নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড০ শর্মা চৰকাৰৰ ১০০ দিনীয়া যাত্রাঃ বহু আস্থাহীনতাৰ বিপৰীতে…

মোৰ গান হওক
বহু আস্থাহীনতাৰ বিপৰীতে
এক গভীৰ আস্থাৰ গান
মোৰ গান হওক
কল্পনাবিলাসৰ বিপৰীতে
এক সত্য–প্রশস্তিৰ ধ্যান…
–ভূপেন হাজৰিকা
ক’বলৈ হ’লে স্বাধীনতাৰ সময়ৰ পৰাই অসমৰ খিলঞ্জীয়া জনসাধাৰণে এক গভীৰ অনাস্থা আৰু নিৰাপত্তাহীনতাৰ ভাবত ভুগি আছে৷ স্বাধীন অসমৰ প্রথমগৰাকী মুখ্য মন্ত্রী লোকপ্রিয় গোপীনাথ বৰদলৈদেৱৰ নিষ্ঠা আৰু সততাৰ ওপৰত ৰাজ্যবাসীয়ে অপৰিসীম ভাৰসা ৰাখিছিল যদিও নিয়তিয়ে তেখেতক অধিক কাল জাতিৰ সেৱা কৰিবলৈ সুযোগ নিদিলে৷ ৰাজ্যখনৰ মুখ্য মন্ত্রী হিচাপে বৰদলৈদেৱে তিনিটা বছৰো সম্পূর্ণ কৰিবলৈ পোৱা নাছিল৷ তেখেতৰ প্রয়াণৰ পাছত বিষ্ণুৰাম মেধি ডাঙৰীয়াৰ কান্ধত সমস্যাবহুল ৰাজ্যখনক নেতৃত্ব দিয়াৰ গুৰু দায়িত্ব ন্যস্ত হৈছিল৷ এইজনা মুখ্য মন্ত্রীও নিজ ৰাজ্যখনৰ জটিল সমস্যাৱলীৰ সন্দর্ভত সম্যকভাৱে অৱহিত আছিল যদিও নগা বিদ্রোহী গোটৰ বিচ্ছিন্নতাবাদী কার্যকলাপে মেধিদেৱৰ মুখ্যমন্ত্রিত্বৰ কার্যকালছোৱা তেখেতক ব্যতিব্যস্ত কৰি ৰাখিছিল৷ তদুপৰি সেই সময়ৰ পূব পাকিস্তানৰ পৰা অসমলৈ নিৰন্তৰ ঘটি থকা অনুপ্রৱেশৰ সমস্যাটোক লৈ মেধি ডাঙৰীয়া আৰু কংগ্রেছ দলৰ শীর্ষ নেতৃত্বৰ মাজত সংঘাত প্রকট হৈ উঠিছিল৷ সাতে–সোতৰই মিলি মেধিদেৱক অসমৰ মুখ্য মন্ত্রীৰ আসনখন ত্যাগ কৰিবলৈ বাধ্য কৰিছিল৷ তেখেতৰ সময়লৈকে অসমৰ কংগ্রেছী নেতাসকলৰ স্বৰাজ্য সম্বন্ধীয় দৃষ্টিভংগীত এক গভীৰ দায়বদ্ধতাৰ ভাব প্রতিফলিত হৈছিল৷ কিন্তু মেধিদেৱক মুখ্য মন্ত্রী পদৰ পৰা অপসাৰণ কৰি কংগ্রেছ দলৰ শীর্ষ নেতৃত্বই এই কথাকে বুজাই দিছিল যে মুছলমান ভাষণৰ নীতিৰ বিৰুদ্ধাচৰণ কৰা কোনো ব্যক্তিকে সেই দলে মুখ্য মন্ত্রী হিচাপে পছন্দ নকৰে৷ বিষ্ণুৰাম মেধিদেৱৰ প্রস্থানোত্তৰ কালৰ অসমৰ ৰাজনৈতিক ইতিহাস সম্পর্কে আমি আটায়েই কম–বেছি পৰিমাণে অৱগত৷ ১৯৭৮ চনত অসমৰ প্রথমখন অনা–কংগ্রেছী চৰকাৰৰ মুৰব্বী হিচাপে গোলাপ বৰবৰা ডাঙৰীয়াই ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ সপক্ষে কার্যব্যৱস্থা গ্রহণৰ প্রস্তুতি চলাওঁতেই তেখেতৰো প্রস্থানৰ মুহূর্ত উপস্থিত হোৱাটো অসমীয়াৰ জাতীয় জীৱনৰ পক্ষে আন এক বৃহৎ দুর্ভাগ্য