নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিচি নির্বাচন আৰু অনাগত দিনৰ ৰাজনীতি

ৰাজনৈতিক পর্যবেক্ষকৰ বাবে এইবাৰৰ বিটিচি নির্বাচনৰ ৰেহ–ৰূপ কি হ’ব পাৰে, তাৰ পূর্বানুমান কৰাটো টান হৈ পৰিছিল৷ এনে জটিল আৰু ধূসৰতাক ভেদ কৰিবলৈ মই নিজেও বহু যত্ন কৰিছিলো, ২০ টাকৈ পৰিষদীয় সমষ্টি পৰিভ্রমণ কৰি ভোটাৰৰ লগত মত বিনিময় কৰিছিলো৷ নির্বাচনী প্রচাৰ, ভোটাৰৰ জনগাঁথনি, দলীয় ব্যৱস্থাপনা আৰু ভোটাৰৰ ভোটদানৰ ধাৰাটো অধ্যয়ন কৰি উঠি দুটাকৈ জনপ্রিয় টেলিভিছন চেনেলৰ টকশ্ব’ত নির্বাচনী আলোচনা আগবঢ়াই কিছু পূর্বানুমান প্রকাশ কৰিছিলো৷ ই মোৰ বাবে আছিল এক কঠিন পৰীক্ষা৷ বহুখিনি মিলিল, তাৰ মাজতো কিছু নিমিলিল৷ বহু পর্যবেক্ষকক ভুল প্রমাণিত কৰি বিপিএফে নিজৰ ৰাজনৈতিক প্রতিপত্তি সুৰক্ষিত কৰি সর্ববৃহৎ দলৰূপে নিজকে পুনৰ প্রতিষ্ঠা কৰিলে যদিও শেষ ৰক্ষা নহ’ল৷ ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে চর্চিত এই নির্বাচনটোৱে বিটিচি গঠন প্রক্রিয়াত এক নতুন সমীকৰণ আগবঢ়ালে৷ এইবাৰ বিটিচিত বিৰোধী কোন, তাক এই মুহূর্ততো ক’ব পৰা নাযায়৷ বিপিএফো বিজেপিৰ ৰাজনৈতিক মিত্রতাত আবদ্ধ, তিনিজন মন্ত্রী ইমান ঘটনা–পৰিঘটনাৰ পিছতো মন্ত্রিত্বৰ মোহ এৰি পদত্যাগ কৰা নাই৷ ইফালে বিটিআৰ চুক্তিৰ কালৰে পৰা ইউপিপিএল বিজেপিৰ বহু কাষ চাপিল৷ এনে প্রেক্ষাপটত বিটিচিত প্রকৃততে বিৰোধীৰ আসন ৰাজনৈতিক দিশৰ পৰা খালী হৈ ৰ’ল, অন্ততঃ কিছুদিনলৈ৷ প্রমোদ বডোৱে ৰাজনীতিক পৰিপক্বতাৰ পৰিচয় দিলে প্রথম খোজতে৷ সংখ্যাৰ জোৰেৰে প্রমোদ বডোৰ দলে আসন কম লাভ কৰাৰ ইংগিত লাভ কৰিছিল কিন্তু প্রমোদ বডোৱে পলম নকৰিলে৷ তেওঁ নিশাই গুৱাহাটীলৈ আহি বিজেপিৰ ৰাজ্যিক নেতাক সাক্ষাৎ কৰি পৰিষদ গঠনৰ কুচকাৱাজ চলাই দিলে৷ হাগ্রামা বা বিজেপিত থকা হাগ্রামাপন্থীক সুযোগ নিদিলে৷ লগতে বহুদিনীয়া অবডো ৰাজনীতিৰ ঘাই শিপাডালো উভালি প্রমোদ বডোৱে দুর্বল কৰিলে৷ ১২ ডিচেম্বৰৰ নিশা গুৱাহাটীলৈ অহাৰ সময়তে প্রমোদ বডোৱে লগত লৈ আহিছিল অবডোৰ ৰাজনীতিৰ কাণ্ডাৰী নৱ শৰণীয়াক৷ নৱ শৰণীয়াক গোটেই জীৱন অবডোৰ ৰাজনীতি কৰিব নোৱাৰাকৈ একপ্রকাৰ বশ কৰি পেলালে তেওঁ৷ অত্যন্ত ৰাজনৈতিক চাতুর্যৰে প্রমোদ বডোৱে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ পূর্ণ সমর্থন লগতে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰো