নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাষাটো যেন বিভংগ নৃত্যৰ চোতালহে

প্রশ্নঃ অসমীয়া ভাষা কোনটোক বোলা হয়? উত্তৰঃ যিটো ভাষাত বহুল বিধি আছে, কিন্তু য’ত সেই বিধিবোৰ মূঢ়ভাবে, বে’–পৰোৱাভাবে আৰু নির্লজ্জভাবে উলংঘা কৰি ভাষাটোক চৰিয়াই, লথিয়াই, ভুকুৱাই তাৰ গাল ফুলাই দিয়া হয়, ঠেং ভাঙি দিয়া হয় আৰু পিঠি উখহাই দিয়া হয়, সেই ভাষাটোকে অসমীয়া ভাষা বোলা হয়৷ যিয়েই (জোনেই?) যেনেকৈ ইচ্ছা কৰে, তাৰেই তেনেকৈ কোৱাৰ বা লিখাৰ অবাধ অধিকাৰ যিটো ভাষাত আছে, সেইটোৱেয় (হ’ল/হৈছে) অসমীয়া ভাষা৷ (শেষৰ বাক্যটোত কর্তা হৈছে ‘সেইটো’, আৰু, তাৰ নির্ণায়ক ক্রিয়া হৈছে ‘হ’ ধাতুৰ ক্রিয়াৰূপ, ‘হ’ল’ বা ‘হৈছে’ কিন্তু ‘হ’, ‘উঠ’, ‘বহ’, ‘নাম’, ‘আহ’, ‘যা’, ‘থাক’, ‘শো’ আদি ধাতুৰ পৰা হোৱা ক্রিয়াৰ কর্তাত প্রত্যয় নালাগে নেপথ্যত থাকি বা উহ্য হৈ থাকিয়েই নিজৰ অর্থ প্রকাশ কৰিলেও, এই বাক্যটোত ‘সেইটো’ বোলা কর্তাটোৰ নির্ণায়ক ক্রিয়াটো হৈছে ‘হ’ল’ বা ‘হৈছে’ এতেকে তাত প্রত্যয়বাচক ‘ই’–ৰ পৰিৱর্তে ‘য়’ দিয়া হৈছে)৷

মই কেইবাটাও দশক জুৰি অলেখ সভা, আলোচনা সত্র আৰু কাকত–পত্রৰ যোগে অলেখবাৰ ব্যক্ত কৰি আহিছোঁ যে প্রায় ৪৫ বছৰৰ পূর্বে অসমত শিক্ষক নিযুক্তিৰ ক্ষেত্রত আৰম্ভ হোৱা পূঁতিগন্ধময় দুর্নীতিৰ ফলতে ৰাজ্যখনত অসমীয়া ভাষাৰ তথা সামগ্রিক শিক্ষা ব্যৱস্থা, শিক্ষা দান আৰু শিক্ষা লাভৰ অৱস্থা চৰম দুর্বিষহ আৰু লজ্জাজনক হৈ পৰিল৷ ৰৌমান্/ইংৰাজী লিপিৰ আখৰবোৰৰ উচ্চাৰণৰ কথা তেহেলৈকে থৈছোঁ৷ মই ক্রমবর্ধমানভাবে উপলব্ধি কৰিবলৈ ধৰিছোঁ যে আমাৰ বিভিন্ন স্তৰৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ভিন্ ভিন্ বর্গ আৰু পদ মর্য্যাদাৰ হাজাৰ–বিজাৰ শিক্ষকে অসমীয়া স্বৰ বর্ণ লিপি (অ–ফলা) আৰু ব্যঞ্জন বর্ণ লিপি (ক–ফলা) দুখন আৰু অসমীয়া ধাৰাপাতৰ সংখ্যাবোৰ ১ (এক)ৰ পৰা আৰম্ভ কৰি একেবাৰে নতুনকৈ শিকাৰ আশু প্রয়োজন৷ (আজিকালি কেন্দ্রীয় বিদ্যালয়সমূহত আৰু ইংৰাজী মাধ্যমৰ বিভিন্ন বিদ্যালয়ত পঢ়া অসমীয়া ছাত্র–ছাত্রীসকলৰ প্রায় আটায়ে, ‘এক’ বোলা সংখ্যাটো তথা শব্দটো কেনেকৈ উচ্চাৰণ কৰে, মন কৰিছেনে?