নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রমোদ বড়োৰ নতুন যাত্রা

ক’ৰোনাৰ বাধা, অশান্তিৰ আশংকা এই সকলোবোৰ অতিক্রম কৰি অৱশেষত বিটিচি নির্বাচন প্রায় সুকলমে সমাপ্ত হ’ল৷ দুই–এটা সৰু–সুৰা অপ্রীতিকৰ–বাঞ্ছিত ঘটনাৰ বাহিৰে এইবাৰৰ পৰিষদীয় সাধাৰণ নির্বাচনটো আছিল প্রত্যাশাতকৈও অধিক শান্তিপূর্ণ আৰু শৃংখলিত৷ পূর্বৰ তুলনাত ভয়–ভাবুকিৰপৰিৱেশ্ নাছিল বুলিয়েই ক’ব পাৰি৷ জনজাতি–জনজাতি সকলোৱে নির্বাচনী প্রচাৰৰ পৰা ভোটগণনালৈকে উছৱমুখৰ পৰিৱেশত, নাচি–বাগি নির্বাচনী প্রক্রিয়াটোত অংশগ্রহণ কৰে৷ ফলাফল ঘোষণা হোৱাৰ পাছতো পৰিষদীয় অঞ্চলটোত শান্তিপূর্ণ হৈ আছে৷ হিংসা–প্রতিহিংসাক কোনেও আসৈ দিয়া নাই৷ আশ্রয় দিয়া নাই৷ যদি কোনো অশুভ শক্তিয়ে অপ্রীতিকৰ কিবা ঘটনা ঘটোৱাৰ পৰিকল্পনা কৰিছিলো, সম্ভৱতঃ জনসাধাৰণৰ মতি–গতি দেখি তাৰ পৰা বিৰত থাকিল৷ সমাজৰ শুভশক্তিৰ জয় হ’ল৷ মঙলবাৰে প্রমোদ বডোৰ নেতৃত্বত ইউপিপিএল, বিজেপি আৰু জিএছপি মিত্রজোঁটৰ কার্যবাহী পৰিষদখনে শপতগ্রহণ কৰিলে৷ বিটিআৰ (পূর্বৰ বিটিচি) অঞ্চলৰ গণতন্ত্রৰ এটা নতুন যাত্রা আৰম্ভ হ’ল৷ মুখ্য কার্যবাহী সদস্য প্রমোদ বডোৱে সকলো জাতি–জনগোষ্ঠীক লগত লৈ চৰকাৰখন আগবাঢ়িব বুলি জনসাধাৰণ নিশ্চিত দিছে৷ বিটিআৰত কিন্তু এইটোৱেই সবাতকৈ ডাঙৰ প্রত্যাহ্বান৷ তদুপৰি বাস্তৱ ক্ষেত্রত বিটিআৰ চুক্তিখনেও ইয়াক সমর্থন নকৰে৷ গতিকে ভাৰসাম্য কিদৰে ৰক্ষা কৰিব পাৰে, তাৰ ওপৰতহে চৰকাৰখনৰ ভৱিষ্যৎ নির্ভৰ কৰিব৷ এইক্ষেত্রত বিপিএফপ্রধান হাগ্রামা মহিলাৰী যথেষ্ট পৰিমাণে সফল আছিল৷

মুখ্য কার্যবাহী সদস্য প্রমোদ বডোৰ বাবে পৰিষদখন পৰিচালনা কৰাটো সিমান সহজসাধ্য নহ’ব৷ প্রথম প্রশ্ণটো আস্থাৰ৷ পৰিষদীয় অঞ্চলটোৰ সকলো শ্রেণীৰ জনসাধাৰণৰ আস্থা অর্জন কৰিব নোৱাৰিলে ১৭খন আসনেৰে বিৰোধীৰ পক্ষত হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফে তেওঁক শান্তিৰে শাসন কৰিবলৈ নিদিব৷ এইক্ষেত্রত প্রমোদ বডোৰ প্রধান সমস্যাটো হ’ল, তেওঁৰ ইমেজ৷ দীর্ঘকাল ধৰি এবছুৰ নেতৃত্বত থাকি পোনে পোনে ৰাজনীতিলৈ অহাৰ বাবে এবছুৰ নেতা হিচাপে তেওঁ ইতিমধ্যে অজনজাতীয় সমাজখনৰ মাজত আঁকি থোৱা ইমেজটোৰ পৰা আঁতৰি আহিবলৈ সময় নাপালে৷ এবছুৰ সভাপতি হৈ থাকোঁতে তেওঁ কোচ ৰাজবংশী, আদিবাসীকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ মুকলিকৈ বিৰোধিতা কৰিছিল৷ ইয়াৰ সপক্ষে তেওঁ বহু যুক্তি দাঙি ধৰিলেও জনজাতিকৰণৰ বাবে সুদীর্ঘকাল আন্দোলন কৰি থকা জনগোষ্ঠীকেইটা সেই কথা পাহৰা নাই৷ ইয়ে তেওঁৰ অজনজাতিৰ স্বার্থৰ বিৰোধী বুলি এটা ভাবমূর্তি গঢ়ি থৈছে৷ দ্বিতীয় কথাটো হ’ল, এনডিএফবি৷ বিটিআৰ অঞ্চলত বডো জাতীয়তাবাদৰ আধাৰ হিচাপে লৈ কেইবাটাও উগ্রপন্থী সংগঠনৰ জন্ম হৈছে যদিও দীর্ঘকালৰ বাবে সশস্ত্র তৎপৰতা চলাই থকা একমাত্র সংগঠনটো হৈছে এনডিএফবি৷ অৱশ্যে এই সময়ছোৱাত সংগঠনটোত কেইবাটাও বিভাজনো হৈছে৷ ইয়াৰ সমান্তৰালকৈ সশস্ত্র পন্থা ত্যাগ কৰি আলোচনাৰ মেজলৈও গোট গোট আহিছে৷ কিন্তু সশস্ত্র পন্থাত বিশ্বাসী অন্তিমটো বিভাজিত শক্তি কর্মক্ষেত্রত বিৰাজমান হৈ থকালৈকে এন ডি এফ বিয়ে বিগত সময়ছোৱাত এনে কিছুমান কাম কৰিছিল যে বহু অজনজাতীয় লোকৰ বাবে তেওঁলোক দুঃস্বপ্ণৰ দৰে হৈ আছিল৷ হিংসাত্মক ঘটনাবোৰৰ কথা বাদ দিও যিটো কথাই গ্রামাঞ্চলৰ বাসিন্দাক অতি কষ্ট দিছিল, সেইটো বডোলেণ্ড টেক্স৷ দিন হাজিৰা কৰা লোকো সংগঠনটোৰ বার্ষিক টেক্সৰ আওতাৰ পৰা ৰক্ষা পৰা নাছিল৷ অৱশ্যে বুজনসংখ্যক বডোভাষী জনগণো ইয়াৰ পৰা ৰেহাই পোৱা নাছিল৷ কিন্তু অজনজাতীয় লোকৰ মানসিক জগতখনত সেই কার্যৰ প্রভাৱ বেয়াকৈ পৰিছিল৷ সদ্যসমাপ্ত বিটিচি নির্বাচনতো ইয়াৰ প্রভাৱ স্পষ্টকৈ দেখা যায়৷ ইউপিপিএলে মাথোঁ ১২খন আসনত জয়লাভ কৰাৰ প্রধান কাৰণেই হৈছে দলটোৰ নেতৃত্বৰ অজনজাতীয় সমাজখনত থকা ভাবমূর্তি৷ এতিয়া এনে চর্চাও চলিছে যে পৰিষদীয় অঞ্চলটোত বডো জনসাধাৰণে একক শক্তিৰে মাথোঁ ১২খন আসনতহে প্রার্থী জয়ী কৰাব পাৰে৷ আন আসনকেইখনত অজনজাতিৰ সহায় লাগিবই৷ আৰু পৰিষদখনৰ আসনৰ সংখ্যা ৬০খনলৈ বৃদ্ধি কৰা হয়, এই সমীকৰণটো অধিক দুর্বল হোৱাৰ সম্ভাৱনা আছে৷ ইয়াৰ বিপৰীতে অজনজাতীয়ৰ সমর্থন লাভ কৰা বাবেই বিপিএফৰ যেনে দুর্গতি হ’ব বুলি ধাৰণা এটা গা কৰি উঠিছিল, সেয়া হৈ নুঠিল৷ বৰং ক’ব পাৰি যে পৰিষদীয় অঞ্চলটোত দলটোৰ শক্তি প্রায় অক্ষত থাকিল৷ পূর্বৰ নির্বাচনটোৰ তুলনাত মাথোঁ দুখন আসনহে দলটোৱে কম পালে৷ গতিকে, প্রমোদ বডোৱে নিজৰ তথা ইউপিপিএলৰ এই ভাবমূর্তিটো যথাসম্ভৱ সলাব শীঘ্রে লাগিব৷ ৰাজনীতি বহু বেলেগ৷ অৱশ্যে হাগ্রামা মহিলাৰীৰ ক্ষেত্রতো সমস্যা একেই আছিল৷ বিএলটি পৰিষদীয় অঞ্চলটোৰ অজনজাতীয় লোকৰ স্বার্থ সুৰক্ষাৰ বাবে গঠন হোৱা নাছিল৷ কিন্তু হাগ্রামা মহিলাৰীয়ে নির্বাচনৰ পূর্বে প্রায় দুবছৰ বিটিচি শাসন কৰাৰ সুবিধা পাইছিল৷ সিয়ে তেওঁ অথবা তেওঁৰ দলটোক পৰিষদীয় অঞ্চলটোৰ ৰাজনীতিৰ অ আ ক খ শিকিবলৈ সুবিধা কৰি দিছিল৷ প্রমোদ বডোৱে এবছুৰ নেতৃত্বত থকা সময়ত সেইবোৰ দেখি আহিছে৷ ইয়ে তেওঁকো কিছু পৰিমাণে সহায় কৰিব নিশ্চয়৷ তেওঁৰ বাবে আৰু এটা যোগাত্মক দিশ হ’ব পাৰে মিত্রজোঁটত জিএছপিক পোৱাটো৷ কিয়নো নীতিগত দিশৰ পৰা প্রমোদ বডো নতুবা ইউপিপিএল আৰু সাংসদ নৱ কুমাৰ শৰণীয়া অথবা জিএছপিৰ স্থান দুটা মেৰুত৷ বিপৰীত মেৰুত অৱস্থান কৰি থকা দল দুটাৰ মাজত মিত্রজোঁট গঠন হ’ব পাৰে, সেইটো কল্পনাৰো অতীত৷ অজনজাতীয় সমাজত প্রমোদ বডোৰ গ্রহণযোগ্যতা বৃদ্ধিত জিএছপি সহায়ক হ’ব পাৰে৷ তদুপৰি, পৰিষদীয় অঞ্চলটোৰ অজনজাতীয় সমাজখনত বিজেপিও এতিয়া এটা প্রধান শক্তি৷ অর্থাৎ প্রমোদ বডো এতিয়া যথেষ্ট সুবিধাজনক স্থিতিত আছে৷ কিন্তু বুনিয়াদী প্রশ্ণবোৰৰ উত্তৰ নোলোৱালৈকে তেওঁৰ গ্রহণযোগ্যতা প্রকৃতার্থত কিমান বাঢ়ে, সেইটো এতিয়াই ক’ব নোৱাৰি৷

বিটিআৰখন মূলতঃ বডো জনগোষ্ঠীয় লোকসকলৰ আশা–আকাংক্ষা পূৰণৰ বাবে গঠন হৈছে৷ ইয়াৰ বাবে আন্দোলন–সংগ্রাম কৰিছে বডো জনগোষ্ঠীয় লোকসকলে৷ সেই আশা–আকাংক্ষা পূৰণ কৰিব নোৱাৰিলে, আজি বুকুৰ মাজত ধৰি ৰখা প্রমোদ বডোক কোলাৰ পৰা মাটিত থেকেচি পেলাবলৈ বেছি সময় নালাগিব৷ জনগোষ্ঠীটো এতিয়া পৰিৱর্তনৰ নতুন পথ এটাৰে গতি কৰিছে৷ তেওঁলোকৰ আশা–আকাংক্ষাৰো স্বৰূপ সলনি হৈ যাব ধৰিছে৷ ইয়াৰ সৈতে খাপ খুৱাই সা–সুবিধা আগবঢ়াব পৰাটো পৰিষদীয় চৰকাৰখনৰ সন্মুখত এটা ডাঙৰ প্রত্যাহ্বান থাকিব৷ মানবিশিষ্ট শিক্ষা, উন্নত যাতায়াত ব্যৱস্থা, ব্যৱসায়–বাণিজ্যৰ সুবিধা, নিযুক্তি আদিত যদি স্ব–গোষ্ঠীয় লোক উপকৃত নহয়, অসন্তুষ্টি নিশ্চয়কৈ গঢ় লৈ উঠিব৷ তদুপৰি, আন আন জনগোষ্ঠীয় লোকৰ দৰে বডো সমাজখনো দুখীয়া লোকেৰে ভৰা৷ বিটিচি গঠন হোৱালৈকে