সমাজত সদায়ে প্রাসংগিক হৈ থাকিবলৈ আৰু সময়ৰ লগত খাপ খুৱাই চলি যাবলৈ মানুহে আজীৱন চেষ্টা কৰে৷ সময়ৰ লগত খাপ খাই চলিব নোৱাৰিলে গুণমানবিশিষ্ট ব্যক্তিও সময়ত আবর্জনা হৈ পৰে৷ সংবাদ মহলেও সময়ৰ প্রত্যাহ্বান গ্রহণ কৰি পৰিৱর্তনৰ চেষ্টা কৰে যদিও ঘৰৰ পৰা লৈ অহা জাতি, ধর্ম, ৰুচি–ভিৰুচি, সংস্কাৰ আৰু বিয়াগোম ‘ময়েই শ্রেষ্ঠ’ভাৱে এইক্ষেত্রত বৰ আহুকালৰ সৃষ্টি কৰে৷ নির্বাচনকালীন সাংবাদিকতাৰ সময়ত এই জাত–পাত–ধর্ম সংস্কাৰৰ এঠাবোৰে সাংবাদিকৰ কলম বা কেমেৰাক বাৰুকৈয়ে বিধি–পথালি দিব খোজে, যি এই বিধি–পথালি আঁতৰাই সাংবাদিকতাৰ নিৰপেক্ষতা বজাই ৰাখিব পাৰে তেওঁহে সাংবাদিক৷
সাংবাদিকৰ দায়িত্ব পালন কৰি থাকোঁতে থাকোঁতে সাংবাদিকসকলে বহু কথাই পাহৰি গৈ থাকে যেন লাগে৷ গণতান্ত্রিক পৰম্পৰা অনুসৰি সাংবাদিকসকলৰ নিজৰ সংগঠনসমূহৰ বার্ষিক অধিৱেশনখন পাতিবলৈকে পাহৰি থাকে৷ আচলতে ঠিক পাহৰি যোৱাও নহয়, নাপাতে৷ কিন্তু গণতান্ত্রিক পৰম্পৰা ৰক্ষা কৰিলে শিপা নেহেৰায়, মাটি, সংস্কৃতিৰ আৰু মানুহৰ সৈতে সম্পর্ক দৃঢ়হে হয়৷
গণতান্ত্রিক চেতনা জাগ্রত কৰিৰাখিবলৈ বিভিন্ন অনুষ্ঠানে প্রতিষ্ঠানত সাংবাদিকে উদাত্ত ভাষণ দিয়ে৷ গুৱাহাটি প্রেছ ক্লাবে এটা যুগৰ মূৰত প্রবল ডাবি–দাবাৰ হেঁচাত সাধাৰণ সভা অনুষ্ঠিত কৰিলে৷ এসময়ৰ এটা বিয়াগোম সাংবাদিক সংগঠনৰ মূল নেতাজনে পদবী হেৰায় বুলি মূল সংগঠনটোকে ফালি একাংশ অন্ধ সমর্থকক লৈ বেলেগ হৈ আঁতৰি গ’ল৷ সাংবাদিকৰে ন ন নেতা–পালিনেতাৰ আঁকোৰগোজ মনোভাবৰ বাবেই নতুন নতুন সংগঠন নিতৌ ওলাই আছে, নতুন নতুন মঞ্চ গঠন হৈ আছে৷ কিন্তু আজিও বহু সংগঠন, সংস্থাই নিজৰ সভা–সমিতি পতা নাই, নাই একো কার্যাৱলীৰ খতিয়ান৷ প্রায় সকলোতে ৰাজনৈতিক দলবোৰৰ দৰে ল’বীকেন্দ্রিক কূটনীতি জাত–পাত, সম্প্রদায় আৰু ধর্মীয় বিশ্বাসক কেন্দ্র কৰি৷
