নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাগৰৰ পাৰ নদীৰ পাৰ আৰু ক’ৰোনা সংক্রমণ

-ড০ জয়ন্ত বিশ্ব শর্মা

 বিশেষ সময় আৰু পৰিস্থিতিত জনপ্রবাদ একোটাই বিৰাট আৰু সার্বজনীন ৰূপ ল’ব পাৰে৷ ই এক শৃংখল প্রক্রিয়া৷ বাহ্যিক বিশেষকৈ বীজাণুৰ পৰা আহিব পৰা সম্ভাব্য ভয়ৰ প্রতি আমি কেনেদৰে প্রতিক্রিয়া বা আচৰণ কৰোঁ, সেয়া বিৱর্তন প্রক্রিয়াৰ দ্বাৰা নিৰূপিত হয়৷ এনে ভয়ৰ পৰিপ্রেক্ষিতত আমাৰ জ্ঞান আৰু বোধ আহৰণত    পৰা প্রভাৱ বিৱর্তন–বিজ্ঞানৰ সহায়ত ব্যাখ্যা কৰিব পৰা যায়৷ আমি যি সার্বজনীন আতংকগ্রস্ততা দেখিছোঁ, সেয়া ব্যাখ্যাৰ অতীত নহয় নতুবা নতুন পৰিঘটনাও নহয়৷ পার্থক্য ইমানেই যে পূর্বে এনেধৰণৰ পৰিঘটনাত সার্বজনীনতা একোখন সমাজ বা গোটৰ পৰিধিত আছিল৷ এইবেলি আক্ষৰিক অর্থতেই সার্বজনীন বৰং বিশ্বজনীন ৰূপ লৈছে৷ ইয়াৰ কাৰণ ছ’চিয়েল মিডিয়া আৰু ২x৭ দৃশ্য–শ্রাব্য সংবাদ মাধ্যম৷ জনপ্রবাদৰ মূল আতংকজনিত বৈশিষ্ট্যটো সর্বত্র অটুট থাকিলেও ইয়াৰ মাত্রা বা স্বৰূপ সমাজভেদে কিছু বেলেগ৷ অনিশ্চিয়তা মোকাবিলা কৰিবলৈ মানুহ অপাৰগ৷ বিশেষকৈ তথাকথিত বিজ্ঞানমনস্ক মানুহ৷ অনিশ্চয়তা বিজ্ঞানৰ মৌলিক চৰিত্র, এই সত্য বিজ্ঞান মনস্কসকলৰ বাবে স্ববিৰোধিতা৷ তথাকথিত বিজ্ঞানমনস্ক ‘সচেতন’ নাগৰিক আৰু বিশেষজ্ঞসকলৰ হয়ভৰে জনপ্রবাদক ন্যায্যতা দিছে, এটা বিশেষ গতিবেগ দিছে৷ ‘অসচেতন’ আৰু ‘অবিজ্ঞানমনস্ক’ হোজা ৰাইজক আতংকই কমকৈ চুইছে৷ ‘সচেতন বিজ্ঞানমনস্ক’সকলৰ চকুত হোজা ৰাইজে ক’ৰোনা প্রট’কল ভাঙে বুলি সমালোচিত হৈছে৷

