নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চর্চাত চীনৰ মহিলা চিকিৎসা বিশেষজ্ঞ; ডাঃ ঝাং জিছিয়ান

-পূর্বজ্যোতি চুতীয়া

য়ুহানৰ হাস্পতালত প্রথমবাৰৰ বাবে ক’ৰোনা ভাইৰাছ ধৰা পেলোৱা চিকিৎসকগৰাকীৰ কৃতিত্ব দেশখনৰ চৰকাৰে পলমকৈ হ’লেও স্বীকাৰ কৰি পুৰস্কৃত কৰিলে৷ ডাঃ ঝাং জিছিয়ানক লৈ ইউৰোপৰ সংবাদ মাধ্যমত খুব বেছি চর্চা হোৱা নাই যদিও স্বদেশত এতিয়া তেওঁ একপ্রকাৰ নায়িকাত পৰিণত হৈছে৷ ইয়াৰ পূর্বে ক’ৰোনা ভাইৰাছত মৃত্যুক সাবটি লোৱা উদীয়মান চিকিৎসক ডাঃ লি ৱেনলিয়াং মৃত্যুমুখত পৰাৰ পিছত সমগ্র চীনতে ক্ষোভৰ উদগীৰণ ঘটিছিল৷ কিয়নো তেওঁ ডিচেম্বৰৰ প্রথম ভাগতে এক নতুন অতি সংক্রামক ভাইৰাছৰ আক্রমণৰ সম্ভেদ পাই ছ’চিয়েল মিডিয়াৰ এটা গ্রুপত দিয়া পোষ্টৰ জৰিয়তে বন্ধুসকলক সতর্ক কৰি দিছিল৷ ইয়াৰ বাবে তেওঁ প্রশাসন আৰু আৰক্ষীৰ ৰোষত পৰিবলগীয়া হৈছিল৷ চকু বিশেষজ্ঞজন ইয়াৰ পিছতে নিজে ক’ৰোনা ভাইৰাছত আক্রান্ত হৈছিল আৰু তিনি সপ্তাহৰ অধিক দিন মৃত্যুৰে যুঁজি অৱশেষত হাৰ মানিছিল৷ এই কথা অৱশ্যে মানি ল’বই লাগিব যে ক’ৰোনা ভাইৰাছ চিনাক্ত কৰি লিয়ে আনুষ্ঠানিক সতর্কবাণী প্রেৰণ কৰা নাছিল৷ এই কাম কৰিছিল ৫৪ বছৰীয়া মহিলা চিকিৎসক ডাঃ ঝাঙে৷
২০০৩ চনত ছার্ছৰ প্রাদুর্ভাৱৰ সময়ত ডাঃ ঝাঙে য়ুহানৰ হাস্পতালত ৰোগীৰ চিকিৎসা কৰাৰ লগতে গৱেষণামূলক কামৰ পৰা শ্বাস–প্রশ্বাসৰ জৰিয়তে অতি সংক্রামক ভাইৰাছ সন্দর্ভত গুৰুত্বপূর্ণ অভিজ্ঞতা অর্জন কৰিছিল৷ হাঁওফাঁওৰ বিশেষজ্ঞ হিচাপে এই বিষয়টোক লৈ তেওঁ আছিল অত্যন্ত সংবেদনশীল৷ তেতিয়া তেওঁৰ বয়স আছিল ৩৪ বছৰ, অর্থাৎ তুলনামূলকভাৱে অনভিজ্ঞ৷ কিন্তু মহামাৰীৰ সময়ত এজন চিকিৎসকে কেনেধৰণৰ সাৱধানতা আৰু কম সময়ত কঠিন সিদ্ধান্ত ল’ব লাগে সেই বিষয়ে প্রচুৰ অভিজ্ঞতা অর্জন কৰিছিল৷ যোৱা সপ্তাহত ডাঃ ঝাঙে নিজেই সংবাদ মাধ্যমৰ আগত প্রকাশ কৰিলে কিদৰে তেওঁ প্রথম তিনিজন ক’ৰোনা ভাইৰাছ আক্রান্ত লোকক চিনাক্ত কৰিছিল আৰু তেওঁৰ বাবে ভাইৰাছৰ এই নতুন সংক্রমণ কিমান আশ্চর্যজনক আছিল৷ য়ুহানৰ হুবেই প্রভিঞ্চিয়েল অৱ ইণ্টিগ্রেটেড চাইনিজ এণ্ড ৱেষ্টার্ন মেডিচিনৰ বিশেষজ্ঞ চিকিৎসকগৰাকীয়ে জনোৱা মতে ২৬ ডিচেম্বৰৰ দিনা তেওঁলোকৰ চিকিৎসালয়লৈ আহিছিল দুগৰাকী বয়সস্থ লোক৷ দুয়োজনেই জ্বৰ, কাহত ভুগি থকাৰ লগতে শ্বাস–প্রশ্বাসত অসুবিধা পাইছিল৷ তেওঁলোকক হাস্পতাললৈ লৈ আনিছিল ৩০ বছৰীয়া পুত্রই৷ হাস্পতালখনৰ শ্বাস–প্রশ্বাসজনিত ৰোগ আৰু ক্রিটিকেল