যোৱা মাহ দুটাত মুখ্যমন্ত্রীগৰাকীয়ে কৰা ভাল কামৰ লগতে মাজে–সময়ে তাৎপর্যপূর্ণ ভাষণেৰে ৰাজ্যবাসীক আপ্লুত কৰাও দেখা গৈছে৷ শুভ দীপাৱলীৰ দিনা– ‘শ্ল’গান নহয়, মন্ত্রী–বিধায়কে কামেৰে আনক কর্ম সংস্কৃতি, ক’ৰবাত সহজ হৈ ক’ৰবাত টান হৈ অসমখনৰ পৰিৱর্তন আনিব লাগিব ……..’– এই কথাৰে তেওঁ অসমত কর্ম–সংস্কৃতিৰ এক নিৰন্তৰ স্রোত তেওঁ নিজে আৰু তেওঁৰ সতীর্থৰ পৰাই আৰম্ভ কৰিব বিচাৰিছে আৰু বাস্তৱত নিজেও ১৩জনীয়া মন্ত্রীমণ্ডলীৰে সু–সজ্জিত অশ্বচালিত ৰথৰ অপ্রতিদ্বন্দ্বী ৰথচালকৰ ভূমিকাৰে প্রয়োজন সাপেক্ষে গতিবেগ কম–বেছি কৰি উন্নয়নৰ অবিৰত ধাৰা প্রবাহিত কৰি ৰাখিছে যেন৷ ‘চৰকাৰী ব্যৱস্থাসমূহৰ লগত জডিত যিমান দালাল আছে সকলো নোহোৱা কৰিব লাগিব, সকলো কাম নিকা হ’ব লাগিব’– বুলি কোৱা তেওঁৰ কথাই এপিনে বিভাগীয় সংস্কাৰৰ প্রয়োজনীয়তা, আনপিনে সাধাৰণ মানুহৰ চৰকাৰৰ প্রতি থকা সংকোচবোধ সংশোধনৰ বাবেও যেন চিন্তা–চর্চা কৰিছে৷ শিৱসাগৰ কলেজৰ মহাৰজত জয়ন্তী উদ্বোধনী ভাষণত– ‘জ্ঞান আৰু প্রজ্ঞাৰ অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ৷ জীয়াই থকাৰ মূল শক্তিটোৱেই হৈছে জ্ঞান৷ আধুনিক শিক্ষাৰ লগত ফেৰ মাৰিবলৈ হ’লে আমি ড্রেডিচনেল শিক্ষা ব্যৱস্থাৰপৰা আঁতৰি আহিব লাগিব’– বুলি দিয়া উদাত্ত ভাষণে ডেকাচামক যথেষ্ট উৎসাহিত কৰা দেখা গৈছে৷ ‘মোৰ যদি লক্ষ্য এশ হয় এতিয়া মই পাছত থিয় হৈ আছেছা আৰু বহুদূৰ যাত্রা বাকী আছে’ – বুলি ছমহীয়া কার্যকালৰ অন্তত কোৱা ভাষণে অনাগত দিনত তেওঁৰ আপোচহীন, বিৰামহীন অবিৰত যাত্রাৰ এক ইংগিত বহন কৰিছে৷ অনিমেষ হত্যাৰ আঁত ধৰি– ‘অসমীয়া ল’ৰাই অসমীয়া ল’ৰাক মাৰিছে, জাতিটো আত্মমন্থনৰ সময় আহিছে’৷ একেদৰে ‘গৰুখুঁটি কৃষি প্রকল্পই অসমত কর্মসংস্কৃতিৰ এক নতুন ইতিহাস ৰচনা কৰিব৷ অসমক আত্মনির্ভৰশীল কৰি গঢ়ি তোলাৰ ক্ষেত্রত প্রেৰণা দিব গৰুখুঁটিয়ে’৷ এনে অনেক ভাষণে যোৱা মাহ দুটাত অসমবাসীৰ দৃষ্টি আকর্ষণ কৰা দেখা গৈছে৷ কথা আৰু কামেৰে ৰাইজক মুগ্ধ কৰি ৰাখিব বিচৰা মুখ্যমন্ত্রীজনে মন কৰিলেই কৰিব পৰা এটা ভাল কাম হ’ল তেওঁ ভালপোৱা চহৰ এখনত পৰীক্ষামূলকভাৱে হ’লেও প্রতিদিনে পুৱা ৰাষ্ট্রীয় সংগীত পৰিৱেশনৰ ব্যৱস্থা কৰি সেই ঠাইৰ মানুহখিনিক দেশপ্রেমেৰে আচ্ছন্ন কৰি ৰাখিব পাৰে, যিটো কাম তেলেংগনাৰ সৰু চহৰ এখনত পুৱাই ১৬টা লাউডস্পিকাৰত ৰাষ্ট্রীয় সংগীত পৰিৱেশন কৰাৰ সময়ত সৃষ্টি হোৱা মুগ্ধ পৰিৱেশে দেশবাসীৰ মন আকর্ষিত কৰিছে৷
