নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাম্প্রতিক শিক্ষা ব্যৱস্থাৰ আসোঁৱাহ

-হিমাংশু ৰঞ্জন ভূঞা

শিক্ষা হ’ল মানৱ সমাজৰ প্রগতি আৰু উত্তৰণৰ মূখ্যতম চালিকাশক্তি, সামাজিক জীৱনৰ ঘাই সুৰক্ষা বেহু৷ এই বেহু সুদৃঢ় নহ’লে শৈক্ষিক তথা সামাজিক জীৱনত আডল লগাটোৱেই স্বাভাৱিক৷ সেইবাবে পৃথিৱীৰ প্রতিখন কল্যাণকামী দেশেই শিক্ষাক মৌলিক প্রয়োজন হিচাপে গ্রহণ কৰি আহিছে৷ প্রকৃততে এখন দেশৰ সমৃদ্ধি আৰু জীৱন নির্বাহৰ প্রগতি নির্ভৰ কৰে মানসম্পন্ন শিক্ষাব্যৱস্থাৰ ওপৰত৷ দেশ এখন যিমানেই সম্পদশালী নহওক কিয়, শিক্ষাৰ দিশটো যদি পুতৌলগা হয়, তেতিয়াহ’লে দেশখনে কেতিয়াও প্রগতি কৰিব নোৱাৰে৷ সাম্প্রতিক সময়ত গোলকীকৰণৰ জৰিয়তে সমগ্র বিশ্বত শিক্ষা বিষয়টোৰ ওপৰত যথেষ্ট গুৰুত্ব প্রদান কৰি শিক্ষাৰ সামগ্রিক ডন্নয়নৰ হেতু ‘সকলোৰে বাবে শিক্ষা’ এই ব্যৱস্থাৰ বাস্তৱ ৰূপায়ণৰ বাবে বিভিন্ন পন্থা গ্রহণ কৰিছে, বিশ্বৰ প্রায়বোৰ ৰাষ্ট্রতে আধুনিক শিক্ষাৰ মান ডন্নত কৰাৰ অর্থে বিভিন্ন আঁচনি আৰু বিভিন্ন পৰিকল্পনা যুগুতাই শিক্ষানীতিক বাস্তৱমুখী কৰি তোলাৰ ওপৰত গুৰুত্ব দিছে, বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ সম্প্রসাৰণ আৰু প্রভাৱৰ অপৰিহার্যতাক আধুনিক শিক্ষাব্যৱস্থাত অন্তর্ভুক্ত কৰি বৃত্তিমূলক শিক্ষাৰ প্রসাৰ ঘটাই প্রগতিমুখী কৰি তুলিছে, যাৰ ফলত মানুহে জীৱন নির্বাহৰ জটিল গতিত নতুন পথৰ সন্ধান লভিবলৈ সক্ষম হৈছে৷
ভাৰতবর্ষত সংবিধানৰ ৪৫নং অনুচ্ছেদৰ অধীনত ৬ৰ পৰা ১৪ বছৰ বয়সলৈকে সকলো শিশুৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক প্রাথমিক শিক্ষাৰ ব্যৱস্থাটো নির্দেশাত্মক নীতি হিচাপে গ্রহণ কৰি সার্বজনীন প্রাথমিক শিক্ষাৰ লক্ষ্যসমূহ পূৰণ কৰিবলৈ বিভিন্নধৰণৰ আঁচনি গ্রহণ কৰা হয়৷ এই আঁচনিবোৰৰ ভিতৰত অপাৰেচন ব্লেকব’ড, পুনৰ বিন্যাসিত আৰু পুনৰ গঠিত শিক্ষক