কেয়াৰ মেডিচিন বিভাগৰ সঞ্চালক ডাঃ ঝাঙে দুয়োকে বুকুৰ চিটিস্কেন কৰোৱাৰ পৰামর্শ দিয়ে৷ পিছদিনা দুই বর্ষীয়ান ব্যক্তিৰ চিটিস্কেন চাই চিন্তিত হৈ পৰে ডাঃ ঝা৷ দুয়োৰে হাঁওফাঁওত সংক্রমণ এনেধৰণৰ আছিল যিটো সাধাৰণ ইনফ্লুৱেঞ্জা বা নিউম’নিয়াৰ ক্ষেত্রত দেখিবলৈ পোৱা নাযায়৷ ডাঃ ঝাঙে এইবাৰ বৃদ্ধ দম্পতীৰ পুত্রক চিটিস্কেন কৰোৱাৰ পৰামর্শ দিলে৷ কিন্তু যুৱকজনে চিটিস্কেন কৰিবলৈ অস্বীকাৰ কৰি ওলোটাই চিকিৎসকক দোষাৰোপ কৰিলে যে টকাৰ বাবেই তেওঁক প্রয়োজন নথকা সত্ত্বেও চিটিস্কেন কৰিবলৈ দিয়া হৈছে৷ কিয়নো তেওঁৰ শৰীৰত ভাইৰাছৰ সংক্রমণৰ সামান্যতম উপসর্গও পৰিলক্ষিত হোৱা নাছিল৷ ডাঃ ঝাঙে তেওঁক আছুতীয়াকৈ মাতি আনি বুজাই দিলে যে তেওঁৰ পিতৃ–মাতৃৰ ৰোগ ধৰা পেলাবলৈ তৃতীয়খন চিটিস্কেন খুবেই জৰুৰী৷ যেতিয়া যুৱকজনৰ চিটিস্কেনৰ প্রতিবেদন আহিল আৰু একেধৰণৰ ফলাফল ওলাল, ডাঃ ঝাং নিশ্চিত হ’ল যে এয়া কোনো নতুন অতি সংক্রামক ভাইৰাছৰ আক্রমণ হ’বই লাগিব৷ অন্যথা ইমান কম সময়তে তিনিজন ব্যক্তিৰ শৰীৰত একেই লক্ষণ দেখিবলৈ পোৱা নগ’লহেঁতেন৷ ডাঃ ঝাঙে সময়ৰ অপচয় নকৰি চিকিৎসালয়ৰ মুৰব্বীক এই বিষয়ে অৱগত কৰে৷ পৰৱর্তী সময়ত স্বাস্থ্য বিভাগক চিকিৎসালয়খনে সতর্ক কৰি দিয়ে৷ ডাঃ ঝাঙে লগে লগে তেওঁৰ ৱার্ডত তীব্র সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰে৷ উক্ত তিনিজন ৰোগীক পৰিচর্যা কৰা চিকিৎসক–নার্ছ–স্বা প্রয়োজনীয় ব্যক্তিগত সতর্কতা অৱলম্বনৰ নির্দেশ দিয়ে৷ লগতে তেওঁলোক চিকিৎসাধীন হৈ থকা কোঠাকেইটা আছুতীয়া কক্ষলৈ ৰূপান্তৰ কৰে৷ ২৮ ডিচেম্বৰত আন দুজন একে লক্ষণৰ ৰোগী হাস্পতালখনলৈ আহে৷ তেওঁলোকৰ চিটিস্কেনতো একেই ফলাফল বাহিৰ হয়৷ অৱশেষত ৩১ ডিচেম্বৰত চীনে আনুষ্ঠানিকভাৱে ঘোষণা কৰে ক’ভিড–১৯ৰ ভয়ংকৰ সংক্রমণৰ তথ্য৷
২০০৩ চনৰ অভিজ্ঞতাই এইবাৰ ডাঃ ঝাঙক তাৎক্ষণিক সিদ্ধান্ত লোৱাত যথেষ্ট সহায় কৰে৷ তেওঁ কয় যে– তিনিওজন ব্যক্তি যিহেতু ছাউথ চাইনা ছী ফুড মার্কেটৰ সৈতে সম্পর্কিত আছিল, সেয়ে আমি তৎমুহূর্ততে ধৰি লৈছিলোঁ যে উক্ত বজাৰৰ পৰাই নতুন ভাইৰাছৰ সংক্রমণ হৈছিল৷ ছার্ছৰ সময়ত লাভ কৰা অভিজ্ঞতাই মোক সঠিক অনুমান কৰাত সহায় কৰিলে৷ চৰকাৰীভাৱে তেওঁলৈ আগবঢ়োৱা বিৰল সন্মান আৰু পুৰস্কাৰক লৈ কোনো উৎসাহ ডাঃ ঝাঙে প্রকাশ কৰা নাই৷ ‘মই মাথোঁ চিকিৎসক হিচাপে যিখিনি কৰিব লাগে তাকেই কৰিলোঁ৷ পেছাদাৰিত্বই মোক এই কাম কৰিবলৈ অনুপ্রাণিত কৰিলে৷’ –ডাঃ ঝাঙে কয়৷

You might also like