চৰকাৰী কাম–কাজৰ সুচলতাৰ স্বার্থত চৰকাৰে আগতে কৰা বিভিন্ন কাম–কাজৰ লগতে এই মাহত ড্রেড লাইচেন্সৰ ক্ষেত্রতো কৰা অনলাইন ব্যৱস্থাই ব্যৱসায়ীৰ মাজলৈ যথেষ্ট সন্তুষ্টি আনিছে আৰু নতুনকৈ প্রৱর্তন কৰা ‘প্রজেক্ট সদ্ভাৱনা’ৰ জৰিয়তে ১০ নৱেম্বৰৰ পৰা অসম সচিবালয়ৰ পৰা এক লাখৰো অধিক ফাইলৰ কাম ছটা মাহৰ ভিতৰত নিষ্পত্তি কৰিব বিচৰা চৰকাৰখনে সাধাৰণতে দুখীয়া মানুহৰ প্রশাসনৰ প্রতি থকা বিশ্বাস ঘূৰাই অনাত সফল হোৱাৰ উপৰি ফাইলৰ বাবে হ’বলগীয়া সকলো ধৰণৰ যন্ত্রণাৰ পৰাৰাইজে সকাহ পোৱাটো নিশ্চিত হৈ পৰিছে৷ তদুপৰি মাইক্র’ ফাইনেন্সৰ ঋণ উদ্গনি আৰু ৰেহাই আঁচনিৰ শুভাৰম্ভ, আন্তঃৰাজ্যিক সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে শাসক–বিৰোধী উভয়কে লৈ কৰিব বিচৰা কমিটী গঠন, অসমীয়া ভাষাবিদ্বেষী প্রদীপ দত্ত ৰায়ক গ্রেপ্তাৰ, কার্যকালৰ ছমাহৰ ভিতৰতে মাজুলী–যোৰহাট সংযোগী দলঙৰ প্রথমটো খুঁটাৰ নির্মাণকার্যৰ শুভাৰম্ভ, আউনীআটী বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন আৰু প্রাৰম্ভিকভাৱে পাঁচ কোটি টকাৰ অনুদান, যোৰহাট অভিযান্ত্রিক মহাবিদ্যালয়ৰ বাবে পঁচিশ কোটি টকাৰ অনুদান, লাচিত মৈদামৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে এক কোটি টকাৰ অনুদান, প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈক মৰণোত্তৰভাৱে পদ্মভূষণ বঁটাৰ বাবে প্রয়োজনীয় ৰাজ্যিক অনুমোদন, যোৰহাটৰ অনিমেষ হত্যাকাণ্ডৰ ক্ষেত্রত তাৎক্ষণিকভাৱে দোষীক কৰায়ত্ত আৰু ফাষ্টড্রেকত বিচাৰৰ ঘোষণা, সন্ত্রাসবাদীৰ হাতত নিহত হোৱা শ্বহীদ সুমন স্বর্গীয়াৰীৰ ঘৰত উপস্থিত হৈ পত্নীৰ হাতত পঞ্চাশ লাখ টকাৰ এককালীন সাহার্য ইত্যাদি যোৱা দুমাহৰ উল্লেখযোগ্য কাম৷
