নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পেট্ৰ’ল–ডিজেলৰ দাম বৃদ্ধিৰ কাৰকসমূহ

পেট্ৰ’ল আৰু ডিজেলৰ দৈনন্দিন ঊর্ধ্বমুখী দামে সাধাৰণ ৰাইজক জলাকলা খুৱাইছে৷ চাবলৈ গ’লে পষেকত এবাৰ পেট্ৰ’ল আৰু ডিজেলৰ দাম বঢ়াতকৈ দৈনন্দিন দামৰ সালসলনি ঘটাত সকলোৰে বাবে একপ্রকাৰ সুবিধাই হৈছে৷ এইক্ষেত্রত দৈনিক দামত অলপ পইচাৰহে তাৰতম্য ঘটে৷ কিন্তু পষেকত এবাৰ সলনি হ’লে বর্ধিত দামে ৰাইজক অধিক জুৰুলা কৰাৰ আশংকা বেছি৷ ভাৰতবর্ষত ২০১৭ চনৰ ১৬ জুনৰ পৰা দৈনন্দিন ভিত্তিত পেট্ৰ’ল আৰু ডিজেলৰ দাম সলনি কৰা নিয়ম প্রৱর্তন হয়৷ আন্তর্জাতিক খাৰুৱা তেলৰ দামৰ ওপৰত ভিত্তি কৰি ভাৰতবর্ষত ইণ্ডিয়ান অইল, ভাৰত পেট্ৰ’লিয়াম আৰু হিন্দুস্তান পেট্ৰ’লিয়ামৰ দৰে বিপণন কোম্পানীবোৰে পেট্ৰ’ল আৰু ডিজেলৰ দাম সংশোধন কৰে৷ আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ দাম বাঢ়িলে বা কমিলে পেড্র’লৰ দামো সেইদৰে ভাৰতত বাঢ়ে বা কমে৷
কি কি কাৰকৰ বাবে ভাৰতবর্ষত পেট্ৰ’ল আৰু ডিজেলৰ দামত দৈনিক উত্থান–পতন ঘটে? এই কাৰকবোৰক তলত দিয়া মতে বিভক্ত কৰিব পাৰি–
(১) খাৰুৱা তেলৰ দামঃ আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ দামৰ সালসলনি ঘটিলে ঘৰুৱা খাৰুৱা তেলৰ দামতো তাৰতম্য ঘটে আৰু ইয়েই পেট্ৰ’ল আৰু পেট্ৰ’লজাত দ্রব্যৰ দামবৃদ্ধিৰ প্রধান কাৰণ৷ আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ চাহিদা বৃদ্ধি, তৈল উৎপাদন হ্রাস বা তৈল উৎপাদনকাৰী দেশবোৰত ৰাজনৈতিক অস্থিৰতা ইত্যাদিবোৰ ঘটনাই পেট্ৰ’ল আৰু পেট্ৰ’লজাত সামগ্রীৰ মূল্যত প্রভাৱ পেলায়৷
(২) ঊর্ধ্বমুখী চাহিদাঃ ভাৰতবর্ষ আৰু অন্যান্য উন্নয়নশীল দেশবোৰত অর্থনৈতিক বিকাশ ঘটাৰ লগে লগে পেট্ৰ’ল আৰু অন্যান্য ইন্ধনৰ চাহিদা দিনক দিনে বৃদ্ধি পাইছে৷ ভাৰতবর্ষত ব্যক্তিগত যান–বাহন ৰখা আৰু চলোৱা লোকৰ সংখ্যা বঢ়াৰ লগে লগে পেট্ৰ’লৰ চাহিদা বাঢ়িছে আৰু সেইবাবে পেট্ৰ’লৰ দামো বাঢ়িছে৷