প্রশিক্ষণ ব্যৱস্থা, জিলা প্রাথমিক শিক্ষা আঁচনি, মধ্যাহ্ণ ভোজন আঁচনি, অনানুষ্ঠানিক শিক্ষা, শিক্ষা নিশ্চিতকৰণ আঁচনি, বিকল্প আৰু ডদ্ভাৱনামূলক শিক্ষা ব্যৱস্থা, জনশালা আঁচনি আৰু সর্বশিক্ষা অভিযানে সার্বজনীন শিক্ষাৰ লক্ষ্যসমূহত ডপনীত হোৱাৰ ক্ষেত্রত থকা ব্যৱধানসমূহ আঁতৰ কৰাৰ বাবে যথেষ্ট বৰঙণি আগবঢ়াইছে৷ ২০০২ চনৰ ভাৰতীয় সংবিধানৰ ৮৬সংখ্যক সংশোধনীয়ে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰসমূহক ২০০৯ চনত আইন হিচাপে ৰূপায়ণ কৰাৰ পথ সুচল কৰি তোলে৷ ২০০৯ চনৰ এই আইনখনে প্রত্যেক শিশুৰ বাবে কোনোধৰণৰ বৈষ্যমতা আৰু বহিষ্কৰণ নোহোৱাকৈ গুণগত শিক্ষা আহৰণ কৰাৰ এটা পৰিৱেশ গঢ়ি তুলিব বিচাৰিছে যাৰ বাবে সকলোৰে বাবে গুণগত শিক্ষা প্রদান আৰু ডপযোগী শিক্ষা পদ্ধতি কার্যকৰী হৈছে৷ ফলত গুণগত শিক্ষা, সমতা, বৈষম্যহীনতা আৰু শিক্ষাৰ অধিকাৰে শিশুৰ স্বাধীনতা সুনিশ্চিত কৰিছে৷
একেদৰে কুৰি শতিকাৰ মাজভাগৰ পৰাই আমাৰ ৰাজ্য অসমত বুজনসংখ্যক প্রাথমিক, মাধ্যমিক, ডচ্চ মাধ্যমিক আদি পর্যায়ৰ বিদ্যালয় গঢ় লৈ ডঠিছে আৰু অসমৰ ভৱিষ্যৎ প্রজন্মক গঢ় দিয়াৰ প্রচেষ্টা অব্যাহত ৰাখিছে৷ এইটো সুখৰ কথা৷ কিন্তু বিদ্যালয় প্রতিষ্ঠা হ’লেই, ছাত্র–ছাত্রী বিদ্যালয়লৈ পাঠগ্রহণৰ বাবে আহিলেই, শিক্ষকসকল পাঠদানৰ বাবে বিদ্যালয়লৈ আহিলেই আমাৰ ভৱিষ্যৎ প্রজন্মই নিজকে এগৰাকী প্রকৃত মানৱ সম্পদ হিচাপে গঢ়ি তুলিব পাৰিব জানো? কেতিয়াও নোৱাৰে৷ এক কথাত, এই বৌদ্ধিক অনুশীলনীৰ লগত সংশ্লিষ্ট হৈ থকা শিক্ষক, ছাত্র–ছাত্রী, অভিভাৱক, প্রশাসক, চৰকাৰী বিভাগৰ সু–ব্যৱস্থা এই সকলোৰে সমন্বয়ত গঢ়ি ডঠা সমন্বয় সূত্রৰ নির্ণয়ৰ ওপৰতহে শৈক্ষিক বাতাৱৰণৰ প্রকৃত ছবিখন জিলিকি ডঠিব আৰু ফলপ্রসূভাৱে সোণত সুৱগা চৰি জিলিকি ডঠিব৷ এই দিশত শিক্ষানুষ্ঠানখনৰ মুৰব্বীগৰাকীৰ সবল নেতৃত্ব, সৃষ্টিশীলতা আৰু কর্মোদ্যমেহে মুখ্য ভূমিকা গ্রহণ কৰে আৰু তেতিয়াহে শিক্ষাৰ দিশটোৱে পূর্ণতা লাভ কৰে বুলি ক’ব পৰা যায়৷