সময়ৰ লগত খাপ খুওৱা মানে নিজস্বখিনিক সম্পূর্ণ ত্যাগ কৰি আনৰ লগত মিলি যোৱা নিশ্চয় নহয়৷ কিন্তু উদ্বেগৰ কথা হ’ল আমাৰ অক্ষমতা, অসমর্থতা, ব্যর্থতাক ঢ়াকি ৰাখি আমি সর্বজান্তাৰ ভাও লোৱাটো৷ মনে–প্রাণে এক ৰাজনৈতিক বাক্ধাৰাক সমর্থন কৰি তাক পাকে প্রকাৰান্তৰে সমর্থনযোগ্যবুলি প্রতিপন্ন কৰিবলৈ বিভিন্ন কলম বা সামাজিক মাধ্যমৰ সহায়ত বহু সাংবাদিকে চেষ্টা কৰে৷ চেষ্টা কৰে বুজাবলৈ সাধাৰণ পঢ়ুৱৈ সমাজক যে তেওঁ ভবা দল বা কোনো দলীয় নেতাৰ বাকীসকলতকৈ গ্রহণযোগ্যতা বেছি৷ নির্বাচনৰ বতৰত একাংশৰ পক্ষপাতদুষ্ট সংবাদ পৰিৱেশনৰ ফলত সংবাদ মাধ্যমত ধুঁৱলী–কুঁৱলী অৱস্থা এটাৰ সৃষ্টি হয়৷
সংবাদ মাধ্যমত নির্বাচনকালীন পক্ষপাতদুষ্ট বা–বাতৰি পৰিৱেশনক ‘পেইড্ নিউজ’ হিচাবে চিহ্ণিত নির্বাচন আয়োগে কঠোৰ ব্যৱস্থা গ্রহণ কৰিছে৷ ‘পেইড নিউজ’ হ’ল গোপনে ধন বা অন্যান্য সুবিধা লাভৰ আশাত এচাম সাংবাদিকে কৰা পক্ষপাতদুষ্ট বাতৰি পৰিৱেশন৷ নির্বাচনৰ সময়ত ৰাজনৈতিক দল–সংগঠনসমূহে নিজৰ দলৰ বা নিজৰ ৰাজনৈতিক ধ্যান–ধাৰণাৰ প্রচাৰ আৰু প্রসাৰৰ বাবে সংবাদকর্মী বা তেনে সংগঠনসমূহৰ ওচৰ চাপে৷ তেনে সময়ত সাংবাদিক মহলৰ ঘনিষ্ঠ হৈ ল’লে দু–আষাৰ বেছিকৈ দলৰ হৈ লিখিব বুলি আশা কৰি সাংবাদিকসকলকো অতি গুৰুত্ব আৰু মান্যতা দি সম্বোধন কৰে৷ সেই সময়তে চতুৰ এচাম সংবাদকর্মীয়ে সম্পদশালী ৰাজনৈতিক প্রার্থী আৰু কর্মীৰ পৰা সা–সুবিধা আদায়ৰ বাবে সচেতন হৈ পৰে৷ এনে কার্যত জডিত হৈ থাকে প্রকট ধন আৰু ক্ষমতালোভী এচাম সাংবাদিকৰ ভাও ধৰা দালাল৷ এই দালালৰ সংখ্যা ভাৰতত দিনে দিনে বাঢ়িছে৷ ভাৰতৰ সংবাদ জগতৰ অভিভাৱক স্বৰূপ প্রেছ কাউঞ্চিল অৱ ইণ্ডিয়া, ভাৰতীয় সম্পাদক সংঘ, ইণ্ডিয়ান নিউজ পেপাৰ এছ’চিয়েচন আৰু ভাৰতৰ বহু প্রখ্যাত সাংবাদিকৰ বিৰামহীন প্রচেষ্টা আৰু পৰামর্শত ভাৰতৰ নির্বাচন আয়োগে পেইড নিউজৰ বিৰুদ্ধে কঠোৰ নীতি ঘোষণা কৰি ইয়াক নির্বাচন সম্পর্কীয় এক অপৰাধ বুলি ঘোষণা কৰে আৰু ইয়াক