ৰূপে বিৱেচিত হ’বৰ যোগ্য৷ বৰবৰাদেৱে মুখ্য মন্ত্রীৰ আসন ত্যাগ কৰাৰে পৰা সুদীর্ঘ অসম আন্দোলনৰ সমাপ্তি পর্যন্ত কালছোৱাক স্বৰাজোত্তৰ অসমৰ ইতিহাসৰ এক নৈৰাজ্যৰ কাল ৰূপে চিহ্ণিত কৰিলেও নিশ্চয় ভুল নহ’ব৷ এই সময়খিনিৰ ভিতৰতে অসমৰ খিলঞ্জীয়া শিবিৰভুক্ত জনসাধাৰণ অসমত নিজ অস্তিত্ব সম্বন্ধে সজাগ হৈ উঠাটো নিঃসন্দেহে অসম আন্দোলনৰ এক ইতিবাচক দিশ৷ কিন্তু একে সময়তে এই আন্দোলনটোৰ নেতিবাচক দিশটো আছিল ইয়াৰ পৰিণতিত ৰাজ্যৰ শাসন–ক্ষমতা হস্তগত কৰা প্রফুল্ল কুমাৰ মহন্তৰ নেতৃত্বাধীন অসম গণ পৰিষদৰ প্রথমখন চৰকাৰে অসমীয়া মানুহৰ নিৰাপত্তাহীনতাৰ ভাব দূৰ কৰিবলৈ ব্যর্থ হোৱাটো৷ বৰং ৰাজ্যৰ প্রথমখন আঞ্চলিক দলৰ চৰকাৰৰ সামগ্রিক কার্যকলাপে অসমবাসীৰ মনত অনাস্থাৰ ভাবটোহে দৃঢ় কৰি তুলিলে৷ অসম আন্দোলনৰ কালছোৱাত ইয়াৰ নেতৃবৃন্দই ৰাজ্যবাসীক যি সোণৰ অসম গঢ়াৰ সপোন দেখুৱাইছিল, সেই সপোন মৰহিবলৈ পাঁচটা বছৰৰো আৱশ্যক নহ’ল৷
অগপ দলৰ প্রথমটো কার্যকালৰ ব্যর্থতাৰ সুযোগ লৈ কংগ্রেছ দলে ১৯৯১ চনত পুনৰায় দিছপুৰ দখল কৰিলে৷ এইবাৰ অসমৰ মানুহে যেন জানি–শুনি বিষপান কৰিবলৈ আগ বাঢ়ি আহিল৷ ইয়াৰ বাবে যে গণ পৰিষদৰ তদানীন্তন শীর্ষ নেতৃত্বৰ জনস্বার্থবিৰোধী কার্যকলাপেই সম্পূর্ণ দায়ী আছিল, সেই কথা বহলাই ক’বৰ আৱশ্যক নহয়৷ ১৯৯৬ চনত নানা কূট–কৌশল খটুৱাই প্রফুল্ল মহন্তই দ্বিতীয়টো কার্যকালৰ বাবে ৰাজ্যখনৰ শাসন–ক্ষমতা লাভ কৰিবলৈ সমর্থ হৈছিল যদিও এই কালছোৱাতে অনাস্থাৰ কলীয়া ডাৱৰে অসমৰ জনজীৱনক অভূতপূর্বভাৱে আচ্ছন্ন কৰি তুলিছিল৷ মহন্তৰ নেতৃত্বাধীন এই চৰকাৰখন ৰাজহুৱা স্বার্থ ৰক্ষা কৰাত ইমানেই ব্যর্থ হৈছিল যে অসমত পুনৰায় এখন আঞ্চলিক দলৰ চৰকাৰ গঠন হোৱাৰ সকলো সম্ভাৱনা অন্তর্হিত হৈ পৰিছিল৷
২০০১ চনৰ পৰা ২০১৬ চন পর্যন্ত ধাৰাবাহিকভাৱে অসমত কংগ্রেছী শাসন চলিছিল৷ কিন্তু ইয়াৰ অর্থ এইটো নহয় যে তৰুণ গগৈৰ নেতৃত্বাধীন তিনিখন কংগ্রেছী চৰকাৰে ৰাজ্যবাসীৰ মনৰ পৰা অনাস্থাৰ ভাব দূৰ কৰিবলৈ সমর্থ হৈছিল৷ প্রকৃতপক্ষে এই ডেৰ দশকজোৰা কালছোৱা প্রফুল্ল মহন্তৰ দ্বিতীয়টো কার্যকালৰ ‘কীর্তিকলাপে’ অসমৰ মানুহক দুঃস্বপ্ণৰ দৰে খেদি ফুৰিছিল৷ তাৰ সুযোগতে কংগ্রেছ দলে সুদীর্ঘ পোন্ধৰ বছৰ ধৰি খিলঞ্জীয়াবিৰোধী কার্য চলাই যাব পাৰিছিল৷ এই কালছোৱাত ভাৰতীয় জনতা পার্টীৰ দৰে আদর্শবাদী দল এটাও অসমত চৰকাৰ গঠন কৰিব পৰাকৈ সাংগঠনিকভাৱে সবল হৈ উঠা নাছিল৷