– চাওক/শুনক– এ’ক– ek) এয়া হ’ল নিজত্ব বিসর্জন দিয়া, অসমীয়াৰ ‘অতিথিপৰায়ণতা’)৷ এইটো বাৰু ভূতৰ ওপৰতে দানহৰ নিচিনা প্রপঞ্চ৷ কিন্তু এনেয়েও, শিক্ষক–ছাত্র–শিক্ষক্,– এই নিৰন্তৰ প্রক্রিয়াটোত প্রজন্মৰ পৰা প্রজন্মলৈ বাগৰি অহা কড়া–গণ্ডা হিচাপৰ মাৰাত্মক ভুলে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে৷ বিভিন্ন ঠাইৰ পৰা মোলৈ ফোন (ফৌন্) কৰা চিনাকি–চিনাকি বহুতো লোকে মোক কয়– ‘আমি যে ইমান দিনে অতবোৰ কথা ভুলকৈ কৈ আৰু লিখি আহিছিলোঁ, নাজানিছিলোঁৱেই৷ কি কৰিম আমাক তেনেকৈয়ে শিকাইছিল৷’ অনেকে কয়– ‘আজিকালি টী ভী চাবকে নোৱাৰি বাতৰিবোৰ জানিবলৈ নাচালে নহয় কাৰণে চাওঁ, কিন্তু প্রায়ে অলপ চায়েই বন্ধ কৰি থওঁ৷’ সেই বিষয়ে কিমান যে ক’লোঁ কিন্তু কৈনো কৈ থাকোঁ মানে ওৰকে নপৰে৷ আৰু ক’ম, কিন্তু…

এইখিনিতে গোটাদিয়েক ৰজাঘৰীয়া নমুনা দি লওঁ৷ শেহতীয়াকৈ অসম চৰকাৰে ঢ়োল কোবাই থকা এখন আঁচনি হ’ল ‘অৰুনোদয়’৷ পিচে, ‘অৰুণোদয়’–ৰ ঠাইত ‘অৰুনোদয়’ কিয়? ‘অৰুনোদই (য়)’ আছিল ব্রিটিশে অসম দখল কৰাৰ কুৰি বছৰৰ পাছত, ১৮৪৬ চনত, ক্রিসশিয়ান্ মিশ্নেৰিসকলে শিৱসাগৰৰ পৰা প্রকাশ কৰা বার্তালোচনীখনৰ নাম৷ সর্বসাধাৰণ অসমীয়া মানুহৰ উচ্চাৰণত মূর্ধন্য ‘ণ’ আৰু দন্ত্য ‘ন’–ৰ পার্থক্য নথকা হেতুকে মিশ্নেৰিসকলে উক্ত শব্দটোত আৰু অন্যান্য বহু স্থানত– ণ–ৰ পৰিৱর্তে– ন–ব্যৱহাৰ কৰিছিল৷ পাছে ভাষাৰ ওজা হেমচন্দ্র বৰুৱাই বৃহৎ সংখ্যক অসমীয়া শব্দৰ উৎস, সংস্কৃত ভাষাৰ লগত সিবোৰক ‘পুনৰ সংযুক্ত’ কৰালে৷ তেতিয়াৰে পৰা অসমীয়াত, সংস্কৃতৰ অন্যান্য বহু বিধিৰ লগতে, ণত্ব বিধি আৰু ষত্ব বিধিৰ ব্যাপক প্রয়োগ আৰম্ভ হ’ল৷ কিন্তু প্রশ্ণ হৈছে– ২০২০ চনতো অসমৰ অন্ততঃ চৰকাৰী পক্ষৰ ৰাজনীতিকসকল আৰু ‘জনছংযোগ’ বিভাগৰ আমোলাসকলকে ধৰি সমূহ আমোলা–মহৰীৰ মাজত ণত্ব বিধি, ষত্ব বিধিৰ বিষয়ে ‘ৱাকিবাহাল’ কোনো এফেৰাও নৰমনিচ নোলালনে?