এই জনপ্রবাদটো মূলতঃ এনেধৰণৰ৷ ক’ৰোনা এটা ভয়ংকৰ ৰোগ৷ ইটালীৰ দৰে দেশো সাৰি যোৱা নাই৷ যোৱাবাৰ ইটালীৰ ৰাজকুমাৰীও মৰিছে৷ কিমান মানুহ মৰিছে৷ আন ৰোগ বা সমস্যাৰ সৈতে ইয়াৰ তুলনা নহয়৷ আক্ষৰিকভাৱে ই অভূতপূর্ব৷ ই মানৱ জাতিক উছন কৰিব৷ কিন্তু আজি বিজ্ঞানৰ যুগ৷ আমি ইয়াক দমন কৰিম৷ বৰং আমি নির্মূল কৰিম৷ য’ত ইয়াৰ আৰম্ভণি চীন দেশে দেখোন ইয়াক নির্মূল কৰিছে৷ ইয়াৰ বাবে ‘লকডাউন’ হৈছে আটাইতকৈ সহজ আৰু প্রশস্ত উপায়৷ এই যে দ্বিতীয় ঢ়ৌ আহিল বা তৃতীয়টো আহিব বুলি আমাৰ বিশেষজ্ঞই কৈছে, তাৰ কাৰণ হৈছে একাংশৰ দায়িত্বজ্ঞানহীন আচৰণ৷ এই যে কুম্ভ মেলা কৰিছে, নির্বাচনী সভা পাতিছে, বিহু পাতিছে৷ এই যে মুখাৱৰণী নিপিন্ধাকৈ ঘূৰি ফুৰিছে, হাত নোধোৱে ইত্যাদি ইত্যাদি৷ কিন্তু প্রতিষেধক এবছৰতে ওলাইছে৷ গতিকে এইবাৰ শাম কাটিলে, আৰু নীতি–নিয়ম নমনাবোৰক ঠিক কৰি ৰাখিব পাৰিলে হয়তো নিস্তাৰ পোৱা যাব৷ এইখিনি জনস্বাস্থ্য সম্বন্ধীয় প্রবাদ৷ ব্যক্তিগত স্তৰত আন ইয়াৰ আন এটা আছে৷ কাহ হৈছে, পানী লাগিছে, অৰুচি হৈছে, গোন্ধ নাপাওঁ, ই ক’ৰোনাৰ লক্ষণ৷ টেষ্ট এটা কৰাব লাগিল৷ অক্সিজেন জোখা যন্ত্র এটা লাগিব৷ যদি পজিটিভ ওলায়, হাস্পতালেই নিৰাপদ৷ অক্সিজেন প্রায় সকলোকে লাগেই দেখোন৷ ক্লৰ’কুইনে কাম নকৰে, গম পালোঁ৷ পিছে ‘ৰেমডেছিভিৰ’ আছে৷ ভিটামিনসমূহ খাব লাগিব, এইবোৰে প্রতিৰোধী ক্ষমতা বঢ়াব৷ ষ্টেৰইডো লাগিব৷ এই সকলো দিহা সম্বলিত প্রেছক্রিপচন বিশেষজ্ঞসকলে উলিয়াই দিছেই৷ ডাক্তৰে দিবই৷ তথাপি ই ভয়ংকৰ বেমাৰ৷ ভগৱান তুমিয়েই ভৰসা৷

একেবাৰে অবিকল নহ’লেও এই ধৰণৰ এটা জনপ্রবাদ হৈ পৰিছে৷ এই বিৱৰণ মোৰ কথা পাতি বা দেখি–শুনি হোৱা অভিজ্ঞতাৰ পৰা কৈছেছা৷ কিন্তু বিজ্ঞসকলে এই বিষয়ে গৱেষণা কৰিছে৷ এই যে সমান্তৰালভাৱে উদ্বেগ–আশংকাৰ এপিডেমিক হৈছে৷Mass Hysteria ব Psychogenic Illnessৰ ঘটনা বহুবাৰ ঘটিছে৷ কিন্তু এনে ব্যাপক পৰিসৰত এইবাৰেই প্রথম৷ ক’ভিড–১৯ত নহয়, ইয়াৰ পৰা ভীতিপ্রৱণতা বাঢ়িহে বহু লোক মৰিছে নেকি, বৈজ্ঞানিক অনুসন্ধান হ’ব ধৰিছে৷ এটা উদাহৰণ,Is population anxiety associated with COVID-19 related hospitalizations and deaths· A study protocol https://www.medrxiv.orgûcontent/10.1101/2020.07.16.20155457v1৷

আন এটা উদাহৰণৰ সাৰাংশটো মই হুবহু তুলি নিদি লোৱাৰিলোঁ Negative information which is spread through mass media repetitively can affect public health negatively in the form of nocebo effects and mass hysteria. We argue that mass and digital media in connection with the state may have had adverse consequences during the COVID-]9 crisis. The resulting collective hysteria may have contributed to policy errors by governments not in line with health recommendations. While mass hysteria can occur in societies with a minimal state, we show that there exist certain self-corrective mechanisms and limits to the harm inflicted, such as sacrosanct private property rights. However, mass hysteria can be exacerbated and self-reinforcing when the negative information comes from an authoritative source, when the media are politicized, and social networks make the negative information omnipresent. We conclude that the negative long-term effects of mass hysteria are exacerbated by the size of the state.’’ •Covid-]9 and the Political Economy of Mass Hysteria https://mpra.ub.uni-muenchen.de/1061581৷

আমাৰ প্রতিজনৰে অভিজ্ঞতাৰ জগতখন বেলেগ৷ আমাৰ প্রতিজনৰে অভিজ্ঞতা বা চিন্তাৰ জগতখন আকলশৰীয়া যদিও সামূহিক এটা চেতনাতো আমি বন্দী৷ আমি এটা প্রজন্মত ঘটা এটা পৰিঘটনাৰ সন্মুখীন হৈছোঁ ইয়াৰ তলা–নলা বিচাৰি উৱাদিহ হেৰুৱাইছোঁ৷ অৱশেষত সাধাৰণ মানুহৰ অভিজ্ঞতাতহে, গল্প–কবিতাতহে, ক’ভিড–১৯ ভৱিষ্যৎ প্রজন্মৰ কাৰণে বন্দী হৈ ৰ’ব৷

