নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আশ্চর্যৰ অন্য নাম আর্ল পী হে’নী

অর্ণৱ শইকীয়া

(১)
পৃথিৱীত নিজে বিচৰাধৰণে জীৱন উদযাপনৰ অলেখ আঁচনিৰে প্রস্তুতি চলোৱাৰ সময়তেই আপুনি যদি হঠাৎ অৱগত হয় যে ধুনীয়া সেউজ গ্রহটোত আপোনাৰ জীৱনৰ কেইটামান মাহহে মাথোঁ বাকী, কেনে হ’ব বাৰু আপোনাৰ প্রতিক্রিয়া? চিন্তা–দুশ্চিন্তাৰ দোমোজাত তাৰ পৰা মুক্তিৰ বাট বিচাৰি হাবাথুৰি খাব নে সকলোলৈকে পিঠি দি হাততবাকী থকা সময়খিনিকে হূদয়ৰ সর্বস্বৰে উপভোগ কৰাৰ চেষ্টা কৰিব আপোনাৰ জীৱনৰ প্রতিটো পল?
১৯৪৮ৰ ১৭ নৱেম্বৰ তাৰিখে সদাব্যস্ত ঐশ্বর্যগর্বিনীব’ষ্টন মহানগৰীৰ বুকুৰ শীতলতা নাশি কুঁৱলী–ধূসৰ আকাশত জ্বলো–নজ্বলোকৈ জিলিকিছে বিয়লিৰ বেলি৷ ষ্টেইট্লাৰ নামৰ হোটেলখনৰ বাকৰিৰ এজোপা গছৰ চ্যুতপত্রাচ্ছাদিত শুকান তলখনতেই আসন পাৰি সমুখাসমুখিকৈ বার্তালাপৰ বাবে বহিছে প্রায় সমবয়সৰ দুজন ভদ্রলোক৷ এজন বিশ্ববিখ্যাত লেখক ডেল্ কার্নেগি আৰু আনজনৰ নাম আর্ল পী হে’নী৷ দুয়োৰে মাজত এটি অদ্ভুত সাদৃশ্য এয়েই যে দুয়োজনেই পাকস্থলীৰ এবিধ বিশেষ কেঞ্চাৰত আক্রান্ত৷ কিন্তু হে’নীৰ জীৱন অভিজ্ঞতাৰ কাহিনীয়ে বিস্মিত কৰি তুলিলে লেখকজনক৷ আহকচোন কার্নেগিক বিস্মিত কৰা আর্ল পী হে’নীৰ কথাবোৰ পঢি চাওঁ আমিও কার্নেগিৰ ভাষাৰেই৷
আমেৰিকাৰ মাছাছুছেট্ছ্ প্রদেশৰ উইনচেষ্টাৰৰ আর্ল পী হে’নী নামৰ প্রায় পঁচিশ বছৰীয়া ডেকাজন মূৰত যেন আকাশখনেই ভাগি পৰিল, যেতিয়া চিকিৎসকসকলে তেওঁক পোনপটীয়াকৈ জনাই দিলে যে পৃথিৱী নামৰ ৰূপ, ৰস, গন্ধ, সপোন, পৰশে ভৰা গ্রহটোত তেওঁৰ সময় প্রায় শেষ হৈ আহিছে৷ কেইটামান সপ্তাহহে হাতত মাথোঁ বাকী৷ পাকস্থলীৰ কেঁচা ঘা টুকুৰাই তেওঁক গ্রাস কৰি অহাৰ কথাটোৱে চিন্তিত কৰি তুলিলে ডেকা হে’নীক৷ আৰু এদিন হঠাৎ হোৱা ভয়াৱহ ৰক্তক্ষৰণৰ বাবে তেওঁক লৰালৰিকৈ চিকিৎসালয়লৈ লৈ যোৱা হ’ল৷ তেওঁৰ অৱস্থা অতিকে উদ্বেগজনক৷ দেহ শুকাই এটা জীৱন্ত কংকালত পৰিণত হ’ল৷ মৃত্যু তেওঁৰ নিচেই ওচৰত৷ চিকাগোৰ প্রখ্যাত বিশেষজ্ঞ চিকিৎসকজনে জনালে যে যিকেইদিনেই জীয়াই থাকে আর্ল পী হে’নী, তেওঁ আহাৰ গ্রহণ কৰিব লাগিব কৃত্রিম উপায়েৰেহে৷
