প্রকৃত শুভাকাংক্ষী কোন?
যি সময়ত ৰাছিয়াত জাৰৰ Czar) ৰাজত্ব চলিছিল সেই সময়ৰ কথা৷ যি সময়ৰ কথা কৈছোঁ, সেই সময়ত জাৰৰ প্রধানমন্ত্রী আছিল কাউণ্ট বিট্রি৷ এদিন কাউণ্ট বিট্রিয়ে তেওঁৰ বিশ্বস্ত ব্যক্তিগত সহায়কজনক মাতি আনি ক’লে– ‘ৰাছিয়াত এনেকুৱা বহুত মানুহ আছে, লেখক, সাংবাদিক, বুদ্ধিজীৱী– যিবোৰ মানুহে চৰকাৰক আৰু চৰকাৰৰ মন্ত্রী–বিষয়াসকলক্ কঠোৰভাৱে সমালোচনা কৰে৷ কোনোবাই কৰে পোনপটীয়াকৈ, আন কোনোবাই আওপকীয়াকৈ৷ তুমি তেনেকুৱা আটাইবোৰ মানুহৰ এখন তালিকা কৰি যিমান সোনকালে পাৰা মোক দিয়া৷’ সহায়কজনে এদিন এখন দীঘল তালিকা প্রধানমন্ত্রীৰ হাতত দিলে৷ প্রধানমন্ত্রীয়ে তালিকাখন পঢ়ি সহায়কজনক নির্দেশ দিলে– ‘এইবাৰ তুমি এই তালিকাখনৰ পৰা সেইবোৰ মানুহৰ নাম বাছি উলিওৱা, যিবোৰ মানুহ চৰকাৰৰ কঠোৰতম সমালোচক৷ তুমি সেইবোৰ মানুহৰ এখন তালিকা কৰি যিমান সোনকালে পাৰা মোক দিয়া৷’ যথাসময়ত দ্বিতীয় তালিকাখনো প্রধানমন্ত্রীৰ হাতত পৰিল৷ সহায়কজনে প্রধানমন্ত্রীক সুধিলে– ‘এই বদমাচ মানুহবোৰক কি শাস্তি দিয়া হ’ব মহোদয়?’
‘শাস্তি? কিহৰ শাস্তি?’– প্রধানমন্ত্রীয়ে আচৰিত হৈ ওলোটাই সুধিলে৷
‘সিহঁতে যে চৰকাৰক, আপোনাক, আপোনাৰ মন্ত্রী আৰু বিষয়াসকলক সমালোচনা কৰিবলৈ দুঃসাহস কৰিছে তাৰ কাৰণে সিহঁতে অতি কঠোৰ শাস্তি পাবই লাগিব মহোদয়৷’
প্রধানমন্ত্রীয়ে গম্ভীৰ হৈ ক’লে– ‘তুমি ভুল বুজিছা৷ আমাক কঠোৰতম ভাষাত সমালোচনা কৰা মানুহজনক মই চৰকাৰী বাতৰিকাকতখনৰ সম্পাদক পাতিম৷ তুমি এই কথা সদায় মনত ৰাখিবা যে কঠোৰতম সমালোচকেই হ’ল মানুহৰ প্রকৃত শুভাকাংক্ষী৷’