সম্প্রতি প্রাথমিক আৰু মাধ্যমিক স্তৰত শিক্ষাব্যৱস্থা অধিক ফলপ্রসূ কৰিবৰ বাবে কেন্দ্রীয় চৰকাৰে শিক্ষাৰ গুণগত মান নির্ধাৰণ, বিদ্যালয় গৃহ নির্মাণ, আচবাব যোগান, খোৱাপানীৰ ব্যৱস্থা, প্রস্রাৱাগাৰৰ ব্যৱস্থা আদি বিভিন্ন দিশৰ ডন্নয়নৰ বাবে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে৷ এখন বিদ্যালয় নিয়াৰিকৈ পৰিচালনা কৰিবৰ বাবে, পঢ়া আৰু পঢুৱাৰ পৰিৱেশ গঢ়ি তুলিবলৈ হ’লে বিদ্যালয়গৃহ আৰু ইয়াৰ চৌদিশৰ পৰিৱেশ অনুকূল হোৱা আৰু নূ্যনতম প্রয়োজনীয় আচবাব আৰু শিক্ষাদানৰ সা–সঁজুলি আদি সকলো ব্যৱস্থাৰে পৰিপূর্ণ এটা অৱস্থা থকাটো নিতান্তই আৱশ্যক৷ তাত দ্বি–মত হ’বলগীয়া নাই৷ কিন্তু এইসমূহৰ জৰিয়তেও এখন বিদ্যালয়ৰ শৈক্ষিক মান কেতিয়াও ডন্নত হ’ব নোৱাৰে৷ সকলোতকৈ গুৰুত্বপূর্ণ কথা হ’ল– ডপযুক্ত লোকৰ ওপৰত শিক্ষাদানৰ দায়িত্ব অর্পণ কৰা বিষয়টোহে৷ দৰাচলতে প্রত্যেকজন শিক্ষকেই নিজকে এগৰাকী প্রকৃত শিক্ষাগুৰু হিচাপে গঢ়ি ল’ব পাৰিলেই শিক্ষাৰ গুণগত মান ডন্নত হ’ব আৰু তেতিয়াহে ছাত্র–ছাত্রীসকলে প্রকৃত শিক্ষা লাভ কৰিবলৈ সক্ষম হ’ব৷
এই কথা অস্বীকাৰ কৰিব পৰা নাযায় যে আমাৰ ৰাজ্যখনত শিক্ষাৰ দিশত সম্প্রতি প্রাথমিক পর্যায়ৰ পৰা ডচ্চ মাধ্যমিক পর্যায়ত এটা প্রধান কেৰোণ লাগিছে৷ শিক্ষাৰ মান ডন্নত কৰিবলৈ হ’লে যিটো পর্যায়ত অধিক অগ্রাধিকাৰ দিয়া ডচিত, সেই পর্যায়টোকেই আমাৰ ৰাজ্যখনত চৰম অৱহেলা কৰা হৈছে৷ ফলত শিক্ষাৰ চৰম অৱনতি ঘটিছে আৰু বিৰূপ প্রভাৱ পৰিছে৷ ডল্লেখ কৰা নিষ্প্রয়োজন যে ভেটি বা বুনিয়াদটোৱেই যদি সোলোক–ঢ়োলোক হয়, তেন্তে সামগ্রিকভাৱে শিক্ষাৰ মান ডন্নত কৰাটো কেতিয়াও সম্ভৱ হ’ব নোৱাৰে৷ গতিকে শিক্ষাৰ মান ডন্নত কৰিবৰ বাবে ডপযুক্ত চিন্তাচর্চাৰে ডপযুক্তভাৱে প্রতিখন বিদ্যালয়ত প্রয়োজন অনুসৰি