কেবিনেটৰ সিদ্ধান্ত মর্মে অ’ বি চি কমিউনিটী চার্টিফিকেট এতিয়াৰ পৰা নিজ–নিজ জনগোষ্ঠীৰ ব’র্ডে দিব পৰা মুর্কংচেলেক ড্রাইবেল বেল্ট আৰু চাৰিকোডীয়া ড্রাইবেল বেল্ট আৰু ব্লকত এতিয়াৰ পৰা তাই–আহোম, চুতীয়া কোচ ৰাজবংশী আৰু গোর্খাসকলে মাটি কিনিব পৰা চিচি টঙানী নামেৰে ধেমাজিত নতুন ড্রাইবেল ব্লক গঠন য’ত ৮৯খন ৰাজহ গাঁও অন্তর্ভুক্ত থকা ডিব্রুগড আৰু শিলচৰক এতিয়াৰ পৰা পৌৰ নিগমলৈ উন্নীতকৰণ মাইক্র’ফাইনেন্সৰ ঋণ ৰেহাই সন্দর্ভত ১১ লাখ লোকলৈ ১৮শ কোটি টকাৰ অনুমোদন দেউৰী স্বায়ত্তশাসিত পৰিষদৰ আসনৰ সংখ্যা ২০খনৰ পৰা ২৬খনলৈ বৃদ্ধি মিচিং ভাষা আৰু সংস্কৃতিৰ বিকাশ আৰু সংৰক্ষণৰ বাবে ২০০৫ চনতেই স্থাপন কৰা মিচিং ভাষা আৰু সংস্কৃতি গৱেষণা কেন্দ্রক দুই কঠা, বৰপেটা জিলা মহিলা সমিতিক দুই কঠা ১০ লেচা আৰু বৰপেটা সত্রৰ বাৰাদি গাঁৱক পচিশ বিঘা ভূমি আবণ্টন বৃদ্ধ পেন্সনাৰসকলে বেংকত গৈ দিব লগা লাইফ চার্টিফিকেট এতিয়াৰ পৰা পেন্সনাৰ প’র্টেলৰ জৰিয়তে দিব পৰাৰ ব্যৱস্থা অলিম্পিকত ব্রঞ্জৰ পদক বিজয়ী লাভলীনা বৰগোহঁাইক ডি এছ পি পদত নিযুক্তি অসম খাদ্য আৰু অসামৰিক যোগান বিভাগক ৰাজ্যৰ কৃষকৰ পৰা ১৯৪০ টকাত প্রতি কুইণ্টল ধান ক্রয়ৰ বাবে ১৬০ কোটি টকাৰ ৱর্কিং কেপিটেল প্রদানত অনুমোদন অৰুণোদয় আঁচনি কনকাৰেঞ্চৰ আওতাৰ পৰা ৰেহাই দিয়া কেবিনেট অনুষ্ঠিত হোৱা ধেমাজি আৰু বঙাইগাঁও জিলাৰ উন্নীতকৰণৰ বাবে বিশেষ মনোযোগ– ৫০ কোটি ব্যয় সাপেক্ষে দুয়োখন জিলাৰ উপায়ুক্তৰ কার্যালয় দুটা সংহত কার্যালয় হিচাপে উন্নীতকৰণ দুই লাখ লোকক মাটিৰ পট্টা কামৰূপ ( মেড্রো’) জিলাৰ ড্রাইবেল বেল্টৰ মাটি বিক্রীৰ ক্ষেত্রত প্রয়োজন হোৱা চেল পার্মিশ্বন জিলা উপায়ুক্তক প্রদান কৰিব পৰা ব্যৱস্থা শ্বহীদৰ আত্মীয়ক প্রদান কৰা আর্থিক সাহার্যৰ পৰিমাণ বিশ লাখৰ পৰা পঞ্চাছ লাখ টকালৈ বৃদ্ধি কৰা তৃতীয়, চতুর্থ বর্গত নিযুক্তিৰ বাবে আয়োগ গঠনৰ সিদ্ধান্ত ছেবা–মাধ্যমিকক একত্রীকৰণ কৰা ৰাজ্যিক কর্মচাৰীৰ ডি এ ৩১ শতাংশলৈ বৃদ্ধি অসম আন্দোলনত শ্বহীদ হোৱা আৰু ঘুণীয়া হোৱাসকলক সাহার্যৰ বাবে পাঁচ কোটি টকাৰ এটা ড্রাষ্ট গঠনৰ ব্যৱস্থা ছখন কলেজক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ ইত্যাদি এক ফলপ্রসূ কেবিনেট সিদ্ধান্ত হিচাবে বিবেচিত হৈছে৷
