ক’ভিডৰ লগত প্রায় এবছৰ সহবাস কৰাৰ পিছত বিশ্ববাসীয়ে এতিয়া লাহে লাহে স্বাভাৱিক জীৱন ঘূৰাই পাবলৈ চেষ্টা কৰিছে৷ অসমত ইতিমধ্যে স্বাভাৱিক পৰিস্থিতি প্রায় সম্পূর্ণভাৱে ঘূৰি আহিছে বুলি ক’লেও অত্যুক্তি কৰা নহ’ব– দোকান–বজাৰ, ৰেষুটৰেণ্ট, বনভোজৰ স্থল, মেল–মিটিং– সকলোতে এতিয়া মানুহৰ ভিৰ৷ মই নিজে ঘৰৰ বাহিৰলৈ খুব বেছি নোলালেও টিভিত পুনৰ ফুটবল, ক্রিকেট আদি চাবলৈ পাই উৎফুল্লিত হোৱাৰ লগতে সকাহো পাইছোঁ৷ মই সৰুৰে পৰা খেলপাগল আছিলোঁ (জীৱনৰ আগবয়সত এখন ইংৰাজী বাতৰিকাকতত ক্রীড়া সাংবাদিকৰ চাকৰিও কৰিছিলোঁ) আৰু প্রায় ৪০ বছৰ আগতে গুৱাহাটীলৈ টেলিভিছন অহাৰ পিছৰে পৰা কিমান হাজাৰ ঘণ্টা টেলিভিছনৰ সন্মুখত বহি খেল চাবলৈ খৰচ কৰিছোঁ তাৰ কোনো হিচাপ নাই৷ ইমান বছৰ পিছতো মোৰ খেল চোৱাৰ উৎসাহ অকণো কমা নাই৷ আজিৰ দৰেই যোৱা শতিকাতো টেলিভিছনত খেল চোৱাৰ এটা অবিচ্ছেদ্য অংগ আছিল বাণিজ্যিক বিজ্ঞাপন৷ এই বিজ্ঞাপনবোৰে কেতিয়াবা বিৰক্তি লগালেও বিজ্ঞাপনৰ অবিহনে খেল চোৱাৰ অভিজ্ঞতাও অসম্পূর্ণ যেন লাগিছিল৷ সেই সময়ৰ কিছুমান বিখ্যাত বিজ্ঞাপন, যেনে অ’নিডা টিভি, লিৰিল চাবোন, নির্মা ডিটার্জেণ্ট পাউডাৰ, ৰসনা ছফ্ট ড্রিংক, পাণ পৰাগ পাণ মচলা, অনলী বিমল ইত্যাদি আজিও নিশ্চয় দর্শকৰ স্মৃতিত সজীৱ হৈ আছে৷ স্বাভাৱিকতেই বজাৰলৈ নতুন নতুন বস্তু বা পণ্য সামগ্রী অহাৰ পিছত এতিয়া বিজ্ঞাপনবোৰো সলনি হৈছে৷ কিন্তু কেইদিনমানৰ আগতে টেলিভিছনত ক্রিকেট চাই থাকোঁতে মই উপলব্ধি কৰিলোঁ যে বিজ্ঞাপনৰ জগততো এটা ডাঙৰ পৰিৱর্তন আহিছে৷ এতিয়া পণ্য সামগ্রীৰ তুলনাত বিভিন্ন সেৱা বাServiceৰ বিজ্ঞাপনহে আমি বেছিকৈ দেখিবলৈ পাওঁ৷ আজিকালি চাহপাত, কফী, টুথপেষ্ট, চাবোন, ক’ল্ড ড্রিংক আদিৰ স্থান দখল কৰিছেCred, Face Book, My 11 circle, Bygu’s Phram Easy, cars 24, Amazon Pay আদি কিছুমান অপার্থিৱ সামগ্রী বাdigital সেৱাৰ বিজ্ঞাপনে৷ কথাটো সাধাৰণ যেন লাগিলেও হঠাতে মোৰ অনুভৱ হ’ল যে আমাৰ পৃথিৱীখন সলনি হৈ গ’ল৷ আমি প্রকৃতার্থত এখন ডিজিটেল জগতৰ বাসিন্দা হৈ পৰিলোঁ৷