সি যি কি নহওক, এতিয়া ‘অৰুনোদয়’ আঁচনিৰ প্রচাৰত স্বয়ং মুখ্য মন্ত্রী তথা (গৃহ বিভাগৰ অন্তর্ভুক্ত) জনসংযোগ মন্ত্রী সর্বানন্দ সোণোৱালৰ সোণ–ৰূপৰ মুখত অসমীয়া ভাষাৰ নমুনা– ‘… অসমত প্রায় ঊনৈশ লাখ লোকে উপকৃত হ’ব৷’ পাঠক, ঊনৈশ লাখ লোকে উপকৃত হ’ব, নে ঊনৈশ লাখ লোক উপকৃত হ’ব (‘হ’ ধাতুৰ ক্রিয়া ৰূপ)? বাক্যটোত কর্তা– ‘লোক’ তাত–এ–প্রত্যয়ৰ আৱশ্যক (লোক+=লোকে) আছিলনে? নমুনা আৰু এফেৰা দিওঁ, ৰ’ব৷ ‘কৰ’ মানে হাত৷ এতেকে কিবা এটা, বিশেষকৈ (আৰক্ষীয়ে) কোনো অপৰাধীক হস্তগত কৰিলে কোৱা হয় (ক+আয়ত্ত) ‘কৰায়ত্ত কৰা’ বুলি৷ পিচে, আমাৰ অসংখ্য লোকে আৰু, বিশেষতঃ সাংবাদিকে, আৰু ততোধিক লক্ষণীয়ভাবে,– অলেখ বাকচ সাংবাদিকে, এনে সন্দর্ভত,– কাৰাগাৰৰ কথা ভাবিয়েই, নে, আন কিবা কাৰণত, নাজানো,– ‘কৰায়ত্ত’–ৰ পৰিৱর্তে প্রায়ে কয় ‘কাৰায়ত্ত’ বুলিহে সম্প্রতি ৰাজ্যখন তল–ওপৰ কৰি থকা অন্যতম ঘটনা হৈছে,– পাছলৈ সম্ভৱতঃ খোলাকটিৰ তাল হ’বগৈলগীয়া, আৰক্ষী বাহিনীৰ উপ–পৰিদর্শক বাছনি পৰীক্ষা সম্পর্কীয় ‘দম্ দমাদম্ দম্’ কেলেংকাৰীটো৷ সেই সন্দর্ভতে, যোৱা ২৫ ছেপ্ঢে’ম্বৰত গৃহ মন্ত্রী সোণোৱালে ক’লে বোলে কোনো দোষী সাৰি নাযায় (সচৰাচৰ কোৱা নিয়ম মাফিক কথা) সকলোকে ‘কাৰায়ত্ত কৰা হ’ব’ ‘কাৰায়ত্ত’
কিছু দিনৰ আগেয়ে এগৰাকী সচেতন মহিলাই ম’বাইল্ ফোন্ (মৌবাইল্ ফৌন্)যোগে মোলৈ এখন ছবিসহ এটা বার্তা পঠাইছিল৷ ছবিখন আৰু বার্তাৰ বিষয় বস্তু আছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ ‘ছুপা(ৰ্) স্পে’শিয়িলেটি ক’ভিড্ ছে’ণ্টা(ৰ্)’– অত থকা এখন ফলক৷ কাহিনীটো চমুৱাবলৈ তেখেতৰ বার্তাটোৰ অংশবিশেষ আৰু ফলকখনৰ অসমীয়া আৰু ইংৰাজী কথাকেইটাকে তুলি দিছোঁ৷ প্রথমতে বার্তাটোৰ অংশ বিশেষ– ‘ছাৰ… আজিৰ এই ফটোখনে মনত বৰ কষ্ট দিছে৷ খোদ গুৱাহাটীৰGMCH–ত এইবোৰ লিখিছে৷ এজনো অসমীয়া বিষয়াৰ (মোৰ নিজা সংযোজন ঃ মন্ত্রী, অধ্যক্ষ, অধীক্ষক চিকিৎসকৰ) চকুত পৰা নাইনে? দুঃখতে আপোনালৈকে লিখিলোঁ৷ লে’কিন্ হাম ঢ়াল বিন্ তলৱাৰ বিন্ নিধিৰাম ছর্দাৰ ক্যা কৰে’ংগে’? এতিয়া ফলকখনত থকা, পথ নির্দেশনামূলক কথাকেইটা ঃ ইংৰাজীত আছে –FIRE EXIT STAIR; ইস্বাৰ আছামী শব্দোঁভী দে’খ্ লীজিয়ে– ‘অগ্ণী ওলাই যোৱা চেৰী’ (‘অগ্ণি ওলাই যোৱা ছিৰি’) অর্থাৎ জুই ওলাই যোৱা ছিৰি (বা খটখটী)৷ কথাটো হ’ব লাগিছিল– ‘জুই লাগিলে (মানুহ) ওলাই যোৱা ছিৰি/খটখটী৷ আচলতে, এই প্রসংগত ‘বাট’ বুলিলেহে যথাযথ হয়৷ আৰু ‘ওলাই যাব’ৰ বাবে ‘অগ্ণী’ক অর্থাৎ ‘জুঈ’–ক খটখটী লাগে নেকি,– এঢ়াপ এঢ়াপকৈ? আকৌ, পুৰিবলৈ ঘৰ–দুৱাৰ, দৰৱ–জাতি, যন্ত্র–পাতি আৰু, ঈশ্বৰে নকৰক,– ৰোগী, চিকিৎসক আদি পালে, সিনো ওলাই যাব কিয়া? পিচে, ‘চেৰী’ (চে’ৰি)টো দেখি মোৰ আকৌ জাপানলৈ যাবলৈহে মন গৈছিল ছায়’নাৰা–আ, ছায়’নাৰা–আ–আ৷ কি জানিবা টকি’ত কিবা পালোঁৱেইহেঁতেন
এতিয়া, অসমীয়া ভাষা হত্যা অভিযান নেতৃত্ব দান কৰা বাকচ সংগঠনৰ গুজব শাখা আৰু লেল–পেল শাখাই ভাষাটোৰ মূৰৰ পৰা ভৰিলৈকে সততে মাৰি থকা ছুৰীৰ খোঁচকেইটামানলৈ মন কৰক৷ ‘হতাহত’ মানে হৈছে হত (মৃত্যু) আৰু আহত৷ আনহাতে, ‘হতাহতি’ মানে হৈছে ইজনে সিজনৰ লগত হাতে হাতে কৰা মৰামৰি বা টনা–টনি৷ যেনে– চৰিয়াচৰি, চুলিয়া চুলি, ঘুঁচিয়া–ঘুঁচি ইত্যাদি৷ পিচে, ‘নিতৌ’ নামৰ এটা বাকচৰ ঘাই সচিবজনে, যোৱা ৭ আগস্তত কালিকট বিমান দুর্ঘটনাৰ গুজব দিবলৈ গৈ ক’লে– ‘ঘটনাটোত হতাহতি লোকৰ সঠিক সংখ্যা জনা হোৱা নাই৷’ ভাষাটোৰ কি দুর্গতি কৰা হৈছে চাওক৷ ‘চোৰ’ মানে হৈছে ‘চুৰ’ কৰা মানুহ (থীফ্) স্ত্রী হ’লে, চুৰুণী, ‘চুৰ কৰা’ মানে হৈছে, গৰাকীয়ে নজনাকৈ গোপনে কিবা বস্তু (ছোৱালীও হ’ব পাৰে, ঘটী–বাটিও হ’ব পাৰে) নিয়া (টু স্তীল্), আৰু ‘চুৰি’ মানে হৈছে চোৰে বা চুৰুণীয়ে কৰা কাম (থে’ফ্ট্)৷ পিচে, আজিকালি, ছেলূনত এনেয়ে বহি বহি মাজে মাজে আইনা চাই চাই এখন হাতেৰে শালমইনা চিকুটি চিকুটি আনখন হাতেৰে ম’বাইল্ ফোন্ টিপি টিপি অসমীয়া ভাষাৰ শ্রাদ্ধ পাতি থকা চেঙেলীয়া বজৰুৱা ল’ৰাবোৰৰ দৰে, আমাৰ বাকচসমূহৰ গুজব দাতাসকলৰ অনেকৰ মুখতে শুনা যায়,– আজি বোলে, অমুকৰ ঘৰত ‘চুৰ’ (চোৰ) সোমাল, তমুকৰ ঘৰত ‘চোৰ (চুৰি) হ’ল’ ইত্যাদি৷ তাৰ মানে কি, সেই তমুকৰ ঘৰত ‘হোৱা’–ৰ আগলৈকে চোৰকেইটাৰ জন্মও ‘হোৱা’ নাছিল নেকি? তমুকৰ ঘৰত ‘হৈয়েই’ অর্থাৎ উপজিয়েই ‘চোৰ’
