নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বৈৰাচাৰী মানসিকতাই জৰুৰী অৱস্থাৰ বাবে দায়ী

অমিত শ্বাহ

৪৬ বছৰ আগতে ভাৰতবর্ষৰ ইতিহাসত তেতিয়াৰ ইন্দিৰা গান্ধী নেতৃত্বাধীন কংগ্রেছ চৰকাৰে দেশত জৰুৰী অৱস্থা প্রৱর্তন কৰি এক ক’লা অধ্যায়ৰ সূচনা কৰিছিল৷ ভাৰতৰ পৰম্পৰাগত গৌৰৱোজ্জ্বল গণতন্ত্রৰ ওপৰত এই কথাই মোক্ষম আঘাত হানিছিল আৰু সমগ্র গণতান্ত্রিক ব্যৱস্থাটোক উপহাস কৰিছিল৷ জীৱনলৈ অনিশ্চয়তা নমাই অনা আৰু সংসদ, ন্যায়পালিকা তথা সংবাদ মাধ্যমক স্বৈৰাচাৰী শাসকৰ হাতৰ পুতলাত পৰিণত কৰা এই অধ্যায় মাথোঁ এক ব্যতিক্রমেই আছিল নে ই আছিল কংগ্রেছৰ বংশানুক্রমিক শাসনৰ স্বাভাৱিক পৰিণতি– এই প্রশ্ণৰ উত্তৰ এতিয়াও অমীমাংসিত হৈ আছে৷
কাম্বোজ, কলিংগ আৰু লিচ্ছবিৰ দৰে গণতান্ত্রিক ৰাজ্যৰ গৌৰৱোজ্জ্বল ইতিহাসেৰে ভাৰতবর্ষৰ এক পুৰণি গণতান্ত্রিক পৰম্পৰা আছে৷ প্রাচীনতম গ্রন্থ ঋক বেদতো গণতান্ত্রিক ব্যৱস্থাৰাজিৰ উল্লেখ পোৱা যায়৷ গণতন্ত্রৰ উপাসনাস্থলী ভাৰতবর্ষত ৰাজতন্ত্র প্রতিষ্ঠা হোৱাৰ পৰত অৱশ্যে বিদেশী আক্রমণকাৰীৰ আগ্রাসনৰ বাবে গণতান্ত্রিক পৰম্পৰাৰ ওপৰত কুঠাৰাঘাত হৈছিল৷ ভাৰতবর্ষত বিদেশী শাসকে স্বৈৰাচাৰৰ পাতনি মেলিছিল৷

স্বৰাজোত্তৰ ভাৰতবর্ষই নিজকে আধুনিক, প্রগতিশীল, গণতান্ত্রিক ৰাষ্ট্র ৰূপে গঢ় দিয়াৰ দিশত এটা বৃহৎ খোজ দিছিল৷ সংবিধান প্রণেতাসকলে বিশ্বাস কৰিছিল যে এই সপোন বাস্তৱায়িত কৰাৰ বাবে চৰকাৰে পদক্ষেপ ল’ব আৰু নাগৰিকৰ মৌলিক অধিকাৰসমূহ সুৰক্ষিত কৰিবলৈ চৰকাৰ যত্নপৰ হ’ব৷
ভাৰতৰ স্বাধীনতা আন্দোলনৰ গর্ভৰ পৰা জন্ম হোৱা কংগ্রেছ দলে জনসাধাৰণক সেৱা কৰাৰ প্রথম সুবিধা লাভ কাৰিছিল৷ মহাত্মা গান্ধীৰ নিধনৰ পৰৱর্তী সময়ত নেহৰু চৰকাৰে মিছা অভিযোগৰ আলমত ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘ আৰু ‘পাঞ্চজন্য’ নামৰ সাপ্তাহিক কাকতখনক নিষিদ্ধ কৰিছিল৷ নিষেধাজ্ঞাকো যে ৰাষ্ট্র নীতিৰ এক অস্ত্র ৰূপে ব্যৱহাৰ কৰা হ’ব পাৰে, এই কথাই তাকেই প্রতিপন্ন কৰি কৰিলে৷