ক’ভিডৰ লগত হয়তো আমি বহুদিন সহাৱস্থান কৰিব লাগিব আৰু তেনে এক পৰিপ্রেক্ষিতত প্রতিজন মানুহে ভেকচিন অনায়াসে পাবৰ বাবে ভেকচিনৰ অপর্যাপ্ততা আৰু প্রত্যেকেই যাতে ভেকচিন ল’ব পাৰে, তাৰ বাবে চৰকাৰৰ তৎপৰতা সঁচাকৈয়ে প্রশংসনীয়৷ এইক্ষেত্রত অসমত থকা প্রতিজন ব্যক্তিয়ে যাতে ১৫ জানুৱাৰীৰ ভিতৰত ভেকচিন ল’ব পাৰে তাৰেই পৰিপ্রেক্ষিতত মেগা ভেকচিনৰ পিছত এইবাৰ গুণোৎসৱৰ আর্হিৰে ৰাজ্যজুৰি ঘৰে–ঘৰে ভেকচিন প্রদান প্রক্রিয়াৰ পৰিকল্পনাৰ উপৰি ভেকচিনলৈ ইতিমধ্যে ৰাজ্য এৰি অন্য ৰাজলৈ কামৰ তাডনাত গুচিৱ যোৱা ব্যক্তিসকলেও যাতে দ্বিতীয় পালি ভেকচিন সংশ্লিষ্ট ৰাজ্যত ল’ব পাৰে তাৰো ব্যৱস্থা কৰিম বুলি মুখ্যমন্ত্রীয়ে দিয়া আশ্বাস সঁচাকৈয়ে প্রশংসনীয়৷ ইয়াৰ যোগেদি প্রতিজন অসমীয়াই যাতে অনাগত দিনত শৰীৰৰ প্রতিৰোধী শক্তি গঢ়ি তুলি ক’ভিডৰ স’তে সহাৱস্থান কৰিব পাৰে সেই প্রচেষ্টাত মুখ্যমন্ত্রীয়ে জোৰ দিছে কাৰণ তেওঁ আকৌ লকডাউন দি অসমৰ অর্থনীতিত বিৰূপ প্রতিক্রিয়া পৰাটো বিচৰা নাই৷ তদুপৰিও চিকিৎসকসকলে বহুদিন ধৰি উত্থাপন কৰি অহা বিভিন্ন দাবীসমূহ পূৰণ কৰাৰ প্রতিশ্রুতিৰে মুখ্যমন্ত্রীয়ে ক’ভিড পৰিস্থিতিৰ ফ্রণ্টলাইন যোদ্ধাসকলৰ প্রতি যথাযথ সন্মান আগবঢ়োৱাৰ উপৰি অন্যান্যৰ লগতে এইবাৰ নামঘৰীয়া আৰু পূজাৰীসকলক দিয়া ক’ভিডকালীন সাহার্য, তেজপুৰ মেডিকেলত ত্রিশখন বিছনাযুক্ত আই চি ইউ উদ্বোধন আদি কৰা বিভিন্ন কামে সকলোৰে প্রতি থকা দায়বদ্ধতাৰ কথা দাঙি ধৰিছে৷
১২৭.২০ কোটি টকা ব্যয় সাপেক্ষে ৩৬ মাহৰ পৰিৱর্তে ২২ মাহতে ১২০৫ মিটাৰ দৈর্ঘ্যৰ ছুপাৰ মার্কেটত নির্মাণ কৰা দুইলেনযুক্ত উৰণীয়া সেতু আনুষ্ঠানিকভাৱে ৰাইজৰ সেৱাত উছর্গা কৰি উঠি নির্মাণৰত ছাৰাপভাতী আৰু মালিগাঁৱৰ নির্মীয়মাণ উৰণীয়া সেতু দুখন ২০২৩ চনৰ ভিতৰত সম্পন্ন কৰা হ’ব বুলি কৈ ৰাধা–গোবিন্দ বৰুৱা পথ আৰু গীতানগৰ তিনিআলিক সংযোগ কৰা বশিষ্ঠ চাৰিআলি আৰু গডচুক সংযোগ কৰা আৰু গুৱাহাটী ক্লাবৰ পৰা বামুনীমৈদাম অঞ্চলক সংযোগ কৰি নতুন তিনিখন উৰণীয়া সেতু নির্মাণৰ পৰিকল্পনাই যাতায়াতৰ ক্ষেত্রত গুৱাহাটীক এক অনন্য মাত্রা প্রদান কৰিব৷ কিন্তু দুখৰ বিষয় ছুপাৰমার্কেটৰ নতুন উৰণীয়া সেতুত অংকিত সোণালী অসমৰ বাৰেবৰণীয়া কলা–সংস্কৃতি, বিভিন্ন চিত্রৰে অসমক এক নতুন ৰূপত দাঙি ধৰা কার্যত আমি অসমবাসী গৌৰৱ কৰাৰ সলনি মুখলজ্জাত মূৰ তল কৰিবলগা হৈছে যেতিয়া কিছুমান অবিবেচক মানুহে ইয়াত অংকিত আপুৰুগীয়া চিত্রসমূহত পিকাই থৈ যায়৷ তেওঁলোকৰ হয়তো মনলৈ নাহে যে কোনো বিদেশী মানুহে যেতিয়া সেই কু–কর্মবোৰ দেখিব তেতিয়া সমগ্র অসমবাসীৰ প্রতি তেওঁলোকে কেনেধৰণৰ ধাৰণা লৈ স্বদেশলৈ উভতিব৷ প্রকৃত দোষীক ধৰিবলৈ জি এম ডিয়ে ঘোষণা কৰা পুৰস্কাৰৰ লগতে তাত চিচি টিভিও সংলগ্ণ কৰিব পাৰে৷ এইক্ষেত্রত যদি সম্ভৱ হয় সকলো ধর্মৰে কিছু বহুমূলীয়া বাণী তাত লিখাৰ ব্যৱস্থা কৰিলে ধর্মৰ প্রতি থকা মানুহৰ সহজাত প্রৱণতাই ইয়াক ৰোধ কৰাত হয়তো কিছু সহায়ক হ’ব পাৰে৷
কোনোৱে কোনোদিনে কিছুমান বিষয়ত ইমান দৃঢ় স্থিতি নোলোৱাৰ বিপৰীতে অসমখনক আগুৱাই নিয়া, অসমবাসীক সুশাসন দিয়াৰ স্বার্থত বর্তমানৰ মুখ্যমন্ত্রীগৰাকীৰ পদক্ষেপৰ ফলশ্রুতিত দিন–প্রতিদিন গঢ়ি উঠা তেওঁৰ জনপ্রিয়তাৰ বিপৰীতে স্বাভাৱিকভাৱে গঢ় লৈ উঠিব পৰা অশুভ শক্তিৰ এটা সৰু উদাহৰণ হ’ল পৰিকল্পিত আৰু আকস্মিকভাৱে হোৱা লাইলাপুৰৰ সেই ঘটনা৷ জনপ্রিয়তাৰ দৰে তেওঁৰ সহজ আচৰণকো অধিক মনোযোগ দিয়াৰ প্রয়োজন হৈ পৰিছে৷ তেওঁৰ নিৰাপত্তাৰ দিশটো ঠিকেই আছে যদিও ৰাইজৰ আকুণ্ঠ মৰমৰ তাগিদাত সকলো প্রট’কল ভাঙি আকস্মিকভাৱে ৰাইজৰ ভিৰৰ মাজত হঠাতে মিলি যাওঁতে অপ্রত্যাশিতভাৱে নিৰাপত্তাৰক্ষীৰ বাবে প্রত্যাহ্বানৰূপে থিয় হোৱা নিৰাপত্তাৰ দিশটোত যাতে কোনো সুৰুঙা নাথাকে, সেয়া আৰু অধিক মনোযোগ দিয়াৰ প্রয়োজন হৈ পৰিছে কাৰণ তেওঁৰ এনেধৰণৰ আচৰণৰ ফলশ্রুতিত তেওঁ সেই সময়ত সকলোৰে বাবে সহজলভ্য হোৱাৰ বাবে হ’ব পৰা সম্ভাৱ্য দুর্ঘটনাৰ প্রতি যে সজাগ হ’ব লাগিব সেই কথা যোৱা অক্টোবৰ মাহত ডিমাপুৰত অচিনাক্ত দুষ্কৃতিকাৰীয়ে শৰৎ দাস নামৰ সাধাৰণ যুৱক এজনক অপহৰণ কৰি নি সাধাৰণভাৱে হাতত মাৰণাস্ত্র গুঁজি দি সেই গুৰুত্বপূর্ণ কথাখিনি কোৱাৰ সাহসৰ আঁৰত থকা পৰিকল্পনাহীন সহজ পদ্ধতিটোৰ স’তে মুখ্যমন্ত্রীৰ জনপ্রিয়তা, সহজলভ্যতা আদিৰ লগত কিবা তাল–মিল আছে নেকি?
