মুখ্যমন্ত্রীৰ দায়িত্বভাৰ গ্রহণ কৰাৰ পিছতেই ড০ হিমন্ত বিশ্ব শর্মা চৰকাৰখনৰ সফলতাৰ প্রথমটো খোজ আছিল সেই সময়ত আলফাৰ ক্বলত থকা ৰিতুল শইকীয়াৰ ঘৰলৈ গৈ তেওঁৰ পিতৃ–মাতৃ, পত্নী–সন্তানক সাহস দিয়াৰ লগতে অপহূতক মুুক্তি দ্বিলৈ আলফাক অনুৰোধ জনাইছিল৷ মুখ্যমন্ত্রীৰ অনুৰোধত আলফাই ৰিতুল শইকীয়াক মুকলি কৰি দিছিল৷ মুখ্যমন্ত্রীৰ তৎপৰতাতে ৰিতুল শইকীয়াই মুক্তি লাভ কৰি পৰিয়ালৰ ওচৰলৈ উভতি আহ্বিলৈ সক্ষম হৈছিল৷ মুখ্যমন্ত্রীৰ নির্দেশমর্মে অসম আৰক্ষীয়ে শদিয়াৰ পৰা ধুবুৰীলৈ ৰাজ্যৰ প্রতিটো প্রান্ততে ড্রাগছৰ বিৰুদ্ধে ব্যাপক অভিযান আৰম্ভ কৰে৷ এই অভিযান যুৱপ্রজন্মৰ ভৱিষ্যৎ সুৰক্ষাৰ ক্ষেত্রত এক সুদৃঢ় পদক্ষেপ হিচাপে চিহ্ণিত হৈছে৷ অভিযান পূর্ণগতিত অব্যাহত থাকিলে অসমত ড্রাগছৰ প্রচলন বন্ধ হোৱাটো নিশ্চিত৷ অৱশ্যে আৰক্ষীয়ে ইয়াৰ প্রতি তীক্ষ্ণ দৃষ্টি ৰাখ্বি লাগিব৷ ড০ হিমন্ত বিশ্ব শর্মা চৰকাৰখনৰ বিগত এমাহজোৰা পৰিক্রমাৰ আন এক অন্যতম সফলতাৰ খোজ হ’ল আলফাৰ সৈতে শান্তি আলোচনাৰ প্রক্রিয়াটোৰ বিষয়ে এক যোগাত্মক বিনিময়৷ মুখ্যমন্ত্রীৰ এক ৰাজহুৱা আহ্বানৰ পিছতে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই নতুন চৰকাৰখনৰ প্রতি সদিচ্ছাৰ চিন স্বৰূপে তিনি মাহৰ বাবে যুদ্ধ বিৰতি ঘোষণা কৰিছে৷ ক’ভিড মহামাৰীৰ দ্বিতীয়টো ঢ়ৌত স্বাস্থ্যমন্ত্রী কেশৱ মহন্তৰ লগতে মুখ্যমন্ত্রী ড০ শর্মাই পূবৰ দৰেই তৎপৰতাৰে চিকিৎসা ব্যৱস্থাটোৰ তদাৰক কৰি আছে৷ বৰঞ্চ দুপৰ নিশা চিকিৎসা মহাবিদ্যালয়সমূহল্ গৈ পৰিস্থিতিৰ বুজ লোৱা অসমৰ জনগণে প্রত্যক্ষ কৰিছে৷ যাৰ বাবে ৰোগীৰ লগতে স্বাস্থ্য বিভাগৰ কর্মচাৰীসকলেও সাহস আৰু প্রেৰণা পাইছে৷ চৰকাৰখনৰ আন এটা দূৰদর্শী আৰু বলিষ্ঠ সিদ্ধান্ত হ’ল নুমলীগড শোধনাগাৰ লিমিটেডত অসম চৰকাৰৰ অংশ ২৬ শতাংশলৈ বৃদ্ধি কৰা৷ এই সিদ্ধান্ত পূর্বেতে ঘোষিত হৈছিল যদিও প্রয়োজনীয় ধনৰাশি অইল ইণ্ডিয়া লিমিটেডলৈ এতিয়া মুকলি কৰা হৈছে৷ অসম চৰকাৰে অসম চুক্তিৰ ফচল নুমলীগড শোধনাগাৰ লিমিটেডৰ ২৬ শতাংশ অংশীদাৰিত্ব ল’লৈ গ্রহণ কৰা সিদ্ধান্তই অসম্বাসীক আনন্দিত কৰিছে৷ কাৰণ এই অংশীদাৰিত্বই শোধনাগাৰটোৰ ওপৰত ৰাজ্য চৰকাৰৰ কর্তৃত্বৰ সুযোগ দিয়াৰ লগতে ৰাজ্য চৰকাৰখনৰ লাভাংশৰ পৰিমাণো অনাগত দিনত বৃদ্ধি পাব৷ বিগত র্ন্বিাচনত দিয়া প্রতিশ্রুতি অনুসৰি ৰাজ্যৰ এক লাখ ন্বিনুৱাক নিযুক্তিৰ বাবে নতুন চৰকাৰখনে প্রথমখন কেবিনেটতে ইত্বিাচক পদক্ষেপ গ্রহণ কৰিছে৷ কিদৰে এই এক লাখ ন্বিনুৱাক নিযুক্তি দিয়া হ’ব সেই সন্দর্ভত নতুন চৰকাৰখনে বিত্ত বিভাগৰ সৈতে কেইবাটাও বিভাগৰ মন্ত্রী আৰু বিষয়াবর্গক লৈ এখন উচ্চপর্যায়ৰ কমিটী গঠন কৰি দিছে৷ ৰাজ্য চৰকাৰৰ দ্বাৰা ৰূপায়িত বিভিন্ন পেন্সন আঁচনিৰ হিতাধিকাৰীসকলে যাতে নিয়মীয়াকৈ পেন্সনৰ ধনৰাশি লাভ কৰে সেয়া নিশ্চিত কৰিবলৈ মুখ্যমন্ত্রীৰূপে দায়িত্বভাৰ গ্রহণ কৰিয়েই ড০ হিমন্ত বিশ্ব শর্মাই প্রতিমাহৰ ১০ তাৰিখৰ ভিতৰত েবংক একাউণ্টযোগে হিতাধিকাৰীক প্রাপ্য ধন আদায় দিবলৈ নির্দেশনা দিছে৷ কুশল কোঁৱৰ সার্বজনীন বৃদ্ধ পেন্সন, ইন্দিৰা মিৰি সর্াবজনীন বিধৱা পেন্সন আৰু দীনদয়াল দ্ব্যিাংগ যোজনাৰ আর্থিক সাহায্য প্রদানৰ প্রক্রিয়া সৰলীকৰণ কৰা হৈছে৷ ৰাজ্যৰ মহিলাসকলক জুৰুলা কৰা মাইক্র’ ফাইনেঞ্চৰ ঋণৰ পৰিশোধৰ দায়িত্ব চৰকাৰে মূৰপাতি লৈ মহিলাক ঋণমুক্ত কৰাৰ পদক্ষেপ লৈছে৷ মহিলাসকলৰ সামগ্রিক উন্নয়ন আৰু নিৰাপত্তাৰ স্বার্থত এই ঋণ ৰেহাইৰ বাবে প্রথম কেবিনেটতে মন্ত্রী অশোক সিংহলৰ অধ্যক্ষতাত এখন কমিটী গঠন কৰি দিছে৷ এই কমিটীয়ে এই বিষয়ে সকলো দিশ পর্যবেক্ষণ কৰি এক প্রতিবেদন দাখিল কৰিব আৰু এই প্রতিবেদনৰ আধাৰত পৰৱর্তী সময়ত ঋণ ৰেহাইৰ ব্যৱস্থাটোৰ ওপৰত চৰকাৰে বাস্তৱ ৰূপ দ্বি৷ ৰাজ্যৰ চাহ শ্রমিকসকলৰ দৈনিক মজুৰি ৩৮ টকাকৈ বৃদ্ধি কৰা হৈছে৷ এতিয়াৰ পৰা ব্রহ্মপুত্র উপত্যকাত কর্মৰত চাহ শ্রমিকসকলে দৈনিক ২০৫ টকা আৰু বৰাক উপত্যকাত কর্মৰত শ্রমিকসকলে দৈনিক ১৮৩ টকাকৈ মজুৰি বৃদ্ধি পাব৷ বান বিধ্বস্ত ৰাজ্যখনৰ মথাউৰি নির্মাণ আৰু মেৰামতিৰ ক্ষেত্রত জলসম্পদ বিভাগে ব্যাপক তৎপৰতা আৰম্ভ কৰি বিভাগীয় মন্ত্রী পীয়ূষ হাজৰিকাৰ নেতৃত্বত ইতিমধ্যে অভূতর্পূব নিদর্শন দাঙি ধৰিবলৈ সক্ষম হৈছে৷ খুব কম দিনৰ ভিতৰতে ৰাজ্যখনৰ বিভিন্ন মথাউৰি আৰু গৰাখহনীয়া স্বচক্ষে প্রত্যক্ষ কৰি বিভাগীয় বিষয়াসকলক যুদ্ধোত্তৰ গতিত সেই আধৰুৱা মথাউৰিসমূহ সমাপ্ত কৰিবলৈ কঠোৰ নির্দেশ দিয়ে৷ যাৰ ফলশ্রুতিত আধৰুৱা হৈ থকা ৰাজ্যখনৰ ২৮টা মথাউৰিৰ আটাইকেইটা মেৰামতি কৰা হৈছে৷ জনসংযোগ বিভাগৰ মন্ত্রী হিচাপেও বিভাগটোৰ বিভিন্ন সমস্যাসমূহ আলোচনা কৰাৰ লগতে সংবাদ প্রতিষ্ঠানসমূহলৈ নিজে গৈ সংবাদ প্রতিষ্ঠানসমূহৰ লগতে সাংবাদিকসকলৰ অৱস্থাৰ বুজ লৈ তাৎক্ষণিকভাৱে সাংবাদিক পেন্সনৰ ধন মাহিলি ৮ হাজাৰ টকাৰ পৰা দহ হাজাৰ টকালৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে৷ মুখ্যমন্ত্রীৰূপে দায়িত্ব লোৱাৰ পিছতে ড০ হিমন্ত বিশ্ব শর্মাই প্রতি সপ্তাহতে একোখনকৈ কেবিনেট ৈবঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে৷ প্রতি সপ্তাহৰ বুধ্বাৰে অনুষ্ঠিত হ’ব কেবিনেট ৈবঠক৷ ৰাজ্যত নতুন চৰকাৰ গঠন হোৱাৰ পিছত কৃষকসকলে উৎপাদন কৰা বিভিন্ন শাক–পাচলি খাদ্যশস্য বহিঃৰাজ্য তথা ৰাষ্ট্রলৈ ৰপ্তানি কৰিবলৈ কৃষিমন্ত্রী অতুল বৰাৰ নির্দেশত কৃষি বিভাগে গ্রহণ কৰিছে বিশেষ পদক্ষেপ৷ ৰাজ্যখনৰ প্রতিখন জিলাৰে সামগ্রিক উন্নয়নৰ দিশটো চোৱা–চিতা কৰিবৰ বাবে একোগৰাকী মন্ত্রীক দুই–তিনিখন জিলাৰ অভিভাৱক মন্ত্রী হিচাপে দায়িত্ব দিছে৷ ইয়াৰ পৰা সুফল আশা কৰা হৈছে৷ অসম চুক্তি ৰূপায়ণৰ বাবে নতুন চৰকাৰখনে বাস্তৱসন্মত পদক্ষেপ গ্রহণ কৰিছে৷ অসম চুক্তি ৰূপায়ণমন্ত্রী অতুল বৰাই বিভাগটোৰ দায়িত্ব লৈ আছুৰ কার্যালয় শ্বহীদ ন্যাস ভৱনত উপস্থিত হৈ অসম চুক্তি ৰূপায়ণৰ বিভিন্ন দিশ সম্পর্কে আছুৰ নেতৃবর্গৰ সৈতে আলোচনা কৰিছে৷ আছুৰ নেতৃত্বয়ো সুদীর্ঘ ৩৫ বছৰৰ পিছত অসম চুক্তি ৰূপায়ণ মন্ত্রীগৰাকী শ্বহীদ ন্যাসলৈ গৈ বিষয়টো সম্পর্কে ইত্বিাচক পদক্ষেপ লোৱা বাবে চৰকাৰক ধন্য্বাদ জনাইছে৷ ক’ভিডত পিতৃ–মাতৃ বা উপার্জনকাৰীজনক হেৰুওৱা শিশুৰ বাবে মুখ্যমন্ত্রীৰ শিশুসেৱা আঁচনিৰ জৰিয়তে মাহে ৩,৫০০ টকাৰ সাহায্য আগবঢ়োৱা হ’ব বুলি ঘোষণা কৰিছে৷ অভিভাৱকহীন শিশুক আৱাসিক বিদ্যালয়ত অধ্যয়ন তথা থকা–খোৱাৰ সম্পূর্ণ দায়িত্ব ল’ চৰকাৰে৷ এনে শিশুক দক্ষতা ভিত্তিক শিক্ষা প্রদান কৰি সংস্থাপিত কৰাৰ ব্যৱস্থা কৰা হ’ব৷ ছোৱালীৰ ক্ষেত্রত বিবাহৰ সময়ত অৰুন্ধতী আঁচনিৰ জৰিয়তে ১ তোলা সোণ আৰু ৫০ হাজাৰ টকা দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলি ইতিমধ্যে ঘোষণা কৰিছে৷
ৰাজনৈতিক ক্ষেত্রখনতো মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিচক্ষণতাৰ পৰিচয় দিছে৷ মিত্রজেজাটৰ আটাইকেইটা দলক আস্থাত লোৱাই নহয় অগপৰ মুখ্য কার্যালয়লৈ গৈ অগপৰ নেতা–কর্মীসকলৰ লগত ভাব বিনিময় কৰিছে আৰু অগপৰ সভাপতি অতুল বৰা আৰু কার্যকৰী সভাপতি কেশৱ মহন্তই মুখ্যমন্ত্রীৰ আমন্ত্রণক্রমে বিজেপি দলৰ ৰাজ্যিক কার্যালয়লৈ গৈ বিজেপি নেতা–কর্মীসকলৰ সৈতে ভাব বিনিময় কৰিছে৷ ইউ পি পি এলৰ কার্যালয়লৈ যাব বুলিও ইতিমধ্যে মুখ্যমন্ত্রীগৰকীয়ে জনাইছে৷ অসমতে নহয়, ভাৰত্বর্ষৰ ৰাজনীতিত মিত্রজোঁটৰ দলসমূহৰ মাজত এনে সৌহার্দ্যপূর্ণ ঘটনাৰ উদাহৰণ বিৰল৷ এয়া মুখ্যমন্ত্রীগৰাকীৰ উদাৰতাৰ বাবেহে সম্ভৱ হৈছে৷ মুখ্যমন্ত্রীগৰাকীয়ে বিৰোধী দলৰ বিধায়কসকলকো আস্থাত লৈ আগবাঢ়্বি বুলি বিধানসভাত প্রকাশ কৰিছে৷ সেইবাবেই হয়তো বিৰোধী দলৰ বিধায়কসকলেও মুখ্যমন্ত্রীকে ধৰি চৰকাৰৰ কাম–কাজক প্রশংসা কৰিছে৷
পাঁচ্বছৰীয়া কার্যকালত ডেৰটা মাহ এক্বোৰে কম সময়৷ মন্ত্রীসকলৰ আৱাসগৃহ আবণ্টন, কার্যালয় আবণ্টন, বিভাগসমূহৰ উচ্চপদস্থ বিষয়র্াবগৰ সৈতে চা–চিনাকি হওঁতেই এমাহ অত্বিাহিত হয়৷ কিন্তু এইবাৰ আমি কিছু ব্যতিক্রম দেখিছোঁ৷
আমি ভাবোঁ এই মাহটোৰ দৰে চৰকাৰ চল্বিলগীয়া হ’লে মুখ্যমন্ত্রীগৰাকীয়ে অসমক ভাৰত্বর্ষৰ পাঁচখন শ্রেষ্ঠতম ৰাজ্যৰ ভিতৰত অসমৰ নাম যে অন্তর্ভুক্ত কৰিব যে পাৰিব তাত কোনো সন্দেহ নাই৷