জনপ্রবাদ এটা গঢ়ি উঠিল বুলি বিশেষজ্ঞসকলেও হাত উজান দিব এনে কথা নাই৷ ২০২১ত যে ক’ভিড–১৯ৰ সংক্রমণ ভাৰতত আকৌ হ’ব (মই দ্বিতীয় ঢ়ৌ বুলি নকওঁ, কাৰণ ই দৰাচলতে পৰৱর্তী ঋতুত হোৱা পৰৱর্তী সংক্রমণ শৃংখল) সেই অনুমান কৰিব নোৱাৰা চৰকাৰী মুখ্য বিজ্ঞানী পৰামর্শদাতাই এই মহা আতংকৰ মাজত তৃতীয় ঢ়ৌটোৰ ভৱিষ্যদ্বাণী কৰিলে৷ ৰাজনীতিবিদক আমি সততে দোষাৰোপ কৰোঁ৷ কিন্তু এই ধৰণৰ বিশেজ্ঞই প্রচুৰ ক্ষতি কৰিছে, কিন্তু তেওঁলোক জবাবদিহি হ’ব নালাগে৷ ই এক সঁচা বিডম্বনা৷ চৰকাৰক সঠিক পথ দেখুৱাব দূৰৰে কথ WHOএ বাৰণ কৰাৰ পাছতো ‘ৰেমডেছিভিৰ’ক মহৌষধ হিচাপে মিছা ধাৰণা এটা হ’বলৈ দি ক’লা বজাৰৰ সৃষ্টি কৰিলে৷ মানুহক সর্বস্বান্ত কৰোৱালে৷ প্রথমবাৰ ক্লৰ’কুইনক এনেধৰণে প্রাণৰক্ষাকাৰী হিচাপে কৈছিল৷ ষ্টেৰইডৰ দৰে অতি সাৱধনতা আৰু বিবেচনাৰে প্রয়োগ কৰিবলগীয়া এবিধ ঔষধৰ ইমান অপব্যৱহাৰ ভাৰতত কেনেকৈ হ’বলৈ পালে? সেয়াও এক অনুসন্ধানৰ বিষয়৷ তথাকথিত ‘ক’লা ভেকুৰে’ কৰা ‘মিউকৰমাইক’ছিছ’ৰ এজন ৰোগী ওলাবলৈ ষ্টেৰইডৰ কিমান বহুল অপব্যৱহাৰ হ’ব লাগিব সেয়া অকল্পনীয়৷ ইমান বেমাৰীক তৎক্ষণাত দুটা দিনৰ ভিতৰতে অক্সিজেনৰ প্রয়োজন কেনেকৈ হ’ল? অস্বাভাৱিক এটা পৰিস্থিতি৷ ইয়াৰ বাবে দায়ী আতংকগ্রস্ততা নে ক’ভিড–১৯? পজিটিভ ফলটো পোৱা মাত্রকে অক্সিজেন ল’ব লগা হোৱাটো অস্বাভাৱিক৷ বিশ্বৰ উন্নত দেশসমূহতো ক’ভিড–১৯ আৰু আতংকগ্রস্ততা দুয়োটাৰ কাৰণেই যে উশাহ চুটি হয়, এই জনশিক্ষা দিয়া হৈছে৷ দুয়োটা কাৰণৰ পৰা হ’ব পৰা লক্ষণৰ পার্থক্য দিয়া হৈছে৷ ভাৰতত এনে দিহা দিয়া পৰিলক্ষিত হোৱা নাই৷ কেৱল চৰকাৰৰ ওপৰত হেঁচা সৃষ্টি কৰা হৈছে৷ অপ্রয়োজনীয় চাহিদা নিয়ন্ত্রণৰ বাবে কোনো জনশিক্ষাৰ প্রয়োজনীয়তা আমাৰ বিশেষজ্ঞই অনুভৱ নকৰিলে৷ এনে এটা ধাৰণাত সাৰ–পানী দিলে যে ক’ভিড–১৯ৰ পৰীক্ষাটোৰ ফল আৰু বেমাৰ সমার্থক৷ ই আতংকৰ কাৰণ হৈ পৰিল৷ পজিটিভ ফল থকা কিন্তু আন কাৰণতহে মৃত্যুবৰণ কৰিব লগা হোৱা লোককো মূলতঃ ক’ভিড–১৯তহে মৃত্যুবৰণ কৰা বুলি কৰা বিভ্রান্তিকৰ পৰিসংখ্যাই আতংক ঘনীভূত কৰি তুলিলে৷