সুহূদয়তাৰ (ৰাইজৰ বাবে) আন এটা নাম ড০ হিমন্ত বিশ্ব শর্মা, যিয়ে মঞ্চত উঠিয়েই সাধাৰণ মানুহ এজনক ক’ব পাৰে– ‘ তোক এটা ঘৰ দিব লাগিব’, যিয়ে নিমাতীৰ ফেৰীঘাটৰ দুর্ঘটনাত জীৱন্তে উদ্ধাৰ কৰা পঞ্চাশগৰাকী লোকক কৃতজ্ঞতা আৰু সাহসিকতাৰ পুৰস্কাৰ হিচাপে পঁচিছ হাজাৰকৈ টকা দিব পাৰে, পিতৃ–মাতৃ, শহুৰ–শাহুৰে কটোৱাৰ বাবে চৰকাৰী কর্মচাৰীক ৬, ৭ জানুৱাৰীত বিশেষ ছুটী দিব পাৰে, যিয়ে শ্বহীদৰ পৰিয়াল কিম্বা বিপদত পৰা ব্যক্তিৰ ঘৰত গৈ নিকটতম আত্মীয়ৰ দৰে খবৰ ল’ব পাৰে, শ্বহীদ সুমন স্বর্গীয়াৰীৰ তিনিবছৰীয়া পুত্রক কোলাত লৈ চেনেহ চুমাৰে মৰম যঁচাৰ লগতে কণমানিটিৰ পিয়াহ লগাত মুখ্যমন্ত্রীয়ে পানী খুৱাই দিয়াৰ লগতে আশীর্বাদ আৰু চোৱা–চিতাৰ দায়িত্ব নিজে গ্রহণ কৰিব পাৰে, যিয়ে মেল–মিটিঙত সময়মতে উপস্থিত হ’বলৈ সাধাৰণ কার্যকর্তাৰ দৰে বেৰিকেড পাৰ হৈ মঞ্চত প্রৱেশ কৰিব পাৰে, জুম বান্ধি থকা মানুহক আচাৰ–ব্যৱহাৰেৰে মৰম উপচাই দিয়া বাবে সকলোৰে হিয়াৰ আমঠু হৈ পৰে, ডেকাচামৰ মৰমৰ মামা হৈ পৰে৷
যোৱা উপ–নির্বাচনত মিত্রজেজাট চৰকাৰে লাভ কৰা পাঁচোখন আসনৰ ভিতৰত তিনিখন আসনেই বিজেপিয়ে লাভ কৰাটো চমৎকাৰ বিজয় বুলি ক’ব পাৰি, কিয়নো যোৱা নির্বাচনত বিৰোধী দলৰ প্রার্থী হিচাপে জয়লাভ কৰা তিনিওজন প্রার্থীৰ বিজেপি গমনৰ ফলশ্রুতিত ভোটাৰৰ মাজত প্রতিক্রিয়া হিচাপে সৃষ্টি হোৱা তীব্র ঘৃণা আৰু বিশ্বাসঘাতকতাৰ মোহৰ লগা মনোভাবক বিশ্বাসযোগ্যতালৈ পৰিৱর্তিত কৰি আগতকৈ বেছি ভোটৰ ব্যৱধানত জিকাই অনাটো মুখ্যমন্ত্রীগৰাকীৰ চমৎকাৰিতাৰ বাহিৰে আন একো নহয়৷ বিশেষকৈ ধর্মীয় সংখ্যালঘুৰ প্রভুত্ব থকা ভৱানীপুৰ সমষ্টিটো য’ত একেৰাহে তিনিবাৰকৈ এ আই ইউ ডি এফে জয়লাভ কৰি আহিছিল, তেনে এটা সমষ্টি নিজৰ দখলত অনা কৌশলক জটিল অংক এটা সহজ পদ্ধতিৰে সমাধান কৰি ৰাইজক চমকৃত কৰাৰ লেখীয়া হৈছে৷ সমান্তৰালকৈ বহু বিৰোধী নেতা বিজেপি গমনৰ চিন্তা–চর্চাৰ খবৰ আৰু বিজেপিয়ে অকলে ৬২সংখ্যক স্থিতিত থাকি আগন্তুক দিনত ৬৪ মেজিক সংখ্যা স্পর্শ কৰাৰ মুখ্যমন্ত্রীৰ ইপ্সিত আকাংক্ষাই আগন্তুক দিনত ৰাজনীতিৰ পথাৰত যেন এক ছুনামিৰ সংকেত বহন কৰিছে৷
