জীৱনে মৰণে যিজন চিৰদিন অসমীয়াঃ চৈয়দ আব্দুল মালিক
- প্রফুল্ল কলিতা
হোমেন বৰগোহাঞিয়ে এই কথা স্পষ্টভাৱে উল্লেখ কৰিছে যে ‘এই কথা ক’লে বোধহয় অত্যুক্তি কৰা নহ’ব যে আধুনিক যুগত লক্ষ্মীনাথ বেজবৰুৱাৰ পিছত মালিকেই হ’ল দ্বিতীয়জন লেখক– যিজনে সমগ্র অসমীয়া জাতিৰ হূদয় জয় কৰিবলৈ সমর্থ হৈছে৷’ লেখাটোত বৰগোহাঞিদেৱে লগতে ইয়াকো কৈছে– ‘আপুনি পৃথিৱীৰ মাত্র এজন বিখ্যাত লেখকৰ নাম কওকচোন, যাৰ খ্যাতি ঈর্ষাপৰায়ণ নিন্দুকৰ বিষবাক্যই নষ্ট কৰিব পাৰিছে? প্রকৃত প্রতিভাৱান মানুহক এটা জাতিয়ে নিজৰ হূদয়ত যুগমীয়া শ্রদ্ধাৰ আসনত ঠাই দিয়ে, নিন্দুকৰ কথা মানুহে পাহৰি যায় মাখি–মহ বা নর্দমাৰ পোকৰ দৰে৷ …ৰাছিয়াৰ অমৰ লেখক এণ্টন চেখভকো নিন্দুকে এদিনৰ কাৰণেও শান্তিত থাকিবলৈ নিদিছিল৷ নিন্দা অসহ্য হোৱাত চেখভেNew Times নামৰ এখন বাতৰিকাকতত লিখা এটা প্রবন্ধত লিখিছিল– ‘নিন্দুকবোৰ হ’ল মাখিৰ নিচিনা৷ ঘোঁৰাক সুখেৰে কাম কৰিবলৈ নিদিয়াটোৱেই হ’ল সিহঁতৰ একমাত্র কাম৷ কাম কৰোঁতে ঘোঁৰাৰ পেশীবোৰ গুণ টনা ধনুৰ দৰে টান হৈ উঠে আৰু মাখিয়ে ঠিক তাৰ ওপৰতে পৰি ভেনভেনাবলৈ ধৰে৷ মাখিয়ে কিহৰ বিষয়ে ভেনভেনায়? সি কেৱল ঘোষণা কৰিবলৈ বিচাৰে– চোৱা, ময়ো এই পৃথিৱীত আছোঁ আৰু মই ভেনভেনাব পাৰোঁ ৷’
২০০০ চনৰ ২৩ মে’, স্বনামধন্য সাহিত্যিক চৈয়দ আব্দুল মালিকৰ পত্নীৰ মৃত্যু ঘটিছিল৷ শৈশৱৰে পৰা জীৱনত নানা ঘাত–প্রতিঘাত, বিপদ–আপদত পৰিও কোনোদিনে ভাগি নপৰা মানুহজন পত্নীৰ মৃত্যুত শাৰীৰিক আৰু মানসিকভাৱে ভাগি পৰিছিল৷ সেই বছৰৰে ঈদৰ দিনা মানুহজনৰ বাৰে বাৰে পত্নীলৈ মনত পৰিছিল৷ যুগ্ম জীৱনত পাৰ কৰা ঈদৰ দিনবোৰৰ স্মৃতিয়ে বৰকৈ আমনি কৰিছিল৷ ঈদৰ নামাজৰ অন্তত ঘৰলৈ বুলি আগবাঢ়িলত লগত আছিল পুত্রসম শুকুৰ নামৰ ল’ৰাজন৷ ওচৰৰে কবৰস্থানৰ আগত ৰৈ মালিক চাহাবে শুকুৰক ক’লে–
ঃ সেই যে জাতিবাঁহকেইজোপা আছে, মৰাৰ পাছত মোকো তাতে শুৱাই থ’বি৷ তোক কথাষাৰ কাণচোৱাই, ঠাইকণো দেখুৱাই থ’লোঁ ৷