হ+অ=া (যেনে– অতি+আধুনিক= অত্যাধুনিক অতি+আচা=অত্যাচাৰ), কিন্তু হ+অ=া নহয়, –হে (যেনে– অতি+অধিক=অত্যধিক) বুলি কিমানবাৰ যে ফঁহিয়াই ফঁহিয়াই ক’লোঁ, তাৰ লেখ–জোখ নাই৷ কিন্তু তৎসত্ত্বেও, সেই সামান্য কথাটো, অন্যান্য বহু লোকৰ লগতে, কোনো বিশেষ বাকচৰ সম্পাদনা বিভাগৰ বিশেষ পদ মর্য্যাদাত বহি নিতৌ নিজেও পর্দাত গুজব প্রচাৰ কৰি থকা কোনোবা ব্যক্তিবিশেষৰ বোধগম্য নহ’ল৷ বৰঞ্চ আজি পর্যন্ত শ্রোতা–দর্শকৰ কাণৰ কণামাকৰি আৰু গছৰ পাত সৰুৱাই, টেঁটু ফলা চিঞৰ মাৰি মাৰি, উল্লিখিত সেই শব্দটো ‘অত্যধিক’–ৰ পৰিৱর্তে ‘অত্যাধিক’ ‘অত্যাধিক’ বুলি শুনাই শুনাই, গুজব পৰিৱেশকে, উঠি অহা ল’ছালীহঁতৰ মূৰবোৰ কৰচ্ কৰচ্কৈ চোবাই আছে৷ মহামাৰীৰ বাহকCORONAৰ ইংৰাজী উচ্চাৰণ– কৰৌনা৷ অৱশ্যে অসমীয়া ভাষাৰ কথন লয়ৰ তালত মিলাই অসমীয়াত তাৰ সৰলীকৃত তথা গ্রাহ্য ৰূপ হ’ল– কৰ’না৷ তাকে আমাৰ কোনো কোনো সংবাদ প্রতিষ্ঠানে কৰিছে ‘কৰোনা’, কোনোটোৱে ‘কোৰোনা’ আৰু আন কোনোটোৱে– ক’ৰোনা (লিখিত অনুসাৰে কোনোবাই বিনা কষ্টে জিভা ঘূৰাই মোক দেখুওৱাক আৰু শুনাওক)৷ কিন্তু সেইবোৰ যিয়েয় (হx) হওক বা নহওক,CORONAটো ‘কৰুনা/কৰুণা’ CORuNA/KORUNA?) হয় কেনেকৈ? অথচ অসমীয়া বাকচ সাংবাদিকসকলে লাখ লাখ অসমীয়া লোকক অহৰহ বিভ্রান্ত কৰি চিঞৰি চিঞৰি শব্দটো ‘কৰুণা’ কৰিয়েই পেলালে কি যে লজ্জাজনক যোৱা ২৭ ছে’প্ঢেম্বৰত এগৰাকী প্রাক্তন কেন্দ্রীয় মন্ত্রীৰ মৃত্যু হ’ল৷ নামJASWANT SINGH; দেৱনাগৰী লিপিও চাব– জস্ৱন্ত্ সিং৷ এতেকে, অসমীয়াতো সেয়ে– জস্ৱন্ত্ সিং৷ কিন্তু আমাৰ একাধিক খাৰখোৱা বাকচে সিদিনা প্রয়াত মন্ত্রীগৰাকীৰ নামটো কি কৰিলে চাওক– ‘য (য়) শোৱন্ত্ সিং’৷ কিন্তু উপাধিটো ‘সিং’ নহৈ ‘সিন্হা’ হ’লেও, ‘য়শোৱন্ত্’ হ’ল আন এজন তথা বর্তমান জীৱিত (বাহাল তবিয়ৎ বিৰাজমান) প্রাক্তন কেন্দ্রীয় মন্ত্রীৰ নামহে JASHWANT SINHA– য়শোৱন্ত্ সিন্হা)৷ তালব্য, মূর্ধন্য, দন্ত্য, হলন্ত, স্বৰান্ত, বর্গীয়, অন্তঃস্থ, হ্রস্ব, দীর্ঘ আদিৰ একো ধাৰণা নোহোৱাকৈ, আমাৰ মুলুকত বিশেষতঃ লিপ্যন্তৰকৰণৰ বেলিকা গোটেইখন খিচিৰি তথা সনা পিঠা কৰি প্রজন্মৰ পাছত প্রজন্মকৈ লাখ লাখ মানুহক ভুল পথেদি নি থকা হৈছে৷ সেই মতেই আসাৰাম ASARAM) বাপুক কৰা হৈছিল, ‘আশাৰাম ASHARAM?) বাপু’ হাতলৈ ‘ঠন্ ঠনী’ আনে বুলিয়েই কি বিজ্ঞাপনদাতা যাদুকৰ, বাজিকৰ, বেজ, জ্ঞানী, মৌলৱীৰ গাত ভেজা দি পর্দাত – ‘চাকৰী’, ‘কাজীয়া’, এটা ফোন কল (কলে) আপোনাৰ ভাগ্য পৰিৱর্তন কৰি দিব পাৰে (অর্থাৎ কলে নোৱাৰে ‘কল’–হে পাৰে?) আদি ‘ভাষা’ৰে দর্শকৰ নয়ন সার্থক কৰিবলৈ দি গা এৰা বা মূৰ পোলোকা দিব পাৰিনে?