পেটত বিন্ধা কৰি সংৰোপণ কৰা এটা ৰবৰৰ টিউবেৰে প্রতিনিশা আৰু পুৱা হে’নীৰ পেটলৈ আহাৰৰ নামত পঠিয়াই দিয়া হয় অলপমান এল্কালিন পাউডাৰ, দুচামুচ গাখীৰ আৰু কিঞ্চিতমান ক্রীমৰ অলপমান মিশ্রণ৷ সমগ্র পৰিঘটনাটোৱে হতাশ কৰি তুলিলে যুৱকজনক৷ চিকিৎসালয়ৰ এটা কোঠাত আবদ্ধ হৈ বিছনাত পৰি সেইদৰে কৃত্রিম উপায়েৰে আহাৰ লৈ জীয়াই থকাৰ কোনো অর্থ থাকিব নোৱাৰে৷ তাতোকৈ উত্তম কাম হৈছে হাতত থকা মুহূর্তকেইটাতেই পৰিপূর্ণভাৱে জীয়াই থকাৰ চেষ্টা চলোৱাটোহে৷ মন ডাঠ কৰি তেওঁ নিজকে ক’লে, ‘চোৱা, আর্ল হে’নী, নিজৰ মৃত্যুৰ গতিক কিছু ধীৰ কৰি তোলাৰ বাহিৰে ইবোৰৰ দ্বাৰা অন্য একো হোৱা নাই৷ তাতোকৈ হাতত বাকী ৰোৱা নগণ্য সময়কণকে সদ্ব্যৱহাৰ কৰাটোহে হ’ব বুদ্ধিমানৰ কাম৷ তোমাৰতো সপোন আছিল মৃত্যুৰ পূর্বে গোটেই পৃথিৱী ভ্রমণ কৰাৰ৷ যদি সেই সপোনক তুমি আংশিকভাৱে হ’লেও সাকাৰ ৰূপ দিব বিচাৰা, তেনে তুমি সেই যাত্রাত এতিয়াই ওলোৱা উচিত৷’
আমি পাহৰিলে নহ’ব যে অতিশয় দুর্বল আর্ল হে’নীয়ে আহাৰৰ নামত ল’ব পাৰে কেৱল এল্কালিনপাউডাৰ, দুচামুচ গাখীৰ আৰু কিঞ্চিৎ ক্রীমৰ মিশ্রণ অকণমান, তাকো আনৰ সহায়েৰে পেটত সংস্থাপিত বিশেষ টিউবৰ যোগেদিহে৷ তেনে অৱস্থাত অসম্ভৱ সেই আঁচনিৰ কথা যেতিয়া তেওঁ তেওঁৰ চিকিৎসকসকলৰ আগত ব্যক্ত কৰিলে, পোনছাটেই তেওঁলোকে তাৰবাবে অনুমতি দিবলৈ অস্বীকাৰ কৰিলে৷ চিকিৎসকসকলে সাৱধান কৰি দিলে যে সেই স্বাস্থ্য লৈ তেনে ভ্রমণত ওলোৱাৰ অন্য অর্থ হ’ল মৃত্যুৰ গতিক অধিক দ্রুত কৰি তোলাহে৷ নিশ্চিতৰূপে সাগৰৰ মাজতেই কোনো সময়ত মৃত্যু হ’ব হে’নীৰ৷ কিন্তু কথাতে কয় নহয় যে প্রবল ইচ্ছাশক্তিয়ে পর্বতকো পিছলৈ ঠেলি পঠিয়াব পাৰে৷ পৰম আত্মবিশ্বাসেৰে আর্ল হে’নীয়ে ক’লে যে তেওঁৰ সমাধি হ’ব নেব্রাস্কাৰ ব্র’কেন ব’ নামৰ ঠাইত থকা তেওঁলোকৰ পৰিয়ালৰ ভূমিখণ্ডতহে, কোনো সাগৰৰ মাজত নহয়৷
