নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দীপাৱলী উপলক্ষে ভাৰতবাসীক উপহাৰ মাৰ্কিন গায়িকাৰ… শুনক এই শ্ৰুতিমধুৰ উপহাৰ

নিয়মীয়া বাৰ্তা, ১২ নৱেম্বৰঃ অনবদ্য কণ্ঠৰ অধিকাৰী এগৰাকী আমেৰিকান গায়িকাই ভাৰতবাসীলৈ দীপাৱলী উপলক্ষে উপহাৰ দিলে এটি বন্দনামূলক গান। ওম জয় জগদীশ হৰে নামৰ এই আধ্যাত্মিক বন্দনাটো নিজস্ব শৈলীত গাই উপহাৰ দিলে ভাৰতবাসীক। মাৰ্কিন গায়িকা মেৰী মিলেবন নামৰ গায়িকাগৰাকীয়ে ছ’চিয়েল মিডিয়াযোগে গানটো পোষ্ট কৰি উল্লেখ কৰে যে এই গানটো শুনিলে ভাৰতীয় সংস্কৃতিৰে সম্পৰ্ক স্থাপন হয়।

উৎসৱ বা কোনো প্ৰাৰ্থনাত বিশ্বজুৰি ভাৰতীয়সকলে গোৱা গানটো এবাৰ নিজে গোৱাৰ চেষ্টা চলোৱা হ’ল। মেৰী মিলবেনে কানাডিয়ান স্ক্ৰীন এৱাৰ্ড লাভ কৰাৰ লগতে গ্ৰেমী এৱাৰ্ডৰ বাবেও মনোনীত হৈছিল। আফ্ৰিকান আমেৰিকান গায়িকা মেৰী চলিত বছৰত স্বাধীনতা দিৱসত জাতীয় সংগীত পৰিৱেশন কৰি ভাৰতবাসীৰে প্ৰথমবাৰ পৰিচিত হৈছিল। ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এই গানটোৰে দীপাৱলীৰ শুভেচ্ছা জনাইছে মেৰীয়ে।

You might also like