শিক্ষক নিযুক্তি হ’ব লাগিব৷ ডপযুক্ত প্রশিক্ষণৰে শিক্ষকসকলক মহীয়ান কৰি তুলিব লাগিব৷ সবাতোকৈ গুৰুত্বপূর্ণ বিষয় হ’ল– আমাৰ ৰাজ্যখনত বহুতো শিক্ষানুষ্ঠানত শিক্ষকৰ অভাৱ৷ কোনো বিদ্যালয়ত বিজ্ঞান বিষয়ৰ শিক্ষক আছে, কিন্তু কলা বিষয়ৰ শিক্ষক নাই৷ কোনো বিদ্যালয়ত আকৌ ইয়াৰ বিপৰীত ছবি৷ ফলত শিক্ষাৰ ডন্নয়নৰ দিশত যদিও বিভিন্ন পদক্ষেপ লোৱা হৈছে তথাপিতো ইপ্সিত ফল লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ কেন্দ্রীয় চৰকাৰৰ নীতি অনুসৰি শিক্ষক আৰু শিক্ষাথ্ৰ অনুপাত প্রাথমিক পর্যায়ত ১ঃ৩০, ডচ্চ প্রাথমিক পর্যায়ত ১ঃ৩৫ আৰু মাধ্যমিক পর্যায়ত ১ঃ৪০৷ অর্থাৎ প্রাথমিক বিদ্যালয়ৰ পৰা মাধ্যমিক বিদ্যালয়ত ক্রমে ত্রিশৰ পৰা চল্লিশগৰাকী ছাত্র–ছাত্রীৰ বিপৰীতে একোজনকৈ শিক্ষক নিযুক্তি হোৱাতো প্রয়োজন৷ কিন্তু অসমৰ শিক্ষানুষ্ঠানসমূহত এই সম বিন্যাস হৈছেনে? এই দিশত সুপৰিকল্পিত আঁচনিৰ প্রয়োগ হৈছেনে? আজি প্রাথমিক পর্যায়ৰ এক বহু চর্চিত বিষয় হৈছে শ্রেণীভিত্তিক শিক্ষক নিযুক্তি৷ এতিয়াও গ্রামাঞ্চলৰ বহু প্রাথমিক বিদ্যালয় আছে য’ত ছাত্র–ছাত্রী আছে চাৰি কুৰিৰো অধিক, কিন্তু শিক্ষক আছে মাত্র দুগৰাকী৷ তাৰে প্রধান শিক্ষকগৰাকী মধ্যাহ্ণ ভোজনৰ বাবে বজাৰ কৰাৰ পৰা কার্যালয়ৰ বিভিন্ন কামলৈকে ব্যস্ত হৈ পৰিবলগীয়া হয়৷ বিভিন্ন সময়ত বিভিন্ন বিভাগীয় আলোচনা, সভা–সমিতিত ডপস্থিত থাকিবলগীয়া হয়৷ গতিকে অধিকাংশ সময় সহকাৰীজনে অকলেই বিদ্যালয়ৰ ‘ক’ শ্রেণীৰ পৰা পঞ্চম শ্রেণীলৈকে আটাইকেইটা শ্রেণীত পাঠদানৰ লগতে ছাত্র–ছাত্রীসকলৰ সকলো দিশ চোৱা–চিতা কৰিবলগীয়াত পৰে৷ এনে পৰিস্থিতিত শিক্ষাদান আৰু গ্রহণকার্য কিমান ফলপ্রসূ হ’ব, সেয়া নক’লেও সকলোৱে বুজি পাব৷ এগৰাকী শিক্ষকে একেলগে একে সময়তে ছটাকৈ শ্রেণীত পাঠদান কৰিবলগীয়া হোৱা বিষয়টো শৈক্ষিক ক্ষেত্রৰ বাবে কোনো কাৰণতে গ্রহণযোগ্য হ’ব