যোৱা তিনি দশকত আধুনিক প্রযুক্তি বিদ্যাই মানুহৰ জীৱনলৈ অবিশ্বাস্য পৰিৱর্তন আনিছে৷ বিশেষকৈ ডিজিটেল বা অনলাইন ‘বিপ্লৱে’ আমাৰ জীৱনৰ প্রতিটো অংশ, প্রতিটো মুহূর্ত অতি অন্তৰংগভাৱে স্পর্শ কৰিছে৷ মই এজন বেংক বিষয়া হিচাপে ডিজিটেল প্রযুক্তিয়ে আমাৰ জীৱনলৈ অনা অভূতপূর্ব পৰিৱর্তনৰ চাক্ষুষ সাক্ষী হৈ আছোঁ৷ আমাৰ চাকৰি জীৱনৰ আৰম্ভণিত বেংকৰ প্রতিটো কামেই কাগজে–কলমে কৰিবলগীয়া হৈছিল, গ্রাহকৰ বাবেও যিকোনো সৰু কামৰ কাৰণেও বেংকৰ শাখালৈ অহাটো অনিবার্য আছিল৷ এতিয়া সেই গ্রাহকে ঘৰতে বহি ম’বাইলৰ বুটাম টিপিয়েই প্রায় সকলো ধৰণৰ লেনদেন কৰিব পাৰে৷ কেইবছৰমানৰ ভিতৰতে হয়তো আজি আমি বেংক শাখা বুলিলে যি ধৰণৰ ইটা–বালিৰে সজা বিল্ডিং বুজোঁ তেনে ধৰণৰ শাখাৰ অস্তিত্ব নাইকিয়া হ’ব আৰু কেৱল ডিজিটেল মাধ্যমৰ জৰিয়তেহে বেংকৰ লেনদেন কৰাটো সম্ভৱ হ’ব৷
বহুতে অৱশ্যে এই পৰিৱর্তনবোৰ সহজে গ্রহণ কৰিব পৰা নাই৷ মোৰ মনত আছে যে বেংকৰ যিবোৰ শাখাত পেন্সনাৰ গ্রাহকৰ সংখ্যা বেছি, সেইবোৰ শাখাত পেন্সন জমা হোৱাৰ দিনটোত সাংঘাতিক ভিৰ হয়৷ সকলোবোৰ গ্রাহকে একেদিনাই পইচা উলিয়াবলৈ অহাৰ বাবে শাখাত ভৰি থ’বলৈ ঠাই নোহোৱা হয়৷ আমি যিমানেই বুজাবলৈ চেষ্টা নকৰোঁ কিয়, পেন্সনাৰসকলে এ টি এম কার্ড ল’বলৈ বা এ টি এমৰ পৰা পইচা ল’বলৈ অস্বীকাৰ কৰে৷ বহু পিছত উপলব্ধি কৰিলোঁ যে চাকৰিৰ পৰা অৱসৰ লোৱাৰ পিছত বেছিভাগ পেন্সনাৰে ঘৰতে বহি সময় কটায় আৰু মাহৰ ১ তাৰিখে বেংকলৈ পেন্সন ল’বলৈ অহাটো তেওঁলোকৰ বাবে এটা অতি অপেক্ষিত মুহূর্ত, কাৰণ সেইদিনাখন তেওঁলোকে বহুতো পুৰণি বন্ধু–বান্ধৱ, এসময়ৰ সহকর্মী ইত্যাদিক লগ পায় আৰু সুখ–দুখৰ কথা পাতিব পাৰে৷ এ টি এমৰ যান্ত্রিক সুবিধা গ্রহণ কৰি তেওঁলোক সেই আনন্দৰ পৰা বঞ্চিত হ’বলৈ ৰাজী নহয়৷