মন্ত্রীসভা এখন নিয়াৰিকৈ চলাবলৈ যেনেদৰে দলপতিয়ে বিধায়কমণ্ডলীৰ আভ্যন্তৰীণ দিশটো আটিল কৰি ধৰি ৰখাৰ প্রয়োজন, তেনেদৰেই চৰকাৰৰ বিভিন্ন আঁচনি ৰূপায়ণৰ ক্ষেত্রত নিকা ভাবমূর্তিৰে প্রতিজন জনপ্রতিনিধিয়ে ৰাইজৰ ওচৰ চাপিব পাৰিছেনে নাই, তাক লক্ষ্য কৰাটো সমানে প্রয়োজন৷ দলৰ আভ্যন্তৰীণ ভেটি কঁপিলে যেনেদৰে দলৰ মাজত বিসম্বাদৰ আৰম্ভণি ঘটে তেনেদৰেই আঁচনিৰ সঠিক ৰূপায়ণ আৰু নিকা ভাবমূর্তিৰ অভাৱত জনপ্রতিনিধি ৰাইজৰ ৰোষত পৰিবলগা হয়৷ এই দুয়োটা দিশত মুখ্যমন্ত্রীগৰাকী যে যথেষ্ট সচেতন সেই কথা তেখেতৰ কথা–বতৰা আৰু কাম–কাজত প্রতিফলিত হৈছে৷ উল্লেখ্য যে অসম মন্ত্রীসভাৰ সদস্যৰ সংখ্যা ১৮জনৰ সলনি ১৩জন হোৱাৰ ফলত একোজন মন্ত্রীৰ হাতত একাধিক পদবী থকা বাবে তেওঁলোকৰ সফলতা–বিফলতাক লৈ ৰাইজে প্রশ্ণ তুলিছে যদিও এবছৰলৈ মন্ত্রীসভাৰ সম্প্রসাৰণ নকৰি তেওঁলোকৰ কর্মদক্ষতা প্রদর্শনৰ বাবে এটা বছৰ সুযোগ দিয়াৰ লগতে প্রতি ছমাহত পর্যালোচনা বৈঠক অনুষ্ঠিত কৰি সফলতা–বিফলতাৰ মনিটৰিং কৰাৰ ব্যৱস্থাটো সঁচাকৈয়ে কার্যকৰী৷ একেদৰেই আগৰ যিসকল নিগম–নিকায়ৰ অধ্যক্ষ–উপাধ্যক্ষই অন্যান্য দলীয় কাম–কাজৰ সুযোগ পাইছে তেওঁলোকক আঁতৰাই নতুন বিধায়ক আৰু পুৰণি জ্যেষ্ঠ নেতাক সেই স্থানত অধিষ্ঠিত কৰি দলীয় কর্মীৰ মাজত সমতা ৰক্ষা কৰাৰ উপৰি নিগম–নিকায়সমূহ কেনেদৰে লাভজনক কৰি গঢ়ি তুলিব পাৰি, সেই দিশত তৎপৰ হোৱাৰ পৰামর্শ যথেষ্ট তাৎপর্যপূর্ণ কাৰণ ইমানদিনে নিগম–নিকায়সমূহ লোকচানত চলি আছে৷
দিছপুৰৰ কোঠাত বহি বিষয়াৰ ৰিপোর্ট মতে কাম কৰাৰ সলনি ভ্রাম্যমাণ কেবিনেটৰ সংযোজনৰ ফলত ৰাইজ আৰু চৰকাৰ উভয়ে লাভান্বিত হোৱা পৰিলক্ষিত হৈছে৷ চৰকাৰখনে যেনেদৰে সেই অঞ্চলৰ সকলো স্তৰতে তৃণমূলৰ পৰা একেবাৰে ওপৰৰ পর্যায়লৈ সবলীকৰণৰ বাবে বিভিন্ন আঁচনি লোৱাৰ উপৰি কেবিনেটত ভাগ লোৱা অন্যান্য মন্ত্রীৰ আৰম্ভণি আৰু ওভতনি যাত্রাৰ কার্যসূচীৰ অংশ হিচাপে ভ্রমণ কৰিবলগীয়া হোৱা ওচৰ–চুবুৰীয়া জিলাকেইখনৰ উন্নয়নমূলক কাম–কাজৰ অগ্রগতি পর্যবেক্ষণ কৰাৰ সুযোগ–সুবিধা পাইছে তেনেদৰে মুখ্যমন্ত্রীসহ প্রতিজন মন্ত্রীকে একেবাৰে ওচৰত পাই ৰাইজে সুবিধা–সমস্যাৰ বার্তালাপ কৰাৰ সুবিধা আৰু তেওঁলোকক সেই ঠাইৰ থলুৱা ব্যঞ্জনেৰে আন্তৰিকতাৰে আপ্যায়িত কৰাৰ সুযোগ এটাও পাইছে৷ ইতিমধ্যে হৈ যোৱা ধেমাজি আৰু বঙাইগাঁও কেবিনেটত লোৱা সা–সুবিধাৰ সিদ্ধান্তসমূহ এক জ্বলন্ত উদাহৰণ৷
হিমন্ত বিশ্ব শর্মাই সমাজৰ সকলো স্তৰতে সকলো শ্রেণীৰ ৰাইজৰ সর্বত্র প্রকাৰৰ সবলীকৰণ আৰু সম অধিকাৰৰ স্বার্থত প্রয়োজন সাপেক্ষে প্রশাসনীয় সংস্কাৰ, ফাইলৰ কাম সৰল আৰু সুচাৰুৰূপে বাবে কৰা অনলাইন ব্যৱস্থা, ভ্রাম্যমাণ কেবিনেটৰ প্রৱর্তনেৰে ৰাইজৰ চৰকাৰ ৰাইজৰ পদূলিত গৈ সেৱা কৰাৰ সুযোগ, কেবিনেটত লোৱা সিদ্ধান্তসমূহৰ সফল ৰূপায়ণ, ৰাজনীতিৰ ঊর্ধ্বত গৈ প্রাক্তন মুখ্যমন্ত্রী তথা বিৰোধী দলৰ নেতা তৰুণ গগৈক মৰণোত্তৰভাৱে পদ্মভূষণ বঁটাৰ বাবে ৰাজ্য চৰকাৰৰ প্রয়োজনীয় অনুমোদন, সতীর্থ মন্ত্রীক প্রতিখন জিলাতে ৰাইজৰ সেৱাত অহৰহ ব্যস্ত ৰখাৰ কৌশলপূর্ণ পদক্ষেপ, ৰাজনৈতিক দর্শন আৰু বৌদ্ধিক দর্শনৰ সংমিশ্রণত দিয়া উদাত্ত ভাষণ আদিয়ে ৰাজ্যিক, আন্তঃৰাজ্যিক আৰু ৰাষ্ট্রীয় পর্যায়তো দিন–প্রতিদিনে গঢ়ি উঠা জনপ্রিয়তাৰ ফলশ্রুতিত চিৰাচৰিত ৰাজনৈতিক দৃশ্যপটৰ অভাৱনীয় পৰিৱর্তনেৰে অসমত যি নতুন ৰাজনৈতিক পৰিৱেশ এটাৰ উকমুকনি দেখা গৈছে, তাৰেই ফলশ্রুতিত অনাগত দিনত চেলিব্রেটী ড০ হিমন্ত বিশ্ব শর্মাই শক্তিশালী ৰাষ্ট্রীয় নেতা হিচাপে উত্তৰণ হোৱাৰ উপৰি স্বকীয় প্রতিভাৰে জিলিকি উঠি ‘ৰাজনীতিৰ সদাগৰ’লৈ (পলিটিকেল মার্চেণ্ট) পর্যবসিত হ’বলৈ গৈ আছে, য’ত তেওঁ নিজেই হৈ পৰিব কাম, কথা আৰু প্রতিশ্রুতি পালনেৰে সমাজক সন্মোহিত কৰি ৰাজ্যৰ উন্নতিৰ এক নতুন মাত্রা দিব পৰা কৌশলৰ এক পাঠশালাস্বৰূপ৷