(৩) চাহিদা আৰু যোগানৰ অসন্তুলনঃ বজাৰৰ চাহিদা পূৰণ কৰিবলৈ শোধনাগাৰবোৰে যিমান পৰিমাণে খাৰুৱা তেল পাব লাগে, সিমান পৰিমাণৰ তেল নাপায় আৰু খাৰুৱা তেলৰ দামেই হ’ল ইয়াৰ মূল কাৰণ৷ বজাৰত যোগান বেছি থাকিলে পেট্ৰ’লৰ দাম কমে বা যোগান কম হ’লে দাম বাঢ়ে৷ তেল শোধনাগাৰ আৰু বিপণন কোম্পানীবোৰে মাত্র ছসপ্তাহলৈ খাৰুৱা তেল যোগান ৰাখিব পাৰে৷ ইয়াৰ বাবেও পেট্ৰ’ল আৰু পেট্ৰ’লজাত সামগ্রীৰ দামৰ তাৰতম্য হয়৷
(৪) শুল্কৰ হাৰঃ স্থানীয় চৰকাৰে ইন্ধনৰ ওপৰত কিভাৱে শুল্ক আৰোপ কৰে, তাৰ ওপৰত পেট্ৰ’ল আৰু পেট্ৰ’লজাত দ্রব্যৰ দাম নির্ভৰ কৰে৷ চৰকাৰে ইন্ধনৰ ওপৰত কৰ বৃদ্ধি কৰিলেই তেল কোম্পানীবোৰে পেট্ৰ’লৰ দাম বঢ়ায়, যাতে ঘাটি কমাই আৰু কিছু লাভেৰে কোম্পানীবোৰ ব্যৱসায়ত বর্তি থাকিব পাৰে৷
(৫) টকা আৰু ডলাৰৰ বিনিময় মূল্যঃ ভাৰতীয় টকা আৰু আমেৰিকান ডলাৰৰ বিনিময় মূল্য আৰু তাৰতম্যৰ ওপৰতো ভাৰতবর্ষত পেট্ৰ’লজাত সামগ্রীৰ দাম বহুলাংশে নির্ভৰ কৰে৷ আমদানি কৰা খাৰুৱা তেলৰ দাম ভাৰতীয় তেল কোম্পানীবোৰে আমেৰিকান ডলাৰত পৰিশোধ কৰিব লাগে, কিন্তু ইয়াৰ বাবে ভাৰতীয় টকা খৰচ কৰা হয়৷ খাৰুৱা তেলৰ মূল্য হ্রাস হোৱাৰ সময়ত যদি ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য কমে, তেনেহ’লে তেল শোধন কৰা কোম্পানীবোৰৰ লাভ কমে৷ আকৌ খাৰুৱা তেলৰ মূল্য হ্রাস হোৱাৰ সময়ত যদি ডলাৰৰ বিপৰীতে ভাৰতীয় টকা ঊর্ধ্বগামী হয়, তেতিয়া কোম্পানীবোৰৰ লাভ বাঢ়ে৷
(৬) সৰবৰাহঃ পেট্ৰ’ল কোম্পানীবোৰৰ পেট্ৰ’ল ৰখা ডিপোবোৰৰ পৰা যোগান ধৰিবলগীয়া ঠাইবোৰ যিমানে দূৰ হয়, পেড্র’লৰ খুচুৰা দামো সেই হিচাপে বাঢ়ে৷ বিভিন্ন চহৰৰ মাজত এই কাৰণে পেট্ৰ’লৰ দামৰ তাৰতম্য ঘটে৷ উদাহৰণ স্বৰূপে চণ্ডীগড় আৰু জয়পুৰ বা মুম্বাই আৰু কলকাতাৰ মাজত থকা পেট্ৰ’লৰ মূল্যৰ পার্থক্যৰ কথা উল্লেখ কৰিব পাৰি৷