যি নহওক, আমি ভাল পালেও বা নাপালেও এই নতুন ডিজিটেল পৃথিৱীক গ্রহণ কৰিবই লাগিব, কাৰণ ই এটা অৱধাৰিত আৰু অপৰিৱর্তনীয় সত্য৷ লগতে এই কথাও স্বীকাৰ কৰিব লাগিব যে ডিজিটেল বিপ্লৱে নানা দিশত আমাৰ জীৱনটো অধিক সহজ, সুখকৰ আৰু উপভোগ্য কৰি তুলিছে৷ ডিজিটেল যুগৰ আবির্ভাৱে চিকিৎসা বিজ্ঞান, গৱেষণা, ব্যৱসায়, মনোৰঞ্জন ইত্যাদি বিভিন্ন ক্ষেত্রত অভূতপূর্ব পৰিৱর্তন আনিছে আৰু সীমাহীন সম্ভাৱনাৰ সৃষ্টি কৰিছে৷ মোৰ নিজৰ মতেৰে আটাইতকৈ বিস্ময়কৰ অগ্রগতি পৰিলক্ষিত হৈছে যোগাযোগ ব্যৱস্থাৰ communication) ক্ষেত্রত৷ প্রায় ৩৫ বছৰ আগতে চাকৰি জীৱনৰ আৰম্ভণিতেই মোৰ এজন সহকর্মীৰ লগত অন্তৰংগ বন্ধুত্ব গঢ়ি উঠিছিল৷ বেংকৰ চাকৰিত সোমোৱাৰ পিছত কলিকতাৰ এটা শাখাত প্রশিক্ষণ লৈ থাকোঁতে সেই সময়ত কেৰাণী হৈ থকা এই সহকর্মীজনে মোক অতি মৰম আৰু আগ্রহেৰে কাম শিকাইছিল৷ পিছত তেওঁ আমাৰ বেংকৰ চাকৰি বাদ দি অন্য চাকৰিত সোমোৱাত তেওঁৰ লগত যোগাযোগ বিচ্ছিন্ন হৈ গ’ল আৰু ইমান দিনলৈকে তেওঁ ক’ত কি কৰি আছে সেই সম্পর্কে কোনো ধাৰণাই নাছিল৷ কিন্তু কেইদিনমানৰ আগতেFaceBookৰ জৰিয়তে তেওঁক পুনৰ বিচাৰি উলিয়ালোঁ আৰু সুদীর্ঘ ৩৫ বছৰৰ মূৰত ফোনত কথাও পাতিলোঁ৷ আজিৰ প্রজন্মৰ বাবে সাধাৰণ কথা যেন লাগিলেও মোৰ বাবে এইটো আছিল এটা বিস্ময়কৰ অভিজ্ঞতা– যোৱা শতিকাৰ শেষলৈকে এনেধৰণৰ সম্ভাৱনা আমাৰ বাবে কল্পনাতীত আছিল৷
কিন্তু ডিজিটেল প্রযুক্তিবিদ্যাৰ এই চমকপ্রদ অগ্রগতিয়ে মানুহৰ জীৱনলৈ নানা অপ্রত্যাশিত বিপদো চপাই আনিছে৷ প্রাচীন ৰোমান কবি হোৰাছে কৈছিল যে জীৱনৰ কোনো বস্তুৱে অমিশ্রিত আশীর্বাদ নহয়৷ ডিজিটেল বিপ্লৱৰো কিছুমান দিশ সঁচাকৈয়ে উদ্বেগজনক৷ ইয়াৰ ফলত পৃথিৱীত ধনী আৰু দুখীয়াৰ ব্যৱধান ক্রমাগত বৃদ্ধি পাইছে৷ ২০২০ চনৰ আৰম্ভণিৰে পৰা ক’ভিডৰ বাবে স্কুল–কলেজবোৰ বন্ধ হৈ আছে আৰু ছাত্র–ছাত্রীসকলে অনলাইনৰ জৰিয়তে ক্লাছ কৰি আছে৷ অনলাইন শিক্ষাৰ বাবে নূ্যনতম প্রয়োজন হ’ল লেপটপ বা স্মার্টফোন আৰু ইণ্টাৰনেটৰ সুবিধা৷ কিন্তু ভাৰতবর্ষৰ বৃহৎসংখ্যক দুখীয়া ল’ৰা–ছোৱালীৰ বাবে এইবোৰ যোগাৰ কৰা অসম্ভৱ বুলিয়ে ক’ব লাগিব৷ ক’ভিডৰ সময়ত বহুতে’Work from home’ অর্থাৎ ঘৰত বহিয়েই অফিচৰ কাম কৰাৰ বিকল্প গ্রহণ কৰিছে৷ এক বুজনসংখ্যক লোকে আজিকালি নিজৰ কর্মস্থললৈ নাযায় আৰু ঘৰৰ পৰাই কম্পিউটাৰৰ জৰিয়তে অফিচৰ কাম–কাজ কৰে৷ তাৰ ফলত কিন্তু একাংশ ক্ষুদ্র ব্যৱসায়ীৰ বৃহৎ লোকচান হৈছে৷ ঘৰৰ পৰা মানুহ নোলোৱাৰ ফলত টেক্সিচালক, সৰু সুৰা ৰেষ্টুৰেণ্ট বা চাহৰ দোকান, ৰাস্তাৰ কাষত ঠেলাগাড়ীৰ খোৱাবস্তু বিক্রী কৰা ব্যৱসায়ী Street food vendor) আদিৰ বিক্রী বা ব্যৱসায় একেবাৰে কমি গৈছে৷ মুঠতে ডিজিটেল প্রযুক্তিবিদ্যাৰ ফলত মুষ্টিমেয় মধ্যবিত্ত মানুহৰ জীৱন ক’ভিডৰ মাজতো সুচাৰুৰূপে চলি গ’লেও বৃহৎসংখ্যক মানুহৰ জীৱনলৈ নামি আহিছে কেৱল ঘোৰ অন্ধকাৰ৷
অৱশ্যে বর্তমানৰ পৰিস্থিতিটো চিৰস্থায়ী নহয় আৰু লাহে লাহে মানুহৰ জীৱন স্বাভাৱিক হৈ আহিব৷ কিন্তু ডিজিটেল বিপ্লৱে অন্য কিছুমান স্থায়ী সমস্যাৰ সৃষ্টি কৰিছে৷ আটাইতকৈ চিন্তাৰ বিষয় হ’ল যে ই মানুহৰ সামাজিক জীৱন আৰু মনস্তত্ত্বৰ ওপৰতো বিৰূপ প্রভাৱ পেলাইছে৷ আমাৰ বাল্যকালত আমি মা–দেউতাৰ লগত মানুহৰ ঘৰলৈ ফুৰিবলৈ গৈছিলোঁ আৰু আমাৰ বয়সৰ ল’ৰা–ছোৱালী থাকিলে একেলগে খেলিছিলোঁ বা গল্প কৰিছিলোঁ৷ কিন্তু আজিকালি ল’ৰা–ছোৱালীয়ে মাক–দেউতাকৰ লগত ক’তো যাব নোখোজে আৰু গ’লেও সমবয়সীয়াৰ লগত মিলামিছা কৰাৰ পৰিৱর্তে নিজৰ নিজৰ ম’বাইল ফোনতে বিভোৰ হৈ থাকে৷ এবাৰ এটা প্রশিক্ষণৰ বাবে উত্তৰ–পূর্বাঞ্চলৰ বিভিন্ন ৰাজ্যত কর্মৰত বেংকৰ অফিচাৰ গুৱাহাটীত অৱস্থিত বেংকৰ প্রশিক্ষণ কেন্দ্রলৈ আহিছিল৷ প্রশিক্ষণৰ প্রথম দিনাখন চাহ বিৰতিৰ সময়ত এজন সহকর্মীয়ে