গ্রামাঞ্চলৰ বডো জনসাধাৰণৰ দুৰৱস্থাৰ বিশেষ পৰিৱর্তন হোৱা নাছিল৷ অভাৱৰ মাজতে জন্ম লৈ অভাৱতে জীৱন পৰিক্রমা সমাপ্ত হৈছিল হাজাৰ হাজাৰ লোকৰ৷ আজিও দুর্দশাৰ সেই কৰুণ ছবিখনৰ বৈপ্লৱিক পৰিৱর্তন হোৱা নাই৷ পৰিৱর্তনৰ দায়িত্ব প্রমোদ বডোৱে ল’ব লাগিব৷ লগতে দুর্নীতি–ভ্রষ্টাচাৰৰ পৰা পৰিষদৰ শাসন যন্ত্রটোক নিকা কৰিব নোৱাৰিলে, চৰকাৰী সা–সুবিধা, আঁচনি আদিৰ কাংক্ষিত ফলাফল জনসাধাৰণে পাবলৈ ব্যর্থ হ’ব৷ কিন্তু তাৰ কুফল প্রশাসন যন্ত্রটোৱে নহয়, ভোগ কৰিব লাগিব শাসক দলে৷

এইবাৰৰ পৰিষদীয় নির্বাচনটো দুটা দিশৰ পৰা তাৎপর্যপূর্ণ৷ প্রথমটো হ’ল বিজেপিৰ সবল উত্থান আৰু আনটো হাগ্রামা মহিলাৰীৰ প্রত্যাৱর্তন৷ পৰিষদীয় অঞ্চলটো বডো জাতীয়তাবাদীৰ বাহিৰে আন ৰাজনৈতিক দলৰ বাবে বিশেষ সুবিধাজনক নাছিল৷ অঞ্চলটোৰ জনসাধাৰণো মূলতঃ সেই জাতীয়তাবাদী শিবিৰক কেন্দ্র কৰি চলিছিল৷ তাৰ অন্যতম কাৰণ হ’ল পৰিৱেশসৃষ্ট মানসিকতা আৰু সাংবিধানিকভাৱে পৰিষদখনে লাভ কৰা ক্ষমতা৷ ইয়াৰ বাবে পূর্বতে যথেষ্ট শক্তিশালী স্থিতি থকা কংগ্রেছ, অগপৰ দৰে দলৰ সাংগঠনিক শক্তি লাহে লাহে নাইকিয়া হৈ পৰাৰ দৰেই হ’ল৷ ইয়াৰ বিপৰীতে, নীৰৱে সাংগঠনিক শক্তি বঢ়াই থকা বিজেপিয়ে সেই শৃংখলটো ভাঙি জনসাধাৰণৰ মাজত এটা নতুন পৰিৱেশ সৃষ্টি কৰাত সফল হ’ল৷ দলটোৱে সমষ্টি বাছনি প্রক্রিয়াৰ পৰা সমান গুৰুত্বসহকাৰে নির্বাচনটোত অৱতীর্ণ হোৱাহেঁতেন অধিক উন্নত ফলাফল লাভ কৰাৰ বিপৰীতে বিপিএফৰ অৱস্থা অধিক শোচনীয় হৈ পৰাৰ সম্ভাৱনা আছিল৷ উদাহৰণস্বৰূপে বিজনীৰ মানাস ছেৰফাং সমষ্টিতকৈ বিজেপিৰ বাবে অধিক সম্ভাৱনাময় সমষ্টিটো আছিল সুভাইঝাৰ৷ কিন্তু তাত প্রার্থীয়েই দিয়া নহ’ল৷ দলটোৱে আৰম্ভণিৰ পৰা নহয়, বহু পাছতহে বিটিচি নির্বাচনক লৈ সচেতন হোৱা যেন লাগে৷ তথাপি দলটোৱে ৯খন আসন লাভ কৰি তথা প্রায় সমসংখ্যক আসনত প্রতিপক্ষক তীব্র প্রত্যাহ্বান জনাই অনাগত দিনৰ ৰাজনীতিৰ বাবে সম্ভাৱনাৰ বৃহৎ দুৱাৰ এখন মুকলি কৰি থ’লে৷ বিধানসভা নির্বাচনত পৰিষদীয় অঞ্চলটোত থকা ১২খন আসনৰ গৰিষ্ঠসংখ্যক আসনত জয়লাভ কৰিব পাৰে৷ আনহাতে, চৌদিশৰ পৰা প্রবল প্রত্যাহ্বানৰ সন্মুখীন হৈও ভাগৰি নপৰা হাগ্রামা মহিলাৰীয়ে দ্বিতীয় পর্যায়ৰ ভোটগ্রহণত অবিশ্বাস্য ধৰণে প্রত্যাৱর্তন ঘটাবলৈ সক্ষম হয়৷ বিপিএফৰ নেতাজনে দুর্নীতি–ভ্রষ্টাচাৰৰ অভিযোগৰ মাজতো শীতল মগজুৰে ৰণকৌশল প্রস্তুত কৰি সেইমতে আগবঢ়াৰ ফল কোকৰাঝাৰ আৰু চিৰাং জিলাত লাভ কৰিলে৷ দুয়োখন জিলাৰ ঊনৈশখন আসনৰ বিপৰীতে বিপিএফে ১৩খনতে জয়লাভ কৰে৷ ইয়াক প্রত্যাৱর্তন বুলি নকৈ নোৱাৰি৷ সম্ভৱতঃ হাগ্রামা মহিলাৰীয়ে বিজেপিৰ আৰু ইউপিপিএলৰ সভাসমূহত ভাগ লোৱা জনসাধাৰণৰ সূক্ষ্মভাৱে পর্যবেক্ষণ আৰু পর্যালোচনা কৰি কোকৰাঝাৰ আৰু চিৰাং জিলাৰ বাবে ৰণকৌশল প্রস্তুত কৰিছিল৷ তাৰ ফলো তেওঁ লাভ কৰিলে৷ বিজেপিৰ প্রার্থী নথকা সমষ্টিত ইউপিপিএলক পৰাজিত কৰি দুয়োখন জিলাৰ সিংহভাগ আসন নিজৰ দখললৈ আনিলে৷ আনকি, দেৱৰগাঁও সমষ্টিত প্রমোদ বডোৱে বিশাল নির্বাচনী সভা আয়োজন কৰিও হাগ্রামা মহিলাৰীক পৰাজিত কৰিব নোৱাৰিলে৷ অজনজাতীয় ভোটাৰক নিজৰ পক্ষলৈ অনাত সক্ষম হ’ল৷ কেইটামান সমষ্টিত ধর্মীয় সংখ্যালঘু ভোটাৰে বিপিএফৰ জয়ত প্রধান ভূমিকা ল’লে৷ যাৰ বাবে চতুর্থবাৰৰ বাবে বিটিচি দখলৰ প্রায় কাষ চাপিবলৈ সক্ষম হ’ল মহিলাৰী৷ ইউপিপিএলে ভবাতকৈ কমকৈ আসন পালে৷ এইটোও এটা লক্ষণীয় দিশ৷ আনহাতে, কংগ্রেছ–ইউডিএফ মিত্রজোঁটক বিটিআৰৰ জনসাধাৰণে গ্রহণ নকৰিলে৷ বিজেপিৰ সবল অংশগ্রহণে জিএছপিৰ যথেষ্ট ক্ষতি কৰিলে৷ পৰিষদীয় অঞ্চলটোৰ অন্যতম প্রধান শক্তি হৈও দলটোৱে এখন আসনতে সন্তুষ্ট থাকিবলগীয়া হ’ল৷ দলটোৰ প্রতি পৰিষদীয় অঞ্চলৰ ৰাজনৈতিক দল ইমানেই ভয় খাই আছিল যে একমাত্র জিএছপিক হৰুওৱাৰ স্বার্থত বিপিএফ আৰু ইউপিপিএল লগ লাগি এটা দল গঠনৰো চিন্তা–চর্চা চলিছিল৷ এইক্ষেত্রত হাগ্রামা মহিলাৰীয়ে ইউপিপিএল নেতৃত্বলৈ যথাযোগ্য মর্যাদা দি আগবাঢ়িলে ইউপিপিএল হয়তো কেতিয়াবাই বিপিএফত চামিল হ’লহেঁতেন৷ যিয়েই নহওক, এইবাৰৰ বিটিচি নির্বাচনে কেইবাটাও যোগাত্মক তথা ৰাজনৈতিকভাৱে তাৎপর্যপূর্ণ দিশ কঢ়িয়াই আনিছে৷ নতুনকৈ স্বাক্ষৰিত চুক্তিত মূল স্বাক্ষৰকাৰীসকল ক্ষমতালৈ আহিছে৷ পৰিষদখন কিমান সুচাৰুৰূপে চলিব বা জনসাধাৰণৰ আশা–আকাংক্ষা কিমান সবল ৰূপত প্রতিফলিত হ’ব, সেইটো নির্ভৰ কৰিব নতুন শাসকসকলৰ ওপৰত৷ এই যাত্রাটো সকলোৱে বিচৰা ধৰণৰ হওক৷

You might also like