ভাৰতীয় লোকৰ বাবে পেট্ৰ’ল আৰু পেট্ৰ’লজাত সামগ্রীৰ নিত্য আকাশলংঘী মূল্য এক দুঃস্বপ্ণৰ দৰে হৈ পৰিছে৷ ইয়াৰ বাবে অকল খাৰুৱা তেলকে দোষ দিব পাৰি নে অইন কিবা কাৰণ আছে? ইয়াৰ উত্তৰত ইয়াকে ক’ব পাৰি যে খাৰুৱা তেলৰ মূল দামৰ বিশেষ কোনো তাৰতম্য ঘটা নাই৷

কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে বলৱৎ কৰা বিভিন্ন শুল্কবোৰেহে বজাৰত পেট্ৰ’লৰ দাম বৃদ্ধি কৰিছে৷ ২০১৪ চনৰ মে’ মাহত পেট্ৰ’লৰ মূল দাম আছিল ৪৭.১২ টকা আৰু ই কমি গৈ ২০২১ চনৰ জুন মাহত হয়গৈ ৩৭.২৯ টকা৷ ২০১৪ চনৰ মে’ মাহৰ পৰা আবকাৰী শুল্ক ক্রমান্বয়ে বৃদ্ধি পাব ধৰে৷ ২০১৪ চনৰ নৱেম্বৰ মাহত পেট্ৰ’লৰ ওপৰত থকা মুঠ শুল্কৰ পৰিমাণ হয় ৫৪ শতাংশ বর্তমান এই শুল্কৰ পৰিমাণ বৃদ্ধি হৈ ৫৭ শতাংশৰ অধিক হৈছে৷ ২০১৮ চনৰ বাজেটত কেন্দ্রীয় চৰকাৰে শুল্কৰ পৰিমাণ কিছু হ্রাস কৰিলেও পেট্ৰ’লৰ মূল্য নকমিল৷ প্রতিলিটাৰ পেট্ৰ’লত ৮ টকাকৈ ‘পথ কৰ’ বা ‘ৰোড চেছ’ বহুওৱা হয়৷
২০১৭ চনৰ ১৬ জুনৰ পৰা পেট্ৰ’লৰ মূল্যৰ দৈনন্দিন পৰিৱর্তন হোৱা কথা আগেয়ে উল্লেখ কৰা হৈছে৷ তেতিয়াৰে পৰা ক্রমান্বয়ে পেট্ৰ’লৰ দাম ঊধর্বমুখী হ’বলৈ ধৰে৷ যিহেতু পেট্ৰ’ল জিএছটিৰ আওতাত নপৰে, বিভিন্ন প্রদেশত ইয়াৰ মূল্য বেলগ বেলেগ৷ কিন্তু যেতিয়া পৰিবহণ আৰু সৰবৰাহৰ খৰচ, আবকাৰী শুল্ক, ব্যৱসায়ীৰ বানচ, ভেট VAT) ইত্যাদি পেট্ৰ’লৰ মূল দামৰ সৈতে যোগ দিয়া হয়, তেতিয়া মূল দামতকৈ শুল্কৰ পৰিমাণ অধিক হৈ পৰে৷ ইণ্ডিয়ান অইল মার্কেটিং কোম্পানীয়ে তেলৰ খুচুৰা দাম নিৰূপণ কৰে আৰু প্রত্যেক দিনা পুৱা ৬বজাত এই মূল্য প্রকাশ পোৱাৰ লগে লগে পেট্ৰ’ল পাম্প বা ষ্টেচনবোৰত দিনটোৰ দাম নতুনকৈ থিৰাং কৰা হয়৷ শ্বে’ল আদি ব্যক্তিগত খণ্ডৰ কোম্পানীয়েও পেট্ৰ’লৰ নিজস্ব দাম নিৰূপণ কৰে, কিন্তু এই দাম আই’চি, বিপিচিএল আৰু এইচপিচিএল এই কোম্পানীবোৰতকৈ কিছু বেছি৷ পেট্ৰ’ল পাম্পত গ্রাহকে কিনিবলৈ পোৱা পেট্ৰ’লৰ মূল্য কিধৰণে নিৰূপণ কৰা হয়, কাষৰ টেবুলখনত বিতংকৈ দেখুওৱা হ’ল৷