মোৰ ফালে চাই মন্তব্য কৰিলে, ‘চাওকচোন লবীত বহি থকা এই মানুহকেইজনৰ পিনে৷ আজি কেইবছৰমান আগতে হ’লে ইমান দিনৰ মূৰত লগ পোৱাৰ আনন্দত ইজনে সিজনে উচ্ছ্বসিত হৈ কথা পাতিলেহেঁতেন, পৰস্পৰৰ সুখ–দুখৰ খবৰ ল’লেহেঁতেন৷ কিন্তু এতিয়া কোনোৱে কাৰো পিনে ঘূৰিও চোৱা নাই, সকলোৱে কেৱল তলমূৰ হৈ ম’বাইল ফোনত নিমগ্ণ হৈ আছে৷’
ইণ্টাৰনেট আৰু বিশেষকৈ ছ’চিয়েল মিডিয়াই মানুহৰ সামাজিক দক্ষতা বা কৌশল Social Skill) হ্রাস কৰাৰ উপৰি শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰো যথেষ্ট ক্ষতি সাধন কৰিছে৷ দিনটো লেপটপ বা ম’বাইলৰ লগতে ব্যস্ত থকাৰ ফলত আজিকালি বেছিভাগ ল’ৰা–ছোৱালীয়ে খেল–ধেমালি নকৰা হ’ল আৰু ফলত কোনো ধৰণৰ শাৰীৰিক পৰিশ্রম নোহোৱা হ’ল৷ যিহেতু কম্পিউটাৰ নোহোৱাকৈ আজিকালি অফিচতো কোনো কামেই নহয়, বহুতো মানুহকspondylitis, চকুৰ অসুখ ইত্যাদিত আক্রান্ত হোৱা দেখা যায়৷ বহুতৰ ৰাতি দেৰিকৈinternet surfing কৰা আৰু ম’বাইলত মেছেজ দিয়া বা চোৱাটো অভ্যাসত পৰিণত হৈ পৰিছে৷ ইয়াৰ ফলত টোপনি কম হোৱাৰ লগতে নানা ধৰণৰ স্বাস্থ্যজনিত সমস্যাৰো সৃষ্টি হয়৷ ৰাতিপুৱা উঠিWhats App মেছেজ চালে দেখা পাঁও যে কিছুমান মেছেজ আগনিশা ২ বা ৩ বজাত পঠিওৱা হৈছিল৷ অর্থাৎ মেছেজ পঠিওৱাজনে ম’বাইলটো পিটিকি প্রায় সম্পূর্ণ ৰাতিটো উজাগৰে কটাইছিল৷ আজিকালি প্রায় সকলো চৰকাৰী বা বেচৰকাৰী সংগঠনতে বিষয়া–কর্মচাৰীৰWhats App গ্রুপ থাকে, যাৰ মাধ্যমেৰে সংগঠনৰ মুৰব্বী বা শীর্ষস্থানীয় বিষয়াই দিনৰ দিনটো নানা ধৰণৰ নির্দেশ দি থাকে৷ সময়মতে উত্তৰ বা সঁহাৰি নিদিলে ওপৰৱালাৰ কোপদৃষ্টি পৰাৰ ভয়ত সদস্যসকল অনবৰতincoming মেছেজ চাই থাকিবলৈ বাধ্য হয়৷ ইয়াৰ ফলত প্রয়োজনীয় কামৰ প্রতি একাগ্রতা বা মনোযোগ নষ্ট হোৱাৰ লগতে মানুহবোৰ অনবৰত মানসিক অশান্তি আৰু টেনছনত থাকিবলগীয়া হয়৷ ডিজিটেল পৃথিৱীৰ বাসিন্দা আধুনিক মানৱ ক্রমাগত অকলশৰীয়া আৰু নিঃসংগ হৈ আহিছে৷ অনবৰতে ইণ্টাৰনেট আৰু ম’বাইলত বুৰ গৈ থকাৰ ফলত ধীৰে ধীৰে তেজ–মঙহৰ মানুহৰ লগত সম্পর্কবোৰ বিচ্ছিন্ন হৈ আহিছে আৰু মানুহৰ মনত হতাশা আৰু নৈৰাশ্যও বৃদ্ধি পাইছে৷