১৯৫১–৫২ চনত ভাৰতৰ সংবিধানখন গ্রহণ কৰাৰ মাত্র এটা বছৰ পাছতে প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৱে প্রথম সংবিধান সংশোধনীৰ প্রয়াস চলাইছিল৷ ভাৰতীয় জনসংঘৰ প্রতিষ্ঠাপক ড০ শ্যামাপ্রসাদ মুখার্জীৰ প্রবল বিৰোধিতাকো নস্যাৎ কৰি নেহৰুৱে বাক্ স্বাধীনতা হৰণৰ প্রথমটো সংশোধনীৰ প্রচেষ্টা চলায়৷ নেহৰুৰ নীতিসমূহে জনতাৰ প্রবল সমালোচনাৰ সন্মুখীন হোৱা বাবে তেওঁ তেনে এটা পদক্ষেপ লৈছিল৷
একনায়কত্ববাদৰ ভিত্তিটো এনেকৈয়ে তৈয়াৰ হৈছিল আৰু এই ভিত্তিতে ইন্দিৰা গান্ধীয়ে ১৯৭৫ চনৰ ২৫ জুনৰ মাজনিশা জৰুৰীকালীন অৱস্থা আৰোপ কৰি সমগ্র দেশখনকে এক কাৰাগাৰত পৰিণত কৰিছিল৷ মাজনিশা লোকনায়ক জয়প্রকাশ নাৰায়ণক গ্রেপ্তাৰ কৰা হৈছিল৷ মোৰাৰজী দেশাই, অটল বিহাৰী বাজপেয়ী আৰু এল কে আদৱানিৰ দৰে মূধাফুটা বিৰোধী নেতাসকলক কাৰাগাৰৰ অন্ধকাৰ কুঠৰীলৈ প্রেৰণ কৰা হৈছিল৷ নানাজী দেশমুখ আৰু জর্জ ফার্ণাণ্ডেজৰ দৰে নেতাই একনায়কত্ববাদী শাসকৰ আতিশয্যৰ পৰা ৰেহাই পাবলৈ আত্মগোপন কৰিবলগীয়া হৈছিল৷ ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘসহ বহুসংখ্যক সামাজিক–সাংস্কৃতিক সংস্থাক নিষিদ্ধ কৰা হৈছিল৷ সংবাদ প্রতিষ্ঠানসমূহে ‘চেন্সৰশ্বিপ’ৰ লেখীয়া অতি ভয়াৱহ পদক্ষেপৰ সন্মুখীন হ’বলগীয়া হৈছিল৷ প্রায় সকলোবোৰ সংবাদ–পত্র কংগ্রেছ দলৰ মুখপত্রলৈ ৰূপান্তৰ হ’বলগীয়া হৈছিল৷ ইয়াৰ পৰিপ্রেক্ষিততে এল কে আদৱানিয়ে‘‘media crawled when it was asked to bend’’ বুলি মন্তব্য দিব লগা হৈছিল৷
ইন্দিৰা গান্ধীয়ে গণতন্ত্রৰ ওপৰত এনেদৰে মোক্ষম আঘাত হনাৰ কাৰণটোনো কি তাক বহুতে অনুমান কৰিব খুজিছিল৷ কিন্তু বহুতে কোৱাৰ দৰে কোনো এটা বিক্ষিপ্ত ঘটনা বা প্রৰোচনা ইয়াৰ বাবে দায়ী নাছিল৷ কংগ্রেছ নেতৃত্বৰ স্বৈৰাচাৰী মানসিকতাহে ইয়াৰ বাবে দায়ী আছিল৷ এগৰাকী নিষ্ঠাৱান গণতান্ত্রিক নেতাৰ চৰিত্রৰ বিপৰীতে এনে মানসিকতাইহে ইন্দিৰা গান্ধীক এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায়ক আওকাণ কৰিবলৈ উৎসাহিত কৰিছিল৷