নিয়ন্ত্রণৰ বাবে প্রতি ৰাজ্যতে সংবাদ নিৰীক্ষণ আৰু প্রত্যয়ন কোষ Media Monitoring and Management Cell) গঠন কৰি দিছে৷ এই নিৰীক্ষন কোষত ধৰা পৰা সাংবাদিক আৰু যাৰ হৈ তেনে বা–বাতৰি পৰিৱেশন কৰা হয় সেই ৰাজনৈতিক প্রার্থীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্রহণ কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ প্রেছ কাউন্সিলে ১৯৫১ চনত জনপ্রতিনিধিত্ব আইন Representation of People’s Act 1951) সংশোধন কৰি পেইড নিউজৰ অপৰাধীক দুবছৰপর্যন্ত কাৰাদণ্ড দিবলৈকো পৰামর্শ দিছে৷
সংবাদ মাধ্যম আজিৰ দিনত প্রথমে ব্যৱসায়, তাৰ পিছতহে সেৱা৷ প্রায় সকলো ব্যৱসায়ৰ দৰেই সংবাদ–পত্রই হওক বা দৃশ্য–শ্রব্য মাধ্যমেই হওক, একোজন মালিক বা একোটা ব্যক্তিগত সংস্থাৰ অধীন৷ সেই মালিকজনৰ ব্যৱসায়িক নীতি–আদর্শৰ দ্বাৰাহে প্রতিষ্ঠানটো পৰিচালিত হ’ব য’ত লাভৰ কথাটোৱে সদায়ে মুখ্য ভূমিকা লয়৷ তদুপৰি আছে মালিক গোষ্ঠীৰ ৰাজনৈতিক সম্পর্ক৷ ক্ষমতাধিষ্ঠিত পক্ষৰ সৈতে ভাল হ’লে চৰকাৰী গুণগান বেছিকৈ চলে আৰু বিৰোধীৰ সৈতে ভাল হ’লে ৰাইজৰ পক্ষ লোৱাৰ ভাও ধৰি চৰকাৰক প্রতিসংখ্যাতে মৰকামোৰ মাৰিবলৈ নাপাহৰে৷ এই কথা সাধাৰণ গঞা ৰাইজেও আজি বুজি পায় আৰু সেয়ে ভোটদানৰ ক্ষেত্রত সচেতনতাৰে আগবাঢ়ে৷ সংবাদ মাধ্যমৰ পর্বতপ্রমাণ অতিৰঞ্জন, ভুৱা পাণ্ডিত্যৰ পুর্বানুমান আৰু আবতৰীয়া নির্বাচনী সমীক্ষাক বহুবাৰ ডাষ্টবিনলৈ প্রক্ষেপ কৰি নির্বাচনৰ অভাৱনীয়ভাবে বেলেগ ফলাফল হোৱা বহুবাৰ সচেতন ৰাইজে প্রত্যক্ষ কৰিছে৷
অসমৰ সংবাদ জগতখনলৈ ভুমুকি মৰা সকলোৱে নিশ্চয় লক্ষ্য কৰিছে যে ই সম্পূর্ণ দুটা ভাগত বিভক্ত হৈ পৰিছে৷ ই আমাৰ দৰে সাধাৰণ ৰাইজৰ বাবে বৰ অসুবিধাজনক৷ দুয়োপক্ষই এটা নির্দিষ্ট দূৰত্ব বজাই ৰাখি ৰাইজক প্রকৃত ছবিখন চাবলৈ সুবিধা কৰি দিব বুলি আশা ৰাখিলোঁ যাতে সুস্থিৰ সিদ্ধান্ত ল’ব পাৰে ভোটদান কেন্দ্রলৈ যাওঁতে৷