আর্ল হে’নীৰ প্রচণ্ড জেদৰ আগত হাৰ মানিলে চিকিৎসক তথা আত্ম–পৰিজনে৷ কোনো পৰিস্থিতিতে কেতিয়াও হাৰ মানিব নোখোজা পৃথিৱীৰ মানুহৰ আন এক অভূতপূর্ব যাত্রাৰ প্রস্তুতি আৰম্ভ হ’ল এইবাৰ আর্ল হে’নীৰ ৰূপত৷ যাত্রাপথত প্রয়োজন হোৱা অন্যান্য সামগ্রীৰ লগতে তেওঁ এটি বিশেষ বাকচো লগত ল’লে আৰু জাহাজ কর্তৃপক্ষৰে তেওঁ এক বুজাবুজিত উপনীত হ’ল যে কিবা স্বৰূপত যদি তেওঁৰ প্রাণ যায় সেই যাত্রাত, তেনে সেই বিশেষ বাকচটোতেই তেওঁৰ মৃতদেহটো ভৰাই তাক কঢিয়াই আনিব তেওঁলোকে তেওঁৰ পৰিয়ালৰ কাষলৈ৷
জীৱন নির্বাহৰ বাবে সদায় দুটা পথ খোলা থাকে৷ এটা হ’ল যে জীৱনত আশ্চর্য বা মিৰাকল্ বুলি কোনো কথা নাই আৰু আনটো হ’ল যে জীৱনত ঘটা সকলোবোৰেই যেন আশ্চর্য৷ আইনষ্টাইনে কৈছিল এইদৰে৷ আমি যি বুলিয়েই নাভাবোঁ, লছ এঞ্জেলছৰ পৰা নীলাভ জলৰাশিৰ মাজেৰে প্রাচ্যমুখী যাত্রা আৰম্ভ কৰাৰ লগে লগেই আর্ল হে’নীৰ স্বাস্থ্যলৈও কিছুমান ইতিবাচক পৰিৱর্তন আহিল৷ কিছুদিন পেটত সংস্থাপিত টিউবেৰে আহাৰ লোৱাৰ পিছতেই তেওঁ অন্য সাধাৰণজনৰ দৰেই সকলোপ্রকাৰৰ আহাৰ মুখেৰেই খোৱা আৰম্ভ কৰিলে৷ আনকি সময় যোৱাৰ লগে লগে সকলো পাহৰি তেনে অৱস্থাত তেওঁৰ জীৱনলৈ মৃত্যুৰ নিশ্চিতি লৈ অহা ছিগাৰৰ ধোঁৱা আৰু ঘৰুৱাভাৱে তৈয়াৰী এবিধ সুৰাও তেওঁ গ্রহণ কৰিলে সকলো শাৰীৰিক সমস্যাৰ প্রতি চূডান্ত ঔদ্ধত্য প্রদর্শনেৰে৷ হাতত থকা সময়খিনিতে তেওঁ জীৱন উপভোগ কৰিবলৈ ধৰিলে পৰিপূর্ণভাৱে৷ তেওঁ প্রাণভৰি বৰষুণত তিতি জুৰুলি হয়, নাচে বা ধুমুহা আহিলেই তাৰ বিপৰীতে দৌৰিবলৈ সাজু হয়৷ এৰি অহা দিনবোৰত কৰিবলৈ সাহ নকৰা দুঃসাহসিক কার্যবোৰো তেওঁ কৰিবলৈ ধৰে সমগ্র