ক’ভিড–১৯ৰ মাৰাত্মকতা কিমান? দুইধৰণে হিচাপ কৰা হয় –Infection Fatality Rate (IFR) অর্থাৎ সংক্রমণ হোৱাসকলৰ ভিতৰত আৰু Case Fatality Rate (CFR) অর্থাৎ সংক্রমণ হোৱাসকলৰ মাজৰ পৰা লক্ষণ দেখা দিয়াসকলৰ ভিতৰত এই শতকৰা সংখ্যাটোৰে WHOৰ মতে ঋতুগত ইনফ্লুয়েঞ্জাৰIFR 0.1%কৈ কম৷ ক’ভিড–১৯ৰ সংক্রমণ কিমান আমি দেখি থকা পৰিসংখ্যাবিলাকৰ পৰা কোৱা কঠিন৷ কাৰণ সঁচা সংক্রমণ আৰু মৃত্যু এই দুয়োটাৰে পৰিসংখ্যাসমূহ অনিশ্চিত৷ দেশসমূহৰ মাজত পৰীক্ষাৰ হাৰ বা জোখাৰ নিয়ম আদিৰ ইমান তাৰতম্য যে তুলনা কৰা কঠিন৷ সেয়ে বিজ্ঞানীয়ে নির্দিষ্ট পৰিসৰত হোৱা সংক্রমণৰ পৰা এই হিচাপ উলিয়াইছে৷ তেনে এটা হিচাপ (‘ডাইমণ্ড প্রিঞ্চ’ নামৰ জাহাজখনৰ ঘটনা)তIFR 0.6% (পৰিসৰ ০.১–১.৩ শতাংশ) বুলি কৈছে৷ আমেৰিকাৰCDCৰ শেহতীয়া হিচাপ মতে ক’ভিড–১৯ৰIFR হৈছে ০.০০২ (১৭ বছৰৰ তলৰ), ০.০৫ (১৮–৪৯ বছৰ), ০.৬ (৫০–৬৪ বছৰ) আৰু % (৬৫ বছৰৰ ওপৰ)৷ এইবোৰ হিচাপ অতি জটিল প্রক্রিয়াৰে উলিওৱা হয়৷ আমেৰিকাৰ হিচাপ ভাৰতৰ ক্ষেত্রত হুবহু নিমিলাই স্বাভাৱিক৷ কিন্তু এটা ধাৰণাৰ বাবে যথেষ্ট৷ মূলতঃ ৫০ অনূর্ধ্বৰ কাৰণে ক’ভিড–১৯ অতি সাধাৰণ এটা ৰোগ৷ বয়সীয়াসকলৰ বাবে ক’ভিড–১৯ ইনফ্লুয়েঞ্জাতকৈ গুৰুতৰ৷ উত্তৰ গোলার্ধৰ শীতপ্রধান দেশসমূহত বয়সীয়াসকলৰ সামূহিক আৱাসত অনিয়ন্ত্রিত সংক্রমণ এটা গুৰুতৰ সমস্যা হৈছিল৷ এইসকল লোকৰ সাধাৰণতে নানানটা বেমাৰ থাকে, যিসমূহে তেওঁলোকক বেচি সংক্রমণ আৰু ৰোগপ্রৱণ কৰি তোলে৷

কিন্তু মূল কথাটো হৈছে ২০২১ত ২০২০ৰ তুলনাত ভাৰতত মৃত্যুৰ হাৰ আপাততঃ বেছি কিয়? যি ক্ষেত্রত আন দেশত ইয়াৰ বিপৰীত হৈছে কাৰণ সেইটোৱেই স্বাভাৱিক৷ বীজাণু এবিধ পুৰণা হোৱাৰ লগে লগে মানুহৰ প্রতিৰোধ ক্ষমতা বাঢ়িবলৈ ধৰে, ডাক্তৰৰো অভিজ্ঞতা বাঢ়ে৷ আকস্মিকতা নাথাকে৷ ২০২০ৰ তুলনাত ২০২১ত ভাৰতত মৃত্যুৰ হাৰ চাৰি গুণ বাঢ়িছে– ইয়াৰ ওপৰঞ্চি  কাৰণ থাকিব লাগিব৷ কাৰণ আন আন দেশত, যেনে– ইংলেণ্ডত ২০২০ৰ তুলনাত ২০২১ত সংক্রমণ ১২ গুণ বঢ়াৰ পাছতো মৃত্যুৰ হাৰ দুগুণো নহ’ল৷ এটা এটা নহ’বলগীয়া preventable) মৃত্যুৰ কোনে পৰিয়ালক জবাব দিব?

ভাৰতত ১৬ জানুৱাৰীত ভেকচিন অভিযান আৰম্ভ হৈছিল৷ ঠিক আগে আগে ৱাছবিৰ হুছেইনে এটা লাইভ অনুষ্ঠান কৰিছিল৷ মই অতি আশাবাদেৰে কৈছিলোঁ অতি সুন্দৰ সময়ত এই অভিযান আৰম্ভ হৈছে৷ কাৰণ মে’–জুনৰ পৰা ভাৰতত ক’ৰোনা আৰম্ভ হোৱাৰ সময়৷ তাৰ আগে আগে ‘ভেকচিন কাভাৰেজ’ সম্পূর্ণ কৰিব পৰা গ’লে আমি হয়তো কাণে কাণ মাৰি হাত সাৰি যাব পাৰিম৷ আৰম্ভ এপ্রিলৰ প্রথম ভাগৰ পৰাই হ’ল, কিন্তু যে ২০২১ত ক’ৰোনা ভাৰতত পুনৰ হ’ব এই বৈজ্ঞানিক ভৱিষ্যদ্বাণী মই কেনেকৈ কৰিছিলোঁ? ভাৰতত দ্বিতীয়বাৰ ক’ভিড–১৯ আকস্মিক ৰূপটো আমাৰ বিশেষজ্ঞ সংস্থাবোৰৰ বিৰাট ব্যর্থতা৷ আকস্মিকতাই আতংক সৃষ্টি কৰিলে, বেমেজালি–বিশৃংখলাই চূডান্ত ৰূপ ল’লে৷ মৃত্যুবৰণ কৰিব নলগীয়া ৰোগীয়ে নানান চিকিৎসা বিভ্রাটত প্রাণ আহুতি দিলে৷ ব্যক্তিগত খণ্ডই লাভৰ তাডনাত চিকিৎসালয়ত ৰাখিব নলগা বেমাৰীৰে বিছনা পূৰাই প্রকৃততে লগাজনক বঞ্চিত কৰি মৃত্যুৰ মুখলৈ ঠেলি দিলে৷ ভাৰতত দ্বিতীয়বাৰ ক’ৰোনা ভাইৰাছ ৰূপান্তৰ হৈ অধিক মাৰাত্মক হৈছিল বুলি গোকাট মিছা কৈ এই অকর্মণ্যতা ঢ়াকি ৰাখিব পাৰিব৷ যিবিধ ভাৰতীয় ৰূপান্তৰিত ভাইৰাছৰ কথা কোৱা হয়, সেইবিধতকৈ আন বিধবোৰেহে (যেনে ইংলেণ্ডৰ কেণ্টৰ বিধটো) ভাৰতত বহুল সংক্রমণ কৰিছে৷ ইংলেণ্ডত ৫–৬টামান ‘হটস্পট’ত শেহতীয়াকৈ এই ভাৰতীয় ৰূপান্তৰিত ভাইৰাছবিধে বহুত সংক্রমণ কৰিছে– কিন্তু ৰোগ বা মৃত্যু কৰা নাই৷ মই আগতেও কৈছোঁ, বীজাণু এবিধৰ যিমানেই সংক্রমণশীলতা বাঢ়ে, সিমানেই মাৰাত্মকতা কমে৷ ই এটা সাধাৰণ নিয়ম৷

কিন্তু আটাইতকৈ শোকাৱহ আৰু মানৱাধিকাৰ খর্বকাৰী কথাটো হৈছে ক’ভিড–১৯ পজিটিভৰ ফল লৈ মৃত্যুমুখত পৰা লোকসকলৰ শৱ পৰম্পৰা মতে শেষকৃত্য কৰাত পৰিয়ালক বাৰণ কৰাটো৷ এইক্ষেত্রত ভাৰতীয় বিশেষজ্ঞ সংস্থাই WHOৰ প্রট’কল অবিকল চৰকাৰক গ্রহণ কৰিব দিলে এই বিডম্বনা নহ’লহেঁতেন৷ কিছু বৈজ্ঞানিক ধ্যান–ধাৰণা আৰু আত্মবিশ্বাসৰে ভাৰত চৰকাৰক ভাৰতীয় পৰিস্থিতিৰ সৈতে সামঞ্জস্য থকাকৈ দিহা–পৰামর্শ দিব নোৱাৰাটো ভাৰতীয় বিশেষজ্ঞ সংস্থাসমূহৰ চৰম ব্যর্থতা৷ ভৱিষ্যতেও অতিমাৰী আহিব৷ ৰাইজে এইবাৰৰ পৰা বহু শিক্ষা নিজেই ল’ব৷ কিন্তু আমাৰ বিশেষজ্ঞ সংস্থাসমূহৰ অর্হতা বিশ্বমানৰ কৰি তুলিব নোৱাৰিলে শেষ ৰক্ষা নহ’ব৷ বিশ্বমানৰ চিন্তা আৰু আত্মবিশ্বাসহে প্রাথমিক, অধিক যন্ত্রপাতি গৌণ৷

