নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদেশৰ এটা নাইট ক্লাব, য’ত সংস্কৃত গানৰ তালে তালে কৰা হয় নৃত্য

নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰঃ সাধাৰণতে নাইট ক্লাবত মনোৰঞ্জন লোৱা হয় হিন্দী, পঞ্জাবী বা আন আধুনিক ভাষাৰ গান বজাই। ডি জেৰ সংগীতত কৰা হয় নৃত্য। কিন্তু আপুনি কল্পনা কৰিব নোৱাৰে যে সাত সাগৰ তেৰ নদী পাৰৰ এখন দেশৰ নাইট ক্লাবত ব্যৱহাৰ কৰা হয় সংস্কৃত ভাষাত গোৱা গান। আৰু এই গানৰ তালে তালে কৰা হয় নৃত্য।

এই দেশখন হ’ল আৰ্জেটিনা। আৰ্জেণ্টিনাৰ ৰাজধানী বুয়েনাৰ্ছ আয়াৰ্ছত থকা গ্ৰুভ নামৰ এটা নাইট ক্লাবত বজোৱা হয় সংস্কৃত গান। ইয়াত গণেশ স্বৰনম, গোবিন্দা গোবিন্দা, জয় জয় ৰাধা ৰাম হৰি বোল, গুৰুদেৱ গুৰু নমঃ, জয় কৃষ্ণৰ দৰে গান বজোৱা হয়। আৰ্জেণ্টাইন এই নাইট ক্লাবটোত মুঠ ৮০০ লোকে নৃত্য কৰিব পাৰে।

কিন্তু প্ৰশ্ন উঠিব পাৰে যে ভাৰতৰ পৰা বহু দূৰৰ এখন ঠাইৰ নাইট ক্লাবত ই কিদৰে সম্ভৱ। আচলতে ভাৰতীয় কূটনীতিক আৰ বিশ্বনাথনে ২০১২ চনত আৰ্জেণ্টিনালৈ যাওঁতে এই ক্লাবটোলৈ গৈছিল আৰু তাত দেখিছিল আমি সাধাৰণতে ভবা নাইট ক্লাবৰ ধাৰণাতকৈ ইয়াৰ আদব-কায়দা পৃথক। তাত কোনো মদ্যপানৰ ব্যৱস্থা নাই, নাই মাছ-মাংসৰ ব্যৱহাৰ। ধূমপান কৰাটোও বৰ্জনীয় গ্ৰুভত। ড্ৰাগছৰতো কথাই নাই।

নাইট ক্লাবটোত কেৱল ছফ্ট ড্ৰিংকছ, ফলৰ ৰস আৰু নিৰামিষ আহাৰৰহে প্ৰচলন আছে। নাইট ক্লাবৰ ভিতৰৰ সংস্কাৰ দেখি অভিভূত হৈ পৰা আৰ বিশ্বনাথনে ব্যাখ্যা কৰা মতে, নাইট ক্লাবটোৰ জৰিয়তে মন্ত্ৰ, যোগ, ধ্যান, সংগীত আৰু নৃত্যৰ মাজেৰে একধৰণৰ আধ্যাত্মিক সাধনা কৰা হয়। তেনে কাৰণতে সংস্কৃত গানৰ প্ৰচলন আছে তাত। নাইট ক্লাবত সোমোৱাৰ পিছতে কোনো লোকৰ তাত মনত যি পৰিৱেশৰ সূচনা হয় অতিকৈ প্ৰশংসনীয় বুলি আখ্যা দিয়ে বিশ্বনাথনে।

You might also like