এতিয়া বিভিন্ন কুকুৰীকণা বাকচৰ লেল–পেলসমূহত নিতৌ দেখা আৰু শুনা কুৰিয়ে কুৰিয়ে মাৰাত্মক ভুলৰ নামমাত্র গোটাদিয়েক নমুনা দিওঁ, চাওক/শুনক৷ প্রতিখন লেল–পেল আৰম্ভ হোৱাৰ আগে আগে পর্দাত দেখা যায়– ‘এই লেল–পেলৰ সকলো চৰিত্র ও কাহিনী সম্পূর্ণ কাল্পনিক৷’ পিচে, ‘চৰিত্র ও কাহিনী’ (অসমীয়াক বাংলাৰ অপভ্রংশকৰণ তথা গোলামকৰণ), নে, – ‘চৰিত্র আৰু কাহিনী’? আসাম সরকারৰ বিভিন্ন বিভাগৰ নামবোৰ চাওক – ‘খাদ্য ও অসামৰিক যোগান’, ‘পৰিকল্পনা ও উন্নয়ন’, ‘তথ্য ও জনসংযোগ’ (কেতিয়াবা কেতিয়াবা বিজ্ঞাপন, জাননী, নিমন্ত্রণী পত্র আদিত– ‘তথ্য ‘ওজন’ সংযোগ বিভাগ’)৷ শৈলী, গাঁথনি, বানান, উচ্চাৰণ আদিত কোনটো কথা বা শব্দ কিয় ভুল, সেইবোৰ কথা বহুবাৰ আঙুলিয়াই দিছোঁ৷ আজি সিবোৰৰ পুনৰাবৃত্তি নকৰোঁ৷ মাথোন নমুনাবোৰ দি চুইহে যাম৷
প্রথমতে, ‘কেঁকনি’ নে কি নামৰ বাকচটোত অলপতে আৰম্ভ হোৱা ‘মৰাপাট’ নামৰ লেল–পেলখনৰ শীর্ষ গীতটোলৈ মন কৰক– ‘পাতে’–এ’–এ’ পাতে’–এ’–এ’,–গানে’–গানে’–এ’–এ’… কিনু ক’লে’–এ’–এ’… (এ’ নহয়, এ ইতিমধ্যে অসমীয়া ভাষাই–এ–ধ্বনিটো প্রায় হেৰুৱাই পেলাইছে)৷ সেইটো, গান হোৱাই নাই৷ এটা গান যিটো ভাষাত গোৱা হয়, সেইটো ভাষাৰ মৌলিক ধ্বনি এটাৰ উচ্চাৰণতে মাৰাত্মক বিচ্যুতি ঘটিলে, সেই গানটোক গান বুলি স্বীকৃতিকে দিব নালাগে৷ আমাৰ বাকচবোৰত হোৱা সংগীত প্রতিযোগিতাবোৰৰ বেছিভাগ গায়ক–গায়িকাই অসমীয়া ভাষাৰ কেইবাটাও মৌলিক ধ্বনি মুঠেও উচ্চাৰণ কৰিব নোৱাৰে৷ বিচাৰক গায়ক–গায়িকাসকলে কি শুনে, তেখেতসকলে আৰু ভগৱন্ত বস্তুৱেহে জানে৷ ‘মৰাপাট’–তে শুনক– (১) ‘আপুনি কেতিয়াও নাভাবিব যে মই আপোনাক বেয়া পাইছোঁ বুলি’ ‘যে’ আৰু ‘বুলি’ দুয়োটা লাগেনে? (২) ‘দেউতাই ডিছিয্ন্ চেইঞ্জ কৰিবলৈ বাধ্য হ’ব’৷ ‘দেউতাই বাধ্য হ’ব’, নে,– ‘দেউতা বাধ্য হ’ব৷’ বাক্যটোত ‘কৰিবলৈ’টো মুখ্য ক্রিয়া নেকি? ‘সিদ্ধান্ত সলাবলৈ’ বুলিলে অশ্রাৱ্য বা অশ্লীল হ’লহেঁতেন নেকি? (৩) ‘ক’ত (ক’লৈ) গ’ল বাৰু তাই? মই বুজাই ক’ব পাৰিলোঁ হয় (হেঁতেন) তাই সুখত থাকিব পাৰিলে হয় (‘হেঁতেন’)৷’