বৈজ্ঞানিক পর্যবেক্ষণৰ পৰা নিশিকি চৰকাৰক ভুল পৰামর্শ দি দেশখনৰ ক্ষতি কৰা আন উদাহৰণো আছে৷ ‘লকডাউন’ দি মানুহক বাহিৰলৈ ওলাবলৈ বাৰণ কৰাটো আত্মঘাতী৷ Stay at Home’ অতি ক্ষতিকৰ৷ আনহাতে, ‘লকডাউন’ দি যদি বন্ধ পৰিৱেশত জনসমাগম ৰোধ কৰে, সেইটো সহায়কাৰী৷ মুকলিত হোৱা হাট–বজাৰ নিৰাপদ৷ বতাহৰ চলাচল নথকা অফিচ–কাছাৰীৰ কোঠা বা থিয়েটাৰ–চিনেমা বা নৈশ হোটেলত কৰা পার্টী ক্ষতিকৰ৷ আজিলৈকে পৃথিৱীৰ কোনো ঠাইতে মুকলিত হোৱা বিশাল বিশাল জনসমাগমৰ কোনো এটাৰো সৈতে মহাসংক্রমণ Super Spreading)ৰ ঘটনা জডিত কৰিব পৰা হোৱা নাই৷

মুকলিত ক’ৰোনা কদা কাশ্চিৎহে বিয়পিব পাৰে– এইটো এটা বৈজ্ঞানিক সিদ্ধান্ত৷ উত্তৰ গোলার্ধৰ দেশবোৰত ‘ব্লেক লাইভছ মেটাৰ’ প্রতিবাদী জনসমাগমেই হওক বা সাগৰৰ উপকূলত হাজাৰ হাজাৰৰ অৱসৰ–বিনোদনৰ সমাগমেই হওক ক’ৰোনা বিয়পাৰ উদাহৰণ নাই৷ ইয়াৰ বিপৰীতে বৃদ্ধ–নিৱাস, হাস্পতাল, ‘পাৱ’–‘নাইট ক্লাব’ আৰু নিজৰ ঘৰতহে ক’ৰোনাৰ সর্বাধিক সংক্রমণ হৈছিল৷ আপোনালোকে বিশ্বাস নকৰিব যে ইউৰোপ–আমেৰিকাৰ দৰে উন্নত দেশবোৰত মানুহে দিনটোৰ ৯%ৰো অধিক সময় বন্ধ পৰিৱেশত Built environment)ত কটায়৷ ইয়াৰে ২/৩ নিজৰ ঘৰত আৰু বাকীখিনি অফিচ, স্কুল বা আন ধৰণৰ বন্ধ সামূহিক পৰিৱেশ৷ এনেধৰণৰ প্রাকৃতিক ‘ক্রছ ভেণ্টিলেচন’ নথকা বন্ধ পৰিৱেশ ক’ৰোনা বা আন শ্বাসজনিত বীজাণুৰ বাবে অতি প্রশস্ত৷ শীতপ্রধান দেশসমূহত বন্ধ কোঠালিত প্রাকৃতিক ‘ক্রছ ভেণ্টিলেচন’ নাথাকে৷ ‘কৃত্রিম ভেণ্টিলেচন’ ব্যক্তিগত ঘৰত নাথাকে, আনকি সামূহিক পৰিৱেশতো নাথাকিব পাৰে বা উপযুক্ত নহ’ব পাৰে৷ সেয়ে এই ধনী দেশসমূহত শ্বাসজনিত সংক্রমণৰ কাৰণে শীতত বহু মানুহ মৰে৷

আনহাতে মুকলি সংক্রমণৰ কাৰণে অতি প্রতিকূল৷ এয়া বহু গৱেষণা–পত্র আৰু আন দেশৰ চৰকাৰী নথিত প্রকাশিত তথ্য– মোৰ ব্যক্তিগত মত নহয়৷ ইয়াৰ কাৰণ কি? বতাহৰ চলাচলে কোনোবা এজনে কাহঁোতে ওলোৱা ভাইৰাছ কণিকাসমূহক ততালিকে পাতল কৰি পেলায়৷ কণিকাবোৰৰ ঘনত্ব মুহূর্ততে কমি যায় যে সংক্রমণ কৰিবলৈ যি নূ্যনতম ঘনত্ব লাগে সেয়া নাথাকে৷ তদুপৰি বতাহে ভাইৰাছ কণিকা বহনকাৰী কাহৰ পাছত ভাহি উঠা টোপালবোৰক শুকুৱাই পেলায়৷ ইয়াৰ উপৰি সূর্যৰ অতি বেঙুনীয়া ৰশ্মিও ভাইৰাছ কণিকাৰ ধ্বংসৰ কাৰণ হয়৷