পাকিস্তান, বাংলাদেশ, শ্রীলংকা ইত্যাদি নিকটৱর্তী আৰু চুবুৰীয়া দেশবোৰৰ তুলনাত ভাৰতবর্ষত ইন্ধনৰ মূল্য বেছি৷ এটা সময়ত বজাৰ মূল্যৰ ওপৰত ভিত্তি কৰি পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ৰাজসাহায্যযুক্ত আছিল, কিন্তু পৰৱর্তী সময়ত চৰকাৰে আবকাৰী শুল্ক নিয়োগ কৰি ইন্ধনৰ দাম আকাশলংঘী কৰি তোলে৷ অন্যান্য সামাজিক যোজনা আৰু বিশেষকৈ এই ক’ভিডকালীন পৰিস্থিতিত বিভিন্ন আঁচনিৰ বাবে চৰকাৰক ওপৰুৱাকৈ এক বিশাল পৰিমাণৰ টকা আৱশ্যক হৈছে আৰ এই পৰিমাণ আবকাৰী শুল্কৰ পৰা চৰকাৰে লাভ কৰিছে৷ ভূতপূর্ব তৈলমন্ত্রী ধর্মেন্দ্র প্রধানৰ মতে ক’ৰোনা ভেকচিনৰ বাবে এতিয়ালৈকে চৰকাৰে কৰা খৰচৰ পৰিমাণ হৈছে ৩৫,০০০ কোটি টকা৷ তদুপৰি প্রধানমন্ত্রীৰ গৰিব কল্যাণ যোজনাৰ অধীনত দুখীয়া খেতিয়কসকলক ৮ মাহৰ বাবে বিনামূলীয়া শস্য যোগান ধৰিবলৈ প্রধানমন্ত্রীয়ে ১ লাখ কোটি মুকলি কৰি দিছে৷ ২০১৪–১৫ চনত মোদী চৰকাৰ শাসনলৈ অহা সময়ত পেড্র’ল আৰু ডিজেলৰ পৰা লাভ কৰা আবকাৰী শুল্কৰ পৰিমাণ আছিল ২৯,২৭৯ আৰু ৪২,৮৮১ কোটি টকা৷ ২০২০ চনৰ এপ্রিলৰ পৰা ২০২১ চনৰ জানুৱাৰী মাহৰ ভিতৰত চৰকাৰে এই দুই পণ্যৰ পৰা লাভ কৰা শুল্কৰ পৰিমাণ হ’ল ক্রমে ৮৯,৫৭৫ আৰু ২,০৪,৯০৬ কোটি টকা৷ এই বৃদ্ধিৰ পৰিমাণ ৪০০ শতাংশৰো অধিক৷

ভাৰতবর্ষই বছৰি এক বৃহৎ পৰিমাণৰ খাৰুৱা তেল আৰু প্রাকৃতিক গেছ আমদানি কৰিব লাগে৷ ঘৰুৱা চাহিদা পূৰণ কৰিবলৈ ভাৰতে প্রায় ৮৩ শতাংশ খাৰুৱা তেল আৰু ৪৫ শতাংশ প্রাকৃতিক গেছ আমদানি কৰে৷ ২০১৭–১৮ চনত খাৰুৱা তেল আমদানিৰ বাবে দিবলগীয়া বৈদেশিক মুদ্রাৰ পৰিমাণ আছিল ৬৩.