ঃ আব্বা, এইবোৰ আপুনি কিয় কৈছে৷
ঃ নহয় অ’, সময় থাকোঁতেই তোক কথাষাৰ কৈ থ’লোঁ৷ নহ’লে, পিছত ক’বলৈ নাপাম৷
তেনেকৈ কোৱাৰ মূলতে আছিল, সেই জাতিবাঁহকেইজোপাৰ তলত, মানুহজনৰ মৰমৰ পত্নী শুই আছে৷ আৰু সঁচাকৈয়ে ২০০০ চনৰ ১৯ ডিচেম্বৰৰ দিনা মানুহজন শুই পৰিল আৰু বুঢ়া মছজিদৰ কাষৰ কবৰস্থানৰ জাতিবাঁহকেইজোপাৰ তলত পত্নীৰ কাষতে মানুহজনকো শুৱাই দিয়া হৈছিল৷
এই জাতিবাঁহৰ কথা মালিক ছাৰৰ মুখেৰে স্বতঃস্ফূর্তভাৱে নিগৰিত হৈছিল কিয়? অজ্ঞান এন্ধাৰে আৱৰা তেওঁৰ নিন্দুকসকলে হয়তো শুনি আচৰিত হ’ব যে জাতিবাঁহ পৃথিৱীৰ ভিতৰতে একমাত্র অসমীয়া সমাজ জীৱনত মৃতকৰ বাবে ব্যৱহূত সামগ্রী৷ যি কথা একমাত্র অসমীয়া লোকসংগীতত সন্নিৱিষ্ট হৈ আছে এনেদৰে–‘বাৰীৰে পিছৰে জাতিবাঁহ এজুপি/সিও মোৰ সোদৰৰ ভাই/ জীয়াই থাকো মানে কৰো কাথি–কামি/মাৰিলে লগত যায়’ ৷
আজিও নাহৰণি গাঁৱৰ বুঢ়া মছজিদৰ কাষৰ জাতি বাঁহচুপিৰ কাষতে থকা মালিক চাহাবৰ কবৰস্থানটোৱে সেই কথাকে সোঁৱৰাই থাকে৷ সেইজনেই হৈছে নাহৰণিৰ চৈয়দ আব্দুল মালিক৷ যিজনৰ কথা ড০ নগেন শইকীয়া ছাৰে কৈছিল– ‘চৈয়দ আব্দুল মালিক, এই নামটো ব্যৱহাৰ নকৰাকৈ আধুনিক অসমীয়া সাহিত্যৰ আৰু আধুনিক অসমীয়া জাতিৰ ইতিহাস ৰচনা কৰিব নোৱাৰি৷ কি বিপুল সৃষ্টিশীল প্রক্রিয়াৰে এইগৰাকী অসমীয়াই অসমীয়া ভাষা–সাহিত্য তথা আমাৰ জাতীয় জীৱন সমৃদ্ধিশালী কৰি থৈ গৈছে সেই কথা ভাবিলে বিস্মিত হ’ব লাগে৷ আধুনিক কালৰ সৃষ্টিশীল প্রতিভাৰ সবাতোকৈ ওখ সাহিত্যিক ব্যক্তিত্বৰ অধিকাৰী চৈয়দ আব্দুল মালিক ৷’
দেৰগাঁৱৰ নাহৰণিত জন্ম লাভ কৰা এইগৰাকী মানুহ পিছলৈ হৈ পৰিল ৭২খনকৈ উপন্যাস, প্রায় দুহেজাৰ চুটিগল্প, ৬খন কবিতা সংকলন, ৫খন জীৱনীগ্রন্থ, দুখন হাস্য–ব্যংগ গ্রন্থ, তিনিখন ভ্রমণ কাহিনী, ৯খন গৱেষণামূলক গ্রন্থ, তিনিখন আত্মজীৱনী, পাঁচখন শিশু গ্রন্থ, ২১খনকৈ নাটক, গীত আৰু কেইবাখনো অনুবাদ গ্রন্থৰ ৰচনাৰ লগতে