মহাকুম্ভৰ জনসমাগম বিশ্বত আটাইতকৈ বৃহৎ৷ গংগাৰ পাৰত মহাকুম্ভত মহাসংক্রমণ Super Spreading) হৈছিল নেকি? ই এটা অনুসন্ধিৎসাৰ বিষয়৷ যাত্রীৰ ৰাতি থকা নিৱাসস্থলীত সংক্রমণ সম্ভবতঃ হৈছিল, সেইটো স্বাভাৱিক অনুমান৷ তথাপি এই নিৱাসসমূহতো যে মহাসংক্রমণ হৈছিল, এই প্রমাণ বা তথ্য আজিলৈ ওলোৱা নাই৷ ১২, ১৪ আৰু ২৭ এপ্রিল এই তিনিটা দিন এই বছৰ গংগা স্নানৰ মূল দিন আছিল৷ ১২ আৰু ১৪ এপ্রিল এই দুদিনত ৪৮ লাখৰো অধিক লোকে স্নান কৰিছিল৷ সমগ্র দেশখন আৰু উত্তৰ প্রদেশৰ পৰিসংখ্যা চালে দেখা যায় যে এপ্রিলৰ প্রথম ভাগৰ পৰাই ক’ৰোনা সংক্রমণে পূর্ণ গতিবেগ লৈছিল৷ অর্থাত কুম্ভৰ সৈতে সংক্রমণৰ আৰম্ভণিৰ সম্পর্ক নাছিল৷ বৰং কুম্ভমেলা এইবেলি ক’ৰোনাৰ ঊর্ধ্বগামী গতিৰ মাজতে এটা অতি সংকটপূর্ণ সময়ত হৈছিল৷ উত্তৰ প্রদেশ চৰকাৰে কুম্ভত সংক্রমণ নহ’বলৈ চৰকাৰী বহু আজ্ঞা–নিষেধাজ্ঞা (প্রট’কল) জাৰি কৰিছিল৷ দৈনিক ৫০,০০০কৈ ‘ৰেপিড এণ্টিজেন টেষ্ট’ আৰু ৫,০০০কৈRT-PCR কৰাইছিল৷ প্রথমে দৈনিক মাথাঁেঁ ১০–২০ যাত্রী আৰু ১০–২০ স্থানীয় লোক পজিটিভ ওলাইছিল৷ ১৫ এপ্রিলৰ বাতৰি মতে ১৭০১জন ১০–১৪ এপ্রিলৰ ভিতৰত পজিটিভ হৈছিল৷ এইবোৰৰ মাজত ‘মিছা পজিটিভ’হে আছিল সেই সম্ভাৱনা প্রতিষ্ঠিত মেডিকেল ফর্মুলাৰ পৰা হিচাপ কৰি দেখুৱাব পাৰি (মই মিছা পজিটিভ’ সম্পর্কে পূর্বে লিখিছোঁ) যদিও ‘সঁচা পজিটিভ’ নিশ্চয় আছিল৷ ১৬ এপ্রিলৰ দিনা নিৰঞ্জনী আখাদাৰ ৬৫ বছৰীয়া প্রধান সাধুগৰাকী কভিড–১৯ত মৃত্যু হোৱা বুলি বাতৰি ওলাইছিল৷ তেওঁ ১০,০০০ শিষ্যক লৈ বাহৰ পাতি আছিল৷ বাতৰিটোৱে তোলপাৰ লগাইছিল৷ চৰকাৰী ক’ভিড–১৯ প্রট’কল মুকলি উলংঘন হোৱা বুলি বাতৰি ওলাইছিল৷ প্রট’কল এশভাগ পালন হ’লেও ইমান বৃহৎ জনসমাগমত ক’ৰোনাৰ দৰে এটা সংক্রমণ ৰোধ কৰিব পৰাটো বৈজ্ঞানিক মতামতত অসম্ভৱ৷ জনসমাগম হাজাৰ নহয়, লাখ লাখ হৈছিল৷ তেনেস্থলত অৱশেষত কিমানজন সাধুৰ মৃত্যুৰ বাতৰি আমি পাইছিলোঁ? কিমানজন কুম্ভ মেলাত ভাগ লৈ আহি ক’ৰোনাত আক্রান্ত হৈছিল বুলি নিশ্চিত খবৰ পাইছিলোঁ৷ দুই–এটা অসম্পূর্ণ তথ্যৰ Anecdotal) বাতৰি নিশ্চয় ওলাইছিল৷ কিন্তু যে কুম্ভত মহাসংক্রমণ হৈছিল প্রণালীবদ্ধ অধ্যয়ন আজিকোপতি মোৰ চকুত পৰা নাই৷ ভৰ ক’ৰোনা সংক্রমণৰ মাজত হোৱা মহাকুম্ভৰ পৰা মহাসংক্রমণ হোৱা হ’লে ই বিশাল ৰূপত চকুত পৰিলহেঁতেন৷ কুম্ভত মহাসংক্রমণ নোহোৱাটো মুকলিত যে সংক্রমণ অতি অস্বাভাৱিক সেই বৈজ্ঞানিক পর্যবেক্ষণৰ সৈতে সম্পূর্ণ সামঞ্জস্যপূর্ণ৷