৩ বিলিয়ন ডলাৰ৷ সেই আর্থিক বছৰটোত দেশত মাত্র ৩৫.২ নিযুতটন পেট্ৰ’ল আৰু পেট্ৰ’লজাত সামগ্রী উৎপন্ন হোৱাৰ বিপৰীতে ২০৪.৯ নিযুতটন তৈল সামগ্রীৰ আৱশ্যক হয়৷ তৈল আমদানিৰ ক্ষেত্রত আমেৰিকা যুক্তৰাষ্ট্র আৰু চীনৰ পিছত ভাৰতবর্ষই তৃতীয় স্থান লাভ কৰিছে৷ যথেষ্ট পৰিমাণৰ তৈল ভাণ্ডাৰৰ অভাৱত ভাৰতবর্ষ সদায় আমদানিকৃত খাৰুৱা তেলৰ ওপৰত নির্ভৰশীল৷ আশা কৰিব পাৰি যে অদূৰ ভৱিষ্যতে ভাৰতবর্ষ সৌৰশক্তি,বতাহ, বায়’মাছ, জলবিদ্যুৎ ইত্যাদি পুনর্নবীকৰণযোগ্য সম্পদৰ ওপৰত কিছু নির্ভৰশীল হৈ উঠিব পাৰিব৷
পেট্ৰ’ল আৰু ডিজেলৰ মূল্য কিভাৱে নিয়ন্ত্রণলৈ আনিব পাৰি, সেই বিষয়ে নানা মহলৰ নানা মত৷ ২০১৭ চনতে পণ্য আৰু সেৱা কৰৰ GST) প্রৱর্তন হয় যদিও খাৰুৱা তেল, পেড্র’ল, ডিজেল, বিমান টার্বাইন ইন্ধন আৰু প্রাকৃতিক গেছ ইয়াৰ আওতাৰ বাহিৰত ৰখা হৈছে৷ বর্তমান সময়ত কেন্দ্রীয় চৰকাৰৰ আবকাৰী শুল্কৰ উপৰি প্রত্যেকখন ৰাজ্যই পেট্ৰ’ল আৰু ডিজেলৰ দামৰ সৈতে ‘ভেল্যু এডেড টেক্স’ বা ‘ভেট’ যোগ দিয়ে৷ এই ভেটৰ পৰিমাণ সকলো ঠাইতে ভিন্ন বাবে পেড্র’লৰ খুচুৰা মূল্য বেলেগ বেলেগ৷ মোদী চৰকাৰে পেট্ৰ’লিয়ামক জিএছটিৰ আওতালৈ আনিব পাৰিলে দুইধৰণৰ শুল্কৰ ঠাইত কেন্দ্র আৰু ৰাজ্যত একে হাৰত কৰ প্রৱর্তিত হ’ব আৰু ইয়াৰ ফলত পেড্র’ল আৰু ডিজেলৰ মূল্য কমিব৷ এইক্ষেত্রত মোদী চৰকাৰলৈ বিৰোধী পক্ষৰো সমর্থন আছে৷ দেশৰ বিত্তমন্ত্রী নির্মলা সীতাৰমণৰ মতে, জিএছটি পৰিষদৰ সৈতে ৰাজ্য চৰকাৰসকলৰ এই বিষয়ে বিশদ আলোচনাৰ আৱশ্যক৷
ভেটৰ জৰিয়তে পেট্ৰ’লিয়াম পণ্য সামগ্রীৰ পৰা ৰাজ্য চৰকাৰৰ এক বৃহৎ পৰিমাণৰ আয় হয়৷ উদাহৰণ স্বৰূপে মহাৰাষ্ট্রত ভেটৰ পৰিমাণ ৪০ শতাংশ আৰু ইয়াৰ পৰা হোৱা লাভৰ পৰিমাণ বছৰি ২৫,০০০ কোটি টকা৷ ভেটৰ জৰিয়তে ৰাজ্য চৰকাৰে নিজৰ ৰাজহৰ পৰিমাণ নিয়ন্ত্রণ কৰিব পাৰে৷ পেট্ৰ’লিয়ামক জিএছটিৰ অধীনলৈ নিলে ৰাজ্য চৰকাৰে