নতুন আৰম্ভণিৰ প্রসৱ যন্ত্রণা ?
‘ভৱিষ্যতৰ ইতিহাসে বাট সলাব৷ এয়া কেঁকুৰি সময়৷’ –পার্থ বিজয় দত্ত, ‘দূৰৈৰ ঘণ্টা ধ্বনি’
ক’ভিড–১৯ৰ ভয়াৱহ আগ্রাসনে এতিয়াও আমাক চিন্তিত আৰু উদ্বিগ্ণ কৰি ৰাখিছে৷ আপোনাৰ, মোৰ সকলোৰে ৰাতি টোপনি নহাৰ দৰে হৈছে৷ অনাগত সময়ত কি হ’ব, কেনে এক পৰিস্থিতিলৈ গুচি যাম সেই কথা আমি ক’ব পৰা হোৱা নাই৷ চীন, আমেৰিকা, ইটালী, ইৰাণ, স্পেইনৰ দৰে দেশৰ ভয়াৱহ আৰু হূদয় বিদাৰক পৰিস্থিতিৰ কথা দেখি, শুনি আমাৰ হাত–ভৰি লুকুৱাৰ উপক্রম হৈছে৷ মনত এটা প্রশ্ণই আহি আছে– যদি তেনেবোৰ উন্নত দেশৰ দৰে ভয়াৱহ পৰিস্থিতি আমাৰ দৰে দেশত হয় তেন্তে কি হ’ব? কোনো সন্দেহ নাই, সেই কথা কল্পনা কৰিবলৈকে আমাৰ ভয় হৈছে৷ সংবাদ মাধ্যম, গণমাধ্যমত সেই ভয়–দুশ্চিন্তা প্রতি ছেকেণ্ডত বিয়পি আছে৷ অৱশ্যে আমি ভয় কৰিলে নহ’ব৷ আমি ভয় মুক্ত হ’বৰ বাবে প্রতিমুহূর্ততে চেষ্টা কৰি থাকিব লাগিব৷ চৰকাৰে সীমিত সা–সুবিধাৰ মাজেৰে যিখিনি এই মুহূর্তত সম্ভৱ বা জৰুৰী সেইখিনি কৰি আছে৷ এনে ভয়াৱহ সন্ধিক্ষণত নাগৰিক হিচাপে আমি আমাৰ দায়িত্ব আৰু কর্তব্য পালন কৰা উচিত৷ মাত্র দুটা কথাত আমি গুৰুত্ব প্রদান কৰা উচিত– (ক) ঘৰতে থাকি চৰকাৰৰ নির্দেশ পালন কৰা, চৰকাৰক সহযোগ কৰা৷ (খ) সচেতন আৰু সামাজিক দায়বদ্ধতা থকা ব্যক্তি হিচাপে তথা মানৱীয় দৃষ্টিকোণেৰে আর্তজনক যিকোনো প্রকাৰে সহায়–সহযোগ কৰা৷ সদ্যহতে এই মাত্র দুটা কাম কৰিব পাৰিলেই আমি বহুখিনি সকাহ পাব পাৰোঁ আৰু নিজকে ভয় মুক্ত কৰিব পাৰোঁ৷ এইখিনি হৈছে প্রাথমিক কথা৷ বিশ্বৰ বিভিন্ন প্রান্তত হৈ থকা বিভীষিকা দেখি–শুনিও যদি আমি এই প্রাথমিক কৰণীয়খিনিকে কৰিব নোৱাৰোঁ বা তাৰ পৰা শিক্ষা গ্রহণ নকৰোঁ, তেন্তে আমাৰ বিপদ অনিবার্য৷ ইয়াৰ অন্য নাম হ’ব– আত্মহত্যা Suicide)৷
বিপদৰ সময়ত আমি সাধাৰণতে বৰ ফিল’ছফিক হৈ পৰোঁ৷ স্বাভাৱিকতে ক’ৰানাক্রান্ত এই মুহূর্তটো বিজ্ঞান, ধর্ম, আধ্যাত্মিকতা, দর্শন আদিৰ প্রসংগ উচ্চাৰিত হ’ব ধৰিছে৷ এয়া নতুন কথা নহয়৷ ইতিহাসত ইয়াৰ আগতেও বহু মহামাৰী, প্রাকৃতিক দুর্যোগ, দুর্ভিক্ষ হৈছিল, লাখ লাখ লোকৰ মৃত্যু হৈছিল আৰু সেইবোৰে মানৱ সভ্যতাক জোকাৰি গৈছে৷ এনেবোৰ ঘটনা যিমানেই অবাঞ্ছিত আৰু হূদয়বিদাৰক নহওক কিয়, এইবোৰ প্রাকৃতিক