ইয়াৰ উপৰিও ইণ্টাৰনেট আৰু ম’বাইলৰ প্রচলন বৃদ্ধি হোৱাৰ লগে লগে অনলাইন অপৰাধ বাcyber crime–ও দ্রুতগতিত বাঢ়িব ধৰিছে৷ অনলাইন জালিয়াতি, ভীতি প্রদর্শন, ব্লেকমেইল, ব্যক্তিগত তথ্য চুৰি ইত্যাদি এতিয়া সাধাৰণ কথা হৈ পৰিছে৷ কুমলীয়া মনৰ ওপৰত ইণ্টাৰনেটৰ জৰিয়তে উপলব্ধ পর্ণগ্রাফী আৰু হিংস্রতামূলক ভিডি’ৰ ভয়াৱহ প্রভাৱৰ কথা ভাবিলেই গা শিয়ৰি উঠে৷ ইণ্টাৰনেট বা ছ’চিয়েল মিডিয়াৰ দ্বাৰা যিহেতু তাৎক্ষণিক মনোৰঞ্জন হয়, ফলত বহুতে কিতাপ–পত্র পঢ়াৰ অভ্যাস হেৰুৱাই পেলাইছে৷ এক বৃহৎসংখ্যক লোকৰ বাবে খবৰ বা মনোৰঞ্জনৰ একমাত্র উৎস হ’লWhats App, Face Book ইত্যাদি৷ ইয়াৰ সুযোগ লৈ বহুতে ৰাজনৈতিক বা অন্য ধৰণৰ সুবিধা ল’বলৈ ছ’চিয়েল মিডিয়াৰ জৰিয়তে নানা ধৰণৰ অপপ্রচাৰতো লিপ্ত হোৱা দেখা যায়৷ ভুৱা খবৰ প্রচাৰৰ অপৰাধত আনকি আমেৰিকাৰ প্রাক্তন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰোTwitter একাউণ্ট বন্ধ কৰি দিয়া হৈছিল৷ যি নহওক, পৃথিৱীৰ অন্য যি কোনো বস্তু বা বিষয়ৰ দৰে ম’বাইল বা ইণ্টাৰনেটৰো ভাল বেয়া দুয়োটা দিশ চালি–জাৰি চাব পাৰি আৰু ইয়াৰ সপক্ষে বা বিপক্ষে যুক্তি দাঙি ধৰিব পাৰি৷ কিন্তু যিটো অপৰিৱর্তনীয় সত্য সেইটো হ’ল এয়ে যে ডিজিটেল বিপ্লৱৰ শিপা ইতিমধ্যে অতি দকৈ বিয়পিছে, ই আমাক সম্পূর্ণভাৱে আৱৰি ধৰিছে৷ গতিকে ইয়াৰ ভাল বেয়া বিচাৰ কৰাটো এতিয়া অর্থহীন আৰু অবান্তৰ৷ কিন্তু মোক যদি কোনোবাই মোৰ বাল্যকালৰ ইণ্টাৰনেট আৰু ম’বাইলবিহীন পৃথিৱী আৰু আজিৰ ডিজিটেল পৃথিৱীৰ যিকোনো এখনত জীৱন অতিবাহিত কৰাৰ বিকল্প দিয়ে, মই বিনাদ্বিধাই মোৰ অতীতৰ পৃথিৱীখন বাছি ল’ম৷