কাকত–আলোচনীও সম্পাদনাৰ মালিক৷ অসমী আইৰ অমৃত সন্তান সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাই তেওঁক নির্দিষ্টকৈ দেখুৱাই দি কি কৈছিল জানেনে– ‘এয়া অসমীয়া সাহিত্যৰ মালিক– চৈয়দ আব্দুল মালিক৷’ অতুলনীয়, আপুৰুগীয়া সাহিত্য সম্ভাৰেৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰা এইজন সঁচাই অসমীয়া সাহিত্যৰ মালিক৷ যিজনাক অসমীয়া সাহিত্যৰ (উপন্যাসৰ) মুকুটবিহীন সম্রাট বুলিও কোৱা হয়৷ বিভিন্ন অভিলেখ সৃষ্টি কৰি মালিকদেৱে ৰচনা কৰিছিল অসমীয়া সাহিত্য–কীর্তি৷ আৰু আঁজুৰি আনিছিল অলেখ বঁটা–সন্মান–সম্বর্ধ্৷ ছোভিয়েট লেণ্ড নেহৰু বঁটা, সাহিত্য অকাডেমি বঁটা, পদ্মশ্রী সন্মান, পদ্মভূষণ সন্মান, আজান ফকীৰ বঁটা, অসম উপত্যকা সাহিত্য বঁটা, শ্রীমন্ত শংকৰদেৱ বঁটা, ডিব্রুগড বিশ্ববিদ্যালয়ৰ ডি–লীট সন্মান, পূর্ব ভাৰতীয় সংস্কৃতি–সংহতি বঁটা, মুক্তকণ্ঠ উপাধি, সাহিত্যাচার্য উপাধি (অসম সাহিত্য সভাৰ), অসম এক্সপ্রেছ বঁটা, সাহিত্য অকাডেমিৰ ফেল’শ্বিপ, শ্রীমন্ত শংকৰদেৱ সংঘৰ বিশেষ বঁটা আদি লাভ কৰা মালিকদেৱে ১৯৭৭ চনৰ অসম সাহিত্য সভাৰ অভয়াপুৰী অধিৱেশনৰ সভাপতি, ১৯৬৩ৰ পৰা ১৯৬৯ চনলৈকে সাহিত্য অকাডেমিৰ কাউন্সিলৰ সদস্য, অসম সাহিত্য সভাৰ প্রধান সম্পাদক, ১৯৫২ৰ পৰা ১৯৫৫ চনলৈ গণনাট্য সংঘৰ অসম শাখাৰ সভাপতিৰ পদ অলংকৃত কৰিছিল৷ তদুপৰি ভাৰত চৰকাৰৰ শিক্ষা, সংস্কৃতি আৰু সমাজ কল্যাণ বিভাগৰ সংসদী উপদেষ্টা ব’ড, নেশ্যনেল বুক ড্রাষ্ট, সর্বভাৰতীয় উর্দু ব’ড, সংগীত নাটক অকাডেমী, ভাৰত চৰকাৰৰ হিন্দী সঞ্চালকালয়, ললিত কলা অকাডেমী আদি বিভিন্ন অনুষ্ঠানৰ সৈতে জডিত আছিল মালিক৷ ইতিমধ্যে মালিকৰ বিভিন্ন গল্প আৰু উপন্যাসৰ আধাৰত কেইবাখনো ছবি নির্মিত হৈছে৷ তাৰ ভিতৰৰে তিনিখনে ৰাষ্ট্রীয় বঁটা লাভ কৰিছে– পুলক গগৈয়ে ‘ ৰে’লৰ আলিৰ দূবৰি বন’ গল্পৰ আধাৰত নির্মাণ কৰিছিল একে নামৰ ছবি যিখনে ৰজত কমল বঁটা লাভ কৰিবলৈ সক্ষম