দিছপুৰৰ ডায়েৰী
- সঞ্জয়
বিজেপিৰ গুৰুত্ব বাঢ়িছে
দিন যিমানেই আগবাঢ়িছে সিমানেই ৰাজ্যৰ ৰাজনীতিত গুৰুত্ব বাঢ়িছে বিজেপিৰ৷ পৰিস্থিতি এনে পর্যায়ত উপনীত হৈছে যে বিজেপিক বাদ দি অসমৰ ৰাজনীতিৰ কথা ভাবিব নোৱাৰা অৱস্থা হৈছে৷ অহা এপ্রিল মাহত বিটিচি নির্বাচন অনুষ্ঠিত হ’ব৷ বর্তমানৰ বিটিচিপ্রধান হাগ্রামা মহিলাৰীয়ে ইতিমধ্যে স্পষ্টভাৱে ঘোষণা কৰিছে বিজেপিৰে তেওঁলোকৰ মিত্রতা অব্যাহত থাকিব৷ বিপিএফ–বিজেপি–গপ মিত্রজোঁটেই পুনৰ বিটিচিৰ শাসনভাৰ দখল কৰিব৷ বড়োভূমিৰ আনটো প্রতিদ্বন্দ্বী ৰাজনৈতিক দল ইউ পি পি এলেও আসন্ন বিটিচি নির্বাচনত বিজেপিৰে মিত্রতাৰ পোষকতা কৰিছে৷ দলটোৰ সভাপতি উর্খাও গৌৰা ব্রহ্মই ইতিমধ্যে সেই আগ্রহ প্রকাশ কৰি কৈছে যে কেন্দ্র আৰু ৰাজ্যত যিহেতু বর্তমান বিজেপিৰ চৰকাৰ আছে, সেয়ে তেওঁলোকে স্বাভাৱিকতে বি টি আৰ চুক্তি ৰূপায়ণৰ স্বার্থতে বিজেপিৰে মিত্রতাৰ পোষকতা কৰে৷ পিছে বিটিচি নির্বাচনতেই বিজেপিৰ গুৰুত্ব শেষ হোৱা নাই৷ অহা বছৰ হ’বলগীয়া ৰাজ্যৰ বিধানসভা নির্বাচনতো বিজেপিৰ গুৰুত্ব বৃদ্ধি পাইছে৷ অগপৰ সভাপতি অতুল বৰাৰ ভাষ্যতেই সেয়া প্রকাশ পাইছে৷ বৰাই যোৱা সোমবাৰে স্পষ্টভাৱে ঘোষণা কৰিছে– অহা বিধানসভা নির্বাচনতো বিজেপিৰে তেওঁলোকৰ মিত্রতা অব্যাহত থাকিব৷ মুঠতে বিজেপিৰ সহায় অবিহনে অসমত কোনেও এতিয়া ৰাজনীতিৰ কথা ভাবিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে৷
বিজেপিমুক্ত–কংগ্রেছ
দিল্লী বিধানসভা নির্বাচনৰ ফলাফলক লৈ অসমৰ বিজেপি আৰু কংগ্রেছ উভয় শিবিৰ এইকেইদিন সাংঘাতিক ধৰণে উৎসাহিত৷ অসমৰ বিজেপি শিবিৰ উৎসাহিত হোৱাৰ কাৰণ হৈছে– তেওঁলোকে কংগ্রেছমুক্ত ভাৰত গঢ়াৰ যি লক্ষ্য স্থিৰ কৰিছিল, সেয়া দিল্লীত প্রতিফলিত হ’ল৷ দিল্লী বিধানসভাত বিজেপিয়ে চৰকাৰ গঠন কৰিব পৰাকৈ আসন লাভ নকৰিলেও কংগ্রেছে শূন্যখন আসন লাভ কৰিলে৷ তাৰ বাবেই বিজেপিৰ সন্তুষ্টি৷ ইয়াৰ বিপৰীতে দিল্লী বিধানসভা নির্বাচনত নিজে শোচনীয়ভাৱে বিপর্যস্ত হ’লেও বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰাৰ বাবেই কংগ্রেছ আনন্দিত৷ কংগ্রেছৰ মতে, আন কিবা হওক–নহওক, দেশৰ ৰাজধানী দিল্লী বিজেপিমুক্ত হৈ থাকিল৷