স্বৈৰাচাৰিতা আৰু অসহনশীলতা কংগ্রেছ দলৰ মজ্জাগত৷ সেয়েহে ১৯৭৭ চনৰ নির্বাচনৰ পৰাজয়ৰ পৰা এই দলে শিক্ষা লাভ নকৰিলে আৰু পুনৰ ক্ষমতা দখলৰ বাবে অগণতান্ত্রিক পৰম্পৰাৰ আশ্রয় লৈ এই পৰম্পৰা ৰাজীৱ গান্ধীলৈও সঞ্চাৰিত কৰিলে৷ এতিয়া বাক্ স্বাধীনতাৰ শ্লোগান দিয়া কংগ্রেছ দলে ‘মানহানি বিধেয়ক’ৰ আলমত এখন চেন্সৰশ্বিপ আইন আনিবলৈ চেষ্টা কৰিছিল যদিও প্রবল বিৰোধিতাৰ বাবে তেওঁলোকৰ এই প্রচেষ্টা সফল নহ’ল৷ কিন্তু সংবাদ–পত্রৰ স্বাধীনতা হৰণ কৰাৰ এই প্রচেষ্টাই তেওঁলোকৰ অগণতান্ত্রিক চৰিত্র আৰু ক্ষমতালিপ্সাক উদঙাই দিলে৷
অৱশ্যে ইয়াত আচৰিত হ’বলগীয়া একো নাই৷ পৰিয়ালকেন্দ্রিক ৰাজনীতিত অভ্যস্ত আৰু আভ্যন্তৰীণ গণতন্ত্রত বিশ্বাস নকৰা এটা দলে গণতান্ত্রিক নীতিক কেতিয়াও সুৰক্ষিত কৰিব নোৱাৰে৷ কংগ্রেছ দলৰ সত্তাটোৱেই বংশানুক্রমিক পৰম্পৰাৰ ওপৰত প্রতিষ্ঠিত৷ বংশানুক্রমিক ক্ষমতাৰ লালসাই হৈছে স্বৈৰতান্ত্রিক মানসিকতাৰ বীজ আৰু জৰুৰী অৱস্থা হৈছে তাৰ ফলশ্রুতি৷
প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সবল নেতৃত্বত ভাৰতীয় জনতা পার্টীয়ে বংশানুক্রমিক পৰম্পৰাৰে লালিত এই স্বার্থপৰ আৰু ঠেক গণ্ডীৰ দলসমূহৰ অস্তিত্বলৈ সংকট নমাই আনিবলৈ সক্ষম হৈছে৷ সাম্প্রতিক ভাৰতবর্ষত ভাৰতীয় জনতা পার্টীয়েই হ’ল একমাত্র দল, যি আভ্যন্তৰীণ কার্যকলাপত স্বচ্ছতা, সমতা আৰু সমান সুযোগৰ নীতিক বিশ্বাস কৰে আৰু হাতে–কামে ইয়াক ৰূপায়ণো কৰে৷
গণতন্ত্র কেৱল নির্বাচনসর্বস্ব এক ৰাজনৈতিক কুচকাৱাজ নহয়৷ ইয়াৰ এক বহল আৰু অন্তর্নীল অর্থ আছে৷ এই প্রক্রিয়াই সামূহিক উন্নয়ন, সকলোৰে সুৰক্ষা, সকলোৰে বাবে সুযোগ আৰু সম–ধিকাৰৰ পথ প্রশস্ত কৰে৷ বিগত সাত বছৰে কেন্দ্রৰ এন ডি এ চৰকাৰে কেইবাটাও যুগান্তকাৰী নীতিৰ জৰিয়তে এই লক্ষ্যসমূহ বাস্তৱায়িত কৰাৰ দিশত নিৰৱচ্ছিন্নভাৱে কাম কৰি আছে৷ সম্প্রতি গণতন্ত্রৰ সকলোকেইটা স্তম্ভই সহযোগিতা আৰু সন্তুলনেৰে নিজৰ নিজৰ কাম–কাজ চলাই আছে৷ ন্যায়পালিকাই