ৰাজহৰ ওপৰত নিয়ন্ত্রণ হেৰুৱাব৷ অকল কেন্দ্রইহে জিএছটিৰ পৰিমাণ নিয়ন্ত্রণ কৰে৷ বিভিন্ন ৰাজ্যত ভেটৰ তাৰতম্যৰ কথা আগেয়ে উল্লেখ কৰা হৈছে৷ ইয়ো জিএছটি প্রৱর্তনত হেঙাৰ হৈ থিয় দিব পাৰে৷ আন্দামান আৰু নিকোবৰত ভেটৰ পৰিমাণ মাত্র ৮ শতাংশ, কিন্তু তাৰ পৰিৱর্তে মহাৰাষ্ট্রত ভেট ৪০ শতাংশ৷ এতিয়া ভেটৰ সলনি জিএছটিৰ আটাইতকৈ উচ্চ হাৰ ২৮ শতাংশ প্রৱর্তিত হ’লে আন্দামান আৰু নিকোবৰত পেট্ৰ’লৰ দাম অতিপাত বাঢ়িব আৰু মহাৰাষ্ট্রত পেট্ৰ’লিয়ামৰ মূল্য আৰু ৰাজহৰ পৰিমাণ দুয়োটা হ্রাস পাব৷
পেট্ৰ’ল, ডিজেল ইত্যাদি পণ্য জিএছটিৰ আওতালৈ আনিলে ৰাজ্যসমূহৰ মুঠ ২ লাখ কোটি টকা লোকচান হ’ব বুলি ঠাৱৰ কৰা হৈছে৷ এই বৃহৎ পৰিমাণৰ সম্ভাব্য লোকচানে ৰাজ্যসমূহক পৰৱর্তী ৮–১০ বছৰলৈ জিএছটিৰ প্রতি বিমুখ কৰি ৰাখিব৷ সদ্যহতে কেন্দ্রীয় চৰকাৰ প্রাকৃতিক গেছ আৰু বিমান টার্বাইন ইন্ধন ATF)ক জিএছটিৰ আওতালৈ অনাত আগ্রহী৷ ইয়াৰ ফলত গেছ নির্ভৰশীল উদ্যোগবোৰৰ বিকাশ ঘটাৰ লগতে ক’ৰোনা অতিমাৰীপিষ্ট বিমান উদ্যোগৰো সহায় হ’ব৷ বিদেশী কোম্পানীবোৰেও প্রাকৃতিক গেছ জডিত উদ্যোগবোৰত বিনিয়োগৰ বাবে আগ্রহী হৈ উঠিব৷
পেট্ৰ’ল, ডিজেল আদিৰ দাম কমাবলৈ চৰকাৰে দীর্ঘকালীন আঁচনি হাতত লোৱা আৱশ্যক৷ ইয়াৰ বাবে দীর্ঘম্যাদী প্রক্রিয়াৰ আৱশ্যক হ’ব৷ ‘নেচনেল পলিচী অন বায়’ফুৱেলছ–২০১৮’ নীতিখনত কেন্দ্রীয় চৰকাৰে খাৰুৱা তেল আৰু তৈলজাত সামগ্রীৰ আমদানি হ্রাস কৰি দেশৰ উর্জা বা শক্তি সংৰক্ষণ আৰু সুৰক্ষাত জোৰ দিছে৷ তৎকালীনভাৱে চৰকাৰে বিকল্প ইন্ধনৰ সন্ধান, জীৱাশ্ম ইন্ধনৰ সংৰক্ষণ আৰু বৈদ্যুতিক যানৰ যাতায়াত আদিত জোৰ দিয়া উচিত৷ বিদ্যুৎচালিত যান–বাহনৰ বাবে ৰাজসাহায্যৰ পৰিমাণ বঢ়োৱাৰ কথা ভাবিব পাৰি৷ পেট্ৰ’ল আৰু ডিজেলৰ সৈতে ক্রমে ২০ শতাংশ আৰু ৫ শতাংশ ইথানল মিহলাই বিক্রী কৰা আঁচনিখন চৰকাৰে খৰতকীয়া কৰিবলৈ চেষ্টা কৰিছে৷ এনেধৰণৰ সংকৰ ইন্ধনবোৰে কেনে ফলাফল দেখুৱায় বা বজাৰত ইন্ধনৰ মূল্য হ্রাস কৰাত কি প্রভাৱ পেলায়, সময়ত পৰিলক্ষিত হ’ব৷