নোৱাৰে৷ আনহাতে আকৌ এনে বহু বিদ্যালয়ো আছে য’ত ছাত্র–ছাত্রীতকৈ শিক্ষকৰ সংখ্যা তুলনামূলকভাৱে বহু বেছি৷ সকলোৱে ইতিমধ্যে এই কথা স্বীকাৰ কৰিছে যে প্রাথমিক পর্যায়ত যেতিয়ালৈকে শ্রেণী অনুপাতে শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰা নহ’ব তেতিয়ালৈকে অসমত প্রাথমিক শিক্ষাৰ ডপযুক্ত বিকাশ সম্ভৱপৰ হৈ নুঠিব৷ এই সমুদায় বিষয়ত তাৎক্ষণিকভাৱে ব্যৱস্থা লোৱাতো অতিকে প্রয়োজন৷
বিগত ২০১৭ বর্ষত অসম চৰকাৰে প্রথম শ্রেণীৰ পৰা অষ্টম শ্রেণীপর্যন্ত পাঠদান কৰা বিদ্যালয়সমূহত ‘গুণোৎসৱ’ নামকৰণেৰে বিদ্যালয়ৰ মান নিৰূপণৰ এক আঁচনি গ্রহণ কৰিছিল৷ আমাৰ ৰাজ্য অসম হ’ল গুণোৎসৱ ডদ্যাপন কৰা ভাৰতবর্ষৰ দ্বিতীয়খন ৰাজ্য৷ প্রাথমিক আৰু ডচ্চ প্রাথমিক পর্যায়ৰ শিক্ষাৰ গুণগত মান ডন্নত কৰি চৰকাৰী শিক্ষাব্যৱস্থাৰ প্রতি ৰাইজক আগ্রহী কৰি এক আশাৰ বতৰা বিয়পোৱাৰ ডদ্দেশ্য লৈয়ে আমাৰ ৰাজ্য চৰকাৰে গুণোৎসৱ কার্যসূচী ৰূপায়ণৰ ব্যৱস্থা কৰিছিল আৰু সফলো হৈছে৷ এই কার্যসূচীৰ জৰিয়তে শিক্ষাৰ ব্যৱধানসমূহ চিনাক্ত কৰি নিদানমূলক শিক্ষাৰ ব্যৱস্থা গ্রহণ কৰাৰ লক্ষ্যও গ্রহণ কৰি মুঠ তিনিটা পর্যায়ত সম্পন্ন হোৱা এই গুণোৎসৱৰ ফলাফলো ইতিমধ্যে প্রকাশ হৈছে৷ শিক্ষা গ্রহণৰ বাবে চৰকাৰী বিদ্যালয়সমূহ ডপযুক্ত নহয়, চৰকাৰী বিদ্যালয়সমূহে শিক্ষাব্যৱস্থাত কোনো পৰিৱর্তন আনিব পৰা নাই, এইধৰণৰ ধ্যান–ধাৰণাক তল পেলাই বিদ্যালয়সমূহক ডন্নত পর্যায়লৈ ডন্নীত কৰাৰ দিশত গুণোৎসৱ এক ডচিত পদক্ষেপ আৰু এই পদক্ষেপ পৰৱত্ সময়লৈ বাহাল ৰাখিলে শিক্ষাৰ ক্ষেত্রত আশানুৰূপ ডন্নতি হ’ব বুলি সকলোৱে ইতিমধ্যে স্বীকাৰ কৰিছে৷