সুদীর্ঘ প্রতীক্ষাৰ অন্তত ২০১৪–১৫ চনৰ পৰা অসমৰ ৰাজনৈতিক প্রেক্ষাপটলৈ এক দর্শনীয় পৰিৱর্তনৰ আগমন ঘটে৷ ২০১৪ চনৰ লোকসভা নির্বাচনত বিজেপি নেতা নৰেন্দ্র মোদী ডাঙৰীয়া দেশখনৰ প্রধান মন্ত্রী হিচাপে প্রক্ষেপিত হোৱাৰ পাছৰ পৰাই গেটেই দেশৰ লগতে অসমতো বিজেপিৰ সমর্থনত এক প্রবল বতাহ বলা পৰিলক্ষিত হয়৷ সেইবাৰৰ নির্বাচনত লোকসভালৈ বিজেপিৰ সাতগৰাকী প্রার্থী নির্বাচিত হৈছিল৷ লক্ষণীয়ভাৱে প্রধান মন্ত্রী নিযুক্ত হোৱাৰ পাছৰে পৰা মোদী ডাঙৰীয়াই অসমকে ধৰি সমগ্র উত্তৰ–পূর্বাঞ্চলৰ সর্বাংগীণ বিকাশৰ অর্থে বিশেষ সদিচ্ছা প্রকাশ কৰি আহিছে৷ গোটেই অঞ্চলটোৰ ৰাইজে প্রধান মন্ত্রী মোদীৰ মাজত এজন আস্থাভাজন ৰাষ্ট্র নেতাক বিচাৰি পোৱা পৰিলক্ষিত হৈছে৷ মোদী ডাঙৰীয়াৰ এনে এক আস্থাভাজন ভাবমূর্তিকে অৱলম্বন হিচাপে লৈ অসমতো ভাৰতীয় জনতা পার্টীৰ সংগঠনে ক্ষিপ্র গতিৰে ঠন ধৰি উঠে৷ ইয়াৰ পৰিপ্রেক্ষিতত ২০১৬ চনত অনুষ্ঠিত ৰাজ্য বিধানসভাৰ নির্বাচনৰ জৰিয়তে অসমত প্রথমখন বিজেপি চৰকাৰ গঠনৰ পথ প্রশস্ত হৈ উঠে৷ সেই বছৰৰে ২৪ মে’ৰ দিনা গুৱাহাটীৰ খানাপাৰাত সম্পন্ন হোৱা নৱনির্বাচিত মুখ্য মন্ত্রী সর্বানন্দ সোণোৱালৰ শপত গ্রহণ অনুষ্ঠানত উপস্থিত থকা প্রধান মন্ত্রী নৰেন্দ্র মোদী ডাঙৰীয়াই এটা কথা স্পষ্টভাৱে ঘোষণা কৰিছিল যে পৰৱর্তী ৫টা বছৰত অসমে একোৰে অভাৱ অনুভৱ কৰিব লগা নহ’ব৷ সঁচাকৈয়ে ২০১৬–২০২১ কালছোৱাত ৰাজ্যখনৰ সর্বতোমুখী বিকাশ প্রক্রিয়াই এক অভূতপূর্ব গতি লাভ কৰা দেখা গৈছিল৷ কিন্তু বিকাশৰ সমান্তৰালভাৱে আন এক বিষয় আমাৰ দৃষ্টিত অধিক গুৰুত্বপূর্ণৰূপে বিৱেচিত হৈছিল৷ সেয়া হৈছে, অসমৰ খিলঞ্জীয়া জনসাধাৰণে দীর্ঘকালজুৰি অনুভৱ কৰি অহা নিৰাপত্তাহীনতাৰ ভাব দূৰ কৰা৷ অসমৰ প্রথমখন বিজেপি চৰকাৰ এই দিশত আশাতীতভাৱে সফল হৈছিল৷ কিয়নো কথাই–কামে এইখন খিলঞ্জীয়াৰ চৰকাৰ আছিল৷ দলটোৰ ৮৬গৰাকী বিধায়কৰ ভিতৰত অভিবাসী পক্ষৰ এজনো বিধায়ক নথকাৰ কথাটো অতিকৈ লক্ষণীয় আছিল৷