বর্তমান সময়ত দুর্বল হৈ পৰা দেশৰ অর্থনীতিৰ পুনৰুদ্ধাৰৰ বাবে পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত লগোৱা শুল্ক হ্রাস কৰা অতি আৱশ্যক, যাতে মুদ্রাস্ফীতি হ্রাস কৰিব পৰা যায়৷ সাধাৰণ মানুহৰ বাবে যাতায়াতৰ যোগেৰে বিতৰণ হোৱা দৈনন্দিন জীৱনৰ লাগতিয়াল সকলো বস্তুতে ইন্ধনৰ মূল্য ওতপ্রোতভাৱে জডিত হৈ আছে৷ এই বছৰৰ ফেব্রুৱাৰী মাহত অনুষ্ঠিত ২৭সংখ্যক ‘মনিটেৰী পলিচী কমিটী’ৰ মিটিঙত ৰিজার্ভ বেংকৰ গৱর্নৰ শচীকান্ত দাসে দেশৰ অর্থনীতিত বর্ধিত মূল্যৰ চাপ কমাবলৈ পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত জাপি দিয়া পৰোক্ষ শুল্ক কমাবলৈ কেন্দ্র আৰু প্রাদেশিক চৰকাৰ সমিলমিলে আগবঢ়াৰ কথা সোঁৱৰাই দিয়ে৷
বর্তমান সময়ৰ পৰিপ্রেক্ষিতত আৰু পেট্ৰ’ল, ডিজেল আদিৰ মূল্য হ্রাস কৰিবলৈ চৰকাৰে কোনো নির্দিষ্ট পন্থা হাতত নোলোৱালৈকে পেট্ৰ’লিয়ামজাত সামগ্রীৰ দামবৃদ্ধি সকলোৱে জাতীয় সমস্যাৰূপে গ্রহণ কৰা উচিত৷ এই সময়ছোৱাত তলত উল্লেখ কৰা কিছুমান পদক্ষেপ ল’ব পৰা যায়–
(১) তৈল কোম্পানীবোৰৰ অনাৱশ্যকীয় ব্যয় সংকোচন৷ কম মুনাফা বা আয় গ্রহণ৷
(২) পেট্ৰ’ল আৰু ডিজেলত কেন্দ্রীয় চৰকাৰৰ যথাসম্ভৱ আবকাৰী শুল্ক হ্রাস৷
৩) পেট্ৰ’ল আৰু ডিজেলত ৰাজ্য চৰকাৰসমূহৰ ‘ভেট’ হ্রাস৷ কিছু ৰাজ্যই ইতিমধ্যে এই পদক্ষেপ লৈছে৷
(৪) জনতাৰ সজাগতা৷ অনাৱশ্যকীয় যাত্রা বা ভ্রমণাদি বাতিলেৰে পেট্র’ল আৰু ডিজেলৰ সঞ্চয়৷
(৫) পেট্ৰ’ল–ডিজেলচালিত গাডীৰ পৰা বৈদ্যুতিক যান–বাহনলৈ পৰিৱর্তন৷ ই পৰিৱেশ সংৰক্ষণতো সহায় আগবঢ়াব৷

পংকজ কুমাৰ নেওগ, লেখক জ্যেষ্ঠ তৈল অভিযন্তা
মাস্কাট, চুলতানেট অৱ ওমান
ফোনঃ +৯৬৮–৯৯৬৭২৭৮১

You might also like