প্রতিখন দেশৰ পৰিৱেশ, জলবায়ু, জনগাঁথনি, মানুহৰ চাল–চলন পৃথক৷ আমাৰ দেশত প্রাবল্য যে কম সেয়া ২০২০তেই পৰিলক্ষিত হৈছিল৷ ইমান হুৱাদুৱা আৰু আতংকৰ পাছতো আজিৰ তাৰিখত প্রতি নিযুত হিচাপত সংক্রমণ আৰু মৃত্যুৰ হাৰৰ তালিকাত ভাৰতৰ স্থান বিশ্বৰ দেশসমূহৰ মাজত ১০৫ আৰু ১০৯৷ বিভিন্ন কাৰকে ভাইৰাছৰ সংক্রমণ কেনেকৈ প্রভাৱান্বিত কৰে, জুকিয়াই দিহা–পৰামর্শ দিবলৈ অক্ষম ভাৰতীয় বিশেষজ্ঞসকলে দেশৰ বিস্তৰ ক্ষতি কৰিলে৷ বতাহৰ চলাচল সুচল হ’লে প্রাকৃতিক ক্রছ ভেণ্টিলেচন থকা কোঠালিও নিৰাপদ হ’ব পাৰে৷ তাতে যদি শাৰীৰিক দূৰত্ব আৰু মুখাৱৰণী পৰিধান কৰা হয়৷ এই ধৰণৰ বৈজ্ঞানিত পর্যবেক্ষণেৰে উপযুক্ত জনস্বাস্থ্য বিধি যুগুতোৱাত চৰকাৰক দিহা–পৰামর্শ দিয়া হ’লে ‘লকডাউন’ৰ দৰে এটা ভোটা অস্ত্র আৰু আত্মঘাতী কার্য পৰিহাৰ কৰি দেশখনক আৰু নাগৰিকক ৰক্ষা কৰিব পৰা গ’লহেঁতেন৷ অর্থনীতি বিধ্বস্ত হোৱাৰ পৰা বচাব পৰা গ’লহেঁতেন৷

আজি ব্রিটেইনৰ দৰে স্বাস্থ্যখণ্ডত আগবঢ়া দেশতো ক’ৰোনা পৰিস্থিতিত ব্যাহত হৈ পৰাত ৫ নিযুত বেমাৰী আন আন বেমাৰৰ চিকিৎসাৰ কাৰণে এবছৰৰো অধিক প্রতীক্ষাৰত হৈ আছে৷ ক’ৰোনা কালৰ ঠিক পূর্বে এই সংখ্যা আছিল মাত্র কেইহেজাৰমান৷ উপযুক্ত পৰিসংখ্যাৰ অভাৱত আমাৰ দেশত মানুহৰ কিমানৰ কি দুর্গতি হৈছে, আমি অনুমান কৰিবহে পাৰোঁ৷ বৈজ্ঞানিক পর্যবেক্ষণৰ ভিত্তিত উপযুক্ত জনস্বাস্থ্য নীতিৰে দেশখনক উত্তম ধৰণে পাৰ কৰি লৈ যাব পৰা গ’লহেঁতেন৷ বিজ্ঞানক বাদ দি বিজ্ঞানমনস্কতাৰ কি সকাম? এটা মহামাৰীয়েই ভয়াৱহ৷ অপতথ্য আৰু আতংকৰ আন দুটা মহামাৰী ভূতৰ ওপৰত আজি দানহ হৈছে৷

(লেখকৰ এই বিষয়ে লিখা কাকতত প্রকাশিত আটাইকেইটা প্রবন্ধ ইয়াত উপলব্ধhttps://jayantabsarma.blogspot.com ফেচবুকত লিখা বৈজ্ঞানিক পর্যবেক্ষণ আৰু অনুমানসমূহে https://www.facebook.com/jayanta.b.sarmaত উপলব্ধ৷)

You might also like