পৃথিৱীক পাহৰি৷ জীৱনৰ প্রতিটো মুহূর্তৰ মূল্য যেতিয়াৰ পৰা তেওঁ বুজি উঠিল, তেতিয়াৰ পৰাই নতুনকৈ আৰম্ভ কৰা জীৱনটোৰ প্রতিটো ক্ষণৰ পুলক তেওঁ অনুভৱ কৰিলে হূদয়ৰ সর্বস্বৰে৷ জাহাজৰ বুকুতে তেওঁ নতুন নতুন লোকৰ স’তে বন্ধুত্ব গঢি তুলিলে, গান গালে, খেলিলে আৰু নৈশ ক্লাবৰ ৰঙীন পৃথিৱীতো নিজকে উটাই দিলে নিশা দুপৰলৈকে৷ শৰীৰৰ ভিতৰৰ কেঁচা ঘা টুকুৰাই পাকস্থলীটো খাই অহাৰ সমান্তৰালকৈ কিছুমান ব্যৱসায়িক চিন্তাই এটা সময়ত গ্রাস কৰি অহা মগজুটোৱেও স্থিৰতা বিচাৰি পালে তেতিয়াই, যেতিয়া সেই ভ্রমণত আহিয়েই তেওঁ ভাৰত আৰু চীনৰ দৰিদ্রতা প্রত্যক্ষ কৰিছিল৷ সেই বিয়লি ব’ষ্টনৰ সেই হোটেলৰ বাকৰিত বহি ষাঠিঊর্ধ্বৰ আর্ল পী হে’নীয়ে মিচিকিয়া হাঁহি এটি পিন্ধি ডেল্ কার্নেগিক ক’লে, ‘ঘা টুকুৰাৰ কথাই যদি মই ভাবি থাকিলোঁহেঁতেন, সেই যাত্রাৰ পৰা মই উলটি আহিলোঁহেঁতেন কফিনৰ ভিতৰত এটা মৃতদেহ হৈহে৷ শৰীৰ সম্পর্কিত সকলোবোৰ সমস্যাৰ কথা যেতিয়া মই মনৰ পৰা সম্পূর্ণৰূপে উলিয়াই পেলাইছিলোঁ, মনৰ প্রশান্তিয়ে তেতিয়া মোক এটা নতুন শক্তি দিছিল, যিটোৱে মোৰ প্রাণ ৰক্ষা কৰিলে৷’
হয়, চিকিৎসকসকলৰ মতে কেইসপ্তাহমানহে জীয়াই থাকিব লগা আর্ল পী হে’নী তাৰ পিছতো জীয়াই আছিল আৰু সুদীর্ঘ দুকুৰি বছৰ৷
চিকিৎসকসকলৰ পৰা যেতিয়া নিজৰ জীৱনৰ সীমিত সময়ৰ বিষয়ে জানিব পাৰিলে, তেতিয়া আর্ল পী হে’নীৰ সমুখত আছিল মাত্র দুটাই বিকল্প– হয় কথাবোৰ সলনি কৰিব নোৱৰাবুলি গণ্য কৰি পৰিস্থিতিৰ ওচৰত নিজকে সমর্পি জীৱনৰ বাকী দিনকেইটা হতাশাবা দুশ্চিন্তাৰ মাজেৰে পাৰ কৰি দিয়া, নহয় হাতত থকা সময়কণতেই পার্যমানে জীৱন জীবলৈ চেষ্টা কৰা৷ দুশ্চিন্তাবোৰক একাষৰীয়া কৰি তেওঁ বাছি লৈছিল দ্বিতীয়টো পথ৷
