰি আহিমগৈ আৰু মনৰ কথােবাৰ ক’ম৷দাপোণত এবাৰ নিজৰ চেহেৰাটোলৈ চালোঁ, ক’তা ঠিকেইতো আছোঁ৷ অৱশ্যে অলপ বয়সৰ আঁচোৰ পৰিছে৷ মনৰ দাপোণতোভাহি উঠিল ছাৰৰ সেই সুদর্শন চেহেৰাটো৷ বয়সৰ চাপে চেহেৰাৰ ৰূপ সলনি কৰি পেলাইছে৷ কিবা এক উদাস ভাবে চকু দুটা সেমেকাই তুলিলে৷ পাৱাৰ থকা ডাঠ ছচমাযোৰেৰে ছাৰে যেন মোৰ চকুলৈ চাই কিবা চিনাকি গোন্ধ বিচাৰি ফুৰিছে৷ মূৰৰ চুলি পিহি যেন আশীর্বাদ দিছে৷ তৃপ্তিৰ শেঁতা হাঁহি এটা ওঁঠত ওলমাই খবৰ জানিবলৈ যেন বাট চাই ৰৈছে৷ মাতত আগৰ দৰে জোৰ নাই, কিন্তু সেই মিঠা আমেজখিনি ওঁঠত এতিয়াও লাগি আছে৷সোঁশৰীৰে এবাৰ লগ পাবৰ বােব মনটোৱে কান্দিছিল৷ মনত কিমান যে আনন্দ পাইছিল উভতি গৈছিলোঁ তেত্রিশ বছৰ আগৰ হোষ্টেলৰ সেই ৰুগীয়া ছাত্রজীৱনলৈ৷
পাহৰিব নোৱৰা অতীতৰ সেই সোণসেৰীয়া সোঁৱৰণীেবাৰৰ স’তে যোৰ খাই পৰা সেই শিক্ষাগুৰুসকলৰ সকলোলৈকে আজি সহস্র প্রণিপাত জনাইছোঁ৷ অক্লান্ত পৰিশ্রমেৰে যিসকলে আমাক মানুহ গঢাত হিয়া উজাৰি জীৱনটোক অবিস্মৰণীয় কৰি তুলিলে, তেখেতসকলক প্রণিপাত জনোৱাৰ বাহিৰে দিবলৈ একো নাই৷ সেই স্বার্থহীন পৰিশ্রমৰ গুৰুদক্ষিণা আন একোৰে তুলনা নহয়৷ গুৰু–শিষ্যৰ এই পৱিত্র বন্ধন আৰু সম্বন্ধ স্বর্গীয়৷এই বান্ধোনতকোনোকালেই চেকা পৰিবলৈ দিব নালাগে৷ এই পৱিত্র মহান শিক্ষা বৃত্তিক কোনো স্বার্থাণ্বেষীৰ কবলত পৰি নিঠৰুৱা হ’বলৈ কেতিয়াও এৰি দিব নালাগে৷ সেয়ে এই লেখাৰে তেখেতসকললৈ আহ্বান জনাওঁ, এই বৃত্তিক কেৱল এক জীৱিকা হিচাপে নলৈ জ্ঞানদায়িনীৰ সেই মহান গুৰুৰ গুণেৰে উদ্ভাসিত হৈ নিজৰ লগতে দেশৰ গুণ গৰিমা বঢাই তোলক৷ সেইসকল শিক্ষাগুৰুৱেহে এই সন্মানৰ যোগ্য, যিসকলে শিক্ষকৰ গুণ–গৰিমা অটুট ৰাখি সেই মহান শিক্ষাবিদ ড০ সর্বপল্লী ৰাধাকৃষ্ণনৰ বাটেৰে বাটবুলি শৈক্ষিক ক্ষেত্রলৈ নিৰলসভাৱে অৱদান আগবঢাই গৈছে৷
-ডাঃ নৰোত্তম সোণোৱাল; লেখক যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ
মেডিচিন বিভাগৰ সহযোগী অধ্যাপক