এতিয়া ‘পং’, ‘কেঁকনি’ আদি বিভিন্ন বাকচৰ খনচেৰেক লেল–পেলৰ পৰা নিচেই তাকৰকৈ গোটাদিয়েক নমুনা দিওঁ, ৰ’ব৷ ‘চিঞৰৰ হুল’– (১) ‘মই নাভাবোঁ যে সি সোনকালে মান্তি হ’ব বুলি’ (‘যে’ আৰু ‘বুলি’ দুয়োটা?) (২) ‘মোৰ বিশ্বাস নহয় যে তাই এইবোৰ কাম অকলে কৰিছে বুলি’ (আকৌ) (৩) ‘দেউতাই মোলৈ কল্ বেক্তো কৰিব পাৰিলে হয় (হেঁতেন)’৷ (৪) ‘মই কোন হয়, আপোনাক কিয় লাগে?’ সেই ‘হয়’টো লাগেনে? ‘বনানী’– শাহু আইতাকে নাতি বোৱাৰী বনানীক কয়– ‘যোৱাঁ, এতিয়া চাহ একাপ বনোৱাঁগৈ (বাকাঁগৈ), ফিফাঙলৈও একাপ বনাবাঁ (বাকিবাঁ)’৷ ‘মস্ত পাতালৰ ধোন্দ্’– ‘কুন (কোন), তাত সেয়া কুন (কোন)?’ ‘পূর্ণিমাৰ আন্ধাৰ’– (১) ‘মই তেখেতৰ পত্নী (পত্নীয়ে) কৈছোঁ (‘ক’ ধাতুৰ ক্রিয়া ৰূপ)’ (২) ৰাউণ্ড খুৰাই কয়– ‘তেওঁলোক ঢ়োপজানৰ হয়’, এই ‘হয়’টো কিয় লাগে? (৩) মনোমতীয়ে কয়– ‘এখেতে মোতকৈ বহু বেছি সংঘাতৰ সন্মুখীন হৈছে’৷ ‘এখেতে’, নে, ‘এখেত’ সন্মুখীন হৈছে? ‘টাঙোন’ (তাত দিয়া ইংৰাজী বানান মতে– ‘টাঙুন’) – (১) ভতিজা বোৱাৰীয়েকে খুৰী শাহুৱেকক কয়– ‘আপুনি বুঢ়ী হ’লে আপোনাক বহাই বহাই (উধানৰ ওপৰত, নে, ৰন্ধন গেছ স্তৌভৰ ওপৰত? নহয়,– ‘বহুৱাই বহুৱাই’) খুৱাই থকাৰ বোজা…’ (২) চিন্ময়ে ধনাধনক কয় – ‘এয়া তই মোৰ ওপৰত (মুঝ্ পৰ্?) বৰ ডাঙৰ উপকাৰ কৰিছ, দাদা’৷ উপকাৰো ওপৰত ‘মোক বৰ ডাঙৰ উপকাৰ’– বুলিব পৰা নগ’লহেঁতেন নেকি? ‘গাজৰক্রিয়া’– গাজৰে কয়– ‘মোকতো এবাৰ ক’ব পাৰিলে হয় (হেঁতেন) মই যাব (যাবলৈ) নিদিলোঁ হয় (হেঁতেন)’৷ আৰু বহুত আছিল৷ থাকক৷

You might also like