দৰাচলতে অসমৰ শিক্ষা জগতখনৰ আটাইতকৈ আসোঁৱাহপূর্ণ আৰু আপত্তিজনক দিশটো হৈছে পাঠ্যপুথিৰ প্রণয়ন, প্রকাশন আৰু বিতৰণৰ ব্যৱস্থাটো৷ পাঠ্যপুথিৰ সংস্কাৰ সাধনৰ নামত এতিয়ালৈকে যিখিনি ব্যৱস্থা লোৱা হৈছে, সেই সকলো যেন পৰীক্ষা–নিৰীক্ষাৰ বাবেহে কৰা হৈছে৷ পৰীক্ষা পদ্ধতি আৰু ফলাফল ঘোষণালৈকে যিমানসমূহ কাম কৰিবলগীয়া থাকে, সেইসমূহো ত্রুটিপূর্ণ বুলি সর্বত্র চর্চা হৈ আহিছে৷ যদিওবা ছাত্র–ছাত্রীসকলক ডৎসাহ প্রদানৰ বাবেই হাইসুকল শিক্ষান্ত পৰীক্ষাত স্থানপ্রাপ্ত বা ষ্টাৰমার্ক প্রাপ্ত ছাত্র–ছাত্রীক ‘লেপটপ’ প্রদান, ডচ্চতৰ মাধ্যমিকৰ কৃতী ছাত্রীলৈ সুকটী প্রদান, দুখীয়া ছাত্রীসকলৰ সুবিধাৰ বাবে চাইকেল বিতৰণ, অষ্টম শ্রেণীলৈ বিনামূলীয়া পোছাক প্রদানৰ আঁচনি, মেধাবৃত্তি প্রদান আঁচনি আদি যথেষ্ট ডৎসাহজনক ভালেসংখ্যক আঁচনি চৰকাৰীভাৱে গ্রহণ কৰা হৈছে আৰু কার্যকৰী কৰিছে, তথাপিতো এই আঁচনিসমূহ যথাসময়ত যথানিয়মৰ মাজেদি কার্যকৰী হৈছেনে নাই, এই সম্পর্কত চৰকাৰ সচেতন হোৱাৰ যথেষ্ট প্রয়োজন আছে৷ ছাত্র–ছাত্রীসকলে দুন্তি অনিয়মৰ ছবিখন যাতে সুকলীয়া পর্যায়তে নেদেখে তাৰ বাবে ভৱিষ্যৎ প্রজন্মৰ স্বার্থতে নিশ্চিত কৰাটো অত্যন্ত প্রয়োজন৷ মাধ্যমিক শিক্ষাৰ ক্ষেত্রত অসমত স্বাধীনতাৰ পিছত গঠিত হোৱা মুডালিয়ৰ আয়োগ (১৯৫২–৫৩), কোঠাৰী আয়োগ (১৯৬৪–৬৬), ৰাষ্ট্রীয় শিক্ষানীতি (১৯৮৬)ৰ আধাৰত শিক্ষাৰ বিকাশৰ ধাৰা মনোগ্রাহী কৰিবৰ বাবে চেষ্টা চলাই থকা হৈছে যদিও বিকাশৰ ধাৰা এই পর্যন্ত মনোগ্রাহী যে হোৱা নাই সেই সম্পর্কে সর্বস্তৰতে আলোচিত হৈছে৷
পৰিশেষত ক’ব পাৰি যে আমাৰ ৰাজ্যত জীৱন নির্মাণৰ ভেটিস্বৰূপ এই প্রাথমিক আৰু মাধ্যমিক স্তৰৰ শিক্ষাব্যৱস্থাক সজীৱ কৰি তুলিবৰ বাবে সচেতন শিক্ষিত লোকসকল, অভিভাৱক তথা শিক্ষক সমাজ একত্রিত হোৱাতো অতিকে প্রয়োজন আৰু শিক্ষা বিভাগেও শৈক্ষিক জগতত হোৱা নৈৰাজ্যসমূহ দূৰ কৰাৰ বাবে সুপৰিকল্পিত আঁচনিৰ ব্যৱস্থা গ্রহণ কৰিবলৈ আগবাঢ়ি অহাটো সময়ৰ আহ্বান হিচাপে মানি লোৱা ডচিত৷ অন্যথা ইতিহাসে কেতিয়াও ক্ষমাৰ দৃষ্টিৰে বিষয়সমূহ গ্রহণ কৰিব বুলি আশা কৰিব পৰা নাযাব৷

You might also like