কথা৷ বিশ্বচৰাচৰৰ অবিচ্ছেদ্য অংগ বুলি ক’ব পাৰি৷ এনেবোৰ ঘটনা–পৰিঘটনাৰ বহু ইতিবাচক দিশো আছে৷ আটাইতকৈ প্রয়োজনীয় দিশটো হৈছে– সভ্যতাক জোকাৰি যোৱা এনে বিধ্বংসী মুহূর্তবোৰে মানুহৰ চিন্তা–চেতনাৰ জগতত আলোডন তোলে৷ মানুহক কিছুমান কথা নতুনকৈ চিন্তা কৰিবলৈ বাধ্য কৰে তথা সমাজত সুদূৰপ্রসাৰী প্রভাৱ পেলায়৷ ১৭৫৫ৰ লিছবনৰ বা তাৰ পাছৰ বহু বিধ্বংসী ভূমিকম্প, প্লেগ, ক’লেৰাৰ পৰা দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নাগাছাকি, হিৰোছিমাত আণৱিক বোমা বিস্ফোৰণ আদিলৈকে মানৱ সভ্যতাৰ ইতিহাসৰ এনে বহু ঘটনা আছে যিয়ে মানুহৰ চেতনাক জোকাৰি আহিছে৷
কম্পিউটাৰৰ এটা বিশেষ কী হৈছেrefresh button [Ctrl+R]৷ কম্পিউটাৰ এপ্লিকেচনবোৰ সুচাৰুকৈ চলিবৰ বাবে এই বিশেষ কীটো আমি ব্যৱহাৰ ক’ৰোঁ৷ একেদৰে সমাজত বা মানৱ সভ্যতাৰ ক্ষেত্রতো মাজে সময়ে পুনৰুজ্জীৱিত কৰা তথা ৰিফ্রেছমেণ্টৰ প্রয়োজন আহি পৰে৷ যেতিয়া সামাজিক আৰু প্রাকৃতিক ক্ষেত্রত উপযুক্ত ভাৰসাম্যৰ অভাৱ হয় তেতিয়াই বিপদ আহি পৰে৷ এই কথা আমি সকলোৱে জানো, আমি ইতিমধ্যে বিপদসংকুল পৰিস্থিতিলৈ গতি কৰিবলৈ আৰম্ভ কৰিছোঁ৷ প্রকৃতিক আমি ধুমুহা গতিৰে নির্দয়ভাৱে ধ্বংস কৰি গৈ আছোঁ৷ জনসংখ্যাৰ বিস্ফোৰণ বাঢ়ি গৈ আছে৷ আর্থিক অসমতাই বিপদ কঢ়িয়াই আনিছে৷ প্রকৃতিৰ ভাণ্ডাৰ কমি আহিব ধৰিছে৷ দৰিদ্রতা, নিবনুৱা সমস্যা বিশ্বব্যাপী বৃদ্ধি পাব ধৰিছে৷ বিশ্ব ৰাজনীতি, কূটনীতি, মানৱীয়তা সকলোৰে স্খলন দিনৰ পোহৰৰ দৰে স্পষ্ট৷ আমেৰিকাৰ ৰাষ্ট্রপতি গোলকীয় উষ্ণতা তথাclimate changeৰ প্রতি উদাসীন৷ ভূগর্ভত পানী শুকাই আহিছে৷ এণ্টার্কটিকাৰ বৰফ অস্বাভাৱিকভাৱে গলিবলৈ আৰম্ভ কৰিছে৷ আমাৰ দৰে তথাকথিত তৃতীয় বিশ্বৰ দৰে দেশৰ কথাটো ক’বই নালাগে৷ স্কুললৈ যোৱা শিশুহঁতে বিশুদ্ধ অক্সিজেনৰ বাবে মাস্ক পিন্ধিব লগা হৈছে, এটুপি পানীৰ বাবে হাঁহাকাৰ কৰিব লগা হৈছে৷ মুঠতে মানুহে তিল তিলকৈ বিনন্দীয়া পৃথিৱীখন ধ্বংস কৰাৰ যেন অঘোষিত প্রতিযোগিতাত লিপ্ত হ’ব ধৰিছে৷ মানুহৰ এনে আত্মঘাতী প্রৱণতা তথা মূর্খামিক তীব্র ভাষাৰে গালি পাৰি ষ্টিফেন হকিংছৰ দৰে মহান বিজ্ঞানীয়ে এই পৃথিৱী এৰিলে৷ তেওঁ কৈছিল–‘We are in danger of destroying ourselves by our greed and stupidity’.