এতিয়া স্বতন্ত্রতাৰে কাম কৰি আছে৷ কংগ্রেছে ইয়াক কার্যপালিকাৰ এক অংগলৈ ৰূপান্তৰ কৰাৰ প্রয়াস চলাইছিল৷ কিন্তু বর্তমান ন্যায়পালিকাই সময়ে সময়ে নিজৰ সম্পূর্ণ স্বতন্ত্রতাৰে চৰকাৰক পথ নির্দেশনা প্রদান কৰি আছে৷ সংবাদ মাধ্যমেও স্বতন্ত্রতাৰে নিজৰ কাম সম্পাদন কৰি আছে৷
বিগত সাতটা বছৰত ভাৰতবর্ষৰ সংসদীয় পৰিকাঠামো চমকপ্রদভাৱে শক্তিশালী হৈছে৷ জনতাৰ মৌলিক অধিকাৰৰ প্রতি থকা প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ দায়বদ্ধতাৰ বাবে ভাৰতবর্ষই বহু বছৰ ধৰি অমীমাংসিত হৈ থকা সংবিধানৰ ৩৭০নং অনুচ্ছেদ বাতিল আৰু নাগৰিকত্ব সংশোধনী আইনৰ লেখীয়া যুগান্তকাৰী আইন প্রণয়ন কৰিবলৈ সক্ষম হৈছে৷ এয়া তেওঁৰ ইচ্ছাশক্তি আৰু শুভচিন্তাৰ প্রতিফলন৷ ক্ষুদ্র স্বার্থৰ কথা চিন্তা কৰি কংগ্রেছ দলে জনতাৰ সবলীকৰণ আৰু ন্যায় প্রতিষ্ঠাৰ এই আইনসমূহৰ বিৰোধিতা কৰিছিল৷ তাৰ বিপৰীতে তেওঁলোকে এনে কেতবোৰ আইন প্রণয়ন কৰিছিল– য’ত তেওঁলোকৰ ক্ষুদ্র স্বার্থৰ প্রকাশ ঘটিছিল৷ অন্ধ্রপ্রদেশক বিভক্ত কৰা বিলখনো তেওঁলোকে পাৰিত কৰিছিল অন্যায়ভাৱে৷
সংবিধান সভাত প্রদান কৰা শেষৰটো ভাষণত বাবাচাহেব ভীমৰাও আম্বেদকাৰে ৰাজনৈতিক গণতন্ত্রৰ সৈতে সামাজিক গণতন্ত্র প্রতিষ্ঠা কৰাটো একান্ত জৰুৰী বুলি মন্তব্য কৰিছিল৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী চৰকাৰৰ নীতিসমূহে এই প্রগতিশীল চিন্তাৰাজিকে অনুসৰণ কৰিছে৷ বিগত সাত বছৰত কেন্দ্রীয় চৰকাৰে আটাইতকৈ অৱহেলিতজনৰ সবলীকৰণৰ পদক্ষেপেৰে এখন সামাজিক আৰু অর্থনৈতিক সমতাৰ ৰাষ্ট্র গঢ়ি তোলাৰ দিশত বিৰামহীনভাৱে প্রচেষ্টা চলাই আহিছে৷ সাম্প্রতিক সময়ত দেশৰ যুৱচামে ভাৰতৰ সাংস্কৃতিক পৰম্পৰাৰে সংপৃক্ত হৈ ভাৰতীয় স্বাভিমানেৰে সুৰক্ষিত আৰু সবল হোৱাৰ এক বলিষ্ঠ অনুভৱ কৰিব পাৰিছে৷ মই নিশ্চিত যে ভৱিষ্যতে কোনো দল অথবা নেতাই দেশৰ গণতান্ত্রিক মূল্যবোধৰ প্রতি ভাবুকি সৃষ্টি কৰি অন্য এক জৰুৰী অৱস্থাৰ সৃষ্টি কৰিবলৈ সাহস নকৰিব৷

You might also like