হয় ৷ মালিকৰ ‘কাঠফুলা’ গল্পৰ কাহিনীৰে পুলক গগৈৰ পৰিচালনাত ‘মমতাজ’ ছবিয়ে ফিল্মফেয়াৰ এৱার্ড লাভ কৰে আৰু ‘জেতুকা পাতৰ দৰে’ উপন্যাসখনৰ কাহিনীৰে যদুমণি দত্তই পৰিচালনা কৰা আৰু নুৰুল চুলতানে প্রযোজনা কৰা একে নামৰ ছবিখনো জিলিকি উঠে ৰাষ্ট্রীয় প্রেক্ষাপটত ৷ লাভ কৰে ৰজত কমল বঁটা ৷
গল্পকাৰ, নাট্যকাৰ, ঔপন্যাসিক ৰূপে অধিক জনপ্রিয়তা লাভ কৰা এই সাহিত্যিকগৰাকী কবি ৰূপেও প্রখ্যাত আছিল৷ প্রাইমেৰী স্কুলত পঢ়ি থাকোঁতেই কবিতা লিখিবলৈ আৰম্ভ কৰা মালিকদেৱৰ প্রথম কবিতা প্রকাশ পায় যোৰহাট চৰকাৰী হাইস্কুলৰ আলোচনী ‘জেউতি’ত ১৯৩৬ চনত৷ তেতিয়া মালিক হাইস্কুলীয়া ছাত্র৷ আৰু তিনি বছৰৰ পাছত ১৯৩৯ চনত কুৰি বছৰীয়া মালিকদেৱে লিখি পেলালে সেই বিখ্যাত কবিতা– ‘মই অসমীয়া’৷ কবিতাটো প্রকাশ হোৱাৰ পাছত সমগ্র অসমতে খলকনি লাগিল৷ ড০ নির্মলপ্রভা বৰদলৈয়ে ক’লে– ‘চৈয়দ আব্দুল মালিকৰ ‘মই অসমীয়া’ এটি অনুপম কবিতা৷ সুদূৰ পশ্চিমৰ পৰা দেশ বিজয়ৰ গর্ব লৈ অসমত ভৰি দিয়া মোগলক অসমৰ শক্তি আৰু অসমৰ মোহনীয় ৰূপে এনেকৈ মন্ত্রমুগ্ধ কৰিলে যে ‘মই অসমৰে চিৰদিন অসমীয়া’ বুলি অসমৰ মাটি সাবটি ধন্য মানিলে৷’ অথচ আজি এচামে তাৰ পিছতো তেনে এগৰাকী বৰেণ্য অসমীয়াক সন্দেহৰ চকুৰে চাবলৈ কুণ্ঠাবোধ কৰা নাই৷ মৃত্যুৰ কুৰি বছৰ পাছতো তেওঁৰ সন্মান হানি কৰিবলৈ এচামে কৰা কুন্ধচালি অতি গৰিহণাযোগ্য৷ এনে নীচ কার্যৰ আলমত বিতর্কিত মন্তব্যৰে নিজকে চর্চাৰ মাজলৈ আনিব বিচৰা বিষয়টোৱে পুতৌৰ পাত্র কৰি তুলিছে সেইসকল শিয়াল পণ্ডিতৰ পণ্ডিতালিক৷ হঁাহি উঠে এইচামৰ ধূর্তালি দেখি৷ অথচ মালিক চাহাবৰ জীৱন আৰু কৃতিয়ে আৱৰি আছে প্রতিগৰাকী সঁচা অসমীয়াৰ হূদয়৷ মালিক চাহাবে লিখা অনেক মৌলিক উপন্যাসৰ লগতে লিপিবদ্ধ কৰিবছিল গুৰু দুজনাৰ জীৱনভিত্তিক দুখন উপন্যাস– ‘ধন্য নৰ তনু ভাল’ আৰু ‘প্রেম অমৃতৰ নদী’৷ ধুতী পিন্ধি মাজুলী, বৰপেটা আৰু অসমৰ সত্র–নামঘৰ ঘূৰি–পকি উপন্যাস দুখনৰ বাবে তথ্য সমল বুটলিছিল ৷