উদ্বেগ, উৎকণ্ঠাবা দুশ্চিন্তাকেই আধুনিক পৃথিৱীৰ প্লেগ বুলি অভিহিত কৰিছে ডক্টৰ স্মইলি ব্লাণ্টন নামৰ এজন প্রখ্যাত মনোবিজ্ঞানীয়ে৷ ব্যৱসায়িক প্রতিষ্ঠা লাভৰ সংগ্রামত সন্মুখীন হোৱা প্রতিবন্ধকতাই কঢিয়াই অনা দুশ্চিন্তাই যেতিয়া অস্থিৰ কৰি তুলিছিল আর্ল পী হে’নীৰ পৃথিৱী, সেই দুশ্চিন্তাৰ পৰা তেওঁ সম্পূর্ণৰূপে মুক্ত হৈছিল তেতিয়া, যেতিয়া চিকিৎসকসকলে জনাই দিছিল তেওঁক তেওঁৰ হাতত থকা সীমিত সময়ৰ কথা৷ অৱধাৰিত মৃত্যুক সাহসেৰে গ্রহণ কৰি পার্থিৱ পৃথিৱীৰ সকলো দুশ্চিন্তা পাহৰি তেওঁ তেতিয়াৰ পৰাই দৃষ্টি দিছিল কেৱল জীৱনলৈ৷ মৃত্যুক বাধা দিয়াৰ মানসেৰে নহয়, আধুনিক চিকিৎসাপদ্ধতিয়ে দিব পৰা সুবিধাবোৰ তেওঁ গ্রহণ কৰিছিল কেৱল তেওঁৰ জীৱন উদ্যাপনৰ ক্ষেত্রত প্রতিবন্ধকতাৰ সৃষ্টি নহ’বলৈহে৷ তেওঁৰ অজেয় ইচ্ছাশক্তি আৰু অভাৱনীয় জীৱনমুখী মানসিকতাৰ ওচৰত হাৰ মানিছিল কেঞ্চাৰ নামৰ তেজাল ঘোঁৰাত উঠি অহা মৃত্যুৱেও৷
আমাৰ জীৱনত বা আমাৰ চৌপাশে ঘটা যিবোৰ পৰিঘটনাক আমি চলতি সূত্রৰে সংজ্ঞায়িত কৰিব নোৱাৰোঁ, যিবোৰত আমি কেৱল বিস্মিত হওঁ, সেই ব্যাখ্যাহীন পৰিঘটনাবোৰকে আমি আশ্চর্য বা মিৰাকল্বুলি অভিহিত কৰোঁ৷ চিকিৎসকসকলৰ সকলো ভৱিষ্যৎবাণীক মিছা প্রমাণিত কৰি আর্ল পী হে’নীয়ে যিদৰে জীৱন উদ্যাপনৰ মাজেৰে মৃত্যুক জিনিলে, সিও আমাৰ বাবে কেৱল এক আশ্চর্য বা মিৰাকল্৷ কিন্তু তেনে আশ্চর্য আশা কৰিব পাৰি কেৱল আর্ল পী হে’নীৰ দৰে প্রচণ্ড জীৱনমুখী আৰু আত্মবিশ্বাসী মানুহৰ ক্ষেত্রতহে৷
(যোৱা মাহৰ জুলাইৰ পাঁচ তাৰিখে এই কাকতৰে এই শিতানত প্রকাশিত ‘নিঃসংগতাক জিনিবলৈ প্রেম ঃ ডষ্টয়ভস্কি’ শীর্ষক লেখাটো পঢি মোলৈ অহা অলেখ ফোনকলৰ ভিতৰত এটা আছিল ধুবুৰী থানাৰ আৰক্ষী বিষয়া ৰাজাউদ্দিন আহমেদৰ৷ গাডীৰ মাত, মানুহৰ কোলাহলৰ মাজৰ পৰা তেওঁ চিঞৰি কৈছিল যে কামৰ মাজতে গাডীতে তেওঁ পঢি ফোন কৰিছে লগে লগেই৷ এয়া যিকোনো লেখকৰ বাবে এক মধুৰ প্রাপ্তি৷ এই সন্ধিক্ষণত তেখেতৰ দৰে পঢি থকা প্রতিজনৰ হাতত এই লেখাটো দিলোঁ৷

You might also like