নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৱেগেৰে মন্ত্রী বিধায়ক হ’ব নোৱাৰিব নতুন দলৰ নেতাই

সাক্ষাৎগ্রহণ- গুণজিৎ ভট্টাচার্য

আপুনি বিজেপিৰ ৰাষ্ট্রীয় স্তৰৰ এক সন্মানজনক পদত অধিষ্ঠিত হৈছে৷ এই পদৰ পৰা ২০২১ চনৰ নির্বাচনত ৰাজ্যিক বিজেপিক কেনেধৰণে আগুৱাই নিব? উত্তৰ–পূবত বিজেপিক শক্তিশালী কৰাৰ পৰিকল্পনা কি?
ঃ ভাৰতীয় জনতা পার্টীৰ এজন সাধাৰণ কর্মকর্তা হিচাপে মই দীর্ঘদিন কাম কৰি আছোঁ৷ এই অৱস্থাৰ পৰাই মোক ৰাষ্ট্রীয় নেতৃত্বই এক গুৰুদায়িত্ব অর্পণ কৰিছে৷ বিজেপিত যে সকলো কার্যকর্তাই সমমর্যাদাসম্পন্ন, এই নিযুক্তিয়েই তাৰ উদাহৰণ দাঙি ধৰিছে৷ দলক অধিক শক্তিশালী কৰাৰ বাবে মোৰ ওপৰত এতিয়া গুৰুদায়িত্ব পৰিছে৷ এই দায়িত্ব মই সুচাৰুৰূপে পালন কৰিবলৈ ইতিমধ্যে কাম আৰম্ভ কৰিছোঁ৷ ২০২১ চনৰ নির্বাচন সমাগত৷ গতিকে আমাৰ কামৰ দায়িত্ব অধিক৷ ২০১৬ চনৰ বিধানসভা নির্বাচনত অসমৰ প্রতিটো স্তৰৰ ৰাইজে আমাক যিধৰণে ৬১টা সমষ্টিত জয়যুক্ত কৰাইছিল, ২০২১ চনতো আমি তাতকৈ অধিক ভাল ফল লাভ কৰিবলৈ সক্ষম হ’ম৷ বিজেপি, অগপ, বিপিএফ আৰু অন্য জনগোষ্ঠীয় দল–সংগঠনৰে আমাৰ যি ৰামধেনুসদৃশ মিত্রতা, সেই মিত্রতাক এইবাৰ ৰাইজে আঁকোৱালি ল’ব বুলি আমি নিশ্চিত৷ আপোনাক জনাই থওঁ যে ২০২১ চনৰ নির্বাচনৰ পূর্বে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে ২০১৬ চনত যি প্রতিশ্রুতি দিছিল, সেই প্রতিশ্রুতিৰ অধিকাংশই পূৰণ কৰিবলৈ সক্ষম হৈছে৷ এয়াই হৈছে আমাৰ নির্বাচনী যুঁজত জয় হোৱা শক্তি৷ চৰকাৰখনে ১৯,০০০ কিলোমিটাৰ কেঁচা পথ পকী কৰাৰ লগতে এক লাখতকৈ অধিক লোকক মাটিৰ পট্টা প্রদান কৰিছে৷ সত্র, নামঘৰ, দেৱালয়ৰ লগতে কাজিৰঙাকে ধৰি ৰাষ্ট্রীয় উদ্যানৰ ভূমি বেদখলমুক্ত কৰিবলৈ সক্ষম হৈছে৷ আমাৰ এইবোৰ কামৰ ৰাইজে মূল্যায়ন কৰিব৷ পূর্ব প্রতিশ্রুতি ৰূপায়ণ কৰাৰ বাবে ৰাইজে আমাক আদৰি ল’ব৷ আনহাতে, উত্তৰ–পূবৰ প্রসংগত মই ক’ব বিচাৰোঁ যে