শ্রীমন্ত শংকৰদেৱৰ জীৱনভিত্তিক উপন্যাসখনৰ (‘ধন্য নৰ তনু ভাল’ৰ) শেষৰ অধ্যায়টো লিখি শেষ কৰাৰ দিনা মানুহজনক শোকে খুন্দা মাৰি ধৰিছিল৷ মনৰ দুখ পাতলাবলৈ বাটে বাটে ওলাই গৈছিল৷ কিমান দূৰ বাট গ’ল, নিজেই গম পোৱা নাছিল৷ পিছত যেনিবা বিশিষ্ট নাট্যকাৰ প্রফুল্ল বৰাৰ মাততহে সম্বিৎ ঘূৰাই পায়– ‘ছাৰ, কোনোবাফালে যায়?’ –‘নাই, এনেয়ে অলপ ওলাই আহিছোঁ৷ মনটো বৰ বেয়া লাগি আছে, বুইছানে৷ আজি ছমাহে গুৰুজনাৰ লগত আছিলোঁ যে আজি একেবাৰে বিদায় দি আহিলোঁ৷ মানে লিখি শেষ কৰিলোঁ৷ বৰ বেয়া লাগি আছে৷’
প্রফুল্ল বৰা অবাক হ’ল৷ এইজনতকৈ বাৰু আন কোনোবা গুৰুজনাৰ ডাঙৰ ভক্ত আছেনে? প্রথমবাৰৰ বাবে গুৰুজনাৰ জীৱনভিত্তিক এখন উপন্যাস লিখি উলিয়ালে, এজন ইছলামধর্মী লোকে৷ প্রকাশকেও প্রথম অৱস্থাত উপন্যাস প্রকাশ কৰিবলৈ ভয় কৰিছিল, ইছলামধর্মী লোকে উপন্যাসখনত কিজানি নোসোমাবলগীয়া কথা সোমাই সেয়ে পাণ্ডুলিপিৰ বহু পৃষ্ঠা সাহিত্যিক প্রফুল্ল চন্দ্র বৰাৰ হতুৱাই চোৱাই লৈছিল৷ কিন্তু ভয় খাবলগীয়া একো নাছিল৷ ইছলামধর্মী হ’লেও যে মানুহজন মনে–প্রাণে অসমীয়া৷ সেই কথা ‘মই অসমীয়া’ কবিতাতে যুৱ অৱস্থাতে কৈছিল– ‘সেই দিন ধৰি মই অসমৰ অসমীয়া ধর্ম, মোৰ জাতি, মোৰ অসমীয়া প্রাণৰ আপোন ৷’
বিশিষ্ট নিবন্ধকাৰ অঞ্জু শাণ্ডিল্যৰ এক অনির্বচনীয় নিবন্ধত এই সমুদায় কথাবোৰ উল্লেখ আছে৷ উল্লেখ কৰিছে উপন্যাসখন পঢ়ি গ’লেচোন ভাবেই নহয়, এইখন যে এজন ইছলামধর্মী লোকেই লিখিছে– ‘নামঘৰ চাকিৰ পোহৰত আলোকময় হৈ উঠিল৷ সকলোৱে সেৱা ল’লে গুৰু আসনৰ সমুখত, জ্বলন্ত চাকিত৷… তাত আহি সমৱেত হ’লহি সমাজৰ সকলো স্তৰৰ, সকলো শ্রেণীৰ, সকলো বর্ণ–ধর্মৰ মানুহ৷ উচ্চ নাই, নীচ নাই, স্পৃশ্য নাই, অস্পৃশ্য নাই, পণ্ডিত নাই, নিৰক্ষৰ–হোজা নাই, তাত গোট খাব ধৰিলে ভকতসকল– য’ত মানুহৰ পৰিচয়েই পৰিচয়, ভকত পৰিচয়েই পৰিচয়– সর্বশ্রেষ্ঠ পৰিচয়৷’ (পৃঃ ১৮৮) ৷