সমর্থন আদায় কৰি বিটিচিৰ মুখ্য কার্যবাহী হিচাপে নিজক প্রক্ষেপ কৰাত সফল হ’ল তেওঁ৷ এইবাৰৰ বিটিচি নির্বাচনটো বহু দিশৰ পৰা অত্যন্ত গুৰুত্বপূর্ণ আৰু ৰাজনৈতিক দিশৰ পৰা তাৎপর্যপূর্ণ৷ বিজেপিৰ চমকপ্রদ উত্থানে সমগ্র ৰাজনৈতিক পটভূমিটোক নতুন মাত্রা দিছে৷ প্রথমবাৰৰ বাবে বিটিচি নির্বাচন পূর্বৰ তুলনাত মুক্ত আৰু ভয় শংকাহীন ৰূপত সমাপ্ত হৈছে৷ তথাপি ঠায়ে ঠায়ে সংঘটিত দুই এক বিক্ষিপ্ত ঘটনাক বিটিচি নির্বাচনৰ ক্ষেত্রত অতিকে নগণ্য বুলি ক’ব পাৰি৷ বিজেপিৰ প্রৱেশে বিটিচিৰ বডো ৰাজনীতিৰ সমীকৰণ সলনি কৰি হীৰা শৰণীয়াৰ দল জিএছপিৰ ভেটি উছন কৰিলে৷ অবডো ৰাজনীতিৰ মুখ্য হোতা হৈ অহা জিএছপি দলৰ বিজয়ী একমাত্র পাৰিষদজনক লৈ হীৰা শৰণীয়া কঠোৰ বডো জাতীয়তাবাদী দল ইউপিপিএলৰ কাষ চপাটোৱে অবডো দলটোৰ সমর্থকসকলক আচৰিত কৰি তুলিছে৷ বিজেপিৰ প্রৱেশে প্রকৃততে সর্বাধিক ক্ষতি কৰি একপ্রকাৰ নিঃশেষ কৰিলে হীৰা শৰণীয়াক৷ প্রকৃততে বিজেপিয়ে লক্ষ্য কৰি লৈছিল বিপিএফ আৰু জিএছপিৰ ভোটাৰকহে, তেওঁলোকে ইউপিপিএলৰ ভোটবেংকত আঘাত হানিব পৰাৰ সম্ভাৱনা আছিল তেনেই কম৷ আমি জানো যে বিপিএফ আৰু জিএছপিৰ কেইটামান উমৈহতীয়া ভোটা base আছে৷ কোকৰাঝাৰ আৰু চিৰাং জিলাত দুয়োটা দলৰ বিশেষকৈ মুছলমান, ৰাভা, আদিবাসী, গোর্খা, বাঙালী আৰু কোচ ৰাজবংশী ভোটাৰৰ মাজত আছে বহু প্রভাৱ৷ বিজেপিয়ে এই ভোটাৰসকলৰ আকর্ষণ কৰিবলৈ যত্নৱান হোৱা দেখা গ’ল৷ এই জনগোষ্ঠীসমূহৰ আকৌ পূব আৰু পশ্চিমৰ জিলাভিত্তিক ভোটদানৰ চৰিত্রত পার্থক্য দেখা গ’ল৷ তদুপৰি বাক্সা আৰু ওদালগুৰিত বিজেপি মূলতঃ তথাকথিত মূলসুঁতিৰ অসমীয়া ভোটাৰক বিটিআৰ চুক্তি ৭ঃ২ দফাৰ ভূমিনীতিৰ একপ্রকাৰ বিৰোধ কৰি আৰু ৩০ দিনৰ ভিতৰত ভূমি ক্রয়–বিক্রয় আৰু পট্টা প্রদানৰ ব্যাপক প্রতিশ্রুতি প্রদানেৰে নিজৰ পক্ষলৈ নিবলৈ চেষ্টা কৰিলে আৰু বহু পৰিমাণে সফলো হ’ল৷ গোর্খাসকলে বিজেপিৰ পক্ষতেই ভোট দিলে ব্যাপক হাৰত৷ বডো ভোটাৰৰ অধিকাংশই ইউপিপিএল দলৰ পক্ষত অৱস্থান গ্রহণ কৰাত প্রতিক্রিয়া স্বৰূপে এইখিনি ভোটাৰ বিজেপিৰ পক্ষত গ’ল যিটো ফলাফলতো প্রতিফলিত হ’ল৷ বিজেপিয়ে জানিছিল যে বিপিএফৰ সৈতে মিত্রতাৰে নির্বাচনত নমাহেঁতেন চিৰাং আৰু কোকৰাঝাৰত বিপিএফৰ প্রদর্শন পুতৌলগা হোৱাৰ সম্ভাৱনা আছিল, কিয়নো এই দুখন জিলাত মুছলমানৰ লগতে ভূমি সমস্যাৰে ভাৰাক্রান্ত সৰু–সুৰা জনগোষ্ঠীবোৰে অবডো দলক সমর্থন দিলেহেঁতেন৷ তেনে প্রেক্ষাপটত ইউপিপিএলৰ সম্ভাৱনা উজ্জ্বল হ’লহেঁতেন৷ সেয়ে সম্ভাৱনাপূর্ণ উর্বৰ পটভূমি দেখি বিজেপি আগ্রাসী ৰূপত জঁপিয়াই পৰিল, সফলো হ’ল৷
বিজেপিৰ প্রৱেশে কার্যতঃ লাভান্বিত কৰিলে বিপিএফকো, তীব্র প্রত্যাহ্বানৰ সন্মুখীন হৈও অৱশেষত চিৰাং আৰু কোকৰাঝাৰত সংখ্যালঘু সম্প্রদায় আৰু পূর্বৰ ক্ষুদ্র জনগোষ্ঠীয় ভোটাৰৰ সমর্থনত সন্মান লাভ কৰিবলৈ সক্ষম হ’ল হাগ্রামা৷ ইয়াতে আউল লাগিল ৰাজনৈতিক সমীক্ষকসকলৰ৷ পূর্বৰে পৰা তদানীন্তন পিচিডিআৰৰ হাতত থকা চিৰাং জিলা চাৰিখন আসনো বিপিএফে আজুৰি নিলে৷ বিটিআৰ চুক্তিৰ স্বাক্ষৰকাৰী হৈও পিছলৈ চুক্তিৰ তীব্র বিৰোধ কৰি নিজৰ চতুৰ ৰাজনীতিৰে হাগ্রামা নিজৰ নাম ৰক্ষা কৰিলে৷ ইউপিপিএলেও নিজৰ বডো জনগোষ্ঠীয় ভিত্তি অটুত ৰাখি সন্তোষজনক নহ’লেও সন্মানজনক সংখ্যা গোটাবলৈ সক্ষম হ’ল৷ বিটিচি নির্বাচনে সকলো দলকে কিবা নহয় কিবা দিলেও বহু বেছিকৈ কাকো নিদিলে৷ হাগ্রামা নাহাৰিল, হেৰাই গ’ল হীৰা৷ কংগ্রেছ এআইইউডিএফৰ স্থিতি দুর্বল কৰি পূর্ববংগীয় মুছলমান ভোটাৰে নিজৰ সুৰক্ষাৰ প্রশ্ণত প্রথম স্থান দিলে বিপিএফক, নহ’লে অতি কমেও দুয়োটা দলৰ সংখ্যা হ’লহেঁতেন তিনিৰ পৰা পাঁচ৷ প্রকৃততে শেষ মুহূর্তত নির্বাচনী প্রচাৰলৈ যোৱা দুয়োটা দল আছিল তেনেই নিষ্প্রভ, বাৰটাকৈ অতি গুৰুত্বপূর্ণ বিধানসভা সমষ্টি থকা সত্ত্বেও বিধানসভা নির্বাচনৰ প্রাকক্ষণত দুয়োটা দলৰ এই নিষ্প্রভতা লক্ষণীয়৷ এই নির্বাচনে বহু কথাই কৈ গ’ল, বিটিআৰত বিজেপি আৰু ইউপিপিএলৰ মিত্রতা হোৱাৰ আশংকাত বিটিআৰৰ অবডো জনগোষ্ঠীয়ে সুৰক্ষাৰ বাবে পূব খণ্ডৰ জিলাত জিএছপি বা বিপিএফৰ পৰিৱর্তে বিজেপি আৰু পশ্চিম খণ্ডৰ জিলা দুখনত জিএছপিৰ সলনি বিপিএফক বাছি ল’লে৷ অনাগত বিধানসভা নির্বাচনতো এই নির্বাচনৰ প্রভাৱ নিশ্চয়কৈ দৃশ্যমান হ’ব বুলি ভাবোঁ৷ ফলাফল যিয়েই নহওক কিয়, এইবাৰৰ বিটিচি নির্বাচনে বিটিআৰৰ ৰাজনীতিত গণতান্ত্রিক পৰিৱেশ গঢ়ি তোলাৰ লগতে বহু নতুন দিশ উন্মোচন কৰিলে৷ সামগ্রিকভাৱে বিটিআৰৰ ভোটাৰে প্রান্তীয় আঞ্চলিক শক্তিৰ পক্ষত থাকিল যদিও প্রথমবাৰৰ বাবে বডো ৰাজনীতি বিটিআৰৰ বাহিৰৰ পৰা নিয়ন্ত্রিত হ’বলৈ বাধ্য হ’ল৷ দুটাকৈ বডো জাতীয়তাবাদী দলক নির্ণায়ক আসন দিয়াৰ পিছতো বিজয়ী বডো নেতৃত্বই গুৱাহাটীলৈ দৌৰিবলগা হ’ল চৰকাৰ গঠনৰ বাবে৷ ভৱিষ্যত ৰাজনীতিৰ ই তাৎপর্যপূর্ণ৷ আমি মনত ৰখা ভাল যে বিটিচি নির্বাচন আছিল এখন স্বায়ত্ত পৰিষদৰ নির্বাচন, এই স্বায়ত্ত পৰিষদসমূহৰ গঠনৰ নির্দিষ্ট উদ্দেশ্য তথা ঐতিহাসিক পটভূমি আছে৷ বিটিআৰ চুক্তিৰ জৰিয়তে সাময়িকভাৱে হ’লেও অসম বিভাজনৰ শ্লোগানটো বন্ধ কৰিছে, তেনে প্রেক্ষাপটত বডো জাতীয় চেতনাত যাতে পুনৰ উগ্র দিছপুৰকেন্দ্রিক ক্ষমতাই আঘাত নকৰে, তাক লৈ সচেষ্ট হোৱাটো জৰুৰী বুলি মই ভাবো৷ এইবাৰৰ নির্বাচনত বিজেপিৰ অতি আগ্রাসী নির্বাচনী প্রচাৰৰ সময়ত ‘আমি বনাম তেওঁলোক’ ধৰণৰ এক ৰাজনৈতিক বাগ্ধাৰা আমি দেখিলোঁ৷ পূর্বতে এই ধাৰাটো নৱ শৰণীয়াৰ নেতৃত্বত চলিছিল৷ বিজেপি তৃতীয় বৃহৎ দলৰূপে পৰিগণিত হ’ল যদিও ২০০৩ চনত পৰিষদ গঠনৰ পিছত প্রথমবাৰলৈ এটা ৰাষ্ট্রীয় ৰাজনৈতিক দলৰ হাতলৈ পৰিষদ নিয়ন্ত্রণৰ ক্ষমতা হস্তান্তৰিত হ’ল৷ ইয়াৰ ফলত বডো জাতীয় স্ব–শাসনৰ ধাৰণা আৰু চেতনাটোৰ মূল আত্মাটোৰ ওপৰতেই দৰাচলতে এক কূঠাৰাঘাত হ’লে, অনাগত দিনত ই হয়তো সুখকৰ নহ’ব৷ আমাৰ আশংকাও তাতেই, বিজেপিৰ ঐক্যকেন্দ্রিক অতি ৰাষ্ট্রীয়তাবাদী চেতনা, চৰিত্র আৰু নীতিৰ সৈতে সুদীর্ঘ ৰক্তক্ষয়ী আৰু দৃঢ় সংগ্রামী ইতিহাসৰ মাজেৰে আজিৰ স্থিতিত উপনীত হোৱা স্বাভিমানী বডো নৃগোষ্ঠীয় জাতীয়তাবাদে একাত্ম হ’ব পাৰিবনে?
শেষত আহোঁ অবডোৰ প্রসংগলৈ৷ ইমানদিনে বৈষম্য আৰু বিভেদৰ যি বীজ ৰোপণ হ’ল প্রমোদ বডো চৰকাৰে নিজৰ কামৰ দ্বাৰা তাক নিঃশেষ কৰিব লাগিব৷ সম অধিকাৰ, সম মর্যাদাৰ ব্যৱস্থা কৰি বিভাজন বা বিভেদৰ ৰাজনীতিৰ অৱসান ঘটাব লাগিব প্রমোদ বডোৱে৷ বিটিচিত সকলো নাগৰিকৰ মাটি ক্রয়–বিক্রয় সাংবিধানিক অধিকাৰ নিশ্চিত কৰাটো প্রমোদ বডোৰ দায়িত্ব৷ বিটিআৰৰ নিকায়–নিগম, ভিচিডিচিসমূহৰ নির্বাচন অনুষ্ঠিত কৰি ক্ষমতাৰ বিকেন্দ্রীকৰণ কৰাটো জৰুৰী৷ নিকায়–নিগম, ভিচিডিচিসমূহ সকলো স্থানীয়ৰ বাবে মুকলি কৰাটো উচিত হ’ব বুলি ভাবো৷ ঠিকা–ঠুকলিৰ নিবিদা, চৰকাৰী চাকৰি, উন্নয়নমূলক আৰু হিতাধিকাৰী আঁচনিসমূহ যোগ্যতাৰ ভিত্তিত প্রদান বা বিতৰণ কৰি সর্বসাধাৰণৰ আস্থাভাজন হ’ব পাৰিলেই বিটিআৰৰ ৰাজনীতিত প্রমোদ বডো হৈ ৰ’ব যুগমীয়া৷ অবডোই নিজক অবডো বুলি চিনাকি দিয়াৰ পৰিৱর্তে গর্বিত বিটিআৰ বাসিন্দা আৰু গর্বিত অসমীয়া বুলি কোৱাৰ পৰিৱেশ তেনেকৈয়ে নির্মাণ হ’ব৷

You might also like