নতুন দায়িত্বৰে মই আমাৰ চুবুৰীয়া ৰাজ্যসমূহত দলৰ সাংগঠনিক স্থিতি শক্তিশালী কৰিবলৈ সক্ষম হ’ম৷ মণিপুৰ, ত্রিপুৰা, মেঘালয়, ছিকিম, নাগালেণ্ড, অৰুণাচল সকলোতে বিজেপি আৰু মিত্রজোঁট চৰকাৰে কাম–কাজ চলাই আছে৷ কেন্দ্রত প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন বিজেপি চৰকাৰ গঠনৰ পাছতে উত্তৰ–পূবৰ যোগাযোগৰ ক্ষেত্রত সর্বাধিক উন্নয়ন হৈছে৷ সেয়া আকাশপথৰেই হওক, স্থলপথেই হওক বা অন্য যোগাযোগৰ ক্ষেত্রত হওক, দেশৰ অন্য ৰাজ্যৰ স’তে উত্তৰ–পূবৰ যোগাযোগ ক্রমাৎ উন্নত আৰু সুদৃঢ় হৈছে৷ গতিকে উত্তৰ–পূবক অধিক আগুৱাই নিয়াৰ ক্ষেত্রত মই মোৰ দায়িত্ব পালনত অধিক সহায় হ’ব৷

অসম চুক্তি ৰূপায়ণ, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ, ‘কা’ আইন– এই বিষয়বোৰৰ ক্ষেত্রত কেন্দ্রীয় চৰকাৰে অসমৰ ৰাইজৰ মতামতৰ বিপৰীতে থিয় দিয়াৰ অভিযোগ বহুদিনীয়া৷ কেন্দ্রীয় চৰকাৰ অথবা বিজেপিৰ প্রতি শেহতীয়াকৈ ৰাজ্যবাসীৰ যি ক্ষোভ, তাক প্রশমন কৰাৰ বাবে বিজেপিৰ ৰাষ্ট্রীয় স্তৰত এজন অসমীয়াক শীর্ষ পদত অধিষ্ঠিত কৰা হৈছে নেকি?
ঃ অসমৰ মুখ্য সমস্যাসমূহৰ লগত মোক দলৰ ৰাষ্ট্রীয় স্তৰত স্থান দিয়াৰ ক্ষেত্রত কোনো সম্পর্ক নাই৷ চাওক, মোৰ নিযুক্তি দল তথা সংগঠনৰ এক আভ্যন্তৰীণ বিষয়৷ ই আন কোনো বিষয়ৰ লগত জড়িত নহয়৷ আপুনি কোৱাৰ দৰে অসম চুক্তি আৰু ছয় জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্রত বিজেপি নেতৃত্বাধীন কেন্দ্র আৰু ৰাজ্য চৰকাৰ দুয়োখনে যথেষ্ট গুৰুত্বসহকাৰে কাম কৰি আছে৷ কংগ্রেছে প্রায় ডেৰ কুৰি বছৰ ধৰি শাসনভাৰ চলালে৷ এই সময়ছোৱাত তেওঁলোকে অসম চুক্তি ৰূপায়ণ কৰা দূৰৰে কথা, চুক্তিখনক সম্পূর্ণৰূপে নস্যাৎ কৰিলে৷ কিন্তু বিজেপি চৰকাৰ গঠনৰ পাছতেই প্রথমবাৰৰ বাবে অসম চুক্তিৰ এটা বিভাগ খোলা হ’ল৷ অসম চুক্তিৰ আত্মাস্বৰূপ ৬নং দফা কার্যকৰীকৰণৰ ক্ষেত্রত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল চৰকাৰখনে সর্বাধিক গুৰুত্ব দিছে৷ ইতিমধ্যে ৬নং দফা কার্যকৰী কৰাৰ বাবে গঠন কৰি দিয়া অৱসৰপ্রাপ্ত ন্যায়াধীশ বিপ্লৱ শর্মাৰ নেতৃত্বত সমিতিখনে প্রতিবেদন দাখিল কৰিছে৷ আৰু এই প্রতিবেদন পৰীক্ষা কৰি ইয়াক কার্যকৰী ৰূপ দিয়া হ’ব৷ আনহাতে, ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো আমি যথেষ্ট আগুৱাই নিবলৈ সক্ষম হৈছোঁ৷ কেবিনেট উপ–সমিতিয়ে এই সন্দর্ভত প্রতিটো জনগোষ্ঠী সংগঠনৰ স’তে আলোচনা কৰি অচিৰেই কেন্দ্রলৈ প্রেৰণ কৰিব৷ মই ভাবোঁ অতি সোনকালে জনজাতিকৰণৰ বিষয়টোৱে এক সমাধানৰ দিশ পাব৷ এনেবোৰ মুখ্য সমস্যা সমাধানৰ ক্ষেত্রত চৰকাৰখনে আন্তৰিকতাৰে কাম কৰি আছে৷ কিন্তু বিৰোধীয়ে আভুৱা–ভাঁৰি ৰাইজক ভুল দিশেৰে পৰিচালিত কৰাৰ চেষ্টা চলাই আছে৷ ‘কা’ আন্দোলনৰ পৰৱর্তী পর্যায়ৰ ছবিখন এতিয়া স্পষ্ট হৈ পৰিছে৷ এই আন্দোলনৰ আচল লক্ষ্য আৰু উদ্দেশ্য এতিয়া ওলাই পৰিছে৷ ভাষণ দি ৰাইজক আৱেগিক কৰি একাংশই যে মন্ত্রী–বিধায়ক হোৱাৰ চেষ্টা চলাইছে, সেয়াও ৰাইজে গম পাইছে৷ ‘কা’ আইন বলৱৎ হ’লে অসমলৈ বাংলাদেশৰ পৰা কোটি কোটি লোক আহিব আদি কথাৰে অসমৰ ৰাইজক বিপথে পৰিচালিত কৰিছিল৷ কিন্তু অসমৰ ৰাইজে এতিয়া বুজিছে এই আইনৰ দ্বাৰা কোনো বাংলাদেশী অসমলৈ অহা নাই৷ এই বিষয়বোৰ স্পষ্ট হোৱাৰ পাছত ‘কা’ আন্দোলনৰ নামত একাংশই যে নিজৰ স্বার্থ সিদ্ধিত নামি পৰিছিল সেয়াও স্পষ্ট হৈছে৷ গতিকে এনেবোৰ মূল বিষয়ৰ ক্ষেত্রত অসমৰ ৰাইজক বিজেপি চৰকাৰে কেতিয়াও আভুৱা–ভাঁৰা নাই বা প্রতাৰিত কৰা নাই৷

বিজেপিৰ প্রতাৰণাৰ অভিযোগ তুলি এক বিকল্প ৰাজনৈতিক দল হিচাপে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল নামেৰে দুটাকৈ আঞ্চলিক দলৰ জন্ম হ’ল৷ এই দল দুটাই ২০২১ চনত বিজেপিৰ বাবে প্রত্যাহ্বান সৃষ্টি নকৰিবনে? বহুকেইটা জাতীয় সংগঠনে বিজেপিৰ বিৰোধী স্থিতিত থিয় দিছে৷ ইয়াৰ বাবে নির্বাচনত আপোনালোকে ক্ষতিৰ সন্মুখীন হ’ব নেকি?