উল্লিখিত সকলো কাৰকৰ সন্মিলিত প্রভাৱত বিজেপি ইতিমধ্যে অসমৰ খিলঞ্জীয়া লোকসকলৰ আস্থাৰ পাত্র হৈ পৰিছিল৷ ২০২১ চনৰ ৰাজ্য বিধানসভাৰ নির্বাচনত খিলঞ্জীয়া আৰু অভিবাসী পক্ষ দুটাৰ মেৰু–বিভাজন পূর্বতকৈয়ো প্রকট হৈ উঠাটো মন কৰিবলগীয়া৷ স্বাধীনতাৰ পাছৰ কালছোৱাত কোনোবা ৰাজনৈতিক দলে যদি অসমৰ খিলঞ্জীয়া লোকসকলৰ ঐতিহ্য–সংস্কৃতি তথা ভাষা–সাহিত্যৰ সংৰক্ষণ তথা বিকাশৰ প্রতি সঁচা অর্থত দায়বদ্ধতা প্রকাশ কৰিছে, তেনেহ’লে সন্দেহাতীতভাৱে সেই দলটো হৈছে ভাৰতীয় জনতা পার্টী৷
চলিত বর্ষৰ ১০ মে’ৰ দিনা অসমত দ্বিতীয়খন বিজেপি মিত্রজোঁটৰ চৰকাৰে ড০ হিমন্ত বিশ্ব শর্মাদেৱৰ নেতৃত্বত কার্যভাৰ গ্রহণ কৰে৷ মন কৰিবলগীয়া কথা এয়ে যে চৰকাৰ একেখনেই আৰু ইয়াৰ নীতি–আদর্শও অপৰিৱর্তিত হৈ ৰৈছে৷ কেৱল চৰকাৰখনৰ মুৰব্বী অর্থাৎ মুখ্য মন্ত্রীগৰাকীহে সলনি হৈছে৷ অৱশ্যে সেয়ে হ’লেও বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰখনৰ দ্বিতীয়টো কার্যকালৰ প্রথম এশটা দিনত ইয়াৰ গতিশীলতা পূর্বতকৈয়ো বহু পৰিমাণে অধিক ৰূপত পৰিলক্ষিত হৈছে৷ অসমীয়াত এষাৰ কথা আছে যে যি মূলা বাঢ়িব তাৰ দুপতীয়াতে চিন ফুটি উঠে৷ ড০ হিমন্ত বিশ্ব শর্মাৰ চৰকাৰখনৰ প্রথম এশটা দিনৰ কার্যাৱলীত দৃষ্টিপাত কৰিলে আমি এটা বিষয়ত নিশ্চিত হ’ব পাৰোঁ আৰু সেইটো হৈছে চৰকাৰৰ কার্যকলাপত কেইবাটাও নতুন মাত্রাৰ সংযোজন৷ সকলো প্রকাৰৰ সমাজবিৰোধী কাম–কাজ কঠোৰ হাতেৰে নিয়ন্ত্রণ কৰিবলৈ মুখ্য মন্ত্রী ডাঙৰীয়াই অসম আৰক্ষীক কর্তৃত্ব প্রদান কৰিছে৷ চৰকাৰখনৰ প্রথম এশটা দিনৰ ভিতৰতে এখন মাদক–দ্রব্যমুক্ত অসমৰ সংকল্প বাস্তৱায়িত হোৱাটো অতিশয় আশাব্যঞ্জক কথা৷ তদুপৰি অতি কম দিনৰ ভিতৰতে বিধানসভাত গৃহীত হৈছে গো–হত্যা নিষিদ্ধকৰণ আইন৷ সুপ্রাচীন অসমীয়া সভ্যতাৰ সৈতে এই আইনখন অতিশয় সামঞ্জস্যপূর্ণ, কিয়নো অসমীয়া সমাজ–সংস্কৃতিত গৰুৰ এক আৱেগিক স্থান আছে৷
এই এশ দিনৰ ভিতৰত সমাজৰ সেৱাৰ থলী বর্ষীয়ান লোকসকলৰ প্রতি নতুন চৰকাৰখনে যিদৰে দায়বদ্ধতা প্রকাশ কৰিছে, সেই কথা প্রত্যক্ষ কৰি আমি আপ্লুত হৈছোঁ৷ সর্বোপৰি প্রতিটো নির্বাচনী প্রতিশ্রুতি পূৰণৰ দিশে যি গতিৰে চৰকাৰখন অগ্রসৰ হৈছে, তাৰ স্পষ্ট ৰূপত প্রতিফলিত ঘটিছে এই চৰকাৰৰ প্রথমখন বাজেটত৷ এই গতি অব্যাহত থাকিলে আগন্তুক পাঁচ বছৰৰ ভিতৰত অসমৰ সামগ্রিক দৃশ্যপটেই চিনিব নোৱৰা ধৰণে সলনি হৈ যাব বুলি আমি একান্ত আশাবাদী৷

You might also like