মানৱ সভ্যতাত হোৱা ধ্বংসযজ্ঞবোৰ দুইধৰণৰ– মানুহৰ দ্বাৰা কৃত আৰু প্রাকৃতিক দুর্যোগৰ ফলত হোৱা ধ্বংসলীলা৷ মানুহৰ দ্বাৰা কৃত হত্যা বা ধ্বংসলীলাৰ দেধাৰ উদাহৰণ আমাৰ ইতিহাসত আছে৷ হিটলাৰৰ নাজী বাহিনীয়ে মাত্র তিনি মাহতে ১.৩২ নিযুত ইহুদীক হত্যা কৰিছিল৷ ১৯৪১–৪৫ চনত ১৭ নিযুতৰ অধিক লোকৰ মৃত্যু হৈছিল৷ ষ্টালিনৰ সময়ত, ১৯৩২–৩৫ চনত ২০ নিযুত লোকৰ মৃত্যু হৈছিল৷ ১৯৫৮–৬২ত মাও জে ডঙৰ নেতৃত্বত ৪৫ নিযুত লোকক হত্যা কৰা হৈছিল৷ ১৯৭৫–৭৮ সময়ছোৱাত কম্বোডিয়াত খেম’ৰ ৰ’জৰ হত্যালীলাত প্রায় ২ নিযুত লোকৰ মৃত্যু হৈছিল৷ ১৯৬৫–৬৬ত ইণ্ডোনেছিয়াত ৫ লাখতকৈ অধিক লোকৰ মৃত্যু হৈছিল৷ খেমৰ ৰ’জ, হিটলাৰ, ষ্টালিন, মাও নাম যিয়েই নহওক বা কাৰণ যিয়েই নহওক, এওলোক মহা গণহত্যা কাণ্ডৰ স’তে জড়িত৷ এই ঘটনাবোৰে বিশ্বক জোকাৰি গৈছিল আৰু এতিয়াও তেনে প্রসংগৰ প্রভাৱ দেখা যায়৷
প্রাকৃতিক দুুুর্যোগৰ ক্ষেত্রত মানুহ অসহায়৷ ভূঁইকঁপ, ধুমুহা, ছুুনামি আদিক বাদ দিলেও প্রত্যক্ষ আৰু পৰোক্ষভাৱে হ’লেও বহু প্রাকৃতিক দুর্যোগৰ বাবে মানুহেই জগৰীয়া৷ সি যি হওক মানুহৰ দ্বাৰা কৃত হওক বা অদেখা, অদৃশ্য শক্তিৰ (প্রকৃতিৰ ৰহস্যময় প্রজ্ঞাৰ তুলনাত মানুহৰ মেধা শক্তি তুচ্ছ)দ্বাৰাই হওক মানুহৰ ইতিহাসত ঘটি অহা ধ্বংসলীলা বা দুর্যোগবোৰে বহু সময়ত ভাৰসাম্য ৰক্ষাৰ ক্ষেত্রত তথা মানুহৰ চেতনাক নতুনকৈ উজ্জীৱিত কৰাৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা লৈ আহিছে৷ যিদৰে বাটপথত কিছু গতিৰোধক প্রয়োজন আছে, ঠিক সেইদৰে সময়ে সময়ে মানৱ সভ্যতাৰ গতিপথটো কিছু গতিৰোধকৰ প্রয়োজন আছে৷ এনে ঘটনাই বাৰে বাৰে আমাক সকীয়াই দিয়ে–Every action has an equal and opposit reaction.
covid-19ৰ বিভীষিকাই আমাক নিঃসন্দেহে বহু কথা শিকাব৷ বহু কথা নতুনকৈ চিন্তা কৰিবলৈ বাধ্য কৰিব৷ তাৰ বহু আভাস ইতিমধ্যে পোৱা গৈছে৷ এই সমগ্র ঘটনাপ্রৱাহে আমাৰ পাৰিপার্শ্বিক তথা বিশ্বৰ ৰাজনীতি–কূটনীতিত সুদূৰপ্রসাৰী প্রভাৱ পেলোৱাটো প্রায় খাটাং৷ অৱশ্যে এই সমগ্র ঘটনাৰ পৰা ইতিবাচক শিক্ষা গ্রহণ নকৰি কেৱল ক্ষমতা আৰু প্রতিপত্তিকেন্দ্রিক কুচকাৱাজ হ’বলৈ হ’লে কামত নাহিব৷ বিশ্বৰ ৰাজনৈতিক সম্প্রদায়ে এনে অভিজ্ঞতাৰ পৰা শিক্ষা গ্রহণ কৰি অধিক ‘people friendly’ আৰু‘eco-friendly’ পৰিমণ্ডলৰ সূচনা কৰাৰ এয়া সুন্দৰ সুযোগ৷ এই ক্ষেত্রত বিশ্বৰ বৌদ্ধিক তথা চিন্তাশীল সম্প্রদায়ৰ দায়িত্ব অধিক বৃদ্ধি পাব৷ আমি একে সময়তে দুইধৰণৰ ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিব লাগিব, ক’ভিড–১৯ আৰু আমাৰ মনৰ মাজত কিলবিলাই থকা ক্ষতিকাৰক ভাইৰাছবোৰৰ বিৰুদ্ধে৷