ঃ মই আপোনাক আগতে কৈছোঁ যে নতুন ৰাজনৈতিক দলসমূহৰ জন্মৰ লক্ষ্য আৰু উদ্দেশ্য ইতিমধ্যে স্পষ্ট হৈ পৰিছে৷ নতুন দল গঠনে বিজেপিৰ বাবে কোনো প্রত্যাহ্বান সৃষ্টি নকৰে৷ ‘কা’ আইন এতিয়া প্রাসংগিক হৈ থকা নাই৷ ৰাইজে এই কথাবোৰ স্পষ্টকৈ গম পাইছে৷ কিন্তু আছু, জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ, কৃষক মুক্তিৰ নেতৃত্বত গঠন হোৱা দলসমূহে আচলতে এতিয়া ৰাইজক আৱেগিকভাৱে পৰিচালিত কৰিব নোৱাৰে৷ তেওঁলোকে ভাবে যে ১৯৮৫ চনৰ আৱেগৰ দৰে এইবাৰো আৱেগ সৃষ্টি কৰি মন্ত্রী–বিধায়ক হ’ব৷ নতুন দলৰ নেতাই আৱেগেৰে এতিয়া মন্ত্রী–বিধায়ক হ’ব নোৱাৰিব৷ সেই দিশবোৰ স্পষ্ট হৈ পৰিছে৷ এই বিষয়বোৰ জানিও নতুন আঞ্চলিক দলৰ নেতৃত্বই টোপনিৰ ভাও ধৰিছে৷ কিন্তু এটা কথা ঠিক চকু মুদি অসমৰ জ্বলন্ত সমস্যা সমাধান কৰিব নোৱাৰে৷ নামনি অসমৰ লগতে মধ্য অসমৰ কেইবাখনো জিলাত যি আগ্রাসন আৰু আক্রমণ চলিছে, তাৰ ফলত খিলঞ্জীয়াৰ অস্তিত্বৰ সংকট হৈছে৷ এই সংকটৰ পৰা যে বিজেপিয়েহে অসমবাসীক ৰক্ষা কৰিব পাৰিব সেয়াও স্পষ্ট৷

কংগ্রেছ–ইউডিএফৰ মিত্রতাই বিজেপিৰ ১০+ মিছনত প্রত্যাহ্বান সৃষ্টি কৰিব নেকি? বহু সমষ্টিত এইবাৰ আপোনালোকৰ বিধায়ক শ’লঠেকত পৰাৰ সম্ভাৱনা আছে৷ বিজেপিৰ ৰণকৌশল কি? নতুন ৰাজনৈতিক দলৰ আগমনে ভোট বিভাজন কৰিব নেকি?
ঃ চাওক, কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতা নতুন নহয়৷ ২০১৯ চনৰ লোকসভা নির্বাচনত এই মিত্রতা স্পষ্ট হৈ পৰিছিল৷ বৰাক আৰু উজনি অসমৰ প্রায়কেইটা সমষ্টিত কংগ্রেছ প্রার্থীক জয়ী কৰিবলৈ এআইইউডিএফে প্রার্থী দিয়া নাছিল৷ কিন্তু এনে মিত্রতাক ওফৰাই বিজেপিয়ে ১০খনকৈ আসন দখল কৰিবলৈ সক্ষম হৈছিল৷ আনকি নগাঁও লোকসভা সমষ্টিত বিজেপিৰ প্রার্থী পৰাজিত হ’লেও ২,২০,০০০টা ভোট পূর্বতকৈ বেছি লাভ কৰিছিল৷ এইবোৰে স্পষ্ট কৰে যে কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতাক অসমৰ খিলঞ্জীয়া ৰাইজে কেতিয়াও সহজভাৱে গ্রহণ নকৰে৷ অৱশ্যে নামনি অসমৰ কেইটামান সমষ্টিত ইয়াৰ প্রভাৱ পৰিব৷ ইয়াৰ বাবে বিজেপিৰ ৰণকৌশল সলনি কৰিব লাগিব৷ অসমৰ মূলসুঁতিৰ লোকে শত্রু কোন, মিত্র কোন চিনি থৈছে৷ গতিকে কংগ্রেছ–ইউডিএফৰ মিত্রতা আমাৰ বাবে প্রত্যাহ্বানসূচক নহ’ব৷ নতুন দলৰ কথা ইতিমধ্যে আপোনাক কৈছোঁই৷ এই দলকেইটাৰ নেতাসকলৰ উদ্দেশ্য ৰাইজে বুজি উঠিছে৷ গতিকে নির্বাচনত নতুন দলৰ তিলমাত্রাও প্রভাৱ নপৰে৷

You might also like